Tag শিক্ষা

মহাবৃত্ত

 মৃদুল শৰ্মা ১৬ বিদূৰ৷ হস্তিনাপুৰৰ মহাৰাণী গান্ধাৰীৰ দাসী পৰিশ্ৰমী৷ বৰ্ণত শূদ্ৰ৷ আৰু জন্মসূত্ৰে শূদ্ৰ হোৱা বাবেই তেওঁৰ প্ৰকৃত নামটো কালক্ৰমত নিশ্চিহ্ন হৈ পৰিছিল৷ তেওঁৰ পৰিচয় হৈছিল শূদ্ৰী৷ মই বিদূৰ সেই দাসী শূদ্ৰীৰে পুত্ৰ৷ কুৰুবংশৰ ইতিহাসৰ কোনোবা এক অনাকাংক্ষিত ক্ষণত কাৰোবাৰ…

মেহমুদ ডাৰউইচ

অনুবাদ-ড°ৰঞ্জিত দত্ত মেহমুদ ডাৰউইছৰ জন্ম হয় ১৯৪১ চনৰ  ১৩ মাৰ্চ তাৰিখে  পেলেষ্টাইনৰ অ’ল বি’ৰৱা  চহৰত । সৰুৰে পৰাই কবিতাৰ প্ৰতি আগ্ৰহী পেলেষ্টাইনৰ এই জাতীয় কবি গৰাকীৰ সাহিত্য কৰ্মৰাজিৰ ভিতৰত উল্লেখনীয় গ্ৰন্থসমুহ হ’ল-Tragedy of daffodils, comedy of silver (1989), I see what…

ক্ষণে ক্ষণে খহিব ধৰা জীৱনসৌধ আৰু আত্মোৎকৰ্ষৰ সাধনা

 ড॰ চন্দনজ্যোতি চুতীয়া                                                                                                                     (এক)  ৰাছিয়ান ভাষাত krasota  (সৌন্দৰ্য) শব্দটোৰে আমি কেৱল সেইবোৰ বস্তুক বুজাওঁ যিবোৰে আমাৰ দৰ্শনেন্দ্ৰিয়কহে মাথোন আনন্দ দিয়ে। আৰু যদিও শেহতীয়াকৈ মানুহে ‘এটা জঘন্য কৰ্ম’ অথবা ‘সুন্দৰ সংগীত’ৰ বিষয়ে ক’বলৈ লৈছে,  এয়া ভাল…

পৰিশ্ৰমী পেছা

 পঙ্কজ প্ৰতীম বৰদলৈ বসন্ত ঋতুৰ আগমন ঘটিছে৷ এপ্ৰিল মাহ৷ অসমীয়াৰ আদৰৰ বহাগ মাহ৷ বহাগ মাহৰ সুকীয়া যি এক মাদকতা আছে, সি বছৰৰ আন কোনো সময়তে অনুভৱ নহয়। ২০২৪ চনৰ বহাগ মাহত অসমীৰ ৰাইজে আন এক মাদকতা সোৱাদ লাভ কৰিব৷ সেয়া…

লিবাৰেল আৰ্টছ (Liberal Arts)

ড° বুলজিৎ বুঢ়াগোহাঁই   লিবাৰেল আৰ্টছ হৈছে বহু বিষয়ক শিক্ষা ব্যৱস্থা য’ত কলা, বিজ্ঞান, বাণিজ্য আৰু প্ৰযুক্তিকে ধৰি বিভিন্ন শাখাৰ বিষয়ৰ এক বিবিধ মিশ্ৰণ অন্তৰ্ভুক্ত কৰা হৈছে। লিবাৰেল আৰ্টছ পাঠ্যক্ৰমে এনে এক শিকাৰ অভিজ্ঞতা প্ৰদান কৰে যি শিক্ষাৰ্থীসকলক পৰিৱৰ্তন, বৈচিত্ৰ্য…

বাইৰাণ, ৰাংছি আৰু এটি অন্তহীন অপেক্ষা

 ববিতা কলিতা   পাহাৰীয়া গাঁওখনলৈ শীত নামিছে৷ কুঁৱলিত কঁপি থকা গাঁওখনৰ ধূসৰ ছবিখনলৈ মূৰ তুলি চাইছে চাৰিকুৰি বসন্ত গৰকি অহা বাইৰাণ চাংমাই৷  “আজিও ৰ’দ নোলাব! নোলাবইতো৷ চালজং দেৱতা যে ৰুষ্ট হৈ আছে৷”  আকাশখনলৈ চাই কৈ উঠে বুঢ়া মানুহজনে৷  পিছে ৰ’দ…

মলেঁয়া

  দাদুল দেৱকৃষ্ণ বৰুৱা (১৮)  পুৱাৰ ৰ‘দ চেৰেঙা বেছ সতেজকৈয়ে ওলাইছে। বসন্তী ৰ‘দৰ এই প্ৰভাতী ভ্ৰমণ বৰ প্ৰিয় ষ্টেপানৰ। তাতে এয়া পেৰুনিকা ফুলাৰো বতৰ। মুকলি আকাশ, ৰ‘দ, ফুল আদিৰ পয়োভৰত বসন্ত উজ্বলি উঠে। বয়স বাঢ়িলেও উজ্জ্বলতা প্ৰিয় ষ্টেপানৰ। সেই উজ্জ্বলতা…

ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী (দ্বিতীয় অধ্যায়) (১)   কণ্ঠ নে কলম ? কোনটোত অগ্ৰাধিকাৰ দিওঁ ? মনৰ ভিতৰত দ্বন্দ্ব চলি থাকোঁতেই আকৌ গানৰ ক্ষেত্ৰখনত নতুন জাগৰণ আৰম্ভ হ’ল৷  আমাৰ গাঁওখন সাংস্কতিক ক্ষেত্ৰত তাহানিৰ পৰাই আগৰণুৱা আছিল৷  গাঁৱৰ মাজতে বৰনামঘৰটো৷  বৰনামঘৰৰ গাতে লাগি আছে মুকলি…

বহাগ : জীৱন আৰু জাতিক জাতিষ্কাৰ কৰা জ্যোতিষ্মান সময়

 অংকুৰণ আৰ্ফ     প্রকৃতিৰ চিৰন্তন নিয়ম মানি পুনৰ আহিছে বহাগ৷ জীৱনৰ আটাইবোৰ বাচকবনীয়া অভীস্পা এই যেন বহাগ নামৰ শব্দটোতে সোমাই থাকে৷ যেনেদৰে ৰামধেনু বুলি ক’লেই এসোপা ভিন্নৰঙৰ বৰ্ণময় সমাহাৰ মনলৈ আহে, ঠিক তেনেদৰে এই বহাগ শব্দটোৰ মাজতেই বৰ আলফুলে…

এনাটমী অৱ এ ফল

 নিজৰা ৰাজকুমাৰী   ৪৫ বছৰীয়া জাষ্টিন ত্ৰিয়ে এগৰাকী ফৰাচী মহিলা চিনেমা পৰিচালক, চিত্ৰনাট্যকাৰ তথা সম্পাদক। জাষ্টিন পৰিচালিত এ’জ অৱ পেনিক (২০১৩), ইন বে’ড উইথ ভিক্টোৰিয়া (২০১৬), ছিবিল (Sibyl, ২০১৯) আদি চিনেমাসমূহে ইতিমধ্যে বিশ্বৰ দৰ্শকক আকৰ্ষিত কৰিছে, বিভিন্ন উল্লেখনীয় চলচ্চিত্ৰ মহোৎসৱত মনোনয়ন তথা বঁটাও লাভ কৰিছে। বহু চলচ্চিত্ৰপ্ৰেমীৰ…