Latest posts

  • চাটজিপিটি

    জিণ্টু দত্ত    অলকৰ এক্সিডেণ্ট হ’ল৷ যোৱা পৰহি৷ ক’ৰপৰা কেনেকৈ কি হ’ল সি একো ততেই ধৰিব নোৱাৰিলে৷ আনদিনাৰ দৰেই অফিচলৈ বুলি ওলাই আহি তিনি আলিটোত সোঁ ফালে টাৰ্ণ লব খোজোতেই সি দেখিলে সন্মুখৰ পৰা তড়িৎ গতিত আহিছে এখন ভিট্টাৰা ব্ৰেজা-সোঁফালৰ ফল মূলৰ দোকানখনৰ ফালে বাইকখন চপাই দিওঁ বুলি ভাবোঁতেই সি দেখিলে দোকানখনৰ কাষৰ পৰাও হঠাতে ওলাইছেহি

    Read more

  • অমিতাভ ঘোষৰ সাহিত্য : বিশ্ব ইতিহাস, উপনিৱেশ, পৰিৱৰশ আৰু মানৱসভ্যতাৰ বাস্তৱপাঠ

     পঙ্কজ প্ৰতিম বৰদলৈ   আধুনিক বিশ্বসাহিত্যৰ জটিল, বহুমাত্ৰিক আৰু গভীৰ চিন্তাশীল পৰিসৰত অমিতাভ ঘোষ এক অসামান্য সাহিত্যিক শক্তি, যাৰ ৰচনাসমূহে ভাৰতীয় ইংৰাজী সাহিত্যক বিশ্বমানচিত্রত এক নতুন বৌদ্ধিক উচ্চতালৈ উত্তোলন কৰিছে৷ তেওঁ কেৱল এজন সফল ঔপন্যাসিক নহয়; তেওঁ ইতিহাসৰ পুনৰপাঠক উপনিৱেশবাদৰ কঠোৰ সমালোচক, পৰিৱেশ-সংকটৰ দূৰদৰ্শী ব্যাখ্যাকাৰ, ভাষিক বহুত্বৰ উদযাপক, আৰু বিশ্বায়নৰ যুগত স্থানচ্যুত, প্রান্তিক আৰু নীৰৱ

    Read more

  • নিমি–নৱসিদ্ধ সংবাদ

     অমৃত গোস্বামী     শ্ৰীমদ্ভাগৱত পুৰাণৰ একাদশ স্কন্ধত বৰ্ণনা কৰা ‘নিমি–নৱসিদ্ধ সংবাদ’ ধৰ্মগ্ৰন্থখনৰ এক এক বিশেষ ব্যাখ্যাযোগ্য অংশ৷ ইয়াত সংবাদ শব্দটো প্ৰশ্নোত্তৰৰ বা সংলাপৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হৈছে৷ এই ‘সংবাদ’ মিথিলাৰ ৰজা, ৰাজর্ষি নিমি আৰু ন-গৰাকী যোগসিদ্ধ পুৰুষৰ মাজত হোৱা এক আধ্যাত্মিক ভক্তি-তত্ত্বৰ আলোচনাধৰ্মী কথোপকথন৷ নিমি আৰু নৱসিদ্ধসকলৰ ব্ৰহ্মজ্ঞান সম্পৰ্কৰ  এই আলোচনাত  মানৱ জীৱনৰ ‘অন্তিম লক্ষ্য’ৰ

    Read more

  • ইলেকশ্বন ডিউটি

     মূল (ইংৰাজী) : প্ৰশান্ত দাস অনুবাদ : অজিতাভ হাজৰিকা (প্ৰশান্ত দাস সম্প্ৰতি শ্বিলঙৰ বাসিন্দা৷ তেখেত দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰেট৷ ২০২৩ চনত তেখেতে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ উল্লেখ্য যে দুবাৰকৈ সন্মানীয় ফুলব্ৰাইট ফেল’ হিচাপে তেখেতে যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড আৰু কৰ্নেল বিশ্ববিদ্যালয়তো কিছুকাল কটাইছিল৷ দাসৰ চুটিগল্প আৰু কবিতা

    Read more

  • মাক-কথা : Unfolded Stories of a Mother

     ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, সপ্তম অধ্যায়   মই পুনৰ এবাৰ উপজিবৰ আয়োজন   “Every May, something extra-ordinary happens …” টেম্‌চুলা (টেম্‌চিলা) আওৰ গল্প এটা এনেদৰে এইটো বাক্যৰেই আৰম্ভ হয়৷ গল্পটোত কোৱা মে’ মাহত ঘটা ‘extra-ordinary’ পৰিঘটনাটো হ’ল, মে’ মাহতে ডাল ভৰি ভৰি সোণাৰু ফুলাটো৷ সোণাৰু, কৃষ্ণচূড়া, আজাৰে বুকু উজাৰি বিলোৱা জাক্‌জমক্ বৈভৱৰ প্ৰেমত পৰিবলৈ অন্ততঃ

    Read more

  • কিতাপে কি আনে

    (২৩ এপ্ৰিল বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে) ড° জোনালী পাটোৱাৰী বৰা আমাৰ বাবে কিতাপ বুলিলেই দেউতা৷ নতুন কিতাপ এখন খুলিলেই আজিও দেউতা-দেউতা গোন্ধ এটা পাওঁ৷ মাকে ধৰি আমাৰ চাৰিওটা ল’ৰা-ছোৱালীৰে জন্মদিনত অথবা আন কিবা বিশেষ উপলক্ষত আৰু কেতিয়াবা একো বিশেষ কাৰণ নোহোৱাকৈও দেউতাই আমাক কিতাপ উপহাৰ দিছিল৷ লোকৰ বিয়া-সবাহতো সদায় কিতাপ আৰু প্ৰয়োজনবোধে অৰ্থ সাহায্য কৰিছিল

    Read more

  • গৰুৰ বিষয়ে এখন গৱেষণা-গ্ৰন্থ

     পুলিন কলিতা মহেঞ্জোদাৰোৰ খননত উদ্ধাৰ হোৱা দুটা মোহৰে প্ৰত্নতাত্ত্বিকসকলৰ মনোযোগ বাৰুকৈ আকৰ্ষণ কৰিছিল৷ ইয়াৰে এটা আছিল ষাঁড়গৰুৰ, আনটো ইউনিকৰ্ন নামৰ এটি প্ৰাণীৰ৷ দ্বিতীয় প্ৰাণীবিধৰ কোনো জীৱাশ্ম আজিলৈকে ক’তো উদ্ধাৰ হোৱা নাই; এই প্ৰাণীবিধক কাল্পনিক বুলিয়েই কোৱা হয়৷ কিন্তু ষাঁড়গৰু কাল্পনিক নহয়; সমগ্ৰ ভাৰততে বিভিন্ন আকাৰৰ ষাঁড়গৰু আজিও পোৱা যায়৷ জীৱবিজ্ঞানীসকলৰ মতে কমেও দহ হাজাৰ বছৰৰ

    Read more

  • ভিক্টোৰিয়া : অনুভূতি, আঘাত আৰু প্ৰতিৰোধৰ ৰূপকথা

     প্ৰীতিৰেখা নেওগ   কামত ব্যস্ত হৈ থকা সত্তেও তাইৰ মনৰ ভয় আৰু আশংকাই নীৰৱে এক অস্বস্তিৰ ঢৌ সৃষ্টি কৰি তাইক বাৰে বাৰে অশান্ত কৰি তুলিছে৷ তাইক দেখি দীপাই চিন্তিত কণ্ঠৰে ক’লে – “আজি তোক দেখিবলৈ বৰ বেয়া লাগিছে৷ ডিঙিৰ হাড়বোৰো ওলাই আহি বাদুলিৰ দৰে দেখা গৈছে৷” শনিবাৰৰ দিনটোতো ভিক্টোৰিয়াৰ কামৰ পৰা এক মুহূৰ্তও আহৰি নাই৷

    Read more

  • সুন্দৰী

     গায়ত্ৰী দেৱী বৰঠাকুৰ   সেই তাহানিতেই  নাৰীৰ অৱদমিত ইচ্ছাক  উদঙাই দেখুৱাইছিলে  সুন্দৰীয়ে   চাকিৰ পোহৰত  ক’লা আখৰৰ উজ্জ্বলতাৰে  যুগজয়ী আত্মজীৱনীৰ  সোণালী পাতত  আঁকিব খুজিছিল  আমাৰ জীৱন    চকুলোক চিয়াঁহী কৰি  লিখিব খুজিছিল  সফলতাৰ অমোঘ মন্ত্ৰ    সুন্দৰীক  কৈ দিবা  এতিয়াও  স্বাধীনতা আৰু  আমাৰ  কৌটিকলীয়া সংগ্ৰাম    (যদিও আমি আকাশৰ আধাফাল ) তথাপি   আকাশ চাবলৈ আমি 

    Read more

  • পৰজন্মৰ চিন্তা বনাম মানৱতাৰ জয়গান

     ৰাতুল মহন্ত   শেষ নিশা ২-৪০ বজাত কমসংখ্যক যাত্ৰী লৈ উজনিমুৱা বাছখন জখলাবন্ধাৰ হোটেল এখনৰ ওচৰত ৰৈছিলহি৷ সাধাৰণতে সেইসময়ত নৈশযাত্ৰীৰ বাহিৰে বেলেগ গ্ৰাহক নাথাকে৷ কিন্তু সেইদিনা আছিল সম্পূৰ্ণ ব্যতিক্ৰম৷ হোটেলখনত বিৰ দি বাট পাবলৈ নাই৷ পথৰ কাষে কাষে পাঁচ শতাধিক মানুহ৷ এবছৰীয়া কেঁচুৱাৰ পৰা চল্লিশ-পঞ্চলিশ বছৰ বয়সৰ চাহ-মজদুৰসকলক দেখি কথাটো কি জানিবলৈ কোমল বয়সৰ ল’ৰা

    Read more