Tag সংস্কৃতি

পানী হিলৈ

  (আঠ)  মাটি একেডৰাই। এটা মৰিশালী পকাৰে সজোৱা  আনটো  হেঙাৰ দি বেৰি থোৱা আছে। হিমানীয়ে সপোনতো ভবা নাছিল বাপেক-পুতেকৰ মৰিশালী একেঠাইতে দেখি যাব বুলি। কল্পনাই কৰা নাছিল মদেই পুতেকক মাৰিব বুলি। চাওঁতে চাওঁতে পোনা মৰা তিনিমাহেই হ‘ল। এই তিনিমাহত হিমানী…

মুক্তি

 স্বপ্না দত্ত ভৰালী     “ইচ্! কেনেকৈ?”  “কি হৈছিল?”  “বৰ ভাল মানুহ আছিল দেহি!”  ৰাতিপুৱাই সৰু চহৰখনত খবৰটো ফাটি-ফুটি গ’ল৷ কৃপাল বৰা ঢুকাল৷ মানুহবোৰে ইচ্-ইচ্, আচ্-আচ্ কৰিলে৷ বিভিন্ন সামাজিক কামত জড়িত থকা মানুহ৷ সৰল আৰু নিৰহংকাৰী৷ আজি কিছুদিনৰ পৰা সৰু-সুৰা…

এটা কাণিমুনি সপোনৰ প্ৰস্তাৱনা

 অংগনা ভট্টাচাৰ্য্য   স্কুলখনৰ মূল বিল্ডিংটোৰ কাষতেই এজোপা কৃষ্ণচূড়া৷ স্কুলৰ জিৰণি বেলা কৃষ্ণচূড়াৰ তলসৰা ফুলবোৰ বুটলিবলৈ ছোৱালীবোৰৰ উথপথপ লাগে৷ তেজ ৰঙা ফুলবোৰ বুটলি গণনা কৰে সিহঁতে— কোনে কিমানটাকৈ বুটলিলে, কাৰ আজি ভাল দিন, কাৰ  কোঁচলৈ  আজি বেছিকৈ ফুল আহিল৷ কৃষ্ণচূড়াৰ…

দুৰ্গতিনাশিনী

 পৰিস্মিতা বৰদলৈ   “কাৰাগাৰতনো কিহৰ উৎসৱ-পাৰ্ৱণ!” খীণকৈ কোৱা কথাষাৰ কাণত পৰামাত্ৰেই মানুহজনীয়ে জকজকাই উঠিল, “অত বছৰে থাকি থাকি এয়াই আমাৰ ঘৰ হোৱাদি হৈছে, গতিকে কি বিহু! কি পূজা! উছৱৰ আনন্দ আমি ইয়াতেই ল’ব লাগিব নিজৰ ধৰণেৰেই৷ বেদীত অধিষ্ঠিত কৰা দুৰ্গতিনাশিনীতকৈ…

ৰাজকীয় ক্ষমা লাভেৰে স্ববন্দিত এলেন টুৰিং

  ডঃ প্ৰিয় দেৱ গোস্ৱামী পৃথিৱীত অতি উল্লেখযোগ্য অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিক বিভিন্ন ধৰণৰ পুৰস্কাৰ, সন্মান আদি দিয়া হয়। পুৰস্কাৰৰ ক্ষেত্ৰত নোবেল বঁটা সকলোতকৈ ওখ খাপৰ।অতি সন্মান জনক।এই বঁটা বিজ্ঞান, সাহিত্য, অৰ্থনীতি, শান্তিৰ বাবে প্ৰত্যেক বছৰে দিয়া হয়। চুইডেনৰ বিজ্ঞান…

অনুভৱ তুলসী : মোৰ অনুভৱেৰে

ড০ স্বাতী কিৰণ                                      কিছুমান মানুহে পোহৰ আৰু কোমলতা কঢ়িয়াই ফুৰে।মোৰ বাবে অনুভৱ তুলসীও তেনে এক সত্তা।তেখেতক গুৱাহাটী গ্ৰন্থমেলাত লগ পালেই মনটো এনেয়ে ভাল লাগি গৈছিল, এই মুগ্ধতাক ভাষাৰে বুজাব নোৱাৰি, যদিও কবি হিচাপে অনুভৱ তুলসী নামটো কৈশোৰৰ পৰা পৰিচিত কিন্তু…

বাহুবলী ভীম

নৱনীতা ভট্টাচাৰ্য্য (৩) বকাসুৰ বধ    আবেলি হৈ অহাৰ লগে লগে বনীয়ে মাকৰ ওচৰলৈ আহি ভীমৰ বিষয়ে অন্য এটা সাধু ক’বলৈ অনুৰোধ কৰিলে৷ বনীৰ অনুৰোধ ৰক্ষা কৰি মাকে কলে- আজি মই তোমাক বক ৰাক্ষস নিধনৰ কাহিনীটো কওঁ শুনা- ঘটোৎকচৰ জন্মৰ…

দাদু দয়াল আৰু শ্ৰীমন্ত শংকৰদেৱৰ এক তুলনামূলক বিশ্লেষণ

  পঙ্কজ প্ৰতিম বৰদলৈ   ৰাজস্থানৰ দাদু দয়াল (১৫৪৪–১৬০৩) আৰু অসমৰ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮) আছিল মধ্যযুগীয় ভাৰতৰ দুজন প্ৰভাৱশালী আধ্যাত্মিক সংস্কাৰক৷ যদিও তেওঁলোকৰ ৰচনাসমূহ ভিন্ন ভৌগোলিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটৰ পৰা নিসৰিত হৈছে, তথাপি তেওঁলোকৰ ৰচনাসমূহে একশ্বৰবাদী, নৈতিকভাৱে পৰিচালিত আধ্যাত্মিকতাৰ প্ৰতি তেওঁলোকৰ…

ভাইৰা

মেঘালী দত্ত ঠাকুৰীয়া                  “মোহন ইস্কুল’ক নায! বিপিন মাষ্টৰে কৈছি ৰ’হ, তোৰ পঢ়াত মন নাই বুলে৷ কেৱল  বেঞ্চত  বহি ঢোলৰ চাপাৰ মাৰি  থাকা!  তোক লৈ মই কি কৰিম হা…কো.. চুন৷ পিতেৰেৰ অসুখ! ইমান টাউনৰ ডাক্তাৰক দেখলু, ভাল হ’ৱাৰ নামে নলে দেখুন…৷ বেমাৰেও…