Tag সংস্কৃতি

মহিষমৰ্দিনী আই কাত্যায়নী

নিৰু দত্ত   পালেহি আহিনমাহ            অময়া শৰতকাল ষষ্ঠীত দিওঁ বেদীত স্থান, অচলা ভক্তিৰে পূজি         সপ্তমী অষ্টমী তিথি দশমীত  কৰোঁ বিসৰ্জন। যুগে যুগে ধৰণীতে          তোমাক পূজোঁ ভকতে ৰাম কৃষ্ণ তোমাৰ সেৱক, আমি সৰল মনিচ            নহওঁ নকল নবীছ আই তুমি বিপদ-বাৰক। শৰতত বসন্তত                ধৰালৈ নামিবা দেই বৰণীয়া   ফুলেৰে পূজিম, নীলাকৈ অপৰাজিতা           পদুম ধুঁতুৰা…

আকাশীগংগা

অমৃত গোস্বামী   মধ্য অসমৰ মানুহে পিকনিক বা বনভোজ খোৱা ঠাই– ‘আকাশী গংগা।’ এইটো মোৰ আগৰেপৰা জনা কথা। আকৌ, কেই বছৰমানৰ আগতে বৰদোৱা বা বটদ্ৰৱা থান দৰ্শন কৰিবলৈ  যাওঁতে স্থানীয় লোক এজনে মোক থানৰ ভিতৰত থকা বৃহৎ পুখুৰী এটা দেখুৱাই কৈছিল– “এয়া…

জনজাতীয় / জনগোষ্ঠীয় সমাজ আৰু সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতি

  শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বাৰ্ষিক পূজা সমাগত৷ এই পূজাত আমাৰ দেশৰ প্ৰায়বোৰ অঞ্চলতে মানুহ আনন্দত আত্মহাৰা হয়৷ বিশাল বজাৰ এখনে সাধাৰণ মানুহৰ কষ্টোপাৰ্জিত ধনৰ একনা-দুৱনাকৈ হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰে৷ সৰ্বসাধাৰণ উপান্ত হ’বলগীয়াকৈ উদ্‌যাপন কৰা এই পূজাত শ্ৰদ্ধা-ভক্তিতকৈ…

ফিন্‌টেক ইঞ্জিনিয়াৰ (FinTech Engineer)

 ড° বুলজিৎ বুঢ়াগোহাঁই   ফিন্‌টেক (ফাইনেন্‌চিয়েল টেকন’লজী) অৰ্থাৎ আৰ্থিক প্ৰযুক্তি হৈছে ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা খণ্ডসমূহৰ এটা, য’ত অৰ্থনীতিৰ সৈতে অত্যাধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণেৰে ব্যক্তি আৰু ব্যৱসায়ীয়ে কেনেকৈ ধন উপাৰ্জন কৰে, বিত্তব্যৱস্থা পৰিচালনা কৰে আৰু বিনিয়োগ কৰে তাৰ ৰূপান্তৰ ঘটোৱা…

হিমাচলৰ সেউজ আঁচল

 অংগনা চৌধুৰী   বসন্তই আহি প্ৰকৃতিৰ বুকু শুৱনি কৰা আৰম্ভ কৰোঁতেই আমি মানে মই, মোৰ মানুহজন আৰু আমাৰ পুত্ৰ সাজু হ’লো হিমাচল প্ৰদেশৰ সৌন্দৰ্যৰ সাক্ষী হ’বলৈ৷ শুকুলা ডাৱৰৰ মাজেৰে বিমানেৰে গৈ গুৱাহাটীৰ পৰা চণ্ডীগড় পাওঁতে প্ৰায় ৰাতিয়েই হৈছিল৷ সেয়ে নিশাটো…

মাক-কথা

  (Unfolded Stories of a Mother) ৰত্নোত্তমা দাস বিক্ৰম প্রথমাংশ প্রথম অধ্যায় মোৰ ফৰাছী বন্ধু আৰু সিহতৰ দেশত কমলাৰ গুটি গজি পুলিয়ে পোখা মেলাৰ কাহিনী এই কাহিনীটো এতিয়ালৈকে মই মোৰ ঘনিষ্ঠ বা মোৰ কাষৰ-পাজৰৰ যিসকলক কৈছোঁ, তাৰ ভিতৰত কোনো কোনোৱে…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৪

(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)   নিজৰা ৰাজকুমাৰী যোৱা সংখ্যাৰ লেখাটো শেষ কৰিছিলোঁ শ্বেৰ চৌধুৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত তথ্যচিত্ৰ ‘ছাউণ্ড অৱ দ্য ডায়িং কালাৰছ’ৰ কথাৰে৷ শ্ৰেষ্ঠ প্ৰম’শ্বনেল তথ্যচিত্ৰৰ বঁটা পোৱা এইখন তথ্যচিত্ৰৰ পৰিচালনা, চিত্ৰনাট্য ৰচনা আৰু সঙ্গীতৰ কামৰ লগতে শ্বেৰ…

যুদ্ধোত্তৰ যুগৰ অসমীয়া সাহিত্য সমালোচনা : এক পৰ্যালোচনা

 প্ৰাঞ্জল প্ৰতিম বৰা   সাহিত্য সমালোচনা হৈছে সাহিত্যৰ অধ্যয়ন ,মূল্যায়ন আৰু ব্যাখ্যা৷ সাহিত্য সমালোচনাত সাহিত্য তত্বৰ প্ৰভাৱ পৰাও পৰিলক্ষিত হয়৷ সাধাৰণ অৰ্থত সমালোচনা বুলি ক’লে বিৰূপ মনোভাৱক বুজায় যদিও সাহিত্যৰ সমালোচনা হ’ল যুক্তিপূৰ্ণ নিৰপেক্ষ বস্তুনিষ্ঠ মূল্যায়ন৷ সমালোচনা সৰ্বদা সৃষ্টিমূলক হোৱা…

বাহুবলী ভীম

 নৱনীতা ভট্টাচাৰ্য্য (৫) জৰাসন্ধ বধ   ভীমৰ বিষয়ে তিনিটাকৈ সাধু শুনাৰ পাছতো বনীৰ কিন্তু মন নভৰিল৷ সেইবাবে পাছ দিনাখনো সি মাকৰ ওচৰলৈ আহি ভীমৰ বিষয়ে আন এটা সাধু ক’বলৈ অনুৰোধ কৰিলেহি৷ বনীৰ কথা শুনি মাকে কিছুপৰ চিন্তা কৰি ক’লে- আজি…