‘গোৱাহে এবাৰ মোৰ প্ৰিয় বিহংগিনি’: পৰিপাৰ্শ্ব-সমালোচনা, ৰোমাণ্টিকতাবাদ আৰু ৰঘুনাথ চৌধাৰীৰ কবিতাৰ পুনঃপঠন
জ্যোতিষ্মান দাস ইউৰোপৰ ‘যুক্তিৰ-যুগ’(Age of Reason)খ্যাত দীৰ্ঘ অষ্টাদশ শতিকাৰ ‘আলোকপ্ৰাপ্তি’ (Enlightenment)ৰ প্ৰতিক্ৰিয়া হিচাপেই উত্থান হৈছিল–ৰোমান্টিকতাবাদৰ৷ ফ্ৰান্সিছ বেকনৰ ‘অভিজ্ঞতাবাদ’ (Empiricism), আইজাক নিউটনৰ পদাৰ্থবিজ্ঞানৰ যুগান্তকাৰী মতবাদৰ প্ৰভাৱ আৰু ৰেনে ডেকাৰ্টৰ বিখ্যাত উক্তি ‘Cogito, ergo sum’ (মই ভাৱো–সেয়ে মই আছোঁ)ৰ ধাৰণাই …