Latest posts
-
চাটজিপিটি
জিণ্টু দত্ত অলকৰ এক্সিডেণ্ট হ’ল৷ যোৱা পৰহি৷ ক’ৰপৰা কেনেকৈ কি হ’ল সি একো ততেই ধৰিব নোৱাৰিলে৷ আনদিনাৰ দৰেই অফিচলৈ বুলি ওলাই আহি তিনি আলিটোত সোঁ ফালে টাৰ্ণ লব খোজোতেই সি দেখিলে সন্মুখৰ পৰা তড়িৎ গতিত আহিছে এখন ভিট্টাৰা ব্ৰেজা-সোঁফালৰ ফল মূলৰ দোকানখনৰ ফালে বাইকখন চপাই দিওঁ বুলি ভাবোঁতেই সি দেখিলে দোকানখনৰ কাষৰ পৰাও হঠাতে ওলাইছেহি
-
কেয়ামত
নীলোৎপল বৰুৱা ফাৰ্চী-টাপু সেই বছৰ তিনিটা আৱেশত আছিল৷ তিনিটা মুড৷ তাৰে পানীত গেলা মৰাপাটৰ উৎকট গোন্ধৰ সময়টো আছিল এটা অচিন পুলকৰ৷ ফুৰফুৰীয়া আৰ্দ্ৰ বতাহ এটা বৈছিল৷ কোনোবা অবালচন্দে জাগ্ৰত আৰু নিদ্ৰাৱস্থাৰ মাজৰ স্বপ্নময় দশাত কাণ উনালে ৰুণা লায়লাৰ মাত শুনি যাব পৰাকৈ ঠাইডোখৰ তন্দ্ৰালস৷ মথাউৰিটোৰ ঠিক মাজতে য’ত – …মনেৰ দুখ ক’ইনা ৰে বন্ধু
-
সৰল মানুহবোৰৰ মৃত্যু হৈছিল
অৰুণ গগৈ ৰ’দ বৰষুণ ভালপোৱা মানুহবোৰে উদং আকাশৰ তলত উশাহ ল’ব পৰাকৈ জন্ম দিছিল এখন সেউজ অৰণ্য হাড় ভঙা পৰিশ্ৰমৰ বিনিময়ত ওঁঠত ফুলিছিল হাঁহি চম্পা হাতৰ তলৰ ৰেখাবোৰ অথবা কঁপালৰ পথালি আঁচবোৰ গণনা কৰিব নাজানিছিল বাবে জনা নাছিল সৰল, উলম্ব আৰু বক্ৰ ৰেখাৰ পাৰ্থক্য লেকামৰ লেলিহান শিখাত দগ্ধ হোৱা সৰল মানুহবোৰে
-
অমিতাভ ঘোষৰ সাহিত্য : বিশ্ব ইতিহাস, উপনিৱেশ, পৰিৱৰশ আৰু মানৱসভ্যতাৰ বাস্তৱপাঠ
পঙ্কজ প্ৰতিম বৰদলৈ আধুনিক বিশ্বসাহিত্যৰ জটিল, বহুমাত্ৰিক আৰু গভীৰ চিন্তাশীল পৰিসৰত অমিতাভ ঘোষ এক অসামান্য সাহিত্যিক শক্তি, যাৰ ৰচনাসমূহে ভাৰতীয় ইংৰাজী সাহিত্যক বিশ্বমানচিত্রত এক নতুন বৌদ্ধিক উচ্চতালৈ উত্তোলন কৰিছে৷ তেওঁ কেৱল এজন সফল ঔপন্যাসিক নহয়; তেওঁ ইতিহাসৰ পুনৰপাঠক উপনিৱেশবাদৰ কঠোৰ সমালোচক, পৰিৱেশ-সংকটৰ দূৰদৰ্শী ব্যাখ্যাকাৰ, ভাষিক বহুত্বৰ উদযাপক, আৰু বিশ্বায়নৰ যুগত স্থানচ্যুত, প্রান্তিক আৰু নীৰৱ
-
নিমি–নৱসিদ্ধ সংবাদ
অমৃত গোস্বামী শ্ৰীমদ্ভাগৱত পুৰাণৰ একাদশ স্কন্ধত বৰ্ণনা কৰা ‘নিমি–নৱসিদ্ধ সংবাদ’ ধৰ্মগ্ৰন্থখনৰ এক এক বিশেষ ব্যাখ্যাযোগ্য অংশ৷ ইয়াত সংবাদ শব্দটো প্ৰশ্নোত্তৰৰ বা সংলাপৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হৈছে৷ এই ‘সংবাদ’ মিথিলাৰ ৰজা, ৰাজর্ষি নিমি আৰু ন-গৰাকী যোগসিদ্ধ পুৰুষৰ মাজত হোৱা এক আধ্যাত্মিক ভক্তি-তত্ত্বৰ আলোচনাধৰ্মী কথোপকথন৷ নিমি আৰু নৱসিদ্ধসকলৰ ব্ৰহ্মজ্ঞান সম্পৰ্কৰ এই আলোচনাত মানৱ জীৱনৰ ‘অন্তিম লক্ষ্য’ৰ
-
গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ নে নৈৰাজ্যবাদ
উৎপল বৰকটকী অনেক যুক্তিৰ থকাৰ পাছতো ইয়াত যুক্তিৰ স্থান নাছিল গাঁও নে চহৰ দেশে দেশে ধোঁৱা অব্যৱস্থা ধুঁৱলি-কুঁৱলী মানুহৰ চকুবোৰত হেৰাইছে গাঁও চহৰ দেশ সম্ভৱতঃ মানুহবোৰে নতুন কিবা যুক্তি উলিয়াইছে য’ত যুক্তিৰ স্থান নাই য’ত নিয়ম নাই য’ত দেখা পোৱা নাযায় অনুশাসনৰ সমান্তৰাল ৰেখা সম্ভৱতঃ শক্তিয়েই যুক্তি হৈছে শক্তিয়েই নিয়ম শক্তিতে ব্যৱস্থা, অনুশাসন ইয়াত কোনো তৰ্কৰ স্থান নাছিল শাক-পাচলি কটাৰ দৰে কটা গৈছে মানুহ আৰু অস্থিৰতাই গিলি আছে মানুহবোৰৰ বিবেক ক্ৰমশঃ অযুক্তিবোৰ প্ৰাত্যহিক হৈ পৰিছে আৰু মানুহবোৰে মানি লৈ ইয়াক স্বাভাৱিক বুলি সূৰ্যোদয়ে পোহৰ কৰা পৃথিৱীৰ মুখত এতিয়া দৈন্য যুক্তিৰ নিয়ম আৰু অনুশাসনৰ কি কওঁ ইয়াক — গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ নে নৈৰাজ্যবাদ *** ( মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অযুক্তিকৰ, অনৈতিক দমন আৰু আধিপত্যবাদৰ ৰক্ষণশীল চিন্তৰ মানৱীয় যুক্তিৰ পৰিপন্থী অসমানতাৰ বিৰুদ্ধে )
-
ৰৈ যা সময় কৈ যা কথা
দাদুল ভূঞা চকুত ঘুমটি নে জুমুঠি বুকুত কিহৰ ছটফটনি টিপচাকিৰ পোহৰ নে ঘোপমৰা এন্ধাৰ মাটিমুখী নৰিয়াত হেৰুৱালোঁ চোতালৰ জোন চক্ৰবেহুত অভিমন্যু বিপ্লৱৰ ৰঙা নিচান উৰুৱাই কথা ক’বলৈকে ভয় হিটলাৰী শাসকৰ বেহুত বন্দী জনতাৰ আঙুলি সমতাৰ বেলিফুল এপাহ ফুলাব খুজি সিদিনা— সমানুপাতিক ভগ্নাংশ এটা কৰিবলৈ মেলি লৈছিলোঁ পাটীগণিত দুটি পৃষ্ঠাত
-
ইলেকশ্বন ডিউটি
মূল (ইংৰাজী) : প্ৰশান্ত দাস অনুবাদ : অজিতাভ হাজৰিকা (প্ৰশান্ত দাস সম্প্ৰতি শ্বিলঙৰ বাসিন্দা৷ তেখেত দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰেট৷ ২০২৩ চনত তেখেতে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ উল্লেখ্য যে দুবাৰকৈ সন্মানীয় ফুলব্ৰাইট ফেল’ হিচাপে তেখেতে যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড আৰু কৰ্নেল বিশ্ববিদ্যালয়তো কিছুকাল কটাইছিল৷ দাসৰ চুটিগল্প আৰু কবিতা
-
দুখে কেওড়া
মূল : ৰামকুমাৰ মুখোপাধ্যায় অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰী (তৃতীয় খণ্ড) বাস্তু – ‘বাস’ৰ পৰা ‘বাস্তু’৷ প্ৰত্যেকৰ ঘৰ-সংসাৰৰ এটা বাস আছে৷ মৌ-মাখিৰ সংসাৰৰ কথাকে ধৰক৷ চাক সাজিছে ঘৰৰ মূধচত বা তেতেলি গছত, বাস্তু এটা থাকিবই৷ পথাৰত সৰিয়হ ফুল ফুলিলে মৌচাকত সৰিয়হৰ বাস্তু, জিকা ফুল ফুলিলে জিকাৰ বাস্তু৷ – হয়,
-
মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, সপ্তম অধ্যায় মই পুনৰ এবাৰ উপজিবৰ আয়োজন “Every May, something extra-ordinary happens …” টেম্চুলা (টেম্চিলা) আওৰ গল্প এটা এনেদৰে এইটো বাক্যৰেই আৰম্ভ হয়৷ গল্পটোত কোৱা মে’ মাহত ঘটা ‘extra-ordinary’ পৰিঘটনাটো হ’ল, মে’ মাহতে ডাল ভৰি ভৰি সোণাৰু ফুলাটো৷ সোণাৰু, কৃষ্ণচূড়া, আজাৰে বুকু উজাৰি বিলোৱা জাক্জমক্ বৈভৱৰ প্ৰেমত পৰিবলৈ অন্ততঃ