Tag সমাজ

এখন নতুন সংবিধান

 পংকজ প্ৰতিম বৰদলৈ   দেশে আজাদীৰ অমৃতকাল অৰ্থাৎ, পয়সত্তৰ বছৰ পূৰ্ণ কৰাৰ সময়তে, এক চেতনাস্ৰোত প্ৰৱাহিত হৈছে৷ দেশৰ বৌদ্ধিক মহলত এক আলোচনা প্ৰসাৰিত হৈছে যে ২০৪৭ চনলৈ, যেতিয়া দেশৰ স্বাধীনতাৰ এশবছৰ সম্পূৰ্ণ হ’ব, তেতিয়ালৈ ভাৰতে এখন নতুন সংবিধান গ্ৰহণ কৰা…

চিন্তাবৃত্তিৰ উৎকৰ্ষ, জাতীয় স্বাভিমান আদিৰ প্ৰসঙ্গত

          মানুহৰ চিন্তাবৃত্তিৰ ক্ৰমশঃ উৎকৰ্ষৰ প্ৰমাণ আমি আমাৰ ইতিহাসৰ আদিতম বিন্দুটোৰপৰা বিভিন্ন সময়ত মানুহে কৰা বিভিন্ন কাম-কাজৰ জৰিয়তে পাই আহিছোঁ৷ প্ৰকৃততে মানুহৰ মস্তিষ্কৰ যি প্ৰশ্নশীলতা আৰু সৃজনীমূলক চেতনা তাৰপৰাই মানৱ সভ্যতাৰ অগ্ৰগতি হোৱা বুলি ক’ব পাৰি৷ প্ৰশ্নশীলতাৰ বাবেই মানুহে…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা  (১১) যোৱা তিনিদিন ষ্টেপানৰ গা বেয়া। জ্বৰত ভুগি আছে। ঘৰতে থকা দুই-এবিধ দৰব খাই নিজক সুস্থ কৰাৰ চেষ্টা চলাইছে। প্ৰথম দুদিনতকৈ তৃতীয় দিনটোত গা টঙাইছে ষ্টেপানে। গালৈ অলপ বল আহিছে যদিও মুখলৈ ৰুচি ঘূৰি অহা নাই। খাবৰ…

চিঞৰ

ধ্ৰুৱকুমাৰ তালুকদাৰ   কোনেও নুশুনা এটা চিঞৰ মোৰ কাণত সোমাবলৈ ৰৈ আছিল … বাৰিষাৰ এটা ৰাতিপুৱা মই শেতেলি এৰাৰ আগতে চিঞৰটো আহিছিল দৌৰাদৌৰিকৈ মই এৰি অহা গাঁওখনৰ ঘৰবোৰ ভাঙি যোৱা মানুহখিনিৰ মাজৰ পৰা –   মই চিঞৰটোক চিনি পাইছিলোঁ একেবাৰে…

শিয়ালী এ নাহিবি ৰাতি… : লোক সাহিত্যৰ অন্যতম অৱদান নিচুকণি গীত

 মঞ্জু দাস          সকলো শিশুৱে কান্দে৷ কিন্তু কোনো মাতৃ প্ৰাণে কেতিয়াও সেই শিশুৰ কান্দোন সহ্য কৰিব নোৱাৰে৷ মুক শিশুৰ অবুজ কান্দোন আঁতৰাই শান্ত কৰিবলৈ, টোপনি নিয়াবলৈ শিশুক কোলাত লৈ মাতৃ, আইতাক অথবা ধাইমাতৃয়ে নচুৱাই নচুৱাই গীত-পদ গায়৷ এনেবোৰ গীতকে…

থাজবগী মঙলান

ববিতা কলিতা   সৃষ্টিবিজ্ঞানৰ বহুচৰ্চিত “বিগ-বেং” তত্ত্বটোলৈ হঠাৎ মনত পৰি গ’ল চুমলেনৰ৷ এটা বিন্দুত কেন্দ্ৰীভূত সেই উত্তাপ, সেই ঘনত্ব, সেই এককত্বৰ কল্পনাতীত বৃহৎ স্তুপটোৰ প্ৰসাৰণে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাথমিক বিকাশৰ ধাৰণা দিয়া তত্ত্বটোক সি মানুহ বাস কৰা ক্ষুদ্ৰ গোলকটোৰ সৈতে ৰিজাই চালে৷…

ভূটানৰ জমতচংখা চহৰত এটি দেওবৰীয়া আবেলি

অংগনা চৌধুৰী  বৰ্ষণমুখৰ এটি দেওবাৰ৷ ডাৱৰবোৰ পাহাৰৰ চূড়াত আহি ওলমিছেহি৷ পুৱা আঠ বজাত  আমি গাড়ীখন লৈ ঘৰৰ পৰা ওলালোঁ দিনটোৰ বাবে৷ গুৱাহাটীৰ পৰা ক’ৰবালৈ যাবলৈ হ’লে যানজঁটৰ পৰা বাচিবলৈ অলপ সোনকালেই ওলাই যোৱা শ্ৰেয়ঃ৷ চাৰে নমান বজাত মংগলদৈৰ ওচৰৰ ৰিপ’জ ৰিজ’ৰ্টৰ খাৰখোৱা নামৰ ৰেষ্টুৰেণ্টখনত…

আইজেন্‌ইষ্টাইন

জীশোৰ   মোৰ আঙুলিৰে গৈ ঘিলু সংযোগী এডাল বিশেষ নাড়ী আছে যি মোৰ মণিবন্ধ কিলাকুটি কান্ধ পাৰ হৈ ডিঙি চুই গতি কৰে   ওলমা তাঁৰ বুলি তাত পাৰ চৰাইবোৰ পৰে কেঁচু বুলি আকৌ মাছবোৰে এমূৰৰপৰা খাবলৈ ধৰে এখোপ ওপৰেদি চেও…

মাজত তৃষাৰ নৈ…

 পাপৰি গোস্বামী   আকাশখনে ঢুকি পোৱালৈকে কেৱল নীলা আৰু নীলা…। দূৰৈৰ শান্ত যেন লগা নীলাভাগ ক্ৰমাৎ ওচৰলৈ অহাৰ লগে লগে চঞ্চল হৈ পৰে। যেন বোকোচাত উঠাৰ প্ৰতিযোগিতাহে ইটো সিটো ঢৌৰ…। কাষৰৰ শিলবোৰত  ঠেকা খাই পুনৰাই উচাৎ মাৰি নিজ নিজ প্ৰান্তলৈ…

‘অনুসন্ধান’ত ৰজত কলিতা

 অমৃত গোস্বামী   প্ৰখ্যাত ঔপন্যাসিক শীলভদ্ৰ (ৰেৱতীমোহন দত্ত চৌধুৰী) দেৱৰ ‘অনুসন্ধান’ নামৰ উপন্যাসখন এই অলপতে মই পঢ়ি শেষ কৰিলোঁ। উপন্যাসখন পঢ়ি এক যথাৰ্থ সাহিত্য-অধ্যয়নৰ তৃপ্তি পোৱা যেন লাগিল। উপন্যাসখনৰ বিষয়বস্তু আৰু ৰচনাশৈলী অসচৰাচৰ। উপন্যাসখনত চৰিত্ৰসমূহৰ মাজত ঘনাই হোৱা কথোপকথনৰ চুটি চুটি বাক্যসমূহ…