Tag সমাজ

হেৰাই যোৱা মন্দিৰৰ যাদু

 মূল:  সুধা মূৰ্তি অনুবাদ:  স্ৰোতস্বিনী তামুলী   নুনি এজনী বাৰ বছৰীয়া ছোৱালী। তাই দৌৰি-ঢাপৰি, গছত উঠি বৰ ভাল পায়। তাই খায়ো ভাল পায়। কিন্তু ৰন্ধা-বঢ়াতহে অলপো চখ নাই। আনকি তাই টিভি চায়ো খুব বেছি ভাল নাপায়। অৱশ্যে তাই কেতিয়াবা চোটা ভীম…

শিপা

উদয় কুমাৰ বৰুৱা   খিৰিকীৰ সিপাৰৰ গোলাপজোপাৰ লগত মোৰ প্ৰথম প্ৰেম মোৰ পৰা গোলাপজোপালৈ এটা অদৃশ্য বাট   গোলাপজোপাৰ মনত এটা সপোনে শিপায় এদিন টিক টিককৈ ৰঙা হৈ ফুলিব বাটৰুৱাই ৰৈ ৰৈ চাব হাঁহি থকা ৰঙা কলি এটাই পুৰণি কোটৰ…

শ্মশানত গজি উঠা তপোবন

 পৰিস্মিতা বৰদলৈ   ‘মৃত সপোনবোৰৰ মৰিশালি এখন বুকুত কঢ়িয়ায়ো মানুহে জীয়া বাস্তৱ এটা সহি যাব পাৰে৷ দগ্ধ সপোনৰ ছাইবোৰেৰে অৱশিষ্ট জীৱনটোক মাজি মাজি চিকচিকিয়া কৰি তোলাটোও কি ৰেহালগা কথা!’ মই যেতিয়া তাইক প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ, তাইৰ চকুত এহেজাৰ জোনাকী…

অপ্ট’মেট্রি (Optometry)

 ড° বুলজিৎ বুঢ়াগোহাঁই   অপ্ট’মেট্রি (Optometry) পাঠ্যক্রমত মানৱ দেহৰ অন্যতম অংগ চকুৰ গঠন আৰু কাৰ্যপদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। অপ্ট’মেট্রি পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। অপ্ট’মেট্রিষ্টসকলে চকুৰ বিভিন্ন ধৰণৰ ৰোগ নিৰ্ধাৰণৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰে আৰু চকুৰ বাবে আৱশ্যক হোৱা…

দাহালথুংগ্ৰি: এখন মননশীল উপন্যাস

 ড° পোনা মহন্ত   ‘দাহালথুংগ্ৰি’ – অসমৰ অন্যতম ভূমিপুত্ৰ বড়োসকলৰ মাজত অতীজৰে পৰা চলি অহা এক বিশেষ লোকনৃত্য৷ খেৰাই পূজাত জনগোষ্ঠীটোৰ প্ৰধান উপাস্য বাথৌ দেৱতাৰ সন্তুষ্টিৰ অৰ্থে দেৱতাগৰাকীৰ থাপনাৰ চাৰিওফালে ঢাল-তৰোৱাল লৈ এই নৃত্য পৰিৱেশন কৰা হয়৷ যিহেতু আক্ৰমণ বা…

বানপানীৰ দিনৰ ভাবৰ বুৰবুৰণি

বানপানীৰ দিনৰ ভাবৰ বুৰবুৰণি এইবাৰ শেষ বহাগতে বানপানীৰ বতৰ আৰম্ভ হ’ল আৰু জেঠ মাহত বানে অসমৰ বহুখিনি অঞ্চল প্লাৱিত কৰিলে (এতিয়াও ন ন ঠাইত বানপানী হৈয়ে আছে) ৷ অসমীয়াত এষাৰ কথা আছে, ‘শাওনৰ পানী ৰাওণে খায়, ভাদৰ পানীতহে ঘৰ তল…

কাল-অকাল

 মিনাৰা হুছেইন বৰষুণৰ টোপালবোৰ মোৰ চকু-মুখত পৰিছে। হাতৰ ক’লা ছাতিটো খুলি ল’লোঁ। এই ক’লা ৰংটো মোৰ খুব পছন্দৰ। এই যে বৰ্ষাময়ী আবেলিটো লাহে লাহে ৰাতিৰ ক’লা আন্ধাৰৰ মাজলৈ সোমাই যায়, মোৰ ভাল লাগে। ৰাতি যিমান ঘন হৈ উঠে, প্ৰকৃতিয়ে যেতিয়া চৌদিশে…

এটা ভৰুণ দুপৰৰ ‘ৰাইটাৰ্লি’ কথকতা

 ভাস্কৰ জ্যোতি নাথ   কপৌৱে ৰুণ দিয়া এটা ভৰুণ দুপৰীয়া৷ ৰদে জলমল পৃথিৱী৷ গল্পটো লিখিবলৈ লৈ মোৰ হঠাতে  ষ্টক হাউচেইনলৈ মনত পৰি গ’ল৷  কেনেকুৱা হ’ব পাৰে বাৰু হাউচেইনৰ ন’টছবোৰ ? শ্ৰোতাৰ কৰ্ণকূহৰত শ শ পাইপাৰৰ স্বৰৰ বন্যা বোৱাই আনিব পৰা…

ৰঘুবংশ

মূল : মহাকবি কালিদাস  অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত  দ্বিতীয় অধ্যায়  প্ৰহাৰ কৰিবলৈ উদ্যত সোঁহাতৰ আঙুলিয়ে স্পৰ্শ কৰাত কাঁড়ৰ পাখি ৰঞ্জিত হ’ল নখচন্দ্ৰৰ পোহৰত । কিন্তু কি এই আড়ষ্টতা ! তুলিবই নোৱাৰিলে বাণ, ছবিৰ দৰেই স্থিৰ হৈ ৰ’ল সেই নিপুণ…

হিতে বিপৰীত

 সঞ্জীৱ সভাপণ্ডিত এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন (৫/৬/২০২২) গুৱাহাটীৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰৈৰ এখন ঠাইত অনুস্থিত এটা অনুষ্ঠানলৈ যাবলগীয়াত পৰিছিলোঁ৷ স্কুলীয়া ল’ৰা–ছোৱালীৰ লগত কিছু সময় কটাব পাৰিম বুলি মনটো ভাল লাগি আছিল৷ ওচৰতে এটা জলপ্ৰপাত আছে৷ এখন বিয়াগোম হাবি…