Tag সমাজ

লেণ্ড অৱ দ্য ৰাইজিং ছান

মাণিক পাল  মাত্ৰ ডেৰশ বছৰৰ আগলৈকে প্ৰায় দুই শতিকা কাল বাহিৰৰ পৃথিৱীৰ লগত কোনো সম্পৰ্ক নথকা দেশ এখনে আজি বিশ্বৰ তৃতীয় শক্তিশালী অৰ্থনৈতিক দেশ ৰূপে পৰিগণিত হৈছে৷ প্ৰাকৃতিক সম্পদৰ অভাৱ, ঘনেঘনে হৈথকা বৃহৎ প্ৰাকৃতিক দুৰ্যোগ আৰু দুটাকৈ বৃহৎ আৰু ভয়ংকৰ…

অবিনাশী সত্তা

ৰাজেন দাস (হিমাক্ষী ডেকালৈ শ্ৰদ্ধাৰে)   বয়স হ’লে ভয় লাগে জন্মদিনে যে এবছৰকৈ বুঢ়া কৰি যায় ডেকা কৰাৰ মনো বছৰি উকলি থাকে  উভতি নাহে এতিলমানো ভালপোৱা   তোমাৰ কথা মনত পৰিলে সাহস বাঢ়ে তুমি যে ভালপোৱাক দুখ নিদিয়াঁ নিজৰ মাজতে…

সময়

অংকুৰিতা ফুকন ‘স’য়ে বোলে কাণ সুৰসুৰালে বৰষুণ সৰে বাট-পথ বোকা হ’লে মানুহ পিছলি পৰে…   ‘ম’য়ে বোলে মঘাই হালোৱাৰ বোকালৈ বৰ ঘিণ পিছে পথাৰত নামিলেহে পথৰুৱাৰ চিন…   ‘য়’য়ে বোলে য়াকৰ শৰীৰ নোমেৰে আৱৰা প্ৰকৃতিৰ মহিমা কেৱে বুজিব নোৱাৰা…   ‘স’…

সৰ্প-দংশন

মূল : কেশৱ শংকৰ পিল্লাইৰ  “স্নে’ক-বাইট” অনুবাদ : বিদিশা দত্ত এদিন ঘৰৰ চোতালত মই সৰু সাপ এটা দেখা পালোঁ। সাপটো লাহে লাহে বগাই আহি আছিল। মোক দেখা মাত্ৰকে সি তৎক্ষণাৎ ওচৰতে পৰি থকা নাৰিকলৰ কোৰোকা এটাৰ ভিতৰত সোমালগৈ। মই লাহেকৈ…

ৰঘু বাচফৰ

শিল্পীকা ৰাজগুৰু ৰঘু বাচফৰক শঙ্খলীনাই লগ  পাইছিল এক অগতানুগতিক পৰিস্থিতিত।  তাইৰ  দৈনন্দিন জীৱনটো  আচলতে অতিশয় ব্যস্ততাময়, মহানগৰীৰ  এখন প্ৰাইভেট কলেজত তাই শিক্ষকতা  কৰে। পুৱা সূৰ্যোদয়ৰ পৰা ওৰেটো দিন কৰ্মব্যস্ততাৰ অন্তত আবেলি পৰত হে অকণ সময় তাই নিজলৈ বুলি আহৰি পায়।…

কলি যুগৰ গান

কেশৱ চাউ   অলপ আগতে তিনিজন মানুহ মোৰ ভাড়াঘৰৰ কাষেদি যোৱা দেখিছিলোঁ মুখত মৌনতা হাতত সময়ৰ নিচা-নগ্নতা কপালত ৰঙা বেলিৰ ছাঁ   তেওঁলোক বাৰু ক‘লৈ গ‘ল ইয়াত এতিয়া এজাক বৰষুণ মেঘৰ গৰ্জন…   ভাবি আছোঁ তিতিম নে বৰষুণত নাভাবি কি…

জলসংকট আৰু আমাৰ পৃথিৱী

পঙ্কজ বৰুৱা  আমি সৰুতে পঢ়িবলৈ পাইছিলোঁ যে পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানীয়ে আগুৰি আছে৷ আমাৰ মনলৈ এই চিন্তা আহে পৃথিৱীত ইমান বেছিকৈ পানী থকাৰ পাছতো পৃথিৱীত জলসংকটে দেখা দিব পাৰেনে? এই কথা বিশ্বাস কৰিবলৈ টান লাগে, যদিও পৃথিৱীৰ ৭১% ভাগ পানী…

অসম আৰু বিদ্যালয়-শিক্ষা : কিছু ব্যক্তিগত অনুভৱ

 পঙ্কজ প্ৰতিম বৰদলৈ সমগ্ৰ বিশ্বৰ ভিতৰতে ফিনলেণ্ডৰ শিক্ষাব্যৱস্থাক এক প্ৰকাৰে সমীহৰ চকুৰে চোৱা হয়৷ ফিনলেণ্ডত শিক্ষাব্যৱস্থাই উৎকৃষ্টতাতকৈও সমতাৰ ওপৰত গুৰুত্ব দিয়ে৷ তাত এক সামগ্ৰিক পাঠদানৰ কাৰ্যসূচী ৰূপায়ণ কৰি শিক্ষণ পৰিৱেশ গঢ় দিয়া হয়৷ আন বহু কাৰণৰ ভিতৰত ফিনলেণ্ডক সৰ্বশ্ৰেষ্ঠ আখ্যা…

প্ৰাৰ্থনা

 নীলোৎপল বৰুৱা   পাত্ৰাছ মুণ্ডা পাপী নহয়। আনমনা। অন্যমনস্ক। তাকো মাত্ৰ প্ৰাৰ্থনাৰ সময়তহে। বাকী-তেওঁ চিকাৰী ঢোৰাসাপ এটাৰ দৰেই প্ৰখৰ আৰু দ্ৰুত। কপাল,  বাহু আৰু তাৰ পাছত নাভীত চুই কাল্পনিক যোগ চিন এডাল আঁকি মুখৰে ‘পিতা পুত্ৰ আৰু পৰমাত্মাৰ নামত’ বুলি…

মিণ্টুল হাজৰিকাৰ হালধিহাট

 ফাৰহান জাৱেদ   কবিতাক কোনোৱে বৌদ্ধিক কছৰৎৰ সংক্ষিপ্তি বুলি কয় আৰু কোনোৱে সৰ্বসাধাৰণৰ হৃদয়ৰ আকূতি বুলিও ক’ব খোজে৷ আমাৰ বাবে কবিতা কেৱল সাময়িক বিলাস নহয়, আমাৰ বাবে কবিতা জীৱন-চৰ্যা৷ আনহাতে কবিতা-পঠনক আমি বুদ্ধিদীপ্ত চিন্তাৰ পৰ্যায়লৈয়ো নিব পৰা নাই৷ অৱশ্যে কবিতা…