Tag সংগীত

গৃহিণীৰ বাবে কেৰিয়াৰৰ বিকল্প : ঘৰুৱা ব্যৱসায়

 ড° বুলজিৎ বুঢ়াগোহাঁই   বৰ্তমান যুগত গৃহিণীসকল কেৱল গৃহকেন্দ্ৰিক ভূমিকাত সীমাবদ্ধ নহয়৷ সময়, প্ৰযুক্তি আৰু সামাজিক মনোভাৱৰ পৰিৱৰ্তনৰ ফলস্বৰূপে, তেওঁলোকে নিজৰ ঘৰৰ পৰা উপাৰ্জনৰ সুযোগ সৃষ্টিৰে আত্মনিৰ্ভৰশীল জীৱন গঢ়ি তুলিব পাৰিছে৷ ঘৰুৱা ব্যৱসায় হৈছে এনে এখন ক্ষেত্ৰ, য’ত গৃহিণীয়ে নিজৰ…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা- ১৬

 (পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)  নিজৰা ৰাজকুমাৰী          এই সময় জুবিনময়৷ কাণত আৰু বুকুত বাজি আছে জুবিনৰ গীত আৰু মাত৷ দোকান-পোহাৰ, মানুহৰ ঘৰৰ পৰা ভাহি আহিছে জুবিনৰ কণ্ঠ৷ জুবিনৰ নতুন-পুৰণি গীতবোৰ মানুহে এনেদৰে শুনি আছে– যেন জুবিনবিহীন দুখৰ সময়খিনিক গীতৰ…

পানী হিলৈ

  গোৱিন কুমাৰ খাউণ্ড জৰিগুৰিৰ মানুহৰ বাবে আপদ হৈ পৰা সৰগী এতিয়া নৰকত পৰিণত হৈছে শৰৎ শৰ্মাৰ বাবে। অসুস্থ নীলৰ পুতেক মৃগাংকক আছুৰ পৰা বহিষ্কাৰ কৰাৰ পাছত শৰ্মাই সৰগীতে সংস্থাপিত কৰিছিল। পিছে হিতে বিপৰীত হৈছৈ। মিলিটেৰীৰ মহামন্ত্ৰ লৈ মৃগাংক এতিয়া…

যোৰহাট চহৰৰ সংগীত সাধনাৰ এটি অৱলোকন

পৰমানন্দ মহন্ত ‘অভিযাত্ৰী তুমি অমৃত সন্ধানী’ – নামটোতেই কিবা কালিকা থকা যেন লাগে; ভিতৰৰ পৃষ্ঠাত দেখিলোঁ ‘অভিযাত্ৰী তুমি অমৃত সন্ধানী (প্ৰথম খণ্ড) – যোৰহাটৰ বিশিষ্ট শিল্পীসকলৰ সাংস্কৃতিক যাত্ৰাৰ এক চমু অৱলোকন’৷ লেখিকা নিজেই এগৰাকী সংগীত আৰু নৃত্য শিল্পী, আৰু যোৰহাট…

জীৱন যাপন

 মূলঃ হুমায়ূন আহমেদ অনুবাদঃ ড° জোনালী পাটোৱাৰী বৰা   মোৰ ভিনিহিজন কিবা “খবিশ” ধৰণৰ মানুহ। “খবিশ” শব্দটোৰ অৰ্থ মই সঠিককৈ নাজানো।নিশ্চয় কিবা কুৎসিত জন্তু বা জানোৱাৰ। নাইবা অইন কিবাও হ’ব পাৰে। এই গালিটো মই শিকিছিলো মোৰ আইতাৰ পৰা। কাৰোবাৰ ওপৰত খুব…

মগজুৰ অপতৃণ

  নাতিশীতোষ্ণ জলবায়ুৰ ঠাই হিচাপে অসমৰ সৰ্বত্ৰ সকলো সময়তে অনেক গছ-বন গজে৷ এনে গছ-বনবোৰৰ বহুত সুকাঠী বা ফলৱতী আৰু আন কিছুমান আওকাঠী তথা অপতৃণ৷ গছ-বন প্ৰাকৃতিকভাৱেই গজে, নিজৰ সুবিধা অনুসৰি৷ মানুহৰ সুবিধাজনক কোন ঠাইত  গজিব লাগে গছে নাজানে৷ আচলতে পৃথিৱীৰ…

জুবিন

 যশোৱন্ত নিপুণ   ইমান যে দি গ’লা ইমান যে শূন্য হ’লা তুমি কি পালা, দুহাতত মাথোঁ বেথা খালি জেপ তোমাৰ আৰু এটা ফটা চোলা।   ইমান পাতল হ’লা চিলা হৈ মেঘলৈ উৰিলা ধুমুহাত ছিগি গ’ল সূতা, সাবটি ৰাখিব কোনে মাটিৰ…

কিম্বদন্তি শিল্পী, তুমি সংগীতৰ পৃথিৱীৰ প্ৰথমজন ঈশ্বৰ

 ৰুদ্ৰ সিংহ মটক   বুকুৰ ভিতৰত ঘননীলা শোকৰ বৃহৎ কলচী এটা বৈ ফুৰা লাখ লাখ মানুহৰ শেষ নোহোৱা উচুপনিবোৰত তোমাক আমি  দেখা পালোঁ , দেখা পালে নক্ষত্ৰমণ্ডলী আৰু মোৰ পৃথিৱীৰ  কোটি কোটি  মানুহে   জুবিন ! আমি জানো যিসকল তোমাৰ…

“কম্পন কাতৰ” মায়াৰ আকাশ

(জুবিন গাৰ্গক  সুঁৱৰি)   উদয় কুমাৰ বৰুৱা   চৰ্চিত কোনো নেৰেটিভে সামৰিব পৰা নাছিল সাগৰৰ দৰে বিশাল সেই প্ৰতিভাক   দেখা-অদেখাতে সংবেদনৰ তীব্ৰতাই সন্তৰ্পণে লৈ গৈছিল এটা নুশুনা সুৰৰ গৰ্ভমূললৈ   প্ৰচণ্ড আকস্মিকতাত হিম হ’ব খুজিছিল উদ্বেলিত অনুভৱৰ স্বৰবোৰো  …

দেশ, মাটিৰ সীমা চেৰাই

অৰুণ গগৈ                                          মাটিৰ মাতত সুৰ এটা বাজি থাকে কাণত    আইৰ আঁচলত বান্ধি থোৱা বেলিৰ সাধু এটা খহি পৰে ৰাতিৰ…