Latest posts
-
কেয়ামত
নীলোৎপল বৰুৱা ফাৰ্চী-টাপু সেই বছৰ তিনিটা আৱেশত আছিল৷ তিনিটা মুড৷ তাৰে পানীত গেলা মৰাপাটৰ উৎকট গোন্ধৰ সময়টো আছিল এটা অচিন পুলকৰ৷ ফুৰফুৰীয়া আৰ্দ্ৰ বতাহ এটা বৈছিল৷ কোনোবা অবালচন্দে জাগ্ৰত আৰু নিদ্ৰাৱস্থাৰ মাজৰ স্বপ্নময় দশাত কাণ উনালে ৰুণা লায়লাৰ মাত শুনি যাব পৰাকৈ ঠাইডোখৰ তন্দ্ৰালস৷ মথাউৰিটোৰ ঠিক মাজতে য’ত – …মনেৰ দুখ ক’ইনা ৰে বন্ধু
-
ৰৈ যা সময় কৈ যা কথা
দাদুল ভূঞা চকুত ঘুমটি নে জুমুঠি বুকুত কিহৰ ছটফটনি টিপচাকিৰ পোহৰ নে ঘোপমৰা এন্ধাৰ মাটিমুখী নৰিয়াত হেৰুৱালোঁ চোতালৰ জোন চক্ৰবেহুত অভিমন্যু বিপ্লৱৰ ৰঙা নিচান উৰুৱাই কথা ক’বলৈকে ভয় হিটলাৰী শাসকৰ বেহুত বন্দী জনতাৰ আঙুলি সমতাৰ বেলিফুল এপাহ ফুলাব খুজি সিদিনা— সমানুপাতিক ভগ্নাংশ এটা কৰিবলৈ মেলি লৈছিলোঁ পাটীগণিত দুটি পৃষ্ঠাত
-
বিংশ শতিকাৰ সুধাকণ্ঠৰ সুৰত একবিংশ শতিকাৰ শ্ৰমিকৰ চিৎকাৰ
যুগান্তৰ মাধৱ শইকীয়া শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি, সেমেকা শীতৰে ৰাতি শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীন কোনো খেতিয়কৰ ভাগিপৰা পঁজাটিৰ ডুঁহজুই একোৰাত উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ…. ডাৰউইনে জীৱৰ বিৱৰ্তনৰ সূত্ৰত কৈছিল – “যোগ্য ভোগ্য বসুন্ধৰা”, অৰ্থাৎ যি যোগ্য তেৱেঁই ভোগ কৰে৷ কিন্তু আধুনিক মানৱ সমাজ আৰু জীৱন ব্যৱস্থাৰ
-
ৰ’দে-বৰষুণে কিমান যে গান
লোকনাথ গোস্বামী মন দাপোণত-১৯ (১) গানে-শ্লগানে জীৱনৰ গুৰুত্বপূৰ্ণ এছোৱা : জলসাকে ধৰি গান-বাজনাৰ চৰ্চা চলি থকাৰ মাজতে য়ুনিয়নৰ কাম-কাজো সমানে চলিবলৈ ধৰিছিল তেতিয়াৰেপৰা৷ মই নতুনকৈ যুক্ত হোৱা য়ুনিয়নখনে কোনো কাৰ্যসূচীতে মোক এৰি দিয়া নাছিল৷ সদস্যসকলে মৰম-শ্ৰদ্ধাও কৰিছিল৷ তাৰ মাজতে ঘুনুক-ঘানাককৈ শুনিবলৈ পাইছিলোঁ যে বিদ্যুৎ পৰিষদৰ বহুকেইটা শ্ৰমিক-কৰ্মচাৰী সংগঠনৰ যৌথ উদ্যোগত আগন্তুক দিনত এক ব্যাপক আন্দোলনৰ কুচ-কাৱাজ
-
হিয়াৰ আমঠু বিহু : এক ঐতিহাসিক আলোচনা
ডা০ প্ৰাঞ্জল কুমাৰ নাথ কৃষ্টি, সংস্কৃতি আৰু লোকপৰম্পৰা শ্বাসত আৰু পৰিৱৰ্তনশীল। ইয়াৰ আদি বা অন্ত বিচাৰি পোৱাতো বৰ এটা সহজ কথা নহয়। তথাপি পৰম্পৰা বা লোক-সংস্কৃতি বৈ যায়। বোৱতী নৈৰ দৰে সকলোকে বুকুত বান্ধি বৈ থাকে চিৰদিন, চিৰকাল। অসমীয়া জাতিৰ বাপতি সাহোন ‘বিহু’ এটা কৃষিৰ লগত জড়িত থকা উৎসৱ। সমাজ জীৱনৰ লগত নিবিড় সম্পৰ্ক
-
ফটাচোলাৰ ৰং
(পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়া ষষ্ঠ দৃশ্য (মঞ্চলৈ ভিতৰৰ পৰা পলী সোমাই আহে৷ টেবুলত দেৱীৰ ফুটফুটীয়া ফ্ৰকটো থাকে৷ ফ্ৰকটো দেখিয়েই পলীয়ে দেৱীক মাতে) পলী – দেৱী, দেৱী! (দেৱী ভিতৰৰ পৰা সোমাই আহে) দেৱী – মাহী পলী – এই ফ্ৰকটো ইয়াত কোনে থ’লে? দেৱী – মই৷ পলী – কিয়? এইটো কোঠাৰ টেবুলত চোলা-পেণ্ট ৰাখে নেকি? দেৱী
-
শিশুৰ সৰ্বাংগীণ বিকাশত খেলাধূলাৰ গুৰুত্ব
ড° ইন্দ্ৰানীৰেখা শইকীয়া আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে — এটা সৰু ল’ৰা বা ছোৱালীয়ে মাটিত বহি বালিৰে ঘৰ সাজোঁতে বা পুতলাৰ সৈতে কথা পাতোঁতে কিমান মনোযোগ দিয়ে? সেই মুহূৰ্তত তেওঁ কেৱল খেলি থকা নাই — তেওঁ শিকি আছে, অনুভৱ কৰি আছে, আৰু বিকশিত হৈ আছে৷ খেল হৈছে শিশুৰ ভাষা৷ আৰু ইয়াৰ মাজতেই লুকাই আছে তেওঁৰ
-
জ’হৰ
নৱ ৰাজন যেন অন্য এক ৰামায়ণ। পদ্মাৱতী। ইতিহাসৰ কোনো এপৃষ্ঠা সেমেকাই চকুলোৰ জুইত আজিও দাও দাওকৈ জ্বলি থকা পতিব্ৰতা নাৰী। সৌন্দৰ্যৰ পৰী। চিত্ত’ৰৰ ৰাণী । ৰজা ৰাৱণ ৰতন সিঙৰ দ্বিতীয় পত্নী। পদ্মাৱতীৰ দেহত ৰূপৰ জুই; যি জুয়েই সামৰি ল’লে তাইক। তায়ো হয়তো ভবা নাছিল। এটি ফিৰিঙতিয়ে ৰূ-ৰুৱাই জ্বলালে ৰাঘৱ চেতনৰ কামনাৰ জুই। ৰজাৰ দ্বাৰা নিৰ্বাসিত
-
গল্ডবাক কনজেকচাৰ (Goldbach conjecture)
ড০ প্ৰিয় দেৱ গোস্ৱামী মানৱ জাতিৰ উত্তৰণত বিজ্ঞানে এক অতি উল্লেখযোগ্য উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। এই বিজ্ঞানৰেই এক অন্যতম শাখা হল গণিত। আকৌ গণিত হৈছে অধ্যয়নৰ প্ৰাচীনতম বিষয়। বিষয়টো আৰম্ভণিৰ সময়ত সম্পূৰ্ণ ব্যৱহাৰিক প্ৰয়োজনৰ বাবে এই শাখাৰ বিকাশ হৈছিল। আমাৰ দেশ ভাৰতবৰ্ষ, গ্ৰীচ, ইজিপ্ত, চীনকে আদি কৰি ভালেমান দেশে গণিত বিষয়টো গঢ় লৈ উঠাত
-
এটি প্ৰতিশ্ৰুতি
ৰূপাঞ্জলী নেওগ সৌ দূৰণিৰ পৰা ভাহি আহিছে এটি সুৰ, বিনিদ্ৰ ৰজনীৰ মায়াজাল ফালি যেন কুহেলিকাক স্পৰ্শৰ প্ৰয়াস এই আৰ্তনাদৰ, কেনে আস্ফালন এয়া? নৈঋতত হৃদয়ৰ ঝংকাৰ; আস্! ঈশান কোণত উটি-ভাহি যাব খুজিছে এখনি ছবি কম্পিত সুৰত মায়াসনা চাৱনি বিদীৰ্ণ হৈ যাব যেন এতিয়াই সকলো, হৃদয়ত অনুশীলনৰ খোজ-কাটল৷ উস্! স্তিমিত পোহৰো যেন গলি শেষ হৈ