Tag ভাষা

ষ্টাফ ছিলেকশ্বন কমিছনৰ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাসমূহ

 ড° বুলজিৎ  বুঢ়াগোহাঁই     সৰ্বভাৰতীয় পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাসমূহত অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণ হাৰ সাধাৰণতে কম হোৱা পৰিলক্ষিত হয়। প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ’ব পৰাকৈ মেধাৱী হোৱা সত্বেও ছাত্র-ছাত্রী সকল সঠিক ৰূপত প্রস্তুত নোহোৱাৰ বাবেই এইসমূহ পৰীক্ষাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণৰ…

মৰদ কো দৰদ নেহি হ’তা হ্যেঁ

ধন দাস   পুৰুষৰ বাবেই  নগৰৰ দেৱালবোৰত লিখা হয়  ‘ইয়াত কুকুৰে প্ৰস্ৰাৱ কৰে’  বিশেষ কথাটো হ’ল সেইখিনিতেই সিবিধ লাগে  ছেঃ আজিও নাকটো জেপতে আছে  লাজত কিহৰ দৰদ  জেপত হাত খুচৰি চাধাৰ টেমাৰ পৰা চাধা মলি মলি গব্বৰ সিঙৰ ডাইলগ  “নাচ বাসন্তী…

অসম সাহিত্য সভাৰ প্রথম সভাপতি-পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

 (৩) নৱনীতা ভট্টাচাৰ্য্য আজি ভাষণটোৰ তৃতীয় তথা শেষৰ অংশটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ৷ ভাষণটোৰ শেষৰছোৱাত তেওঁ অসমীয়া ভাষাৰ উন্নতিৰ বাবে কি কৰা উচিত সেই বিষয়ে আলোচনা কৰিছিল৷ তেওঁ প্ৰথমতে অসমীয়া ভাষাৰ উন্নতিৰ হকে কাম কৰা সেই সময়ত প্ৰচলিত আলোচনী আৰু…

যি চিনেমা মোৰ নিৰ্মাণ কৰা নহ’ল

 সঞ্জীৱ সভাপণ্ডিত   কি চিনেমানো, কোন মানুহে কিয় নিৰ্মাণ কৰে তাৰ কিবা সঠিক উত্তৰ আছে বুলি ভাবিবৰ মন নাযায়। বহুতে ব্যৱসায়ৰ বাবে চলচ্ছিত্ৰ নিৰ্মাণ কৰে বুলি বুজা যায়। কাৰণ হাজাৰ হ’লেও চিনেমা এটা ব্যৱসায়। চিনেমা নিৰ্মাণত বহুত টকা ব্যয় হয়।…

কীট

 গীতিমণি গোস্বামী (বৰঠাকুৰ) গোৰটো তাৰ গাত মৰি যোৱাকৈয়ে সোধাইছিল সি৷ পুৱা দৰ্জা খোলাত দীঘল পৰুৱাৰ সমদল এটা দেখি তাৰ পম খেদি সি তাক ওপৰলৈ ঠেং-মূৰ দাঙি চক্ৰাকাৰে ঘূৰি থকা অৱস্থাত দেখিলে৷ লুটিয়াই-বগৰাই দিলে সি পুনৰ হৈ জীয়া জীৱন এটালৈ ঢাপলি মেলিব৷ আচৰিত…

মিনহঁতৰ দেশ ইন্দোচীনত

তপন কুমাৰ শৰ্মা   ‘আপোনাক কি সহায় লাগে?’ স্কুটাৰৰ আৰোহীয়ে আথেবেথে সুধিলে। অজান চহৰ, অচিনাকি‍ বাট–পথ, অবুজ ভাষা, অপৰিচিতা নাৰী। …   ৫ জুলাই, পুৱা ৯.৩০ মান বাজিছে। ৰঙানদীৰ পাৰৰ ঐতিহাসিক চহৰখনৰ মাজেদি আগ বাঢ়িছোঁ, পদব্ৰজে। ইতিহাসে গৰকা চহৰ। তুলনাৰ বাবে— আমি পাণবজাৰৰ শ্বেইখ ব্ৰাদাৰ্ছ সমুখৰ পথেদি আগুৱাই ফ্ৰিছফাইৰ…

জাতীয় ঐতিহ্যৰ প্ৰসঙ্গত

         লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদ্‌যাপনৰ যোগেদি যোৱা কিছু দিনত সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতীয়তাবোধ চৰ্চিত হৈছিল অথবা চৰ্চা কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ ই নিশ্চিতভাৱে এটা দৰকাৰী পদক্ষেপ৷ অসমৰ অসমীয়াই যদি ঘৰৰ বাহিৰত গৈ নিজৰ বিষয়ে প্ৰচাৰ নকৰে তেন্তে…

মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ -কৌস্তুভমণি শইকীয়া দত্ত বিজয়ৰ ইচ্ছাত বলীয়ান হৈ ৰঘুৰ সৈন্যদল আগুৱালে জালুকৰ বনত বাস কৰা সেউজী পাৰ উদ্ভ্ৰান্ত হৈ উৰিলে, মলয় পৰ্বতৰ সেই উপত্যকাত শিবিৰ পাতিলে। বলৈৰধ্যুষিতাস্তস্য বিজিগীষোর্গতধ্বনঃ | মাৰীচোদ্ভ্রান্তহাৰীতা মলয়াদ্রেৰুপত্যকাঃ || ৪-৪৬|| অশ্বৰ খুৰাত লাগি ইলাচীফুলৰ ৰেণু উৰি  মত্ত…

দৃশ্যান্তৰ

(ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ পিছৰ পৰ্ব)   দাদুল ভূঞা যুদ্ধত উঁৱলি যোৱা চহৰখনলৈ যেতিয়া শৰণাৰ্থীসকল উভতি আহিছিল তেওঁলোকে নিজকে চিনি পোৱা নাছিল কান্দিব জনা নাছিল, হাঁহিবলৈ পাহৰিছিল   শাৰীপাতি থৈ দিয়া মৃতদেহবোৰ চিনি পোৱা নাছিল (যদিও সেই শবোৰৰ মাজতে থৈ…

গোন্ধ

 পল্লৱী কৌশিক শৰ্মা উস্, কি যে বিড়ম্বনা! অদ্ভুত, অকটা গোন্ধটোত যেন হলকা-হলকে বমিয়াই দিব নলিনী দত্তই৷ নাসিকা তন্ত্ৰৰে উৰ্ধগামী হোৱা অসহ্যকৰ গোন্ধটো দত্তৰ কপালৰ কুম দুটাৰ ধপ্‌ধপনিৰ কাৰক হৈ পৰে৷ দুৰ্গন্ধময় বতাহ এসোপা পেটৰ ভিতৰলৈকে প্ৰৱেশ কৰি মানুহজনৰ বয়সে সংকুচিত…