Tag ভাষা

অসমীয়া চিনেমাৰ অভিনয়

প্ৰণৱ মেধী অভিনয়ৰ স্বাভাৱিকতা, অস্বাভাৱিকতা– এজন ৰুচিশীল অভিনেতাৰ কষ্টসাধ্য জ্ঞান নহয়। এয়া নিতান্তই জীৱনৰ পৰা অহা স্বতঃস্ফূৰ্ত অনুভৱ (sensation), ধাৰণা (Perception)। জীৱনক গভীৰভাৱে অনুধাৱন কৰিলেহে জীৱনৰ স্বাভাৱিক সত্যক অভিনয় কলাত প্ৰতিফলিত কৰিবলৈ এজন সৃষ্টিশীল অভিনেতা সক্ষম হয়। জীৱনৰ প্ৰতি উন্মুখ…

জাহ্নু বৰুৱা, সৃষ্টি আৰু কৃতিত্ব

 মৃণালকান্তি মহন   কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰে গৌৰৱ জাহ্নু বৰুৱা অসমীয়া চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ এটা সন্মানীয় নাম৷ চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হোৱা পদ্মশ্ৰী জাহ্নু বৰুৱাদেৱৰ জন্ম হৈছিল ১৯৫২ চনৰ…

চকুৰ ভাষা যেন অন্তহীন

প্ৰেমনাৰায়ণ নাথ   আমাৰ ড্ৰয়িংৰুমত ক’লা চানেকীয়া আৰু মটীয়া ৰঙৰ এখন চেতাৰ আৰু এখন গীটাৰ য’ত আমাৰেই ল’ৰাহঁতে বোলাইছিল শৈশৱ কৈশোৰ যৌৱনৰ আঙুলি   আমাৰ স্তুতি প্ৰাৰ্থনা অশ্ৰু স্মৃতি ঢাকি আনন্দ আৰু বেদনা মথি মথি অটল আজিও মুখৰ সেই গীটাৰ…

সৃষ্টি নে স্ৰষ্টা : এটা অমীমাংসিত প্ৰশ্ন আৰু সৃষ্টিৰ ধাৰাবাহিকতা

প্ৰশান্ত মিশ্ৰ      ৰাতিপুৱা শুই উঠি বাথৰূমত গা ধুবলৈ সোমাই গীজাৰৰ চুইচ্ছ দিওঁতে আমাৰ মনলৈ নাহে, আনকি তাৰ পাছতো, কোনে, বিজ্ঞানৰ কি নীতি বা তত্ত্বৰ  আধাৰত যন্ত্ৰটি আৱিষ্কাৰ কৰিছিল! একেই কথা কাপোৰ ধোৱা মেচিন অথবা বৈদ্যুতিক ইস্ত্ৰি ব্যৱহাৰ কৰোঁতেও।…

মাটিৰ মাত

দীপিকা শইকীয়া   মাটিৰ মাতষাৰকে ওঁঠত লৈ ফুৰিছোঁ মাতষাৰেই পুহিছে জীৱন মাতৰ চুমাই জুৰিছে হিয়া   হাবিৰ জোপোহা বিজুলী বাঁহজোপাত সোমাই থাকে হঁয়কলি ইনাই-বিনাই কণ্ঠত নিয়াৰি কোমলকৈ মাটিৰ ভাষা   পৰ্বত-পাহাৰ ফালি কল-কল সুৰেৰে আহিছে নৈখন বৈ অটল চেতনাৰ সোঁৱৰণী…

একো নাখাই শুলা যে?

হিল্লোলজ্যোতি সিংহ   – নাজানো, কোনো কাৰণ নাই! যেনেকৈ কোনো কাৰণ নোহোৱাকৈ মাটিৰ কঁপনি উঠে নিঃশব্দে সৰি পৰিলে ফুলবোৰ…   নোখোৱাকৈ পাৰ কৰিছোঁ বহু নিশা মেদ কমোৱাৰ বিলাসিতাৰ বাবে নহয় ভোক নাছিল বাবেও নহয়   মোৰ কাৰণ আছিল অভাৱ  …

সংকল্পৱদ্ধতা

প্রাঞ্জল বেজবৰা   আমি সকলোৱে জীৱনত সুখী হ’বলৈ বিচাৰোঁ। সকলোৱে সুখ কামনা কৰে । কিন্তু প্রায়বোৰ মানুহেই সুখী নহয়। সাধাৰণতে সফলতাই মানুহক সুখৰ সোৱাদ দিয়ে। জীৱনৰ বিভিন্ন ক্ষেত্ৰত লক্ষ্য সাধনৰ জৰিয়তে সফলতা লাভ কৰা যায়। বাঞ্ছিত সফলতাই মানুহক সুখী কৰে।…

গ্রন্থ প্ৰকাশনৰ সৈতে জড়িত কেৰিয়াৰ

 ড° বুলজিৎ বুঢ়াগোহাঁই ভাৰত এখন গৰিষ্ঠ সংখ্যক গ্ৰন্থ প্রকাশ কৰা দেশ। ভাৰত হয়তো একমাত্ৰ দেশ য’ত ২৪টা ভাষাত গ্ৰন্থ প্ৰকাশ পায়। ইয়াৰে অধিকাংশই গ্রন্থ ইংৰাজী ভাষাত প্ৰকাশ পায়, তাৰ পিছতে হিন্দী, বাংলা আদি ভাষাত প্ৰকাশ পায়।   য়ুনেস্ক’ৰ (UNESCO-United Nations…

উপহাৰ

স্মৃতিৰেখা দেৱী আজি স্কুল বন্ধ ৷ ৰাতিপুৱা পঢ়াৰপৰা উঠিয়েই নয়নাই ওচৰৰে ৰমেনহঁতৰ পদূলিৰ শেৱালিজোপাৰ তলত সৰি থকা ফুল কেইপাহমান বুটলি আনিলেগৈ ৷ শেৱালি ফুলৰ কোমল গোন্ধটো তাই খুব ভাল পায় ৷ এদিন মাকে কৈছিল, শেৱালি ফুল ফুলা শৰৎ কালৰ ৰাতিপুৱাবোৰত…

সততাৰ বিপ্লৱ : এক উপলব্ধি

সততা বুলিলে কি বুজায় সেয়া আমি সকলোৱে জানো যদিও ইয়াৰ সংজ্ঞা এটা নিৰূপণ কৰা সহজ নহয়৷ পিছে দিনটোত আমি অন্ততঃ এবাৰলৈ হ’লেও এই শব্দটো উচ্চাৰণ নকৰাকৈ নাথাকোঁ৷ উচ্চাৰণ কৰোঁ ঠিকেই, পিছে আমি নিজে কিমান দূৰলৈ সৎ হৈ থাকিবলৈ যত্ন কৰোঁ অথবা…