Tag ভাষা

তিনিটা কবিতাৰ কথা

নীলাভ সৌৰভ   এটা কবিতাই খুন্দা মাৰিলে আন এটাক মুখলৈ চাই দুয়ো দুয়োকে চিনি পালে এটা প্ৰেমৰ আনটো বিচ্ছেদৰ বজাৰ-সমাৰ ইত্যাদিৰ মাজত কবিতাই কবিতাক লগেই পোৱা নাছিল বহুদিন কাৰোবাৰ ঘৰৰ বুকছেল্ফত বা বিক্ৰী নোহোৱা কিতাপৰ মাজৰ পৰা সুৰুঙা পালে কেতিয়াবাহে…

মৈমনসিংহ-গীতিকা

মৈমনসিংহ-গীতিকাৰ অনুবাদ  ‘মহুৱা’ কাব্যানুবাদ : ড° প্ৰাণ্‌জিৎ বৰা মৈমনসিংহ গীতিকাৰ শতবৰ্ষ আৰু কিছু কথা  অবিভক্ত ভাৰতবৰ্ষৰ অন্যতম বৃহৎ জিলা মৈমনসিংহৰ নামেৰেই পৰিচিত সেই অসামান্য সংকলন, মৈমনসিংহ গীতিকা ৷ আজিৰ পৰা এশ বছৰ পূৰ্বে ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত হৈছিল এই…

আনন্দ জোনাক

 পৰিস্মিতা বৰদলৈ   “শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দগোপকুমাৰায় গোৱিন্দায় নমো নমঃ নমঃ পংকজনাভায় নমঃ পংকজ মালিনে নমঃ পংকজনেত্ৰায়ে নমস্তে পংকজাংঘ্ৰয়ে বসুদেৱসুতং কৃষ্ণং কংসছাণুৰমৰ্দনম দৈৱকীহৃদয়ানন্দং কৃষ্ণং বন্দে  জগত গুৰু হৰি ৰাম ৰাম ৰাম৷ ”   মিঠাতেলৰ চাকিটোৱে পোহৰাই তুলিছে কৃষ্ণৰ…

বিৱৰ্তন

 পাপৰি গোস্বামী     (গল্পটি ফ্ৰানজ্  কাফকাৰ বিখ্যাত ‘দ্য মেটামৰফছিছ’  নামৰ গল্পটিৰ অনুকৰণত লিখিবলৈ প্ৰয়াস কৰা হৈছে৷)                              কিবা এক অৱসাদে  গোটেই দেওবাৰটো ঘেৰি  ৰাখিলে  কবীৰক ৷  কেনিও…

‘তৰা’ছ হাজবেণ্ড

 ৰিমলী বৰকটকী   চিনেমাখনৰ নামটি নিশ্চয়কৈ অসমীয়া ৰাইজৰ পৰিচিত৷ ভিলেজ ৰকষ্টাৰ, বুলবুল কেন ছিংখ্যাত প্ৰযোজক, পৰিচালক ৰীমা দাসৰ এই ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয় যোৱা বৰ্ষৰ TIFF (Toronto International Film Festival)-অত৷ TIFF-অৰ লগতেই পৰৱৰ্তী পৰ্যায়ত বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, কলকাতা আন্তঃৰাষ্ট্ৰীয়…

চন্দ্রমুখীৰ পাছত এইবাৰ সূর্যমুখী!

 অভিজিত শর্মা বৰুৱা  ২০২৩ চনৰ ১৪ জুলাইত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organisation, চমুকৈ ‘ইছৰো’) চন্দ্রাভিমুখী যান চন্দ্রযান-৩-ৰ অভিযান আৰম্ভ কৰিছিল। সেইদিনা দুপৰীয়া ২ বাজি ৩৫ মিনিটত অন্ধ্র প্রদেশৰ শ্রীহৰিকোটাৰ ‘সতীশ ধাৱান স্পেচ চেণ্টাৰ’ৰ উৎক্ষেপণ কেন্দ্রৰ পৰা ‘জি…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১২)   হাতীৰ মৰম আৰু নাতিৰ মৰম একেই— পাহৰিব নোৱৰা। কিন্তু দুৰ্ভাগ্য যে ষ্টেপানে আজিলৈকে হাতীৰ মৰমো পোৱা নাই, নাতিৰ মৰমো পোৱা নাই। অৱশ্যে তেওঁ মলেঁয়াৰ মৰম পাইছে। মলেঁয়াৰ মৰমেৰে জীপাল হৈ আছে তেওঁ। তথাপি তেওঁ নাতিৰ…

ভৃঙ্গাৰ

 তৃপ্তি বৰা মৃত শৰীৰ এটাৰ অংগ সঞ্চালন নোহোৱাৰ দৰেই মৃত মন এটাতো কোনো ধৰণৰ সঞ্চালন নাথাকে৷ নিঃসংগ মানুহবোৰৰ বুকুবোৰ একোখন তাপত দহি থকা মৰুভূমি৷ একাকিত্ব মোৰ বাবে আশীৰ্ৱাদ নে অভিশাপ, এই প্ৰশ্নটোৰ উত্তৰ মোৰ বাবে আজিও দুৰ্বোধ্য৷ বহুপৰ একেলেথাৰিয়ে বহি…

পঢ় পঢ় পঢ়

জয়ন্ত দত্ত   পঢ় পঢ় পঢ় আখৰৰ জখলাৰে উধাইহে উভালিব পাৰিবি কঙালৰ কাঁইট   কলঢোপ কলঢোপকৈ আছোঁ পুতৌৰ চাবুকেৰে কোবাই আঁচনিৰ এৰেহাই কিতাপৰ হাতেৰেহে তুলিব পাৰিব আকিঞ্চন সাগৰৰ অতলৰ পৰা   পিছে হালধীয়া গাড়ীবোৰত যোৱা  ফিট-ফাট ফুকলীয়াবোৰৰ সৈতে সমানে খোজ…

নজনাৰ ব্যাকৰণ

মিণ্টুল হাজৰিকা মই নজনাখিনিত সিহঁতে প্ৰায়ে নিমখ এচালি বাকে আৰু চাকে   সেইখিনিত সিঁহতে ৰুকি ৰুকি সোধে আৰু মই হাঁহি এটা মাৰি নজনাখিনিক মূৰ দোৱাই সামৰি-সুতৰি লওঁ মই সিহঁতক নেদেখুৱাও মোক দিয়া যন্ত্ৰণাক কেনেদৰে মলম সানি সানি নিজকে টোপনি নিয়াওঁ…