Tag ভাষা

গান্ধী ফাগ্লা : পঠন আৰু প্ৰত্যাশা

দিগন্ত ৰাগ   গল্পত নতুনত্ব বিচাৰি পালে, বিষয়ৰ বৈচিত্র্য থাকিলে ভাল লাগে।গল্প এটাই, গল্প এটাৰ কথকে আমাক ভাবিবলৈ বাধ্য কৰালে গল্প পঢ়াৰ আগ্ৰহ তীব্র হয়। অসম আন্দোলন, আৰ্মী আলফাৰ সংঘাত আদি পটভূমিত ৰচিত একে ষ্টাইলৰ গল্প সমূহ পঢ়ি কেতিয়াবা বিৰক্তি অনুভৱ…

নিচুকনি গীত

 মূল : মেক্সিম গৰ্কি ভাবানুবাদ : যশোৱন্ত নিপুণ   গ্ৰীষ্মৰ এনিশা নগৰৰ প্ৰান্তৰ এক জনশূন্য পথত মই এটা অদ্ভুত দৃশ্য দেখিছিলোঁ :  এজনী তিৰোতাই ডাঙৰ দোঙ এটাৰ মাজত থিয় হৈ সৰু ল’ৰাৰে দৰে ভৰি মাৰি, খেদালি খেদালি বোকাপানীবোৰ ছিটিকাইছে-  ভৰি মাৰিছে আৰু  নাকী সুৰেৰে…

কলা কি?

  মূল : লিও টলষ্টয়ৰ ‘What is Art?’  অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস   (৩)  ৰাছিয়ান ভাষাত krasota  (সৌন্দৰ্য) শব্দটোৰে আমি কেৱল সেইবোৰ বস্তুক বুজাওঁ যিবোৰে আমাৰ দৰ্শনেন্দ্ৰিয়কহে মাথোন আনন্দ দিয়ে। আৰু যদিও শেহতীয়াকৈ মানুহে ‘এটা জঘন্য কৰ্ম’ অথবা ‘সুন্দৰ…

বিফ’ৰ স্প্ৰীং : অথঃ পূৰ্ব বসন্ত-সংবাদ

ৰিমলি বৰকটকী     মনৰ সংবাদ বসন্তৰেই হওকেই বা শীতৰেই হওক, ইটো মনৰেই কথা। বিফ’ৰ স্প্ৰীং এনে এখন চলচ্চিত্ৰ-য’ত প্ৰাক্ বসন্তৰ সময়ছোৱাত কেইজনমান ব্যক্তি বা চৰিত্ৰৰ জীৱনৰ কিছু সময় আৰু ঘটনা প্ৰবাহক তুলি ধৰা হৈছে। আটাইকেইটা চৰিত্ৰই আন্তঃসংযুক্ত। গত ২০২৩…

আই

 বিভাৰাণী তালুকদাৰ (এ) আই,  এশাৰীলিখিবলৈ কওঁতে লিখিলা চাৰিশাৰী অগ্নিপাহাৰৰ চিত্ৰলেখা সখী অনুমানতে আঁকিলা নেদেখা ছবি সমাধান দিলানজনা কথাৰ দেখুৱালা বাট আদেশ শিৰোধাৰ্য! ভেন গঘৰ কটা কাণ পানেই-জংকিৰ প্ৰাণদান সকীয়ালা নিৰ্মমতাৰে বুদ্ধিৰ বিচাৰত নাই আৱেগৰ দাম বুদ্ধিৰে লিখিব পাৰি প্ৰেমৰ কবিতা…

স্বৌৰাং মঞ্জু : বড়ো ভ্ৰাম্যমাণ থিয়েটাৰৰ পঞ্চাছ বছৰ

 নীলোৎপল বৰুৱা   যিখিনি সময়ত ক্ষুদ্ৰ জাতিসত্বাসমূহৰ সকলো ধৰণৰ ভাষিক, সাংস্কৃতিক কুচকাৱাজ লোপ পোৱাৰ লক্ষণ কুৎসিতভাৱে দৃষ্টিগোচৰ হৈছে, ঠিক তেনেকুৱা সময়তে বড়ো ভাষাৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্যদল স্বৌৰাং মঞ্জু থিয়েটাৰে সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে৷ এই ভূখণ্ডটোৰ বাবে ই নিশ্চিতি আৰু…

ৰাষ্ট্ৰপতি ভৱনত দহবছৰ আৰু প্ৰণৱ মুখাৰ্জী

 পঙ্কজ প্ৰতিম বৰদলৈ প্ৰথমতেই আজি ‘মুক্তবীক্ষণ’ৰ পাঠকক জনাওঁ যে, আজি সম্পূৰ্ণ ব্যক্তিগত অভিজ্ঞতাৰ কথা লিখিম। গতিকে প্ৰথমতেই পাঠকৰ ওচৰত মোৰ হ’ব পৰা কোনো অতিশয়োক্তিৰ বাবে ক্ষমা বিচাৰিছোঁ। আজিৰ পৰা এটা দশকৰ আগৰ ফেব্ৰুৱাৰি মাহৰ এটা শুভ দিনত মই ৰাষ্ট্ৰপতি ভৱনত…

ৰতিৰ বাবে এখন ধুনীয়া ছবি

দেৱজিত হাজৰিকা   ব্ৰহ্মানন্দ পাচনিয়ে  নৈখনৰ ছবি এখন আঁকিবলৈ বহু সময় ধৰি  তাৰ পাৰতে বহি ৰৈছে৷ কিন্তু ভালদৰে মনঃসংযোগ কৰিব পৰা নাই, বাৰে বাৰে ব্যৰ্থ হৈছে, যেন তাৰ কোবাল সোঁতে তুলিকাডাল পিচলাই পিচলাই লৈ যায়, খোপনিটো ধৰিব পৰা নাই৷ তিনিদিন…

খুচুৰা

 প্ৰতীক্ষা বৰা   : ঠিক এইখিনিতে এটা গল্প হয়৷ : কোনখিনিত? : তুমি মই একেথিৰে সেই পাহাৰটোৰ ফালে চাই থকাত৷ : চলিহা হোৱা হ’লে লিখিলে হেঁতেন৷ তোমাৰ মোৰ সেই ঔকাদ নাই৷ : তোমাৰ নাথাকিব পাৰে৷ মোৰ কিন্তু আছে৷ মই মোৰ…

চৰাইজনী উৰি যোৱাৰ পাছত

 নিংকু নিশা নেওগ   শেষ বসন্তৰ সময়৷ বতৰটো গোমা৷ এজাক মুষলধাৰ বৰষুণ এই আহোঁ এই আহোঁ৷ আকাশত কফিৰ কাপৰ ওপৰত উঠা ফেনখিনিৰ দৰে ওফন্দি উঠা ডাৱৰ৷ কিন্তু কজলা৷ মই পল্টন বজাৰ বাছষ্টেণ্ডত অকলে ৰৈ আছোঁ৷ মোৰ ওচৰে-পাজৰে বিভিন্ন ঠাইলৈ যাবলৈ…