Tag পৰিৱেশ

বাহুবলী ভীম

 নৱনীতা ভট্টাচাৰ্য্য   (১)   “ভীম ভীম নকৰিবি ভীমৰ আগত, হাড়া-মূৰা ভাঙি দিম গদাৰ কোবত।”- বনীয়ে প্লাষ্টিকৰ গদাটো হাতত লৈ ভীমৰ ভাও ধৰি ধৰি মাকৰ ওচৰ পালেহি। মাকে বনীক দেখি গাখীৰৰ গিলাচটো মেজখনত ওপৰত থৈ ক’লে, “ভীম! গদাটো থৈ গাখীৰ…

গণিত : সভ্যতাৰ চকৰি

 ড° প্রিয়দেৱ গোস্বামী   অধ্যয়ন তথা চৰ্চাৰ এক অন্যতম বিষয় হৈছে গণিত৷ এই গণিত বিষয়ত প্রাথমিক জ্ঞান থকাটো প্রত্যেক মানুহৰ বাবে অপৰিহাৰ্য৷ গণিতৰ ব্যৱহাৰিক জ্ঞান নাথাকিলে বৰ্তমান সময়ত জীৱন নিৰ্বাহ কৰা অসম্ভৱ৷ গণিত সম্ভৱতঃ মানুহৰ অধ্যয়নৰ প্রথম বিষয়, সেয়েহে ই…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১১

 (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী কোঠাৰ ভিতৰৰ পৰিৱেশ৷ বিছনাত জৰ্জ বেকাৰ৷ পুতলা ঘৰ এটি হাতলৈ তুলি ডলী গুপ্তাই গাইছে—মন কুল-উপকুল/ বিশাল সাগৰত/ আশাৰে ঘাট হ’ম…আশাৰে/ আশাৰে সজালো ঘৰ/ দুয়োৰে সপোন সানি/ জীৱন সোণালী আমাৰ/ যদি ধুমুহা আহে…/৷…

ৱিলিয়াম বাটলাৰ য়েটছ : শ্ৰদ্ধাঞ্জলি

  ৱিলিয়াম বাটলাৰ য়েটছ : শ্ৰদ্ধাঞ্জলি যোৱা শতিকাটোৰ অন্যতম শ্ৰেষ্ঠ কবি বুলি গণ্য কৰা ৱিলিয়াম বাটলাৰ য়েটছ (১৮৬৫–১৯৩৯) আছিল এজন আইৰিশ্ব কবি, নাট্যকাৰ আৰু ৰহস্যবাদী৷ ডাবলিনত জন্মগ্ৰহণ কৰা তেখেত আইৰিশ্ব সাহিত্যৰ পুনৰুত্থানৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল আৰু আয়াৰলেণ্ডৰ ৰাষ্ট্ৰীয় নাট্যশালা…

পানী হিলৈ

  গোৱিন কুমাৰ খাউণ্ড ঘৰৰ টিনৰ ওপৰত সন্ধিয়াৰে পৰা  বান্দৰে  ধম-ধমাই আছে। মাজে-মাজে ঘৰৰ মুধেৰে মলুৱা এটা সোমাই খক-খককৈ নীলক চʼতিৰ পৰাই খেদা মাৰি আহিব খোজে। হনুমন্ত ভাইলৈ  নীলৰ ভয় লাগে কামুৰি বখলা-বখল কৰে বুলি। তথাপি সি  মৰসাহ দেখুৱাই বিছনাৰ পৰাই…

অসমপ্ৰেমী এগৰাকী আমেৰিকান মহিলাৰ কথাৰে

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   যোৱাটো শতিকাৰ ষাঠীৰ দশকত উজনি অসমৰ যোৰহাট নগৰত এগৰাকী আমেৰিকান মহিলা আৰু তেওঁৰ তিনিগৰাকী কন্যাক “টেনডেম”(tandem) বুলি পৰিচিত বাইচাইকেলবিধত একেলগে উঠি ঘূৰি ফুৰা প্ৰায়েই দেখা গৈছিল৷ তেতিয়া ভাৰত স্বাধীন হোৱা কিছুদিনহে পাৰ হৈছিল৷ আধুনিকতাৰ পৰশ…

আন’ৰা

 ৰিমলী বৰকটকী আন’ৰা। বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি চৰ্চিত এটি নাম৷ আজিৰ লেখাৰ বিষয় এই ছবি ছবি আন’ৰা, যিয়ে ৯৭তম একাডেমী বঁটা প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ অৰিজিনেল চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ…

পাবলো নেৰুদাৰ ছনেট – ১৮

মূল : পাবলো নেৰুদা অনুবাদ : ৰঞ্জুমণি মহন্ত   তুমি পাহাৰ চেৰাই যোৱাঁ বতাহৰ দৰে৷ অথবা বৰফ গলি বৈ যোৱা এটি চঞ্চল নিজৰাৰ দৰে নাইবা তোমাৰ ঢৌ খেলা চুলিৰ হয়, তোমাৰ সোণোৱালী চুলিৰ সূৰুয জলমল বৈভৱৰ দৰে৷   তোমাৰ দেহত…

মৃত প্ৰাৰ্থনা

কৌশিক জ্যোতি বৰা ওৰে ৰাতি কান্দি আছোঁ মুখ গুজি আন্ধাৰত পানীপতাত মৰি আছে ঈশ্বৰ শৰীৰহীন শৰীৰ এটা আগুৰি বহি থকা মানুহবোৰৰ হাড়ত  ভোগ আৰু ভোকত জ্বলা কঙালীৰ কঙাল   এবেলি বৰষুণ নিদিলেও খহিব নৰিয়াত পৰা নদীৰ নৈয়াল জীৱন   খহনীয়া…

আমি এতিয়া কি কৰিম?

  যোৱা বাইছ এপ্ৰিলৰ দিনা কাশ্মীৰৰ পহলগাম নামৰ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ পৰ্যটনস্থলীত সন্ত্ৰাসবাদীয়ে ধৰ্মৰ নামত নিৰীহ ভাৰতীয় নাগৰিকৰ হত্যাই সম্প্ৰতি সমগ্ৰ পৃথিৱীকে জোকাৰি গৈছে৷ ঘটনাত জীৱন ত্যাগ কৰিবলগীয়া হোৱা সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছোঁ আৰু ৰক্তপাতক যিসকলে ধৰ্ম বুলি ভাবে…