Latest posts

  • কেয়ামত

     নীলোৎপল বৰুৱা   ফাৰ্চী-টাপু সেই বছৰ তিনিটা আৱেশত আছিল৷ তিনিটা মুড৷ তাৰে পানীত গেলা মৰাপাটৰ উৎকট গোন্ধৰ সময়টো আছিল এটা অচিন পুলকৰ৷ ফুৰফুৰীয়া আৰ্দ্ৰ বতাহ এটা বৈছিল৷ কোনোবা অবালচন্দে জাগ্ৰত আৰু নিদ্ৰাৱস্থাৰ মাজৰ স্বপ্নময় দশাত কাণ উনালে ৰুণা লায়লাৰ মাত‌ শুনি যাব পৰাকৈ ঠাইডোখৰ তন্দ্ৰালস৷ মথাউৰিটোৰ ঠিক মাজতে য’ত – …মনেৰ দুখ ক‌’ইনা ৰে বন্ধু

    Read more

  • অমিতাভ ঘোষৰ সাহিত্য : বিশ্ব ইতিহাস, উপনিৱেশ, পৰিৱৰশ আৰু মানৱসভ্যতাৰ বাস্তৱপাঠ

     পঙ্কজ প্ৰতিম বৰদলৈ   আধুনিক বিশ্বসাহিত্যৰ জটিল, বহুমাত্ৰিক আৰু গভীৰ চিন্তাশীল পৰিসৰত অমিতাভ ঘোষ এক অসামান্য সাহিত্যিক শক্তি, যাৰ ৰচনাসমূহে ভাৰতীয় ইংৰাজী সাহিত্যক বিশ্বমানচিত্রত এক নতুন বৌদ্ধিক উচ্চতালৈ উত্তোলন কৰিছে৷ তেওঁ কেৱল এজন সফল ঔপন্যাসিক নহয়; তেওঁ ইতিহাসৰ পুনৰপাঠক উপনিৱেশবাদৰ কঠোৰ সমালোচক, পৰিৱেশ-সংকটৰ দূৰদৰ্শী ব্যাখ্যাকাৰ, ভাষিক বহুত্বৰ উদযাপক, আৰু বিশ্বায়নৰ যুগত স্থানচ্যুত, প্রান্তিক আৰু নীৰৱ

    Read more

  • ইলেকশ্বন ডিউটি

     মূল (ইংৰাজী) : প্ৰশান্ত দাস অনুবাদ : অজিতাভ হাজৰিকা (প্ৰশান্ত দাস সম্প্ৰতি শ্বিলঙৰ বাসিন্দা৷ তেখেত দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰেট৷ ২০২৩ চনত তেখেতে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ উল্লেখ্য যে দুবাৰকৈ সন্মানীয় ফুলব্ৰাইট ফেল’ হিচাপে তেখেতে যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড আৰু কৰ্নেল বিশ্ববিদ্যালয়তো কিছুকাল কটাইছিল৷ দাসৰ চুটিগল্প আৰু কবিতা

    Read more

  • দুখে কেওড়া

      মূল : ৰামকুমাৰ মুখোপাধ্যায় অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰী     (তৃতীয় খণ্ড) বাস্তু    – ‘বাস’ৰ পৰা ‘বাস্তু’৷ প্ৰত্যেকৰ ঘৰ-সংসাৰৰ এটা বাস আছে৷ মৌ-মাখিৰ সংসাৰৰ কথাকে ধৰক৷ চাক সাজিছে ঘৰৰ মূধচত বা তেতেলি গছত, বাস্তু এটা থাকিবই৷ পথাৰত সৰিয়হ ফুল ফুলিলে মৌচাকত সৰিয়হৰ বাস্তু, জিকা ফুল ফুলিলে জিকাৰ বাস্তু৷ – হয়,

    Read more

  • মাক-কথা : Unfolded Stories of a Mother

     ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, সপ্তম অধ্যায়   মই পুনৰ এবাৰ উপজিবৰ আয়োজন   “Every May, something extra-ordinary happens …” টেম্‌চুলা (টেম্‌চিলা) আওৰ গল্প এটা এনেদৰে এইটো বাক্যৰেই আৰম্ভ হয়৷ গল্পটোত কোৱা মে’ মাহত ঘটা ‘extra-ordinary’ পৰিঘটনাটো হ’ল, মে’ মাহতে ডাল ভৰি ভৰি সোণাৰু ফুলাটো৷ সোণাৰু, কৃষ্ণচূড়া, আজাৰে বুকু উজাৰি বিলোৱা জাক্‌জমক্ বৈভৱৰ প্ৰেমত পৰিবলৈ অন্ততঃ

    Read more

  • অধি নগৰীয় সংলাপ

     জীৱন কিশোৰ   গল্পকাৰজনে ভবাৰ দৰে এতিয়া গুৱাহাটীত বৰফ পৰা নাই৷ চেঁচা বতাহো বলা নাই৷ এতিয়া ইয়াত খৰাং পৰিছে৷ কাহিনীত সিক্ততা নাই৷ ধূলিয়ে আকাশ-বতাহ মন-মগজু ছানি ধৰিছে এফালৰ পৰা৷ ক্ষমতাবান যিসকল লোকে চূড়ান্ত সিন্ধান্ত গ্ৰহণ কৰি পৃথিৱীৰ ঘূৰ্ণন প্ৰভাৱিত কৰিব খোজে তেওঁলোকৰ মাজত সুখ-শান্তিৰ অভাৱ হোৱা দেখা গৈছে৷ আনহাতে আজ্ঞাবাহী নিঠৰুৱা দুৰ্বলসকলৰ জীয়াই থকাৰ বাবে

    Read more

  • গৰুৰ বিষয়ে এখন গৱেষণা-গ্ৰন্থ

     পুলিন কলিতা মহেঞ্জোদাৰোৰ খননত উদ্ধাৰ হোৱা দুটা মোহৰে প্ৰত্নতাত্ত্বিকসকলৰ মনোযোগ বাৰুকৈ আকৰ্ষণ কৰিছিল৷ ইয়াৰে এটা আছিল ষাঁড়গৰুৰ, আনটো ইউনিকৰ্ন নামৰ এটি প্ৰাণীৰ৷ দ্বিতীয় প্ৰাণীবিধৰ কোনো জীৱাশ্ম আজিলৈকে ক’তো উদ্ধাৰ হোৱা নাই; এই প্ৰাণীবিধক কাল্পনিক বুলিয়েই কোৱা হয়৷ কিন্তু ষাঁড়গৰু কাল্পনিক নহয়; সমগ্ৰ ভাৰততে বিভিন্ন আকাৰৰ ষাঁড়গৰু আজিও পোৱা যায়৷ জীৱবিজ্ঞানীসকলৰ মতে কমেও দহ হাজাৰ বছৰৰ

    Read more

  • অপৰিকল্পিত পৰিকল্পনা

      অলপতে অসমত বিধান সভাৰ নিৰ্বাচন হৈ গ’ল৷ অহা চাৰি মে’-ত ভোটগণনা হ’ব আৰু তাৰ পাছৰে কোনোবা এদিন নতুনকৈ এখন চৰকাৰ হ’ব৷ গণতন্ত্ৰত এইবোৰ তেনেই স্বাভাৱিক কথা৷ কিন্তু আমাৰ চকুৰ সম্মুখতে কিছুমান অস্বাভাৱিক ঘটনা ঘটি আছে যিবোৰক লৈ আমি অকণো চিন্তিত নহওঁ৷ অথচ সমগ্ৰ সমাজখনকে চিন্তাত পেলাব পৰাকৈ এনে কিছুমান ঘটনা আমাৰ চকুৰ আগতে ঘটি

    Read more

  • পঢ়ুৱৈৰ টোকা : কৰবী ডেকা হাজৰিকাৰ কবিতা ‘আলাপ’

    ড॰ চন্দনজ্যোতি চুতীয়া          ‘সুবাসিত যি যন্ত্ৰণা’, ‘মাটিৰ পৰা মেঘলৈ’, ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’, ‘পৰীৰ বাঁহী’, ‘বা তুলবুল জোনাকত তুমি ক’ৰ ৰাতিৰ পখী’ আদি কাব্যগ্ৰন্থৰে অসমীয়া কাব্য সাহিত্যক সমৃদ্ধ কৰা কবিগৰাকীয়েই হৈছে কৰবী ডেকা হাজৰিকা৷ তেওঁৰ বহু কবিতাৰ বিষয়বস্তু ৰোমাণ্টিকধৰ্মী; কিন্তু স্বকীয় প্ৰকাশভংগী আৰু কাব্যভাষাৰে ই আধুনিক ৰূপ লাভ কৰিছেগৈ৷ প্ৰকৃতি, প্ৰেম, নাৰী-ভাবনা আদি ডেকা

    Read more

  • কমৰেড

     বেদান্ত নাথ চাৰি বছৰমানৰ বিৰতিত সমীৰণদাক হঠাতে লগ পাই গ’লোঁ পানবজাৰত৷ অকস্মাৎ এইদৰে সমীৰণদাক ক’ৰবাত লগ পাই যাব পাৰোঁ বুলি মই সপোনতো ভবা নাছিলোঁ৷ অবিন্যস্ত চুলি৷ আধা পকা আধা কেঁচা এমুখ নুখুৰুৱা দাড়ি৷ বিবৰ্ণ জিন্‌চ৷ এই কেইটা বছৰত মানুহটোৰ যথেষ্ট পৰিৱৰ্তন হৈছে৷ আগৰ চৰ্বিযুক্ত চেহেৰা এতিয়া নাই৷ মই স্থিৰ হৈ কেইমুহূৰ্তমান তেওঁৰ চকুলৈ চাই ৰ’লোঁ৷

    Read more