Tag শিক্ষা

মলেঁয়া

 দাদুল দেৱকৃষ্ণ বৰুৱা  (২২) ভাগৰি পৰিছে ষ্টেপান। দেহৰ ভাগৰ নহয়, মনৰ ভাগৰত ভাৰাক্ৰান্ত তেওঁ। বুকুৰ ভিতৰত এক অবুজ হাহাকাৰ— কি হ‘ব এনেকৈ থাকিলে! এনেদৰে আৰু কিমান দিন! খাবলৈ একেবাৰে এৰি দিছে মলেঁয়াই। তাইৰ পচন্দৰ মাছ যোগাৰ কৰি দিয়াৰ পাছতো তাই…

সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে কিছু চিন্তা

চুবুৰীয়া বাংলাদেশতবিগত কিছুদিন ধৰি সংৰক্ষণ বিৰোধী আন্দোলন গা কৰি উঠিল আৰু অৱশেষত দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টোক লৈ যি ৰায়দান কৰিলে সেয়া লক্ষ্য কৰি আমাৰ দেশৰো সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে নতুনকৈ চিন্তা-চৰ্চা কৰিবলগীয়া আছে বুলি বোধ হৈছে৷ ১৯৭১ চনৰ বাংলাদেশৰ মুক্তি সংগ্ৰামৰ…

মহাবৃত্ত

 মৃদুল শৰ্মা ২৫ অৰ্জুন ৷  জ্ঞানাৰ্জনৰ দিন ধৰি মই ভৱিষ্যতৰ চিন্তাতে মগ্ন হৈ আহিছোঁ৷ মাজে মাজে অতীতৰ একোটা ঘটনাস্ৰোতে মোৰ ভৱিষ্যন্মুখী স্বপ্নক অধিক শক্তিশালী কৰি আহিছে৷ অতীতৰ ঘটনাস্ৰোত কেৱল এটাই– পিতৃ পাণ্ডুৱে বাৰু স্বেচ্ছায় হস্তিনাপুৰৰ সিংহাসন ত্যাগ কৰিছিলনে? যদি সেয়ে…

ৰূপান্তৰ

  মূল (ইংৰাজী) : কেথলিন জেইচি ৰাইন অসমীয়া অনুবাদ : ড° ৰঞ্জিত দত্ত পৰিবৰ্ত্তন হোৱা সুৰুযে জোনটোক কলে তুমি স্থবিৰ  নহবা। পৰিবৰ্ত্তন হোৱা জোনটোৱে পানীখিনিক ক’লে- সকলোবিলাকেই বৈ আছে। পৰিবৰ্ত্তন হোৱা পথাৰখনে ঘাঁহবোৰক ক’লে-  শস্য সিচা আৰু চপোৱাৰ সময় সমগত।…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-২

  (পাৰ্বতি প্ৰসাদ-বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী যিখন চিনেমাত গীতটি অন্তৰ্ভূক্ত কৰা হৈছিল, সেই চিনেমাখনৰ নাম নজনা সঙ্গীতপ্ৰেমীয়েও গুণগুণায় বা শুনি ভালপায় ড° ভূপেন হাজৰিকাৰ এটি গীত– সাগৰ সঙ্গমত কতনা সাঁতুৰিলো/ তথাপিতো হোৱা নাই ক্লান্ত/ তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা…

লিলিৰ এদিন : এটা দুখৰ বেলাড

 হৰ্ষবৰ্ধন   অলপতে শেহতীয়াকৈ প্ৰকাশিত পাপৰি বৰ্মনৰ পৰুৱা পোহনীয়া শীৰ্ষক গল্প সংকলনখন পঢ়িলোঁ৷ আটাইকেইটা গল্পই অশান্তজৰ্জৰ অসমৰ আৰ্থসামাজিক আৰ্থৰাজনৈতিক দিশসমূহৰ এখন ছবি আমাৰ সমুখত তুলি ধৰে৷ অসম আন্দোলন, আলফা, জাতীয়তাবাদৰ ঢৌ, বড়ো আন্দোলন আদি বহু কথাই গল্পবোৰে সামৰি লৈছে৷ বিষয়ৰ,…

এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ(Air Traffic Controller )

 ড° বুলজিৎ বুঢ়াগোহাঁই   বিমান যাত্ৰাৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা বজাই ৰখাত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ তেওঁলোকৰ দায়িত্ব সংঘৰ্ষ ৰোধ কৰাৰ বাহিৰেও তেওঁলোকে বিলম্ব হ্ৰাস কৰে আৰু বিমানবন্দৰৰ কাৰ্য্যকলাপসমূহ সুচাৰুৰূপে চলাটো নিশ্চিত কৰে৷   এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰসকলৰ প্ৰধান…

বতৰৰ বতৰা

 নৱনীতা ভট্টাচাৰ্য্য (২)   কেইদিনমানৰ পৰা ৰিণিক এটা চিন্তাই বৰকৈ আমনি কৰি আছে৷ চিন্তাটো হ’ল আমাৰ পৰিৱেশ৷ সিদিনাখন স্কুলতো পৰিৱেশ সজাগতাৰ ওপৰত সভা এখন অনুষ্ঠিত কৰিছে৷ তাতে নিৰ্দিষ্ট বক্তাজনে যিখিনি কথা ক’লে, সেইখিনিয়ে তাইক বৰ চিন্তাত পেলালে৷ বিশেষকৈ বক্তাজনে শেষত…

শঙ্কৰ টকীজ

 অমৃত গোস্বামী    লালু আৰু ভুলু দুয়োজনেই অনাথ, দুয়োজনেই দিব্যঙ্গ। নগৰ‌ এখনৰ একেটা বস্তিতে বাস কৰা দুয়োজনৰ মাজত আছিল অকৃত্ৰিম বন্ধুত্ব; ইজনে সিজনক এৰি থাকিব নোৱাৰে। লালু খোৰা, হ’লেও তেওঁ বৰ ভাল বাঁহী বজাব পাৰে। অন্ধ ভুলুৰ কণ্ঠ অতি শুৱলা,…

ময়ূৰ বৰাৰ পাহৰা মাণিক বিচাৰি : এটি পৰ্যালোচনা

 অসীম কুমাৰ হাজৰিকা     সাম্প্ৰতিক অসমৰ এজন চিন্তাশীল লেখক ময়ূৰ বৰা। বৰাৰ কলমত প্ৰতিফলিত চিন্তাৰাশিয়ে নতুন পুৰুষক জাতিটোৰ প্ৰতি ঋদ্ধ হ’বলৈ অনুপ্ৰাণিত কৰে। এক অৰ্থত ক’বলৈ গ’লে নতুন পুৰুষৰ ক্ষেত্ৰত এজন সচেতন অভিভাৱকৰ ভূমিকা পালন কৰিবলৈ প্ৰয়াস কৰিছে ময়ূৰ…