Tag শিক্ষা

শেষ

 হিল্লোলজ্যোতি সিংহ   “মৃত্যু এক ফুলস্টপ”– খুশৱন্ত সিং সেউজীয়া ধাননিত বিলীন হৈ যোৱা বেলিটোৰ দৰে ময়ো এদিন গুচি যামগৈ সূৰ্যৰ দৰে সত্য ই এক অৱশ্যাম্ভাৱী প্ৰক্ৰিয়া   জীৱনটো বিলাই বিলাই কঙাল ৰিক্ত দুহাত ক্ৰমে শুকাই গৈছে বুকুৰ অভ্যন্তৰ শেষ হৈ…

মহাবৃত্ত

 মৃদুল শৰ্মা ৩১ কৰ্ণ৷ মোৰ জননী হেনো পাণ্ডুপত্নী কুন্তীদেৱী৷ কুন্তীদেৱীয়ে মোক সূৰ্যকান্তি কৰ্ণৰূপে জন্ম দিয়া বুলি দাবী কৰিছিল৷ কিন্তু যথাৰ্থতে সুত অধিৰথহে মোৰ পিতৃ আৰু মোৰ মাতৃ হৈছে ৰাধা, মোৰ শ্ৰদ্ধেয় পিতৃদেৱ সুত অধিৰথৰ পত্নী৷ কাৰণ কুন্তীদেৱীয়ে হেনো প্ৰাকবিৱাহ কালতে জন্ম দিছিল কৰ্ণক…

সমাজ সত্য আৰু ভাষাৰ সৌন্দৰ্যৰে উজ্জ্বল বিনয় চলিহাৰ কবিতা

 ৰুদ্ৰ সিংহ মটক   “Poetry is the revelation of a feeling that the poet believes to be interior and personal which the reader recognizes as his own.” (Salvatore Quasimodo).   কবিতা মূলতঃ জীৱনবীক্ষা—হৃদয়স্তনিত প্ৰজ্ঞা অথবা স্বজ্ঞা। মানুহ হ’ব খোজা অন্তৰতম…

কলা কি?

                                  লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদ অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস  (৭) সৌন্দৰ্যৰ এই আটাইবোৰ সংজ্ঞাৰ অন্তিম ফল কি?  যিবোৰ সংজ্ঞাই কলাৰ ধাৰণাক…

হৰিণা পোৱালি

ক্ষিপ্ৰকল্প গগৈ গাঁওখন বহুত সলনি হ’ল! আগৰ খলা–বমা, কেঁচা, নাঙঠ আলি–পদূলিবোৰক এতিয়া  বিটুমিন আৰু পেভমেণ্ট ব্লকৰ নিমজ আৱৰণে ঢাকি পেলালে; এবেলাৰ বাট এঘণ্টাৰ হ’ল। চহৰৰ আব্‌-হাৱাই গাঁওখনকো পৰশিলে। গৰুবিহুৰ দিনা ঘৰৰ টেলিভিশ্যনতে গৰুক গা–ধুওৱাৰ দৃশ্য চাই মানুহবোৰে বন্ধ উপভোগ কৰিলে।…

সাত বছৰে বলোৰাম

 স্ৰোতস্বিনী তামুলী            বলোৰাম ! … তেওঁৰ সমুখত বিশাল সেউজীয়া ধাননি৷ কাষতে চাহৰ কেটলিটো হাতত লৈ ৰৈ আছে তেওঁৰ জীয়ৰী ৰীমা৷ তাই একেথৰে চাই ৰৈছে মানুহজনৰ অসহায় কৰুণ মুখখনলৈ৷ তেওঁলোকৰ মূৰৰ ওপৰত প্ৰখৰ ৰ’দৰ তাপ৷ দহ পুৰা মাটিৰ ধান খেতি…

জাতি(বাদ/ভেদ), জনজাতি আৰু সংৰক্ষণ

 পঙ্কজ প্ৰতিম বৰদলৈ   স্বাধীনতাৰ পূৰ্বতে আৰু ইয়াৰ পাছতো ‘স্বাধীনতা’ৰ বাদে এই দেশৰ অতি স্পৰ্শকাতৰ সৰ্বত্ৰে চৰ্চিত বিষয়টো হৈছে জাতি(বাদ/ভেদ) আৰু ইয়াৰ লগত সংযোজিত আনুষংগিক অতি প্ৰয়োজনীয় বিষয়- সংৰক্ষণ। স্বাধীনতা অৰ্জনৰ পৰৱৰ্তীকালৰ ভাৰতৰ ৰাজনীতিক সততেই প্ৰভাৱান্বিত কৰি ৰখা এই বিষয়টো…

ডান্স থেৰাপিষ্ট (Dance Therapist) কেনেকৈ হ’ব পাৰি ?

 ড° বুলজিৎ বুঢ়াগোহাঁই    ডান্স থেৰাপি, যাক ডান্স/মুভমেণ্ট থেৰাপি (ডিএমটি) বুলিও কোৱা হয়, এই থেৰাপি হৈছে এক প্ৰকাৰৰ মনোচিকিৎসা যি ব্যক্তিসকলৰ আৱেগিক, জ্ঞানীয়, শাৰীৰিক আৰু সামাজিক একত্ৰীকৰণত সহায় কৰিবলৈ চলাচল আৰু নৃত্য ব্যৱহাৰ কৰে। ইয়াৰ ভিত্তি হৈছে শৰীৰ আৰু মন…

শিক্ষাজগতৰ সংস্কাৰ আৰু গোটাদিয়েক চকুত নপৰা সমস্যা

  ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ আধাৰত ইতিমধ্যে সমগ্ৰ দেশতে শিক্ষাজগতৰ সংস্কাৰ আৰম্ভ হৈছে৷ ই নিশ্চিতভাৱে সময়ৰ আহ্বান৷ দেশৰ অতিকে বিজ্ঞ শিক্ষাবিদসকলেই এই নীতিৰ আধাৰ প্ৰস্তুত কৰিছে৷ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ সুফল-কুফল সম্পৰ্কীয় বিভিন্ন বিতৰ্কও ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু সাম্প্ৰতিক সময়তো হৈ…

য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসত প্ৰতিফলিত মনপা জনগোষ্ঠীৰ জীৱনধাৰা

কিশোৰ দাস কোঁৱৰ   স্বনামধন্য ঔপন্যাসিক য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসখনৰ মূল হ’ল অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ মনপা জনজাতিৰ মৃতকৰ শৱ এশ আঠ টুকুৰা কৰি কাটি নদীত উটুৱাই দিয়াৰ যি প্ৰথা তাৰ আধাৰত এই উপন্যাসখনৰ কাহিনীভাগ উপস্থাপন কৰা…