Tag সংস্কৃতি

স্পর্টছমেন

মূল বাংলা: সাৰস্বত চক্ৰবৰ্তী অসমীয়া অনুবাদ: বর্ণালী ফুকন ‘‘দ্রোণাচার্য হ’ল পৃথ্বীশ অধিকাৰী।’’ পুৱাৰ পৰাই মানুহজনে বাৰে বাৰে সেই একেটা খবৰকে পঢ়িছে। ভাৰতৰ সর্বোচ্চ গল দিয়াজন। অর্জুন পুৰস্কাৰপ্ৰাপ্ত ফুটবল খেলুৱৈ। খেলুৱৈ বা ক’চ, দুইটা ক্ষেত্ৰতে সমানে সফল। কাগজত পৃথ্বীশৰ বিষয়ে লিখা প্ৰতিটো প্রশংসাবাক্যই…

চ্যালুইনৰ পৰা লুইতলৈ‍

ড° চন্দ্ৰধৰ চমুৱা (বাৰ) কিন্তু তাৰ জীৱনৰ যিটো পঞ্চম গভীৰ আঘাত, সেইটো কিছু বেলেগ ধৰণৰ; সেয়া প্রকৃতিৰ দ্বাৰা বা জীৱন-প্রক্রিয়াৰ দ্বাৰা অৱধাৰিত নহয়। সেয়াতো সম্পূর্ণ মানুহৰ সৃষ্টি। ছ্যু-কা-ফাৰ সংসাৰ যাত্ৰা আৰু স্বাধীন ৰজা হিচাপে সুদীর্ঘ কাল ৰাজ্য শাসনৰ সময়ছোৱাত তাৰ জন্মভূমি…

ধৰ্ম , বিশ্বাস আৰু মানৱ সত্তা

কৰৱী বৰ্মন কলিতা ধৰ্ম হৈছে এক অলৌকিক বা অতিপ্ৰাকৃতিক সত্তাত বিশ্বাস, যি বিশ্বাসে মানুহৰ জীৱনৰ অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে। পৰম্পৰাগতভাৱে ভাৰতীয় ধৰ্ম শব্দটো সংস্কৃত শব্দ৷ এই শব্দটো সংস্কৃত ধাতু ‘ধৃ’-ৰ পৰা আহিছে বুলি পণ্ডিতসকলে কয়৷ ‘ধৃ’ মানে ধাৰণ কৰা৷…

অসমৰ জনজাতি : হুলস্থূলৰ পৰা প্ৰশান্তিলৈ

সঞ্জীৱ সভাপণ্ডিত জীৱনত কিছুমান শব্দ নিজে কোৱা যায় আৰু বহুত শব্দ আনে কয়, আমি শুনো৷ কিছুমান শব্দ প্ৰয়োজনত সৃষ্টি হয়, কিছুমান এনেয়ে সৃষ্টি হয়৷ কিছুমান শব্দ ইচ্ছা কৰি সৃষ্টি কৰে, কিছুমান শব্দ ইতিহাসে-সময়ে সৃষ্টি কৰে৷   অসমৰ আকাশে-বতাহে আজি বহু দিনৰে পৰা বহু শব্দ মুখৰিত হৈ আছে৷ কিছুমান শব্দ মাৰ গৈছে, আকৌ কিছুমান শব্দ নতুনকৈ সৃষ্টি হৈছে৷ ১৯৭০-ৰ দশকৰ মাজভাগৰ পৰাই এনে বহুত শব্দই অসমক তোলপাৰ লগাই আছে৷ মন গ’লেও-নগ’লেও এনেবোৰ কথা শুনি থাকিবলৈ বাধ্য হৈছোঁ৷ তেনেকুৱা কিছুমান শব্দ বা কথা হ’ল— অসমীয়া বুলি নিজকে কোৱাবিলাকৰ কণ্ঠত— ক) অসমক স্বাধীনতাৰ…

পাঠাগাৰ

আহুতি নগেন গোস্বামী বাণী মন্দিৰ, গুৱাহাটী, ২০১৩ পৌৰাণিক বিষয়বস্তুক লৈ উপন্যাস লিখাটো বৰ সহজ নহয়৷ বিশেষকৈ বিষয়বস্তু যদি প্ৰাক মহাকাব্য যুগৰ হয় তেতিয়া কামটো আৰু কঠিন হৈ উঠে৷ তেনে অৱস্থাত কেৱল মহাকাব্য আৰু সমসাময়িকভাৱে ৰচিত অন্য পাঠৰ আধাৰত এখন কল্পিত…

সদায় কোৱা কথাবোৰৰ পুনৰাবৃত্তি আৰু নহয়

No More Cliches মূল: অক্টাভিঅ’ পাজ ভাবানুবাদ: যশোৱন্ত নিপুণ  ধুনীয়া মুখযি ডেইজীৰ দৰে পাহিবোৰ সূৰ্যলৈ মেলি দিয়েঠিক তেনেকৈয়েতুমি পৃষ্ঠাটো লুটিয়াওঁতে তোমাৰ মুখখন দেখুওৱাঁ৷ মোহনীয় হাঁহিযিকোনো পুৰুষেই তোমাৰ সন্মোহনত বন্দী হ’ব,আহ্, সৌন্দৰ্য এখন আলোচনীৰ৷ তোমাৰ কাৰণে কিমান কবিতা লিখা হ’ল?কিমানজন ডাণ্টেই তোমালৈ লিখিলে, বিয়েট্ৰিচ?তোমাৰ সেই যুক্তিহীন…

দিখৌপৰীয়া কবি হৰেন গগৈৰ কাব্যগ্রন্থ— ‘জাৰসন্ধ্যাৰ জুই’

 ৰুদ্ৰ সিংহ মটক ..কাব্যভাষাই হৈছে কাব্যিক উৎকৰ্ষৰ মানদণ্ড (ৰবার্ট ফ্রষ্ট)। হৰেন গগৈ অসমীয়া কাব্য জগতৰ এজন প্রতিষ্ঠিত কবি। কবিৰ যৌৱনকালত ৰচিত কবিতাবোৰ সন্নিৱি‍ষ্ট প্রথম সংকলন জোনাকতে জোৰণ প্ৰকাশ পাইছিল ১৯৯৬ চনত৷ পৰৱৰ্তী সময়তো কাকত–আলোচনীবোৰত তেওঁৰ কবিতা প্রায় নিয়মীয়াকৈ প্ৰকাশ পাইছে৷ ২০০০ চনত…

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী অংকন: বৰ্ণিল মহন্ত (যোৱা সংখ্যাৰ পাছৰ অংশ) প্ৰায় প্ৰতিদিনেই গধূলি হোৱাৰ লগে লগে গাহৰিসকলক দুই-তিনিটা দলত ভাগ হৈ অতিথিশালাৰ পিনে যোৱা অনেকে দেখা পালে৷ প্ৰথমে মনে মনে গৈছিল যদিও লাহে লাহে গাহৰিসকল একেবাৰে খোলাখুলিকৈয়ে যাবলৈ ধৰিলে৷ অতিথিশালাতো প্ৰথমে…

নগা টেঙা আৰু নগা ঘা

তাজহাৰুল হক প্রথমে সৰু গল্প এটা কৈ লওঁ। গল্প বুলিও ক’ব পাৰে বা সত্য ঘটনা হিচাপেও ধৰিব পাৰে। এয়া ১৯৫৮/৫৯ চনমানৰ ঘটনা। নগাসকল যোৰহাটলৈ প্ৰায়ে আহিছিল। তেওঁলোকে হোৰাত (পিঠিত লে ফুৰা বাঁহৰ সজা) আদা, হালধি আদি লৈ যোৰহাট চহৰখনত পিয়াপি দি ফুৰিছিল।…

বাঘৰাণী খইৰী

 ড০ ৰত্নোত্তমা দাস বিক্ৰম বাঘৰাণী খইৰী : পটৰ আঁৰৰ কিছু কথা এক৷ বাঘ, আমি আৰু কিছু সার্বজনীন ব্যক্তিগত  অসমীয়া সমাজৰ আন যিকোনো এটা শিশুৰ দৰেই শৈশৱত আমিও শিকিছিলোঁ মেকুৰীক ‘মেও’, গৰুক ‘হাম্বা’, বাঘক ‘হাও’ বুলি ক’বলৈ। কুকুৰ, মেকুৰী, হাঁহ, পাৰ, কুকুৰা, গৰু, ছাগলী — এই পোহনীয়া জীৱ-জন্তু আৰু অন্যান্য চৰাই-চিৰিকতি আদিও সদায়েই আমাৰ চিনাকি চৌপাশৰে অংশ। চিনাকি…