Tag সংস্কৃতি

সেউজপুৰৰ সাধু

 স্মৃতিৰেখা দেৱী অংকন: বৰ্ণিল মহন্ত [যোৱা সংখ্যাৰ পাছৰ অংশ]     দুদিনৰ মূৰে মূৰে সেউজপুৰৰ ৰাজসভাত সভাসদসকল সমৱেত হৈ উপস্থিত সমস্যাটোৰ সমাধানৰ পথ উলিয়াবলৈ যত্ন কৰিবলৈ ধৰিলে৷ কিন্তু বিদেশী শিক্ষক দুজন আৰু তেওঁলোকৰ লগ লোৱা গাহৰিসকলে এতিয়ালৈকে পোনপটীয়াকৈ একো কৰা নাই…

ভাৰতীয় সেনা (Indian Army)-ত কেনেকৈ যোগদান কৰিব পাৰি?

 ড° বুলজিৎ বুঢ়াগোহাঁই ভাৰতীয় সেনা (Indian Army)-ত যোগদান কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা আছে। এটা  ব্যৱস্থা হ’ল কেন্দ্রীয় লোকসেৱা আয়োগ (UPSC)-এ পৰিচালনা কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা ‘সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা’ (Combined Defence Services Examination)। এই পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত হয়। অবিবাহিত প্রাৰ্থীহে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে। Indian Military Academy (IMA)-ত ভৰ্তিৰ বাবে প্রাৰ্থীৰ…

লিংগপুৰাণ

 মণিকা দেৱী ‘‘লিংগটো দিছোঁ৷ চাবচুন কেনে পায়৷’’ মেছেজটো পঢ়ি এক মুহূৰ্তৰ বাবে থৰ হৈ ৰৈ গ’ল চিত্ৰা৷ কি মেছেজ এইটো? কোনে দিছে? নম্বৰটো অচিনাকি৷ ডি পিত থকা ফট’খনো অচিনাকি৷ ডেকাল’ৰা এজনৰ ফট’৷ ধুনীয়া, বৰ ধুনীয়া৷ চকুৰ চাৱনিয়ে একেবাৰে অন্তৰাত্মা কঁপাই তুলিব পাৰে৷ অন্তৰাত্মা…

প্ৰকৃতি

দাদুল দেৱকৃষ্ণ বতৰটো সঁচাকৈয়ে বেয়া হ’ল। ‘বেয়া’ মানে বৰষুণ আহিল। পথাৰত ধান দোৱাৰ সময়ত বৰষুণ আহিলে খেতিয়কসকলে বেয়া পায়। মুঠিবোৰ বৰষুণত তিতি নষ্ট হোৱাৰ ভয় থাকে। পথাৰত পানী জমা হ’লে ডাঙৰি বান্ধিবলৈও অসুবিধা হয়। সেয়ে সাতে সোতৰই মিলাই ধান দোৱাৰ…

সম্পাদকীয়

 নতুন বছৰ : আশা-নিৰাশা গচ্ছতি ইতি জগতঃ৷ অৰ্থাৎ গৈ থকাৰ মানেই জগত৷ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো অস্তিত্বই গতিশীল, আমি মানুহবোৰো৷ পৃথিৱীৰ আৱৰ্তনৰ লগে লগে আমি গৈ আছোঁ, সৌৰজগতৰ গতিৰেও আমি গৈ আছোঁ, সৰ্বোপৰি সময়ৰ মাত্ৰাৰেও আমি গতিশীল, যি মাত্ৰাক পদাৰ্থৰ চতুৰ্থ মাত্ৰা…

অব্যাহৃত

 ৰাজনৈতিক দলসমূহৰ পুঁজি আৰু নিৰ্বাচনী ব্যয় ৰঞ্জুমণি মহন্ত এতিয়া নিৰ্বাচনৰ বতৰ৷ সন্মুখত বিধানসভাৰ নিৰ্বাচন৷ চাৰিওফালে নিৰ্বাচনী কুচ্‌কাৱাজ৷ ভাৰতৰ দৰে এখন জনবহুল দেশত নিৰ্বাচন হৈছে আটাইতকৈ ব্যয়বহুল প্ৰক্ৰিয়া৷ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ব্যয়বহুল বুলি পৰিগণিত হোৱা ভাৰতৰ একোটা নিৰ্বাচন পৰিচালনা কৰিবলৈ ব্যয়…

অনুপ্ৰেৰণা

 নৱনীতা ভট্টাচার্য্য অংকন : বৰ্ণিল মহন্ত উম বিচাৰি বিচাৰি হাবাথুৰি খোৱা টিটিয়ে‍ আজি আকৌ শীত বিচাৰি সকলোৰে পৰা নিলগত বনৰ এই গহীন কোণত অকলে অকলে দিন কটাবলগীয়া হৈছে। এৰি অহা দিনবোৰৰ স্মৃতিয়ে তাক আজি বৰকৈ আমনি কৰিছে। মাকৰ বুকুৰ উমাল মৰম, সহোদৰৰ স্নেহ, দেউতাকে…

নৱীন কবিলৈ চিঠি

 Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰা সপ্তম পত্ৰ    ৰোম, ১৪ মে, ১৯০৪        মৰমৰ মিষ্টাৰ কাপ্পাছ,        তোমাৰ শেহতীয়া চিঠিখন পোৱাৰ পাছতো বহু সময় পাৰ…

খোৱাৰ পাতত গুপ্তঘাতক

 ৰিপুঞ্জয় বৰদলৈ কভিড-১৯ বা ক’ৰ’নাই মহামাৰিীৰ ৰূপ লোৱাৰ সময়ত বিশষজ্ঞসকলে বাৰে বাৰে কৈ আছে যে যিসকল ব্যক্তিৰ দেহৰ প্ৰতিৰোধ ক্ষমতা বেছি, তেনে ব্যক্তিক যিকোনো ভাইৰাছে সহজতে অসুস্থ কৰিব নোৱাৰে৷ সেইবাবে চিকিৎসকসকলৰ মতে আমি সেউজীয়া শাক-পাচলি আৰু ফল-মূল যিমান পাৰি সিমান খাব…

উলাহেৰে উভতি চাওঁ-১০

 কি নাম দি মাতিম তোমাকড০ পোনা মহন্ত মহাকবিয়ে তাহানিখনেই কৈ গৈছে নামতনো কি আছে? গোলাপক গোলাপ নুবুলি আন নামেৰে মাতিলেও একেই সুগন্ধি পোৱা যাব৷ অসমীয়া সাহিত্যৰ প্ৰথমখন আধুনিক নাটকৰ নায়িকা চৰিত্ৰয়ো ঠিক একেটা কথাকে কৈছে৷ গুণাভিৰাম বৰুৱাৰ ৰাম-নৱমী নাটকৰ এটা আদিৰসসিক্ত দৃশ্যত…