Tag সংস্কৃতি

আমেৰিকাত এটা অবিস্মৰণীয় অভিজ্ঞতা

অৱনী কুমাৰ শৰ্ম্মা পৰিয়ালসহ আমেৰিকালৈ চিৰস্থায়ী বাসিন্দা হৈ মই ১৯৭২ চনতে আহিলোঁ৷ চাওঁতে চাওঁতে এই দেশত আমাৰ এতিয়া ৪৭ বছৰ পাৰ হৈ গ’ল৷ অৱশ্যে ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিঙৰ মাষ্টাৰ ডিগ্ৰী কৰিবলৈ, মই ১৯৬৪ চনত ১৬ মাহৰ কাৰণেহে আমেৰিকালৈ আহিছিলোঁ৷ সেই ১৬ মাহ…

পুৱা-গোধূলিৰ বেলি: দুঃসময়ৰ দস্তাবেজ

 গীতালী শইকীয়া একো একোজন কবি একো একোছোৱা সময়ৰ প্ৰতিনিধি৷ তেওঁলোকে একোটা যুগৰ চিন্তা-চেতনা, ভয়-শংকা-আতংক, আশা-নিৰাশা-প্ৰত্যাশা, স্বাধীনতা মুক্তিৰ চেতনা, স্পৃহা-সফলতা-বিফলতা, উন্নতি-অৱনতি সকলোকে প্ৰতিনিধিত্ব কৰে৷ কবি একো একোটা সময়ৰে নহয় কাল-স্থান নিৰপেক্ষ মানৱৰ কণ্ঠ৷ জ্ঞান পূজাৰীৰ ‘পুৱা গোধূলি বেলি’ (১৯৯২)–ৰ কবিতাসমূহে সেই কথাকে কয়৷ নৱকান্ত বৰুৱা, নীলমণি ফুকনৰ উত্তৰসূৰী…

আইতাৰ চশ্‌মা (শিশু অনুবাদ গল্প)

 মূল ৰচনা: ৰাস্কিন বণ্ডে অনুবাদ: স্ৰোতস্বিনী তামুলী অংকন: বৰ্ণিল মহন্ত আইতাকে দূৰৈৰ নৈখনৰ কল্‌ কল্ শব্দ শুনা পাইছিল, ভৰিৰ তলুৱাত পাইন গছৰ বেজীৰ দৰে পাতবোৰৰ উমান পাইছিল, তেওঁ তেওঁৰ নাতি ল’ৰা মণিৰ  উপস্থিতি অনুভৱ কৰিছিল। কিন্তু তেওঁ নদীখন অথবা গছবোৰক দেখা নাপাইছিল, আনকি মণিকো।…

চে‍লুলয়ডৰ ৰং ডাঠ বেঙুনীয়া

 পৰী পাৰবীন কত দিন কত ৰাতি মই এইদৰে কটাইছিলোঁ সেই কথা মোৰ জ্ঞাত নহয়। সুমেৰু, কুমেৰু নতুবা এভাৰেষ্ট শৃংগৰ বিস্তৃত তুষাৰাঞ্চল ভেদি মই যেন সূৰুযে ঢুকি নোপোৱা ঠাইতহে আছিলোঁগৈ। বৰফৰ কঠিন আঘাতত যেন মোৰ সমগ্ৰ শৰীৰ ঠেৰেঙা হৈ পৰিছিল। থক্‌থক্‌কৈ কঁপিছিলোঁ মই। কঁপি…

লুট্‌ফা হানুম ছেলিমা বেগমৰ কবিতা

ড° নিশিগন্ধা তালুকদাৰ         আধুনিক অসমীয়া কবিতাৰ উন্মেষণৰ পৰা বৰ্তমানলৈ অসমীয়া কবিতাৰ জগতখনে এটি দীঘলীয়া সময় অতিক্ৰম কৰিলে৷ এই কথা অকপটে স্বীকাৰ কৰিব পাৰি যে সাহিত্য অনুৰাগীসকলৰ মাজত গল্প, উপন্যাস তথা নাটকৰ তুলনাত কবিতা অধিক জনপ্ৰিয়৷ কেৱল জনপ্ৰিয়ই নহয়, অনুৰাগীৰ মাজত…

কথা পাতিম আহাঁ (শিশু কবিতা)

পম্পি বৰা বৈশ্য অ’ ককা অ’ ককা কিনো কৰি আছাআহাচোন কথা পাতোঁ মোৰ কাষত বহা,আজি স্কুলত বাইদেৱে‍ কি শিকালে শুনা। ব’হাগত কুলিয়ে মাতে, জেঠত আহে খৰআহাৰ শাওণ মহীয়া কঠীয়া সিঁচাৰ সময়।ভাদ মাহত নামঘৰত ভকত–বৈষ্ণৱ বহে,মহাপুৰুষ দুজনাৰ মৃত্যু তিথি পৰে। আহিনত কঁহুৱা ফুলে, কাতিত কঙালী বিহুঘৰ–পথাৰ…

লাখন খোল নৃত্যনাটিকা

 মালবিকা শৰ্মা  কাম্বডিয়াত  থকা  সময়ছোৱাত  বিভিন্ন  প্ৰকাৰৰ  শাস্ত্ৰীয়  তথা  লোকনৃত্য  উপভোগ  কৰাৰ  সুযোগ পাইছছিলোঁ। তাৰে ভিতৰত  মোৰ প্ৰিয় এটি নৃত্য হ’ল লাখন খোল নৃত্য। লাখন খোল    (Lakhon khol) বা খেমেৰ মাল্ক্ড থিয়েটাৰ  ( Khmer masked theatre) কাম্বডিয়াৰ  এক  ঐতিহ্যবাহী  তথা  জনপ্ৰিয় …

ধনগুলৈ

 ৰাজশ্ৰী ধনদিয়া চাপৰ ভেঁটিটোৰে সৈতে ঘৰটোৰ পি‍ছফালে গাতে লাগি আছে বাঁহনিডৰা, গেজেপ মাৰি ধৰা, তাৰ পি‍ছতেই পথাৰখন। দিন–দুপৰত পথাৰখনত তীক্ষ্ণ মাতটোৰে উৰি ফুৰা বালিঘোঁৰা চৰাইটো ৰাতি–বিয়লিও সাৰে থাকে হ’বলা। জাৰণিডৰাত খিৰিক্‌কৈ‍ শব্দ হ’লেই চৰাইটোৱে মাত দিয়ে; আনকি বাঁহপাত এটা বতাহত লৰিলেও।  বালিঘোঁৰা…

কবি আৰু পঢ়ুৱৈ‍

 উদয় কুমাৰ শৰ্মা সম্প্ৰতি আমি আমাৰ চৌদিশে দেখিবলৈ পাই আছোঁ নৃশংসতা, লুণ্ঠনৰ নৈৰাজ্য, পৈশাচিক বৰ্বৰতা৷ তাৰ মাজতো মৰি যোৱা ঘাঁহ গজি সেউজীয়া হৈ আছে, এজাক পখিলা উৰি আহি ফুলৰ পৰা প্ৰেমৰ মন্ত্ৰ শিকিছে৷ ভয়ংকৰ দুৰ্দিনৰ মাজতো পৃথিৱীৰ ক’তো কেতিয়াও কবিতা লিখা বন্ধ হৈ যোৱা…

চ্যালুইনৰ পৰা লুইতলৈ

 ড° চন্দ্ৰধৰ চমুৱা (এঘাৰ) ছ্যুৰ জীৱনৰ এয়া দ্বিতীয় দীঘলীয়া যাত্রা। আগৰবাৰত যাত্রা কৰিছিল পূবৰ ফালে, আকৌ চেংচেলৈ, তাৰ জন্মৰ ঠাই চেংচেলৈ ঘূৰি অহাৰ নিশ্চিতিৰে। আজি যাত্রা কৰিছে পূবৰ দুৱাৰেদি ওলাই ক্ৰমাৎ পশ্চিমলৈ, দেউতাকৰ ৰাজ্য মঙ্‌-মিতলৈ, নাম্‌কিউৰ সাৰুৱা উপত্যাকালৈ, পুনৰ ঘূৰি অহাৰ আশা আৰু সম্ভাৱনাৰে নহয়।…