Tag সংস্কৃতি

বিদেশত অধ্যয়নৰ বাবে আগ্রহী ছাত্র-ছাত্রীসকলে কেনেদৰে প্রস্তুতি চলাব

ড° বুলজিৎ বুঢ়াগোহাঁই বিদেশত অধ্যয়নৰ বাবে আগ্রহী শিক্ষাৰ্থীজনৰ সৰ্বপ্রথম খোজটো হ’ব সঠিক পাঠ্যক্ৰম নিৰ্বাচন কৰা। সাধাৰণতে, ভাৰতবৰ্ষৰ সৰহ সংখ্যক ছাত্র-ছাত্রী আমেৰিকা (United States of America), বৃটেইন (United Kingdom), অষ্ট্রেলিয়া (Australia), নিউজিলেণ্ড (New Zealand), কানাডা (Canada), জাৰ্মানি‍ (Germany), চীন (China), ছিংগাপুৰ…

শ্ৰমৰ মৰ্যাদা আৰু অসমীয়াৰ দুৰ্দশা

ইতিমধ্যে অসমৰ নতুন চৰকাৰখনৰ বয়স এমাহতকৈ বেছি হ’ল৷ এই এটা মাহত চৰকাৰখনে ৰাজ্যৰ উন্নতিৰ কাৰণে কি কি কৰিছে সেয়া স্পষ্ট হৈ উঠিবৰ সময় হোৱা নাই৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন বিষয়ক লৈ সজাগ হোৱা দেখা গৈছে, বিশেষকৈ লোকনিৰ্মাণ বিভাগটোক লৈ, যিটো বিভাগ পূৰ্বৰ চৰকাৰৰ দিনতো…

দেওপুখুৰীৰ দুপৰীয়া

নিৰ্মালি নয়নতৰা চতিয়নাজোপাৰ তলত দেওপুখুৰীটো৷ নহয়, নহয় দেওপুখুৰীৰ পাৰতহে চতিয়নাজোপা! অকল চতিয়নাইনে? পাৰৰ শাল, সোণাৰু, ভোমোৰা, তিতাচঁপা আৰু এজোপা প্ৰকাণ্ড হোলোংগছৰ প্ৰাচীন ছায়াৰে আৱৰা দেওপুখুৰীৰ পানীত দিনৰ নীলা আকাশখনো প্ৰতিবিম্বিত নহৈছিল৷ দেওপুখুৰীটো আগতে জঁয়াল আছিল৷  পূৰ্ণিমাৰ ৰাতি হেনো তাত জলকুঁৱৰীয়ে সোণৰ নাও বাই ফুৰিছিল৷ নাও বাই…

চলাপথাৰ যাম, খাইলং খাম

 লুইতজ্যোতি ১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ জৰিয়তে ভাৰত ৰাষ্ট্ৰই বনজ প্ৰাণী তথা উদ্ভিদ সম্পদৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা কৰিছে৷ পৰৱৰ্তীকালত একাধিক সংশোধনৰ সহায়ত এই আইনখনক অধিক শক্তিশালী কৰাৰ প্ৰয়াস বহুকেইখন চৰকাৰে কৰিছে৷ এই আইনৰ আধাৰতেই ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু চিৰিয়াখানাসমূহ পৰিচালিত হয়৷ যিকোনো এটা…

দাৰ্জিলিঙৰ আপেলমুখীয়া ছোৱালীজনী

অংগনা চৌধুৰী একা-বেঁকা পথ, ঠাণ্ডা বতাহ, সেউজ বিৰিখ, বাটত ৰৈ লোৱা গৰম কফি আৰু ম’ম’ৰ সোৱাদ৷ দাৰ্জিলিংখনতকৈ বেছি প্ৰিয় মোৰ দাৰ্জিলিঙলৈ গৈ থকা বাটটোহে৷ মেট্ৰিক পৰীক্ষা দি উঠি মা–দেউতাৰ সৈতে প্ৰথমবাৰ দাৰ্জিলিঙলৈ অহাৰ কথা মোৰ মনত পৰি পৰি গৈ থাকিল৷ অত বছৰৰ মূৰত…

সোণৰ কণীৰপৰা সোণৰ কণালৈ

পৰী পাৰবীন আদম আৰু ইভৰ বীজগণিতীয় সূত্ৰটোৰ সৈতে যুঁজ দিয়াৰ সময় এটা আহি পৰিছিল হঠাতে মোৰ জীৱনত। ধৰি লোৱা হৈছিল, আদমে ফলটো নাখাব আৰু ঈশ্বৰ-পিতৃৰ বচন মানি আদম ইভৰ পৰা দূৰৈত অৱস্থান কৰি ৰ’ব। বাগানৰ  সুমিষ্ট ফলৰ মাজত উমলি-জামলি ভাগৰুৱা…

চ্যালুইনৰ পৰা লুইতলৈ

 ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) ছ্যুৱে‍ দুৱাৰে দুৱাৰে ভুমুকিয়াই গৈ আছে। এঠাইত সি থমকি ৰ’ল। পঁজাৰ দুৱাৰমুখতে দুটা মানুহে কাজিয়া কৰিবলৈ আৰম্ভ কৰিছে। মুখেৰে বা খালী হাতেৰেও নহয়, লাঠী-লুঠাৰেও নহয়, একেবাৰে দা-কুঠাৰ লৈ। ছ্যুৰ পক্ষে ই এটা অপমানজনক দৃশ্য৷ তাক অহা দেখি বাহিৰত থকা মানুহবোৰে সমীহ কৰি…

বৰগোহাঞি ছাৰলৈ শ্ৰদ্ধাঞ্জলি

ৰঞ্জুমণি মহন্ত (‘অন্যযুগ’ৰ উন্মোচনী অনুষ্ঠানত সদ্য়প্ৰয়াত হোমেন বৰগোহাঞি ছাৰ) ২০১৮ চনৰ জানুৱাৰি মাহ আছিল বোধকৰোঁ৷ ‘অন্যযুগ’-ৰ প্ৰকাশৰ বাবে যো-জা চলি আছে৷ ইতিমধ্যে আমাৰ অতি শ্ৰদ্ধাৰ ড° বসন্তকুমাৰ গোস্বামী ছাৰে সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছে৷ ঠিক হ’ল যে ৯ ফেব্ৰুৱাৰিৰ দিনটো যিহেতু অসমীয়া…

হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক সাহিত্য

ড° অসীম চুতীয়া প্ৰকৃতাৰ্থত মানুহৰ জীৱনটো এক বিচিত্ৰ অভিজ্ঞতাৰ ভঁৰাল৷ এই ভঁৰালত সঞ্চিত হৈ থকা কথাবোৰ যেতিয়া নিজ ভাষাৰে লিখিত ৰূপত সাহিত্যৰ মাধ্যমত আত্মপ্ৰকাশ পায় সিয়ে আত্মজীৱনীমূলক সাহিত্য হৈ পৰে৷ সেয়ে অসমৰ জাতীয় জীৱনৰ এজন অতি গুৰুত্বপূৰ্ণ ব্যক্তি হোমেন বৰগোহাঞিৰ জীৱন অভিজ্ঞতাৰ প্ৰতি…

উলাহেৰে উভতি চাওঁ: ১৫

 ড° পোনা মহন্ত ‘কাৰেংঘৰ’ সাজিছিলোঁ… কবি বিনন্দচন্দ্ৰ বৰুৱাৰ ‘গড়গাঁও গড়গাঁও, কথা শুনি তল যাওঁ’ কবিতাটো পঢ়াৰ অনেক বছৰৰ আগতেই মোৰ গড়গাঁৱলৈ যোৱা আৰু আহোম স্বৰ্গদেউসকলৰ কাৰেংঘৰত উঠাৰ সৌভাগ্য হৈছিল৷ সৰুতে নাজিৰা নগৰৰপৰা পাঁচমাইলমান দূৰত থকা মামাহঁতৰ ঘৰলৈ খোজকাঢ়ি বাট চমুৱাই…