Tag সংস্কৃতি

নিৰৱধি

 পাপৰি গোস্বামী ৰঙাৰ লগত ঈষৎ হালধীয়া ৰংটো মিহলাই পুনৰ এবাৰ তেওঁ মনে বিচৰা ৰংটো তৈয়াৰ কৰিবলৈ প্ৰয়াস কৰিলে।  চন্দনৰ তিলক লগোৱা কপালখনত দুটা ডাঙৰকৈ ভাঁজ দেখা গ’ল। নাই, পৰিমাণটো হয়তো ঠিক হোৱা নাই। এইবাৰো সন্তুষ্ট নহ’ল তেওঁ।  কাষত থকা বাকীবোৰ ৰঙৰ টেমা এটা এটাকৈ হাতত লৈ ঘূৰাই ঘূৰাই…

বাকিংহামৰ পৰা নৱাবৰ দেশলৈ

অব্যক্ত নিৰ্বাণ ৰাজখোৱা জাহাজৰ ডেকৰ পৰা সূৰ্যাস্ত চোৱাৰ এটা অদ্ভুত আমেজ আছে৷ এই আবেলি পৰতে জলপৰীসদৃশ শিহুবোৰে জাহাজৰ কাষে কাষে নাচিবলৈ আৰম্ভ কৰে৷ মাজে মাজে একোজাক পৰিভ্ৰমী চৰায়েও ভুমুকি মাৰে৷ সিহঁতৰ মধুৰ মাতে নিৰ্জনতা ভেদি ঘুমটিৰ জড়তা ভাঙে৷  নিয়মমতে মই…

বিনাশত গজা শুভ্র বেলি

বিদিশা দত্ত সেই ৰাতিটোৱে কেৱল বিনাশৰ সাধু কৈছিল। আজন্ম চিনাকি চেনেহৰ ভূমিখণ্ড সেই ৰাতিটোৰ ভিতৰতে বধ্যভূমিত পৰিণত হৈছিল। জুইৰ লেলিহান শিখাই আকাশ চুব খুজিছিল। অসহ্যকৰ গোন্ধ বিয়পিছিল সৰ্বত্ৰ। পোৰা মঙহৰ গোন্ধ। কেঁচা তেজৰ গোন্ধ।  কি জন্তুৰ মঙহ!  কি মানুহৰ তেজ! …

চাকিৰ তলৰ ছাঁ

কল্যাণী দত্ত পুৱাৰ পৰা ৰাতি এপৰলৈকে ঘৰখন উৰুলিকৃত হৈ থাকে। যেন বিয়াঘৰ এখনহে! হাই-উৰুমি বা কাজিয়া-পেচাল বুলি নহয়, অনৱৰতে হাঁহি-খিকিন্দালিহে। বেলি উঠাৰ লগে লগে আৰম্ভ হোৱা হাঁহি-কিৰীলি আৰু কথাৰ লানি নিছিগা ধাৰবোৰ নিশা ভাত খোৱাৰ পাছতহে শাম কাটে৷ আইতাকে মাজে মাজে দবিয়াই উঠে—…

ফৌজদাৰী আইন ব্যৱস্থা, আৰক্ষীৰ তদন্ত আৰু কিছু কথা

ৰঞ্জুমণি মহন্ত অপৰাধ কৰিও আইনৰ সুৰুঙাৰে সাৰি যোৱা বহু অপৰাধীৰ কথা আমি প্ৰায়েই শুনিবলৈ পাওঁ৷ আচলতে ফৌজদাৰী ন্যায় ব্যৱস্থাত সাধাৰণতে এটা নীতি মানি চলা হয়- “হেজাৰজন দোষী সাৰি যাওক, কিন্তু এজনো নিৰ্দোষীয়ে শাস্তি নাপাওক৷” ( Thousand culprits can escape, but…

উলাহেৰে উভতি চাওঁ-১৪

 ড° পোনা মহন্ত  হাইস্কুলীয়া দিনৰ এটা খতিয়ান: নাজিৰা হাইস্কুলত নাম লগোৱাৰ পাছৰে পৰা মোৰ সাধাৰণ জীৱনটোৰ ল’ৰালি কালৰ গতি সলনি হ’বলৈ ধৰে৷ লগৰীয়াহঁতৰ সৈতে অনাই-বনাই ঘূৰি ফুৰা আৰু সময়ে-অসময়ে খেলা নানা প্ৰকাৰৰ খেলবোৰ প্ৰায় অন্ত পৰিল৷ এইবোৰৰ বাবে সময় ক’ত? আগতে কৈ…

জলছবি (End of Spring)

ৰিমলী বৰকটকী তাপসী— চহৰৰ পৰা নিজৰ উচ্চ-শিক্ষা সমাপ্ত কৰি গাঁৱৰ ঘৰলৈ ওভতা এগৰাকী সাধাৰণ যুৱতী। বিয়া-বাৰু, সংসাৰ— এইবোৰৰ মাজত আবদ্ধ গতানুগতিক জীৱন এটা নিবিচাৰে তাপসীয়ে। নিজৰ পৰিচয় হেৰুৱাবলৈ নিবিচাৰে তাপসীয়ে। তাপসীয়ে বিচাৰে আত্মনিৰ্ভৰশীল হ’বলৈ, নিজৰ লগতে নিজৰ ঘৰখনৰ সহায় হ’বলৈ। …

মুখামুখি : ডাঃ অপূৰ্ব কুমাৰ শইকীয়াদেৱৰ সৈতে

(যোৱা সংখ্যাৰ পিছৰ পৰা) সাম্প্ৰতিক অসমীয়া গল্পসাহিত্যৰ এক অগ্ৰগণ্য নাম হৈছে শ্ৰীযুত (ডাঃ) অপূৰ্ব কুমাৰ শইকীয়া৷  ২০২০ চনৰ ‘সাহিত্য অকাদেমি বঁটা’ আৰু অসম সাহিত্য সভাৰ ‘অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা’ প্ৰাপক ডাঃ শইকীয়াৰ গল্পৰ বিষয়বস্তুৰ বৈচিত্ৰ্য আৰু বহুমাত্ৰিকতা, ভাষাৰ চাতুৰ্য, ব্যতিক্ৰমী কথনশৈলীৰ লগতে তলসুঁতীয়াকৈ বৈ…

খিৰিকীৰে এখন সেউজীয়া পৃথিৱী

ড° ৰমেন ঠাকুৰীয়া ৰাতি তেওঁ এটা অদ্ভুত সপোন দেখিছিল৷ তেওঁ অফিচলৈ বুলি যাবলৈ সাজু হৈছে৷ ঘৰৰ কামৰ পৰা মূৰ দাঙিব নোৱৰা ঘৈণীয়েক জানকীয়ে তাৰ মাজতো সুৰুঙা উলিয়াই তেওঁৰ হাতত তুলি দিছেহি অফিচলৈ নিয়া বেগটো৷ বৰুৱাই ইফালে-সিফালে চাইছে৷ পূৰঠ হৈ আহিব ধৰা…

আমাক সহায় কৰা ওপৰঞ্চি শক্তি

 অভিজিত শর্মা বৰুৱা  আমি সক্রিয়ভাৱে‍ বহু কামেই কৰোঁ। খোজ কাঢ়োঁ, ভাত খাওঁ, খেলা-ধূলা কৰোঁ। এই সকলো কাম আমি সচেতনভাৱে‍ই কৰোঁ। বা আমি ইচ্ছা কৰিলে এইবোৰ কৰিব পাৰোঁ বা নকৰিবও পাৰোঁ। কিন্তু আমি আন কিছুমান কামৰ ক্ষেত্রত তেনেকৈ নিজ ইচ্ছাত কৰা-নকৰাৰ সিদ্ধান্ত ল’ব নোৱাৰোঁ। উদাহৰণ— হাঁওফাঁও বা হৃদযন্ত্রৰ কাম-কাজবোৰ। সেইবোৰ কাম…