Tag সমাজ

প্ৰকৃতি

দাদুল দেৱকৃষ্ণ (যোৱা সংখ্যাৰ পাছৰ অংশ)  — ‘‘পৃথিৱীৰ উপৰিভাগ আৰু খোলাটোৰ ভিতৰত কি কি আছে সেইখিনি কথা বাৰু কালি জানিলোঁ। আজি নতুন কথা ক’ব লাগিব কিন্তু।— পুৱাতেই দেউতাকক ধৰিলেহি বনানিয়ে। মুঠতে তাইক প্ৰকৃতিৰ বিষয়ে সকলো কথা ক’বই লাগিব দেউতাকে!’’ ‘‘পানীৰ…

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা (দহ) বেলি ওলোৱাৰ সময় হৈছে। কাঠৰ বেৰত উৰণীয়া সিংহ প্রতীকেৰে ৰাজকীয় কোঠালিটো। ডাঙৰ খুঁটাবোৰৰ কাষে কাষে ওখ খুৰা লগা আসনবোৰ। সকলো সমান ওখ নহয়। প্রত্যেকখনতে বিভিন্ন ৰঙৰ গুণা কৰা কাপোৰ পৰা আছে। নিশাৰ ভাগতে গা-পা-ধুই, তেল-ফণি লৈ…

৫৪৩ + ২৪৫ = ০

হিমাংশু ভাগৱতী ৫৪৩ + ২৪৫ = ০ভুল বুলি ভবা যোগটো অতি সৰলভাৱে শুদ্ধ মাজে-সময়ে হাতৰ নখত লগাই দিয়া চিয়াঁহীকণনীলা বুলিয়ে সৰলভাৱে ভবা যায়অথচ বহু দিনলৈ লাগি থকা দাগটো ক’লা সমদলত সৰলভাৱে‍ যোগ দিয়াৰএটা ঋতুৰ পাছতহেকেমেলিয়নক অনুসৰণ কৰাৰ ভাগৰ আহে,এই সাধুটো বাৰে বাৰে…

ভোক অথবা এই অন্ধকাৰ কালবেলা

ৰুদ্ৰ সিংহ মটক   ভোকৰ অন্য নাম দুঃস্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰ ভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্রাসে গিলি হাঁহি থকা অন্ধকাৰ কালবেলা   ভোক হ’ব পাৰে তৃতীয় বিশ্বৰ নিৰ্মম ঘাতক ভোক হ’ব পাৰে ক’ৰ’নাৰ দৰেই বাঢ়ি অহা…

পিছলৈ উভতি চাওঁ-৮

ড০ পোনা মহন্ত অঁকৰা মৈত উঠিলোঁ তেতিয়াৰ দিনত আমাৰ ঘৰৰ সমুখত থকা আহল–বহল পথাৰখনত কিদৰে ভেঁটা দি মাছ ধৰিছিলোঁ, সেই কথা আগৰ লেখাত কৈ আহিছোঁ৷ এই পথাৰখনে মোক ল’ৰালি কালৰ আন অনেক ফূৰ্তি আৰু আনন্দৰ খোৰাক দিছিল৷ মোৰ শৈশৱৰ বিষয়ে ইতিমধ্যে…

পাঠাগাৰ

খৰস্ৰোতা মূল (নেপালী) : শিৱকুমাৰ ৰাই অনুবাদ: জয়ন্ত কৃষ্ণ শৰ্মা৷  সাহিত্য অকাদেমি, নতুন দিল্লী, ২০১৮  প্ৰসিদ্ধ নেপালী সাহিত্যিক শিৱকুমাৰ ৰাইৰ সাহিত্য অকাদেমি বঁটাৰে সন্মানিত গল্প সংকলন ‘খহৰে’-ৰ অসমীয়া অনুবাদ৷ সমাজৰ বিভিন্ন বৰ্গৰ মানুহৰ বাহ্যিক আৰু অভ্যন্তৰীণ জীৱনৰ অতি সাধাৰণ ঘটনা…

নবীন কবিলৈ চিঠি

Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰপৰা অনুবাদ :  ৰমানন্দন বৰা ৱৰ্পছ্‌ৱে‍দ, ব্ৰেমেনৰ ওচৰত জুলাই ১৬, ১৯০৩        দহ দিনমানৰ আগেয়ে মই পেৰিছ এৰি আহিলোঁ৷ এইকেইদিন মই বৰ অসুস্থ আৰু ভাগৰুৱা৷…

জিক্‌মিক্‌ জিক্‌মিক্‌ আকাশৰ তৰা…

 অভিজিত শর্মা বৰুৱা ৰাতিৰ আকাশখনে সেই তাহানি কালৰে পৰা এতিয়ালৈকে মানুহক আকর্ষণ কৰি আহিছে। ৰাতি আকাশত জিক্‌মিক্‌ কৰি থকা তৰাবোৰে মুগ্ধ কৰিব নোৱৰা লোক, বিশেষকৈ শিশু, নাই বুলিবই পাৰি। তৰাবোৰ ঐতিহাসিকভাৱে‍ পৃথিবীৰ সকলো সভ্যতাৰ ক্ষেত্রত বেছ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈ আহিছে। প্রাচীন…

ছন পৰা মাটি‍

মূল কবিতা :   The Waste Land কবি : টি.এছ. এলিয়টঅনুবাদ : ড° দীপশিখা ভাগৱতীসলিল সমাধি (Death by Water) সেই ফণিছিয়াৰ নাৱিক ফেলবচ্ , এক মৃত পক্ষ, বিস্মৰণত জাহ যোৱা পানীচিলনীৰ ক্ৰন্দন, ওফন্দি অহা গভীৰ সমুদ্ৰ আৰু লাভ আৰু লোকচানৰ অংক৷ সমুদ্ৰগৰ্ভৰ এক প্ৰৱাহে গুণগুণনিৰ…

শিশুচিত্ৰ আৰু শিশুৰ বাবে অঁকা চিত্ৰ

দেৱকৃষ্ণ বৰুৱা         শিশু এটিয়ে সাধাৰণতে তিনি বছৰমান বয়সৰ পৰাই কিতাপ, বহী, ঘৰৰ বেৰ, আচবাব আদিত আঁক-বাক কৰিবলৈ লয়৷ এইটো প্ৰায় সকলো শিশুৰে এটা সাধাৰণ আৰু স্বাভাৱিক প্ৰবৃত্তি৷ সেয়ে ৩ বছৰৰ পৰা ১০ বছৰ বয়সৰ ল’ৰা-ছোৱালীয়ে স্বাভাৱিক প্ৰবৃত্তিৰে নিজৰ…