Tag সংগীত

এই যে দিন-ৰাতিবোৰ

মূল :  হুমায়ূন আহমেদ অনুবাদ : ড° জোনালী পাটোৱাৰী বৰা থাৰ্ড পিৰিয়ডত প্ৰণৱবাবুৰ ক্লাছ নাই। তেওঁ আলোচনী এখন বিচাৰি কমনৰূমলৈ সোমাই আহিল। স্কুলখনত আলোচনী বুলিবলৈ এই এখনেই। নিজৰ পঢ়া শেষ নোহোৱালৈকে সেইখন হেডমাষ্টৰ মহাশয়ে নিজৰ কোঠালিতে ৰাখি থয়। আজি পিছে…

বচা বকুল

 ৰমানন্দন বৰা (যোৱা সংখ্যাৰ পাছৰপৰা) (দহ)  বগা কুঁৱলিৰ মাজেৰে বগা ধূলিয়ৰি ৰাষ্টাটোৰে পৰুৱাৰ নিচিনা লানি নিছিগা শাৰী পাতি বেপাৰীবোৰ আহে৷ সিহঁতে চাইকেলত এক-ডেৰ মোন শাক-পাচলি কঢ়িয়াই আনে৷ চাইকেলৰ আগফালে হেণ্ডেলত চিমেণ্টৰ বেগেৰে চিলাই লোৱা মোনাত বিছ কিলোকৈ চল্লিছ কিলো, পিছফালে…

অন্ন, বস্ত্ৰ, আৰু বাসস্থান

ড° ভাৰত বৰুৱা (৩) বাসস্থান         আদিম কালৰে পৰাই মানুহে প্ৰকৃতিৰ বিভিন্ন উৎসৰ পৰা যেনে কাঠ, বাঁহ, শিল, বালি আদিৰ পৰা বাসস্থান বা ঘৰ সাজি লৈ থাকিবলৈ লৈছে। তাৰো আগভাগত মানুহৰ বাসস্থান আছিল গুহা, গছৰ ডাল অথবা গছৰ খোৰোং।…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা  (১৪) এডাল এডাল কুটা— এটি এটি আশা। এবুকু হেঁপাহ, অযুত সপোন। এটা বাহ— এখন ঘৰ। কিমান যে আলফুলকৈ সম্পূৰ্ণ কৰি তোলে বাহ একোটা। কিমান যে আন্তৰিকতাৰে সম্পূৰ্ণ কৰে হেঁপাহৰ নীড় একোটা! মানুহে এটুকুৰা এটুকুৰা ইটাৰে যিদৰে সাজি…

সম্পাদকীয়

 সপোনৰ পৃথিৱীখন : কিছু সাময়িক চিন্তা সাধাৰণতে সপোন বুলিলে ইংৰাজী Dream শব্দটোৱে বুজোৱা আমি নিদ্ৰাগ্ৰস্ত হৈ থকা অৱস্থাত আমাৰ অৱচেতন মনত ঘটা বিক্ষিপ্ত ঘটনা কিছুমানকে বুজায়৷ নিদ্ৰিত অৱস্থাত আমি দেখা সপোনৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাথাকে৷ কিন্তু এই শব্দটোৱে ক্ৰমে Plan,…

অনুবাদ কবিতা

অনুবাদ : ড° ৰঞ্জিত দত্ত মই নাজানো কিয় মূল : মৰিছ্ ৰজেনফিল্ড,পোলেণ্ড চকু দুটা মেলি  আকাশৰ বিপৰীত দিশে চালোঁ উচুপি আছে ডাৱৰবোৰে  সেয়েহে ময়ো উচুপিলোঁ, চকুদুটা তুলি আকৌ চাই ৰলোঁ ওপৰলৈ ৰাঙলী সূৰুযটোৱে   হাঁহিছে সেয়েহে ময়ো হাঁহিলোঁ। কিয়নো মই উচুপি কান্দিলোঁ কিয়নো…

ৰজাৰ মূৰত শিং গজিল

অৰ্চনা পূজাৰী ১) জনম জনম সাধুৰ সংসৰ্গ সেই সাধুবোৰৰে ঠেং দীঘল পেটত অদ্ভুত কথাৰ মেৰপেচ   ২) ৰজাৰ চুলি দীঘল হৈ গৈ আছে নাপিতে কাটে কিদৰে চলাবলৈ লৈ কেঁচি ৰৈ যায় নাপিত জ্বৰ ঘমা দিয়ে কি কাল কি ঘটনা !…

উইপ্লাশ্ব

 নিজৰা ৰাজকুমাৰী   The Obsession to be perfect  – নিখুঁত হ’বলৈ, চূড়ান্ত দক্ষতা অৰ্জন কৰিবলৈ আপুনি কিমান পৰিশ্ৰম কৰে? পৰিশ্ৰমৰ সলনি আমি বলিয়ালি শব্দটোও ব্যৱহাৰ কৰিব পাৰোঁ, যদিহে আমি ডেমিয়েন চেজেলৰ উইপ্লাশ্ব নামৰ চিনেমাখন চাই আছোঁ বা চাই উঠিছোঁ৷ সংগীতৰ…

মালতী মেম

 নীলোৎপল বৰুৱা   কাহিনী চয়ন নিতান্ত‌ই পৰিচালকৰ দৰ্শননিৰ্ভৰ বিষয়৷ নাটকীকৰণৰ ভৱিতব্য বেমেজালি আৰু বাধাৰ (Drammatization hazard) প্ৰতি লক্ষ্য ৰাখি পৰিচালকজনে নিজৰ ক্ষমতা আৰু পূৰ্বানুমানেৰে নিৰ্দিষ্ট ৰুচিসন্মত কাহিনী নিৰ্বাচন কৰে৷ ই নিশ্চিতভাৱে মেধা, দক্ষতা আৰু ৰুচিনিৰ্ভৰ৷ পৰিচালকজনৰ সেয়া একান্ত নিজা ক্ষমতা৷…

বচা বকুল

 ৰমানন্দন বৰা (আঠ)   আহিন মাহৰ চিকুণ ৰাতিপুৱাটো পৰশুৱে নিজৰ বুকুৰ মাজত সুমুৱাই ল’লে৷ চোতালৰ মুখৰ শেৱালি জোপাৰ তলখন ফুলেৰে বগা হৈ উপচি পৰিছে৷ ক’তো এচপৰা মেঘ নথকা পৰিষ্কাৰ আকাশ৷ মাকে তালৈ ভাত বাঢ়ি দিয়া কাঁহৰ কাঁহীখন যেনেকৈ ক’তো মলি…