Tag সংগীত

সুধাকণ্ঠৰ এটি গীত আৰু কিছু পুৰণি স্মৃতি

অমৃত গোস্বামী   “বৰহাটৰ সোৱাদ তামোল  এখন খালে,   দুখন খাবলৈ মন যাব…” সন্দীপা শৰ্মা আৰু হিতেশ দেৱ শৰ্মা নামৰ স্বামী-স্ত্ৰীয়ে সুধাকণ্ঠ ড°ভূপেন হাজৰিকাদেৱ আৰু ৰুণুমী ঠাকুৰৰ দ্বৈতকণ্ঠৰ ‘কহিমাৰে আধুনিকা ডালিমী’ শীৰ্ষক সেই বিখ্যাত গানটোৰ নতুনকৈ ভিডিঅ’ এটা প্ৰস্তুত কৰিছে৷ এই…

সাগৰ দেখিছা

 যশোৱন্ত নিপুণ   ‘সাগৰ দেখিছা?’  পলাশে চকীখনত বহি সুধিছিল৷ ‘দেখা নাই কেতিয়াও৷’ সোণালীয়ে উত্তৰ দিছিল৷ ‘ময়ো দেখা নাই। শুনিছোঁ তথাপি, সাগৰ হেনো নীলা, নীলা, নীলা!’ কপিলে কৈছিল৷ অলপ ৰৈ আকৌ যোগ দিছিল, ‘আৰু ইয়াৰ পৰা আধা ঘণ্টাৰ বাট।’ তাৰ কবিতাৰ শাৰীবোৰ…

গেমিং উদ্যোগৰ লগত জড়িত কেৰিয়াৰ

ড° বুলজিৎ বুঢ়াগোহাঁই           গেমিং হৈছে লেপটপ, ব্যক্তিগত কম্পিউটাৰ, ম’বাইল ফোন, টেবলেট, প্লেষ্টেচন, এক্সবক্স আদিৰ দৰে ইলেকট্ৰনিক ডিভাইচ ব্যৱহাৰ কৰি খেলা  ভিডিঅ’ গেম৷ বিগত বছৰবোৰত কম্পিউটাৰ গেমবোৰ মনোৰঞ্জন উদ্যোগৰ অন্যতম বৃহৎ শাখা লৈ  পৰিণত হৈছে৷ বহুতে গেমিঙক কেৱল  মনোৰঞ্জনৰ…

অচিন জগতত বাটলু

 স্মৃতিৰেখা দেৱী চাওঁতে চাওঁতে গ্ৰীনা নামৰ জগতখনৰপৰা অহা লোকসকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু প্ৰতিপালনত সেউজপুৰ ৰাজ্যৰ বহুখিনি খালী হৈ থকা ঠাই গছ-লতাৰে ভৰি উঠিল৷ দেখাত প্ৰায় পৃথিৱীৰ মানুহৰ দৰেই, কিন্তু সম্ভৱতঃ মানুহতকৈ বেছি মৰমিয়াল এই লোকসকলৰ উপস্থিতিয়ে সেউজপুৰখনক যেন কিছু সলনি…

কলা কি?

  লিও টলষ্টয়ৰ ‘What is Art?’   গ্ৰন্থৰ অসমীয়া অনুবাদ অনুবাদ : ড° বিৰিঞ্চি কুমাৰ দাস   (৯)  কলাৰ কাৰ্য এইটো কথাৰ ওপৰত প্ৰতিষ্ঠিত যে যিগৰাকী মানুহে তেওঁৰ শ্ৰৱণেন্দ্ৰিয় অথবা দৰ্শনেন্দ্ৰিয়ৰ মাধ্যমেৰে আন এগৰাকীৰ অনুভূতিৰ অভিব্যক্তিক গ্ৰহণ কৰে, তেওঁ নিজে সেই অনুভূতিৰ অভিজ্ঞতা লাভ…

পানী

 মানস প্ৰতিম দত্ত   এৰাসুঁতিৰ ওপঙি ফুৰে মৰা ম’হ শগুণ শূন্য   ডাইক্ল’ফেনাকে নোহোৱা কৰিলে শৈশৱৰ ভালনে ছাৰ- ভাল ছাৰ ভাল ছাৰ মানে শগুণ   পানী মৰে নদী হেৰায় উৱঁলি পৰে কুঁহিপাঠৰ আদিপাঠ   কাম্প’চী ঐ য়াকাছী ঐ   পানী…

ধ্ৰুৱসত্য

 হিল্লোলজ্যোতি সিংহ   (ড° ধ্ৰুৱজ্যোতি চৌধুৰীৰ সোঁৱৰণত)   চাওঁ, তোমাৰ হাতখনত ধৰোঁ এবাৰ শ্বৰ্ট মিডউইকেটত ফিল্ডিং কৰা সেই দুখন শক্তিশালী হাত যিয়ে তুলি আনিছিল নিৰাশাৰ চাকনৈয়াত ককবকাই থকা কিমানৰ হাত   তোমাৰ আধামেলা ওঁঠ দুখনিৰ মাজত মই দেখা নাই চিগাৰেট…

কৌশল

 পৰিস্মিতা বৰদলৈ   : ক-ফলাৰ প্ৰথম দহটা বৰ্ণৰে এটা গল্প লিখিব পাৰিবি? : সেইটো আকৌ কেনেকুৱা কথা? : পাৰিবি নে নাই তাকে ক৷ কেনেকুৱা, যেনেকুৱা সেইবোৰ বাদ দে৷ : ৰচোন৷ লিখিম বুলিলেই গল্প লিখিব নোৱাৰি৷ তাতে আকৌ তই নিয়ম বান্ধি…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৬

(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)                                        নিজৰা ৰাজকুমাৰী চিটিবাছ চালক ৰামু আৰু জোচেফ, ৰিক্সাৱালা ৰহিমৰ পৰা সোণটি, শেৱালি, মিনতি, জয়ন্ত আদিলৈকে যিবোৰ চৰিত্ৰৰ মানৱীয়তা অথবা অমানৱীয়তাই, পৰিৱেশ-পৰিস্থিতিয়ে নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত নিৰ্মাণ হোৱা, ১৯৭১ চনৰ ২৬ ফেব্ৰুৱাৰিত মুক্তি পোৱা…

পুতলাটো

মূল : The Puppet, গ্ৰেবিয়েল গাৰচিয়া মাৰ্কেজ, কলম্বিয়া, সাহিত্যৰ ন’বেল বঁটা ১৯৮২ চন অনুবাদ : ড° ৰঞ্জিত দত্ত অলপ সময়ৰ বাবে  ভগৱানে যদি পাহৰি যায় মই এটা জীৰ্ণ পুতলা বুলি আৰু যদি মোক দিয়ে  এটি ভগ্নাসুৰ জীৱন  তেতিয়া হয়তো মই…