Tag ভাষা

হৈমন্তীৰ আধৰুৱা টোকা আৰু এটি ৰক্তাক্ত পুৱা

শিল্পীকা ৰাজগুৰু স্মৃতি বুলিব পৰাকৈ সময় ৰৈ নাথাকে যদিও উৰ্মি স্মৃতিৰ মাজতে জীয়াই থাকে। স্মৃতিবোৰ তাই বুকু ভৰাই উশাহত টানি লয়, আৱেগৰ হোঁচাত বুকুৰ বৰফবোৰ পানী হৈ সৰসৰকৈ চকুেৰ বৈ আহে। বৈ আহি আকৌ তাইৰ বুকুখনতে পৰে। উস্ ! বুকু বোলা…

এপোৱা চাউলৰ সাধু

ৰশ্মিৰেখা ভূঞা “এপোৱা চাউলৰ ভাত খাবি। বুইছ । তেতিয়াহে মোৰ দৰে হ’বি । মই সদায় এপোৱা এপোৱা চাউলৰ ভাত খাওঁ ।”      এপোৱা চাউলৰ ভাত খোৱা মানুহজনলৈ থৰ হৈ চাই ৰৈছিলোঁ। তেওঁৰ শীৰ্ণ শৰীৰটো চাই নিজলৈও আগ্ৰহেৰে চাইছিলোঁ। মনতে অংক কৰিছিলোঁ।…

মাইকীমুৱা

অপু ভৰদ্বাজ মই তামোল চোৰ নাছিলোঁ৷ কিছু গভাইত চোৰক মই কাইদা-কিটিপ শিকাইছিলোঁ৷ তামোল চুৰিৰ বিদ্যা নহয়, শিকাইছিলোঁ কেৰ্কেটুৱাৰ দৰে গছ বগোৱাৰ সহজ উপায়৷ একেচাটে গছৰ মূধ পাই তাৰ পৰা আনজোপালৈ হনুমন্ত জাঁপ মাৰি ফিৰাই আগৰ জোপালৈ আহি সুৰুক্‌কৈ ভূমি স্পৰ্শ৷…

দেৱতাৰ জন্ম

মূল (বাংলা) :  শিৱৰাম চক্রৱর্তী অসমীয়া অনুবাদ :  বাসুদেব দাস         ঘৰৰ পৰা ওলাওঁতে সদায় উজুটি খাব লগা হয়। প্রথম খোজ দিওঁতে শিলছটাই তেওঁৰ অস্তিত্বৰ কথা প্রৱলভাৱে মনত পেলাই দিয়ে। কেইবাদিনৰ পৰা ভাবি আছোঁ কি কৰিব পৰা যায়। সিদিনা ঘৰৰ পৰা ওলোৱাৰ সময়ত মোৰ তেনে…

অংকুৰণ আৰ্ফৰ ‘সোণৰ হৰিণ নাথাকে জানকী’ : এক সম্পৰীক্ষা

 ড° প্ৰণৱ ঢেকিয়াল ফুকন কবি অংকুৰণ আৰ্ফৰ সদ্য প্ৰকাশিত ‘সোণৰ হৰিণ নাথাকে জানকী’ শীৰ্ষক কাব্যগ্ৰন্থখন অসমীয়া কাব্যসাহিত্যৰ ক্ষেত্ৰখনত এক ব্যতিক্ৰমী প্ৰয়াস৷ গ্ৰন্থখনত মহাকাব্য ৰামায়ণৰ চিনাকি চৰিত্ৰসূহক মানৱীয় জীৱনবোধেৰে কাব্যিক ৰূপত উপস্থাপন কৰি কবিয়ে এক সম্পৰীক্ষা চলাইছে৷ ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰাৰ গণ্ডীৰ…

ওলমি থকা গোলাপী জামুৰ লগ্ন : এটি দ্ৰুত পঠন

মৃদুল শৰ্মা আধুনিক অসমীয়া কবিতাৰ জগতখনৰ এটা বহলভাৱে পঠিত আৰু চৰ্চিত কবিতা হৈছে নীলমণি ফুকনৰ ‘ওলমি থকা গোলাপী জামুৰ লগ্ন’ বুলি আৰম্ভ হোৱা (মন কৰিবলগীয়া যে কবি ফুকনে কোনো কবিতাৰে ‘নাম’ দিয়া নাই) কবিতাটো৷ অগতানুগতিক প্ৰতীক, বৈচিত্ৰ্যপূৰ্ণ চিত্ৰকল্প আৰু অতুলনীয়…

জুৰি বৰা বৰগোহাঞিৰ উপন্যাস ‘সিহঁত’ :: এজন পাঠকৰ দৃষ্টিৰে এক চমু অৱলোকন

 প্ৰাঞ্জল প্ৰতিম বৰা জুৰি বৰা বৰগোহাঞি অসমীয়া উপন্যাস সাহিত্যত এক প্ৰতিষ্ঠিত নাম। এগৰাকী ঔপন্যাসিক হিচাপে বৰগোহাঞিয়ে ইতিমধ্যে প্ৰতিগৰাকী সাহিত্যপ্ৰেমী মননশীল হৃদয়ৰ পাঠকৰ ৰুচিৰ পথাৰ সেউজ কৰিবলৈ সক্ষম হৈছে।  নিজৰ অসমীয়া উপন্যাসত বিষয়বস্তুৰ নিৰ্বাচনতেই নহয় উপস্থাপন শৈলীতো বিশেষ গুৰুত্ব প্ৰদান কৰি…

ন’বেল বঁটা বিজয়ী কবি উইলিয়াম বাটলাৰ য়েট্‌ছ

 ৰুদ্ৰসিংহ মটক   “Caught in that sensual music all neglect    Monuments of unaeging intellect.” (উইলিয়াম বাটলাৰ য়েট্‌ছ) বিংশ শতাব্দীৰ এগৰাকী অন্যতম শ্রেষ্ঠ ইংৰাজ কবি উইলিয়াম বাটলাৰ য়েটছ্। ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মৰ চাৰিবছৰ এমাহ তিনিদিন পাছত (১৮৬৫) সুদূৰ আয়াৰলেণ্ডৰ ছেণ্ডি মাউণ্টত…

চিনাকি চহৰখনৰ মাজেদি এদিন গুচি যাম

ৰণজিত গগৈ কিবা থৈ যাব পাৰিম নে নোৱাৰিম একোতো নাজানো চিনাকি চহৰখনৰ মাজেদি এদিন গুচি যাম। যেনেকৈ উকি এটা এৰি থৈ গুচি যায় ৰেল গাড়ীখন নদীৰ ঘাট এৰি পকনীয়াত পাকঘূৰণি খাই খাই পানী   এই চহৰে মোৰ কথা আৰু ক’ব…

উলাহেৰে উভতি চাওঁ—১৩

 ড° পোনা মহন্ত দিন যায় আহে ৰাতি, সময় গৈছে টুটি … হয়, সময় এইদৰে বাগৰি গৈ আছিল৷ দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত দিন৷ আৰু ক্ৰমান্বয়ে টুটি আহিছিল মোৰ তেনেই সাধাৰণ জীৱন পৰিক্ৰমাৰ শৈশৱৰ আদি ছোৱা৷ কিন্তু সেই দিনত সময়ৰ মূল্যৰ…