Tag ভাষা

চিয়ো কিটাহাৰাৰ কবিতা

মূল (জাপানী) : চিয়ো কিটাহাৰা ভাষান্তৰ: গীতুমণি তালুকদাৰ   (১) তলাৰ নাই   ধ্বংসও হ’ব পাৰে শেষ পৰিণতি আন্ধাৰত লুকুৱাই ৰখা চক্‌মকীয়া চাবিটোৰ সাৱধানেৰে ভিতৰলৈ খোঁচোতে কিছু সৰু সৰু অংশ সিঁচৰতি হৈ পৰে   ভিতৰলৈ সোমা   মাত এটাই চিঞৰে   লুটি খাই…

পণ্ডিতপ্ৰৱৰ ড° দিলীপ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি

 ৰঞ্জন ভট্টাচাৰ্য্য ড০ দিলীপ বৰুৱা ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক পৰ্যায়ৰ বিদ্বানসকলৰ মাজত এটা চিনাকি নাম৷ যোৱা শতিকাৰ ষষ্ঠ দশকতে শ্যেফিল্ড্ বিশ্ববিদ্যালয়ৰ পৰা মানৱতাবাদী বিপ্লৱী লেখক, চিন্তাবিদ এড্‌ৱাৰ্ড কাৰ্পেণ্টাৰৰ সাহিত্যৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা ড০ দিলীপ বৰুৱা আছিল বেনাৰস বিশ্বিদ্যালয় আৰু লীড্‌ছ বিশ্ববিদ্যালয়ৰ পৰা…

গছ

ইছমাইল হোছেইন   প্ৰতিজন মানুহেই গছৰ দৰে জীয়াই থাকিব খোজে, গছ হ’ব নোৱাৰে; প্ৰতিজন মানুহেই গছৰ দৰে সেউজীয়া হ’ব খোজে, সেউজীয়া হ’ব নোৱাৰে; গছ হ’ব নোৱৰাৰ দুঃখত মৃত্যুৱে গচকে চোতাল৷   ধৰ্মীয় বিশ্বাসত আতুৰ মানুহবোৰে ভাবে‍— সৃষ্টিকৰ্তাৰ ইচ্ছাত জীয়াই থাকে…

নির্ভাৰ

অলকেশ কলিতা   মাটি, আজিৰ পৰা মোক নাম কাঢ়ি নামাতিবা। এইমাত্ৰ এজাক ধাৰাসাৰ বৰষুণত মোৰ নামটো ধোৱা গৈছে। তেনেকৈয়ে মই তোমাত মিহলি হৈ গৈছোঁ। উঁয়ে খোৱা এচটা কামি। পুনৰ পোহৰ হ’বৰ বাবে ঢেৰ বীজ সিঁচি দিয়া হ’ব জানানে! এক পলকতে মই…

এক আচৰিত সৌভাগ্য

সঞ্জীৱ সভাপণ্ডিত মোৰ গান হওক … গীতিকাৰ–গায়কজনে গানটো লিখিলে, সুৰ দিলে, গাই দিলে৷ সুন্দৰ গান, ব্যতিক্ৰমী গান৷ নতুন সোৱাদৰ গান৷ বাস্তৱ গান৷ গানটোৰ জন্মৰে পৰা গানটো জীয়াই আছে আৰু সদায়েই তেনেকৈয়ে থাকিব বুলি ধাৰণা হৈছে৷ কাৰণ গানটো কোনো ঘটনাক লৈ লিখা নাই৷…

‘অলপ আন্ধাৰত অলপ পোহৰত’ কাব্যগ্ৰন্থত সপোন আৰু বাস্তৱৰ সেতুবন্ধন

ৰুদ্ৰসিংহ মটক “Genuine poetry can communicate before it is understood.” (টি. এছ. এলিয়ট)। কবিতাৰ সোণালী দাপোণতে প্ৰতিবিম্বিত হয় স্বদেশ-স্বকালৰ ছবি, পোহৰৰ পৃথিৱীৰ নন্দিত ৰূপ। ভাষাৰ জড়তা, সৌন্দর্যহীন কৃত্রিমতা-যান্ত্রিকতাই কবিতা-অনুৰাগীক সততে হতাশ কৰা এক প্রতিকূল পৰিস্থিতিতো কবিতা জীয়াই আছে দেশে দেশে,…

জীৱন এনেকুৱাই

মূল বাংলা: ৰক্তিম তমাল গাঙ্গুলী অনুবাদ: মনালিছা পাঠক নেওগ ঘৰৰ খিৰিকীয়েদি উৰি ফুৰা বতাহে কেতিয়াও অনুমতি বিচাৰি প্ৰৱেশ নকৰে৷ প্ৰেমেও অনুমতি নিবিচাৰে৷ মৃত্যুৱেও অনুমতি নিবিচাৰে৷ কিছুমান মানুহে তেনেকৈয়ে অনুমতিৰ পৰোৱা নকৰে৷ চিত্ৰাও তাৰ মাজত অন্যতম৷ ব’হাগ মাহৰ দুপৰীয়া৷ বাহিৰত পকা…

ৰঙ্গমঞ্চৰ ঐতিহ্য আৰু বালিগাঁৱৰ সন্মিলিত শিল্পী সমাজ (ৰংঘৰ)-ৰ সোণোৱালী অতীত

  প্ৰদীপ কুমাৰ বৰুৱা নাট্যশালা, নাট্যমন্দিৰ বা ৰঙ্গমঞ্চ অসমৰ সমাজ-সংস্কৃতিৰ এক অবিচ্ছেদ্য অঙ্গ৷ ত্ৰিছ বা চল্লিছ বছৰৰ আগতে ‘ৰঙ্গমঞ্চ’ বুলিলে মানুহে proscenium (প্ৰেক্ষাগৃহ)-ত বহি কোনো নাট্যাভিনয় উপভোগ কৰিব পৰা প্ৰমোদগৃহকে বুজিছিল৷ কিন্তু বৰ্তমান Arena Theatre বা Theatre in the round–ৰ বিষয়ে বিভিন্ন আলাপ-আলোচনা হোৱা পৰিলক্ষিত হয়৷ উল্লেখ কৰাটো…

বাঘিনীৰ সত্য জীৱন কাহিনী

‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম  এইদৰে অনেক পুৰণা কথা ভাবি ভাবি মোৰ চিল্‌মিলীয়া টোপনি আহিছিল। হঠাৎ কণমানি খইৰীৰ ‘ইয়াওঁ ইয়াওঁ’ মাত শুনি মই উঠি টর্চ মাৰি চালোঁ। খইৰী তাইৰ মানৱী-মাতৃৰ শাৰীৰ ওপৰত নিশ্চিন্তমনে শুই…

বিপন্ন প্ৰাণী কাছৰ সংৰক্ষণত মঠ-মন্দিৰৰ ভূমিকা

বুবুল শর্মা  কাছই সুদীৰ্ঘকাল ধৰি আমাৰ চাৰিওফালে বসবাস কৰি আহিছে৷ প্ৰায় দুশ নিযুত বছৰ পৃথিৱীত তিষ্ঠি থকাৰ পাছতো, আজিৰ পৃথিৱীত কিন্তু কাছ বিপন্ন হৈ পৰিবলগা হৈছে, বিশেষকৈ ভাৰতবৰ্ষত৷ সাপ, জেঠী আৰু কাছ সৰীসৃপ (Reptila) জীৱ৷ ৰেপটেলিয়া অৰ্থাৎ বগাই নাইবা চুঁচৰি যোৱা জীৱ৷ কাছৰ বিষয়ে…