Tag ভাষা

বিভ্ৰমৰ জগত আৰু বাস্তৱৰ জন্নত

পৰিস্মিতা বৰদলৈ (জীৱনৰ পৰা পলাই নহয় জীৱনক প্ৰত্যাহ্বান জনাই উদ্‌যাপন কৰিব বিচৰা প্ৰতিজনৰ হাততে) আগকথা : জীৱন দূবৰিবনৰ দলিচাৰ দৰে নিমজ নহয়, নহয় সমতলৰ দৰেই সমান৷ সেইবুলি পংকিল সময়ৰ অজুহাত লৈ সমগ্ৰতাক দোষ দিয়াটো জানো সমীচীন? কাঁইটৰ মাজতেই গোলাপ ফুলে৷ গোবৰৰ…

গ্ৰন্থজগতৰ শেহতীয়া ৰেহ-ৰূপ

ৰঞ্জুমণি মহন্ত “পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা”— সত্যনাথ বৰাদেৱৰ ‘সাৰথি’ পুথিখনৰ ‘পুথি অধ্যয়ন’ শীৰ্ষক লেখাটোত উল্লেখ থকা এই বাক্যটোৱে মনৰ মাজত এনেভাৱে খাজ কাটি থৈছে যে যেতিয়াই আমি আমাৰ জীৱনত কিতাপৰ ভূমিকাৰ কথা ভাবোঁ, তেতিয়াই এই বাক্যটো মনলৈ আহে৷…

‘ওলমি থকা গোলাপী জামুৰ লগ্ন’ বিচাৰৰ প্ৰয়াস

ড° মৃদুল শৰ্মা আধুনিক অসমীয়া কবিতাৰ জগতখনৰ এটা বহুলভাৱে পঠিত আৰু চৰ্চিত কবিতা হৈছে নীলমণি ফুকনৰ ‘ওলমি থকা গোলাপী জামুৰ লগ্ন’ বুলি আৰম্ভ হোৱা কবিতাটো৷ অগতানুগতিক প্ৰতীক, বৈচিত্ৰ্যপূৰ্ণ চিত্ৰকল্প আৰু অতুলনীয় সংযমী ভষাভঙ্গীৰ বাবেই বহু কাব্যৰসিকক কবিতাটোৱে অসুবিধাটো পেলাই আহিছে৷ এই…

শিশুৰ মাত-কথা

 মুন্মি মহন্ত প্ৰত্যেক শিশুৰে মাত সমান বয়সত নুফুটে। সকলোৰে ক্ষেত্ৰত ভিন্ন হয়। কিছুমানে এবছৰ পাৰ হোৱাৰ পাছতে বাক্য ক’বলৈ শিকে আৰু আন কোনোৱে শিকে কিছু পলমকৈ। শিশুৰ মাত-কথাৰ ক্ষেত্ৰত মাকগৰাকীৰ ভূমিকা যথেষ্ট মন কৰিবলগীয়া। কাৰণ শিশুৱে সকলোতকৈ বেছি মাককে অনুকৰণ…

প্ৰকৃতি

দাদুল দেৱকৃষ্ণ ৰাতিৰ বৰষুণজাকে ঠাণ্ডা আগতকৈ দুগুণ কৰিলে। দুগুণ কৰিলে মানে আঘোণ মাহতে পুহমহীয়া জাৰ নমাই আনিলে। আজি বিছনাৰ পৰা নামিবলৈকে বনানি আৰু বিটপীৰ মন যোৱা নাই। লেপৰ উম্ এৰিবলৈ এজনীয়েও মন কৰা নাই। ইফালে আইতাকে জুই জ্বলাই লৈ তাহাঁতক জুহাললৈ মাতি…

উলাহেৰে উভতি চাওঁ-১১

ড০ পোনা মহন্ত মোৰ ওপজা ঠাইখনৰ আনুষ্ঠানিক নাম সত্ৰ যদিও উজনিৰ সাধাৰণ গাঁও এখনৰ সৈতে ইয়াৰ বিশেষ পাৰ্থক্য নাই৷ বৰপেটা বা মাজুলীৰ অগৃহস্থী সত্ৰসমূহৰ দৰে ইয়াত কোনো হাটী বা ভকত থকাৰ সুকীয়া বাসগৃহৰ ব্যৱস্থা নাই৷ যিহেতু মহন্ত আৰু অমহন্ত সকলোৱেই গৃহস্থী, সেয়ে…

অজিৎ বৰুৱা — অসমীয়া কবিতাৰ ভাষা নিৰ্মাণৰ স্থপতিবিদগৰাকী

 ৰত্না ভৰালী তালুকদাৰ নিক’লা ফুচিনা (Nicola Fucigna) একেৰাহে এগৰাকী কবি আৰু স্থপতিবিদ৷ তেখেত কনষ্ট্ৰাকশ্যন (constructionlitmag.com) নামৰ অনলাইন আলোচনী এখনৰো মুখ্য সম্পাদক৷ আলোচনীখনত ‘পয়েট্ৰি এণ্ড আৰ্কিটেকচাৰ’ নামৰ এটা দীঘলীয়া নিবন্ধত তেখেতে কবিতা আৰু স্থাপত্যবিদ্যাৰ মাজৰ কিছুমান সম্পৰ্কৰ কথা কৈছে৷ নিবন্ধটিত তেখেতে কবিতা…

মূল কবিতা: ছাৰা টীজডে’ল

অসমীয়া অনুবাদ: গীতুমণি তালুকদাৰ(ছাৰা টীজডে’ল (৮ আগষ্ট, ১৮৮৪ – ২৯ জানুৱাৰি‍, ১৯৩৩) এগৰাকী আমেৰিকান কবি৷ তেখেতৰ সম্পূৰ্ণ নাম ছাৰা ট্ৰেভ’ৰ টিজডেল৷ তেখেতেই ১৯১৮ চনত  কবিতাৰ বাবে  ‘কলম্বিয়া  বঁটা’ লাভ কৰা প্ৰথমগৰাকী কবি,  যিটো পাছত পুলিৎজাৰ বঁটা (কবিতাৰ ক্ষেত্ৰত) হিচাপে জনা যায়৷)  ৷৷ দুৰ্গুণ ৷৷তেওঁলোকে মোৰ ওচৰলৈ আহিছিলআপোনাৰ দুৰ্গুণবোৰৰ…

অনূদিত কবিতা

মূল : ফৰাচী ঝঁ ফ’ল্যাঁ (Jean Follain) অনুবাদ : ড° প্ৰশান্ত মিশ্ৰ (১৯০৩ চনৰ ২৯ আগষ্টত জন্মগ্ৰহণ কৰা ঝঁ ফ’লাঁ (Jean Follain) পেছাত আৰম্ভণিতে অধিবক্তা আৰু পাছলৈ এগৰাকী ন্যায়াধীশ হয়গৈ। ফ্ৰান্সৰ অন্য কবিসকলতকৈ  কিছু পৃথক এই কবিগৰাকীৰ কবিতাত পূব এছিয়াৰ সাহিত্যৰ, ঘাইকৈ…

নিজগৰী

নীলিমা ঠাকুৰীয়া হক  কেঁচীৰে কেঁচ কেঁচকৈ কলাফুললৈ কাটি দিলেতাৰ উঁৱলি যোৱা জিনছৰ তলছোৱাকেঁচ কেঁচ শব্দটোৱে আৰু বহু কিবাকিবি কাটিলেএঙেৰুৱা ছালৰ তলত ঘাম হৈ বৈ থকা কথাবোৰ তাৰ আকাশখনো বিবৰ্ণ জিন্‌ছতলত বানৰ বালিয়ে পোতা গাঁওখনৰ কবৰস্থানখেৰৰ চালত সপোনৰ তৰাফুল গুজি দিব নোৱাৰেজীৱনৰ এছোৱা…