গছ

ইছমাইল হোছেইন

 

প্ৰতিজন মানুহেই গছৰ দৰে
জীয়াই থাকিব খোজে,

গছ হ’ব নোৱাৰে;

প্ৰতিজন মানুহেই গছৰ দৰে
সেউজীয়া হ’ব খোজে,

সেউজীয়া হ’ব নোৱাৰে; গছ
হ’ব

নোৱৰাৰ দুঃখত মৃত্যুৱে
গচকে চোতাল৷

 

ধৰ্মীয় বিশ্বাসত আতুৰ
মানুহবোৰে ভাবে‍—

সৃষ্টিকৰ্তাৰ ইচ্ছাত
জীয়াই থাকে প্ৰাণী আৰু উদ্ভিদ জগত;

ভাবনাৰ সৃষ্টিকৰ্তাজনেই কাৰোবাৰ বাবে ভগৱান,

কাৰোবাৰ বাবে আল্লাহ আৰু
কাৰোবাৰ বাবে গড্৷

 

গছৰ দৰে সেউজীয়া হ’ব পৰা
হ’লে

মৃত্যুঞ্জয়ী হ’লহেঁতেন
মানুহবোৰ;

কাৰণ, প্ৰতিডাল গছেই
জীৱনদায়িনী মন্দিৰ,

য’ত বিশ্বাসৰ ভগৱান থাকে;

প্ৰতিডাল গছেই জীৱনৰ
সুৰক্ষক মছজিদ,

য’ত বিশ্বাসৰ আল্লাই
আশ্ৰয় লয়;

প্ৰতিডাল গছেই জীৱনৰ
প্ৰশান্তিস্থল গীৰ্জা,

য’ত বিশ্বাসৰ গডে বিশ্ৰাম
লয়৷

 

গছে গীত গায়, কথা পাতে
সূৰ্যৰ স’তে— আপুনি নুশুনে;

গছে নৃত্য কৰে, খোজকাঢ়ে
বতাহৰ স’তে— আপুনি নেদেখে;

কাৰণ, আপুনি গছৰ সৈতে
কোনোকালেই কথা নপতা মানুহ৷

 

গছৰ সৈতে কথা পাতিব
জানিলে

গছ হ’ব পাৰে আপোনাৰ
একান্ত বিশ্বস্ত;

তেতিয়া গছে গুপুত কথাৰে
জিনিব পাৰে আপোনাৰ হৃদয়,

নানাসুৰী গীতেৰে উজলাই
তুলিব পাৰে আপোনাৰ মনৰ দিগন্ত৷

 

শংকৰদেৱে শুনিছিল গছৰ
গীত, গছৰ ভাষা,

সেইবাবেই তেওঁ ক’ব
পাৰিছিল— এক বৃক্ষ দশ পুত্ৰসম;

তেতিয়াৰে পৰাই তেওঁৰ
বুকুৰ পথাৰে পথাৰে শিপাইছিল

কথা কোৱা গছৰ নানাৰঙী
শিপা৷

 

গছৰ স’তে প্ৰেম কৰিব
জানিলে

অপোনাৰ বুকুতো শিপাব পাৰে
শিপা;

আপুনিও গছৰ দৰে সেউজীয়া
হৈ উঠিব পাৰে,

ঠিকনা হ’ব পাৰে
চৰাই-চিৰিকটিৰ

অশ্ৰয় হ’ব পাৰে ভাগৰুৱা
পথিকৰ;

ফুল হৈ ফুলিব পাৰে, ফল হৈ
পকিব পাৰে,

অম্লজান বিলাব পাৰে
মানুহৰ হৃদয়ত৷

 

গছ আৰু প্ৰকৃতিক জীয়াই
ৰাখিব জানিলে

গছেও মানুহক জীয়াই ৰাখিব
অনন্তকাল;

গছ হ’ব পাৰে ভগৱানৰ
বিকল্প, গছ হ’ব পাৰে আল্লা,

গছ হ’ব পাৰে গডৰ অন্য
নাম৷

 

গছক ভাল পালেও গছৰ দৰে
হোৱাটো বৰ টান কাম,

গছে শুনাই থাকে কল্যাণ
খৰমান ৰাগ;

বুকু পাতি ল’ব লাগে
কুঠাৰৰ অনেক দাগ৷

 

ঠিকনা :

জ্যেষ্ঠ প্ৰবক্তা, পাৱেট,

যোৰহাট— ১

ভ্ৰাম্যভাষ— ৭০০২১০৪৭