আহিব লগা প্ৰতিটো ফাগুনে ক’ব
দেৱাশিস বুঢ়াগোহাঁই কাঞ্চন ফুলিছে শিমলু-তুলা উৰিছে ডাঙৰকৈ নক’বা বাহিৰে-ভিতৰে পাতল হৈ পৰিছোঁ এই উৰি যাওঁ, উৰি যাওঁ মনৰ ভিতৰত trending-ত থকা cringe গান এটা বাজি আছে পুৱতি নিশা পূৰ্ণচন্দ্ৰৰ জোনাক গছৰ ফেৰেঙনিৰে, ভেণ্টিলেটৰেৰে বগুৱা বাই মোৰ কোঠাত সোমাইছে…