হৃদয় বাঙ্ময়
ববিতা কলিতা বৰ্ণৰ জ্যামিতিক ভাঁজবোৰৰ পৰা সৰীসৃপ এটাৰ দৰেই গা পিছলাই ওলাই আহে এলিজাবেথ৷ শব্দৰ শতৰঙী ব্যঞ্জনাক উটুৱাই দিয়ে তাই নৈঃশব্দৰ নদীত৷ বিশ্বব্যাপ্ত সাত সহস্ৰাধিক ভাষা আৰু সেইসমূহৰ ঠাল-ঠেঙুলিয়ে সৃষ্টি কৰা বিভাজনৰ জালিকাখনৰ পৰা আজি-কালি সুৰুঙা পালেই ওলাই আহিব বিচাৰে…