Tag পৰিৱেশ

মানুহ – অমানুহ

চিত্তৰঞ্জন ওজা   মানুহজনৰ বহু দিনৰ অপেক্ষাৰ অন্ত পেলাই এজেণ্ট কে কেৰ অশেষ কষ্টৰ মূৰত জাহাজ এখন গোটাব পৰা গ’ল৷ তামিলনাডুৰ এখন অখ্যাত গাঁৱৰ পৰা আৰম্ভ কৰা এই যাত্ৰা চাৰি দিনলৈ চলিব৷ তাৰ পাছত এটা নিজান দ্বীপত ভৰি থব পাৰিব৷…

গৈৰিক ভৈৰৱ

 উদয় কুমাৰ বৰুৱা   ৰাতিৰ নীৰৱতা ভেদি কোমল বতাহত ভাহি আহিছিল সুৰৰ গৈৰিক ভৈৰৱ সপ্তস্বৰত  মেৰখাই পৰিছিলো   অনুভৱৰ স্তৰে স্তৰে বিয়পি পৰিছিল কি এক সোণালী জ্বালা ৰাগৰ ছন্দে-ছন্দে এই আৰোহন এই অৱৰোহন যেন গৈ আছো ল’ৰালিৰ ধুলিময় প্ৰাচীন গো-বাটটোৰে…

যুদ্ধ, বিধ্বস্ত শৈশৱ ইত্যাদি

 লুইতজ্যোতি শৰ্মা   ২০১৪ চন৷ মাহমুদ৷ খেতিয়ক য়াফাৰ কাডিৰৰ পুত্ৰ মাহমুদৰ কথা কোনোৱে শুনা নাই৷ মাহমুদৰ সপোন, দিঠক আৰু ভৱিষ্যতৰ কথাও কোনোৱে আজিলৈকে ভবা নাই৷ ইজৰাইল সীমাৰ পৰা এক মাইল দূৰত্বত গাজাৰ এক ধ্বংসপ্ৰায় অঞ্চলত নিজৰ সপোনৰ ভগ্নাৱশেষৰ মাজত বিষণ্ণতাৰ…

ধেৱাই ধোৱা ধৰণী

  অজিত ছিংনাৰ (ছয়)  তেমেকাহঁঁতৰ গাঁওখনৰ পৰা উত্তৰ ফালে কলং নদীখন পশ্চিমৰ পৰা পূবলৈ বৈ গৈছে৷ এই শীতকালত কলঙৰ পানী ভালেখিনি কম, মাজত এবুকুমানহে পানী থাকে, ঠায়ে ঠায়ে খোজ কাঢ়ি পাৰ হ’ব পাৰি৷ কলঙৰ পাৰতে গৰখীয়াবোৰে ভোগালী বিহুৰ মেজি সাজিছে৷…

বিহুববীয়া চিন্তাৰ বুৰবুৰণি

  বিহুটিক সম্মুখত লৈ নতুন বছৰ এটা আকৌ আহিল৷ বছৰেকত নতুন বছৰ দুবিধ, আমাৰ বাবে দুবাৰকৈ আহে৷ এবাৰ এবিধ পুৰণি বছৰ যায়গৈ৷ তেতিয়া আমি খাই-বৈ স্ফূৰ্তি কৰি পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰি ‘হেপ্পী নিউ য়েৰ’ বুলি চিঞৰোঁ, উল্লাসত ফাটি পৰোঁ–…

আদিংগিৰি : সম্ভাৱনাময় প্ৰাপ্ত-স্থানক

 নীলোৎপল বৰুৱা   মহানগৰীৰ হট্টগোল আৰু কংক্ৰিটৰ অৰণ্যৰ পৰা নাতিদূৰৈত আদিংগিৰি টিলা৷ টিলাটো প্ৰাকৃতিক আশীৰ্বাদপুষ্ট৷ আনন্দময়৷ টিলাটোৰ‌পৰা সন্ধ্যা  মালিগাঁৱৰ ব্যস্ত ৰাজপথ আৰু দোকান পোহাৰবোৰ এখন চাইক’ডেলিক লেণ্ডস্কেপৰ দৰে দেখা যায়৷ হেৰাই যাব পৰাকৈ যথেষ্ট৷ আদিংগিৰিক আদিতে দুৰ্গা সৰোবৰ হিচাপে জনা…

পৰিশ্ৰমী পেছা

 পঙ্কজ প্ৰতীম বৰদলৈ বসন্ত ঋতুৰ আগমন ঘটিছে৷ এপ্ৰিল মাহ৷ অসমীয়াৰ আদৰৰ বহাগ মাহ৷ বহাগ মাহৰ সুকীয়া যি এক মাদকতা আছে, সি বছৰৰ আন কোনো সময়তে অনুভৱ নহয়। ২০২৪ চনৰ বহাগ মাহত অসমীৰ ৰাইজে আন এক মাদকতা সোৱাদ লাভ কৰিব৷ সেয়া…

সঙ্গীতৰ মহিমা

 অমৃত গোস্বামী   কালি জুপুকা মাৰি থাকিয়েই মই দিনটো কটালোঁ; গা-মন দুয়োটাই মোৰ কালি ভাল‌ নাছিল৷ সন্ধিয়া সময়ত মনটো অকণমান সতেজ হওক বুলিয়েই মোৰ প্ৰিয় গান কেইটামানকে শুনিবলৈ লৈছিলোঁ৷‌ এনেদৰে কেইবাটাও গান শুনাৰ পাছত, এটা গান মোৰ বিশেষভাৱে ভাল লাগিল৷…

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী   ‘হু’ৰ কাণৰ খোপত বহি আইনাখনৰ ভিতৰৰপৰাই বাটলুৱে অচিনাকী জগতখন হেঁপাহ পলুৱাই চাবলৈ ধৰিলে৷ সি যিমানবোৰ গছ-গছনি দেখিলে আটাইবোৰ ৰঙচুৱা– কেৱল ডাল কিছুমানহে আছে, পাত-ফুল একো নাই৷ কিছুমানতো একেবাৰে ক’লা, এঙাৰৰ নিচিনা৷ মাটিবোৰো ৰঙচুৱা, ঠায়ে ঠায়ে একেবাৰে ক’লা৷…

ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী (দ্বিতীয় অধ্যায়) (১)   কণ্ঠ নে কলম ? কোনটোত অগ্ৰাধিকাৰ দিওঁ ? মনৰ ভিতৰত দ্বন্দ্ব চলি থাকোঁতেই আকৌ গানৰ ক্ষেত্ৰখনত নতুন জাগৰণ আৰম্ভ হ’ল৷  আমাৰ গাঁওখন সাংস্কতিক ক্ষেত্ৰত তাহানিৰ পৰাই আগৰণুৱা আছিল৷  গাঁৱৰ মাজতে বৰনামঘৰটো৷  বৰনামঘৰৰ গাতে লাগি আছে মুকলি…