Tag সংস্কৃতি

অসম সাহিত্য সভাৰ প্রথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

নৱনীতা ভট্টাচাৰ্য্য দ্বিতীয় খণ্ড  অসম সাহিত্য সভাৰ প্রথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো যোৱা খণ্ডত দিয়া কথা ৰাখি আজি তোমালোকক পদ্মনাথ গোহাঞি বৰুৱাৰ ভাষণটোৰ বিষয়ে অলপ ক’ম বুলি ভাবিছোঁ ৷ এই ভাষণটি হ’ল অসম সাহিত্য সভাৰ প্ৰথম অভিভাষণ৷…

উলাহেৰে উভতি চাওঁ – ২১

 ড০ পোনা মহন্ত  আজি ১৭ ছেপ্টেম্বৰ৷ বিশ্বকৰ্মা পূজা৷ কল–কাৰখানাৰ শ্ৰমিকসকল আৰু বিভিন্ন যন্ত্ৰ–পাতিৰ সহায়ত কাম কৰি জীৱিকা উলিওৱা লোকসকল এতিয়া নিশ্চয় উৎসৱৰ উখল–মাখলত আত্মহাৰা হৈ আছে৷ কপালৰ ঘাম–মাটিত পেলাই শ্ৰম কৰাৰ পাছত এইয়া যেন ক্ষণিকৰ জিৰণি৷ অতীতৰ কথা সোঁৱৰণ কৰি…

সম্পাদকীয়

শৈক্ষিক কৰণীয়, জাতীয়তা আদিৰ প্ৰসঙ্গত ছাত্ৰসমাজক লৈ কিছু চিন্তা         দেশে স্বাধীনতা অৰ্জন কৰাৰ পাছৰ বছৰবোৰতো অসমৰ জাতীয় জীৱন অনেকটা বিষয়ক কেন্দ্ৰ কৰি অস্থিৰ আৰু অনিৰাপদ হৈ আছে৷ বিভিন্ন কাৰণত অসমীয়া জাতীয় সত্তাৰ ভৱিষ্যৎ অন্ধকাৰ হোৱাৰ আশঙ্কাত ভুগি দলে…

কেইখনমান পানীৰঙী চিত্ৰ, উইলিয়াম লুকাৰ জুনিয়ৰ আৰু ৱিটিছ ভাৰতীয় সেনা

 পঙ্কজ প্রতিম বৰদলৈ  ১৯১৯ চনৰ ২৮ জুনত স্বাক্ষৰিত হোৱা ভাৰ্চাই চুক্তিয়ে আনুষ্ঠানিকভাৱে প্ৰথম মহাসমৰৰ অন্ত পেলায়। সেই একে বৰ্ষৰে জুলাই মাহত গোৰ্খা ৰাইফল্‌ছৰ কৰ্ণবাহাদুৰ ৰাণাই গৌৰৱেৰে হাতত তুলি লৈছিল অতি সন্মানীয় ভিক্টৰীয়া ক্ৰ’ছ। যুদ্ধক্ষেত্ৰত দেখুওৱা অতুলনীয় সাহসিকতাৰ বাবে, সি আছিল সেই সময়ৰ সৰ্বোচ্চ সন্মান।…

পখিলাৰ পাখিত ধুমুহা

 লোপামুদ্ৰা ভট্টাচাৰ্য          ‘‘মা, তুমি butterfly effect মানে কি জানা নে?’’        মৃদুৱে মূৰ জোকাৰিলে৷ শঙ্কুৰ যে পঢ়াৰ পৰা উঠিবলৈ হৈছে তাই গম পাইছে৷ এনেকুৱা সময়তে সি এনে ধৰণৰ কথা কিছুমান উলিয়াই লয়৷ মাকে নজনা বিষয়বস্তুৰ ওপৰত ভাষণ এটা…

সিপাৰে বেলি এইপাৰে ডাৱৰ

 পৰিস্মিতা বৰদলৈ   বাহিৰত মুষলধাৰে বৰষুণ নামিছে৷ ঝৰঝৰ! ঝৰঝৰ! আধাখোলা খিৰিকীৰে উৰিব লাগিছে ৰেচমী পৰ্দাখন৷ পৰ্দাখনৰ ৰংটো কুহুমবুলীয়া৷ খিৰিকীখনৰ ওচৰতে ৰৈছেহি তাই৷ সোমাই অহা এচাৰকণি চিটিকি পৰিছে তাইৰ গালেমুখে, চকুৰ দুপতাত আৰু তাইৰ খোলা চুলিত৷ তাই আজি ৰ’দৰঙী কুৰ্তি এটা…

চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত শিকোৱাৰ সম্পৰ্কত

ড° অমৃত গোস্বামী   বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় দুয়োখন চৰকাৰৰ দুয়োজন মূৰব্বীৰ মনোভাৱ এনেকুৱা যেন তেখেতসকলেহে সকলো জানে, বাকীসকলে ভবা বা কোৱা কথাৰ কোনো গুৰুত্ব নাই৷ কেৱল তেখেতসকলে যি ভাবে বা চিন্তা কৰে, সেইটো কেতিয়াও ভুল হ’ব নোৱাৰে৷ তেখেতসকলৰ পাৰিষদবৰ্গয়ো তেখেতসকলৰ নিজৰ বিচাৰ-বুদ্ধিৰে গাদী…

দেশ, কাল আৰু কবিতা

মূল : জীবনানন্দ দাশ (বাংলা) অনুবাদ : নিৰোদ গোহাঁই  কবিতা বুলিলে যদি কোনো এখন দেশৰ এটা বা অৰ্ধশতকৰ কাব্যক বুজায় তেনেহ’লে কবিতা সম্বন্ধে প্ৰায় সম্পূৰ্ণ আলোচনা বেছি সহজসাধ্য হ’ব, বেছি সফলতা, প্ৰায় গাণিত্যিক শুদ্ধি আশা কৰা যাব পাৰে৷ কিন্তু এই…

এপ্ৰেণ্টিচশ্বিপ বা শিক্ষানবিচী : দ্বৈত বৃত্তিগত প্ৰশিক্ষণ আৰু কাৰখানা-উন্মুখ প্ৰতিভাৰ বিকাশ

ড° ভাৰত বৰুৱা    ক’ভিড অতিমাৰিৰ বাবে সমগ্ৰ বিশ্বৰেই কাৰখানাসমূহত কৰ্মীৰ অভাৱে দেখা দিলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঔদ্যোগিক ইতিহাসত ইয়াক “দ্যা গ্ৰে’ট ৰেজিগনেশ্যন” বুলি কোৱা হৈছে। কেৱল ২০২১ চনতেই আমেৰিকা  যুক্তৰাষ্ট্ৰত ৪৭ মিলিয়ন কৰ্মীয়ে ইস্তফা দিয়ে। এই ইস্তফাৰ কেইবাটাও অন্তৰ্নিহিত কাৰণ আছে,…

ব্যৱসায় ভিত্তিত বাঁহ খেতি

 সত্যজিৎ গগৈ   অসম এখন কৃষিপ্ৰধান ৰাজ্য। ইয়াৰ জলবায়ু খেতিৰ বাবে বৰ উপযোগী। অসমত কেৱল যে ধান বা চাহ খেতিয়েই কৰা হয়, এনে নহয়। ধান বা চাহৰ উপৰি কল, মৰাপাট, কুঁহিয়াৰ, নেমু আদিৰ খেতিও যথেষ্ট পৰিমাণে কৰা হয়। অসমত বাঁহ খেতি…