Tag সংস্কৃতি

বচা বকুল

 ৰমানন্দন বৰা তেৰ   নৈ কাষৰ গছৰ থিৰতা নাই৷ নৈ পাৰৰ মাটিৰ থিৰতা নাই৷ কেতিয়া কোন পাকত খহনীয়াই নিয়ে ঠিকনা নাই৷ নৈ সিপাৰৰ মাটি থাকিলে ৰোৱা-তোলা কৰা কত আহুকলীয়া কাম, জানোতাইহে জানে৷ তথাপি নৈৰ বুকুতে মানুহে জীৱনৰ সপোন বিচাৰে৷ নৈৰ…

হেমাংগ কুমাৰ দত্তৰ কবিতা : এক পৰ্যালোচনা

 টুনুজ্যোতি গগৈ অসমীয়া সাহিত্য জগতত এগৰাকী মননশীল কবি আৰু প্ৰাবন্ধিক  হিচাপে‍ এক স্বকীয় আৰু সবল পৰিচয় গঢ় দিবলৈ সক্ষম হোৱা হেমাংগ কুমাৰ দত্ত (জন্ম : ১৯৭৩) ২০০৬ চনৰ পৰা অজ্ঞাত কাৰণত নিৰুদ্দেশ হৈ থকাটো অসমৰ বৌদ্ধিক জগতৰ বাবে এক বেদনাদায়ক…

আইনষ্টাইনৰ হেৰোৱা চিঠি আৰু মৌ-মাখিৰ স্পন্দিত নৃত্য

 ড° পবন কুমাৰ চহৰীয়া   আইনষ্টাইন নামটো উচ্চাৰিত হ’লেই আমাৰ মনলৈ আহে অবিন্যস্ত চুলি আৰু সোত–মোচ খোৱা কাপোৰ–কানিৰে ভাবুক মুখৰ ছবি এখন আৰু লগতে আপেক্ষিকতাবাদৰ সেই বিখ্যাত সমীকৰণটো৷ আমাৰ ধাৰণা, আপেক্ষিকতাবাদ অবিহনে যেন বিজ্ঞানৰ জগতত আইনষ্টাইনৰ আৰু আন ক’তো একো পৰিচয় নাই। আজি আমি…

জাল কটা জুই

ডা০ নয়নজ্যোতি শৰ্মা   অদৃশ্য মকৰাজালত গাঁথ খোৱা পাত এখিলাৰ দৰে হাছিনা নিৰ্ভাৰ হৈ ওপঙি আছে। অভ্যাসৰ চিনাকি পৃথিৱীখন ইতিমধ্যে ভস্মসাৰ হৈ পৰিছে। তাৰ ঠাইত থিতাপি লৈছে ধূলি-ধোঁৱা-ছাই আৰু দুৰ্ভাগ্যৰ এক নতুন গ্ৰহান্তৰ। আৰু সেই কৃষ্ণগহ্বৰসদৃশ অৱস্থিতিয়ে পুৰণি পৃথিৱীখনৰ স্মৃতি পৰ্যন্ত…

ৰাজপথ বুৰঞ্জীৰ নতুন আধাৰ

ধ্ৰুৱজ্যোতি দাস ৰাজপথবোৰে একোটা বিশুদ্ধ বাক্য গাঁঠনিৰ বাবে জিদ ধৰিছে যাৰ অভাৱত যোগাযোগ হেৰাই গৈছে আকাশ আৰু মাটিৰ আন্দোলনৰ শ্লোগানবোৰ হৈ পৰিছে বিক্ষিপ্ত আৰু চোকহীন এটা শৃংখলাৰ বাবে ৰাজপথবোৰৰ মানুহৰ ওচৰত পুৰণিকলীয়া আৰ্তি   ৰাজপথে তাৰ ওপৰেৰে চলাচল কৰা গাড়ী-মটৰৰ…

অসম সাহিত্য সভাৰ প্রথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

নৱনীতা ভট্টাচাৰ্য্য আজি তোমালোকক সাৰুৱা কথাকেইষাৰমান ক’ম বুলি ভাবিছোঁ। সাৰুৱা বুলি এইবাবেই কৈছোঁ, সাৰে যেনেকৈ মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰি গছ এজোপা লহ-পহকৈ বাঢ়ি যোৱাত সহায় কৰে, ঠিক তেনেদৰে এই কথাবোৰেও তোমালোকৰ মানসিক শ্ৰীবৃদ্ধিত সহায় কৰিব। মানসিক শ্ৰীবৃদ্ধি বুলি কওঁতে…

মুক্তি

অজিত ছিংনাৰ   এটা শিলৰ ওপৰত বহি ছাৰপঙে নদীখনলৈ চাই আছে৷ নদীখনৰ লগত তাৰ সম্পৰ্ক আছিল যেন আজন্ম৷ সঁচাকৈয়ে নদীখনৰ লগত তাৰ আছিল এটা বৰ মধুৰ সম্পৰ্ক৷ সি মাক আৰু বায়েকৰ লগত নদীখনৰ পানী ঘৰলৈ কঢ়িয়াইছিল৷ মাক-বায়েকে লাংথেৰে আৰু সি…

শিল্পকলা

   আলোকচিত্ৰশিল্পী শ্ৰী প্ৰাঞ্জল হাজৰিকা লোম ছবিৰ কথা-১ ছবিৰ কথা – ২ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

অনুপ্রেৰণাৰ উৎস

চন্দ্রাৱলী বৰঠাকুৰ   FAILURE ISN’T FATAL BUT, FAILURE TO CHANGE MIGHT BE – JOHN WOODEN আত্মবল হৈছে পৃথিৱীৰ সবাতোকৈ শক্তিশালী শক্তি। এই বলৰ অধিকাৰী হ’লে শাৰীৰিক বাধা–বিঘিনি, অৰ্থনৈতিক বাধাগ্রস্ততাকে আদি কৰি সকলো ধৰণৰ প্ৰতিকূলতা নেওচি সফলতাৰ শীর্ষত আৰোহণ কৰিব পাৰি।…

পানীৰ তলৰ কাঁইট

 সঞ্জীৱ সভাপণ্ডিত   আজিকালি সৰ্বত্ৰ, পৃথিৱী নামৰ গ্ৰহটো ৰক্ষা কৰাৰ কথা কোৱা হৈছে৷ এফালে যাদৱ পায়েঙে গছ ৰোৱাৰ কথা কৈছে, এফালে ধৰণীধৰ বড়োৱে গছ কটা বা জীৱ–জন্তু নিধন কৰাৰ বিপক্ষে কাম কৰি আছে, এফালে সৌম্যদ্বীপ দত্তই প্ৰকৃতিৰ ওচৰলৈ মানুহ যোৱাৰ…