চ্যালুইনৰ পৰা লুইতলৈ

 ° চন্দ্ৰধৰ চমুৱা

(এঘাৰ)

ছ্যুৰ জীৱনৰ এয়া দ্বিতীয় দীঘলীয়া যাত্রা। আগৰবাৰত যাত্রা কৰিছিল পূবৰ ফালে, আকৌ চেংচেলৈ, তাৰ জন্মৰ ঠাই চেংচেলৈ ঘূৰি অহাৰ নিশ্চিতিৰে। আজি যাত্রা কৰিছে পূবৰ
দুৱাৰেদি ওলাই ক্ৰমাৎ পশ্চিমলৈ
,
 দেউতাকৰ ৰাজ্য মঙ্‌-মিতলৈ, নাম্‌কিউৰ সাৰুৱা উপত্যাকালৈ, পুনৰ ঘূৰি অহাৰ আশা আৰু সম্ভাৱনাৰে নহয়। সেয়ে কিমান দুঃসহ এই ভ্রমণ! অথচ
কিমান সম্ভাৱনাময় এই যাত্রা !
... দুখ-সুখৰ এক মিশ্রিত অনুভূতিৰ বিৰল অভিজ্ঞতাৰে অনেক জান-জুৰি, ক্ষুদ্র নৈ-বিল, অৰণ্যৰ বিপদসংকুল পথ পৰিক্ৰমাৰে দ্বিতীয়
দিন সূর্যাস্তৰ সময়ত
ছ্যু‍ সদলবলে দেউতাকৰ ৰাজ্য পালেহি।

সি অহাৰ বাতৰি চন্তৰীয়ে কাৰেঙত জনালে।

দুৱাৰলৈ ৰজা চাং-ন্যেউ, ছ্যুৰ এগৰাকী মাহীমাক আৰু এজন সতীয়া ককায়েককে ধৰি
ভালেকেইজন পুৰুষ-মহিলা ওলাই আহিল। তেওঁলোকে দলটো ৰাজ-হাউলিলৈ আগ বঢ়াই নিলে।

এতিয়া ছ্যুৱে‍ পাইছে তেজৰ সম্পৰ্ক থকা মানুহেৰে অন্য এখন ঘৰ। বাকী দলটোৱে এৰাতি জিৰণি
লৈ পুৱাই মাওলুঙলৈ
ঘূৰিলে।

ৰজা চাং-ন্যেউ। ছাৰ দেউতাক, যাৰ কথা সি জ্ঞান হবৰ দিন ধৰি ভাবিছে, সান্নিধ্য লাভৰ বাবে সুযোগ বিচাৰি আহিছে, যাক মাথোঁ দুবাৰহে সি লগ পাইছে আৰু
ক্ষণিকৰ বাবেহে যাৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছে
, সেইজন আজি তাৰ কাষত, যিজন আজি হয়তো অন্তৰংগ সান্নিধ্য দিবলৈ
প্রস্তুত। সময় আৰু পথৰ সুদীর্ঘ পৰিক্ৰমাৰ অন্তত আজিৰ পৰা তেওঁক সি হয়তো সদায়
কাষত পাই থাকিব। ৰজা চাং-ন্যেউ বৃদ্ধ হৈছে। অৱশ্যে বয়সতকৈ অসুখে তেওঁক বেছি বুঢ়া
কৰিছে যেন লাগে। তেওঁৰ পাতল নোমৰ গাৰ ছাল শোটোৰা-শোটোৰ হৈছে। গাত কেইবাটাও অসুখে
বাহ লৈছে বুলি ইতিমধ্যে তেওঁ
 কৈছেই। গতিকে
কোন দিন কি হয় ঠিক নাই। হয়তো সেয়েহে পুতেকহঁতক মতাই আনি ৰাজ্যখন ভাগ-বিতৰণ কৰি
দি যিকেইটা দিন পায়
,
নিশ্চিন্তে কটাই চকু মুদিব খুজিছে তেওঁ।

ৰজা চাং-ন্যেৱে‍ কাৰেঙৰ বৰচৰালৈ মন্ত্রী দুজনক দুপৰীয়া মতাই
আনিলে। তিনিও পুত্ৰক ওচৰত বহুৱালে। প্রথমে সিহঁতক উপদেশ দিলে—
 এফালে লেংডন সহায় থাকিবই। বাকী তহঁত তিনিও
তিনিফালে থাকিলে কোনো শত্ৰুৱে কাকো আঘা
কৰিব নোৱাৰে। কিন্তু
ককাই-ভাই ঠাই ঠাই হ
লে শত্ৰুৱে সুবিধা লবই। সেইবুলি মই তহঁতক একেখন ঘৰতে আদ্ধ কৰি থব খোজা নাই। চৰাই ডাঙৰ হলে নিজৰ বাহ সাজে। কিন্তু
শত্রু আহিলে একেলগে খেদে। মই কি কৈছোঁ বুজিছনে
?”
 তিনিও পুতেকে মূৰ দুপিয়ালে। তেওঁ কৈ গ, “তেনেহলে শুন— লাও
ৰুলে হেঁদালি দিব লাগে আৰু প্ৰতি মাক
বাপেকে ভাবে যে লৰা-ছোঁৱালী জন্ম দিলে ঘৰ পাতি দিব লাগে। কাঁড়ী-পাইকে ঘৰ পতা আৰু ৰজাৰ লৰাই ঘৰ পতা দুটা বেলেগ কথা। কাঁড়ীপাইকে ঘৰ পাতে
মুনিহ-তিৰোতা লৈ
,
 আৰু ৰজাৰ লৰাই ?” তেওঁ সপ্রশ্নে পুতেকহঁতৰ ফালে‍ চালে। তাৰ পাছত
হাঁহি মাৰি মন্ত্রীদ্বয়ৰ ফালে চাই নিজেই নিজৰ প্ৰশ্নৰ উত্তৰ
 দিলে—এৰা, উপযুক্ত হলে ৰজাৰ লৰাই ঘৰ পাতে
একো খণ্ড ৰাজ্যৰে। উপযুক্ত
 নহলে সি সাধাৰণ প্ৰজাৰ শাৰীলৈ নামি যাব। মই যি বুজিছোঁ তহঁত
আটাইকেইটাই
 ৰাজ্য চলাব পাৰিবি, হেঁপাহো দেখিছোঁ। গতিকে নিজৰ ভিতৰত কোনো কোহকাল নোহোৱাকৈ যাতে শাসন চলাব পাৰ তাৰ বাবে মই মোৰ মঙ্‌-মিত্‌-কুপ-ক্লিন-নয় ৰাজ্যখন তিনিওটাৰ মাজত ভগাই দিব খুজিছোঁ। সুশাসনেৰে তহঁতে নিজৰ নিজৰ
প্ৰজাক মুহিব
 লাগিব। শত্রু আহিলে তিনিও একেলগে প্ৰজাৰ
সহযোগত শত্রুক
ভেঁটা দিব লাগিব৷ এই আশাৰেহে মই ৰাজ্য ভাগ কৰি দিম। এতিয়া মই নয়-ছানক দিলোঁ নৰা বা মগং খণ্ড। ছ্যুজতক দিলোঁ তাইপো আৰু ছ্যুক দিলোঁ মঙ্‌-মিত্‌ আৰু কেংলাও৷ ছ্যু লোকৰ ৰাজ্যত ডাঙৰ হোৱা লৰা। ৰাজনীতিৰ আওভাও পাইছে বা নাই! তাতে
তাৰ
বয়সো কম। সি মোৰ লগতে মঙ্‌মিত্‌তে থাকক। দেখিছই,
 মই বুঢ়া আৰু ৰুগীয়া হৈ আহিছোঁ। তাকে চাই বুজিবি, মই ৰাজ্যখন ভগাই শাসনভাৰ চলাবলৈহে দিছোঁ, ৰাজ্য একেখন হৈয়ে আছে বুলি ধৰি লবি।

পিতৃৰ ইচ্ছাই সন্তানৰ ইচ্ছা, ৰজাৰ ইচ্ছাই প্ৰজাৰ ইচ্ছা। তাৰ মাজতে দুই থাওমুঙ্‌ মন্ত্রী ডাঙৰীয়াৰ পৰামৰ্শ বুলি কথা এটা থাকে। কিন্তু দু্য়োজন
মন্ত্রীৰ লগত ৰজাই কথাটো ইতিপূর্বে হোলোং
 ঘৰত আলোচনা কৰি থৈছে। নতুনকৈ যোগ দিবলৈ আৰু অন্য কথা নাই। তেওঁলোকে ৰজাৰ তিনিও
পুত্ৰৰ আগত মাত্ৰ মন্তব্য
 কৰিলে যে চাংন্যেউৰ সিদ্ধান্ত শুদ্ধ
হৈছে।

ৰাজধানীৰ পৰা ফু-কিন্‌-মুঙ্‌, চিৰিং, চাংকুন বিষয়া, লুং পণ্ডিত, অনেক কাঁড়ী পাইক, বনুৱা-আলধৰা আৰু হাতীঘোঁৰাৰে একোটা সমদল কৰি নয়ছানফা আৰু ছ্যু-জৎ-ফা নিজ নিজ ৰাজ্যাংশ শাসন কৰিবলৈ যাত্ৰা কৰিলে। নিজ ৰাজ্যখণ্ডত সকলো থাকিলেও প্রাথমিক সম্বল হিচাপে এইখিনি লগত গৈছে।
ছ্যু-জৎ-ফা গ

ইৰাৱতীৰ পূৰ চুংকোলৈ আৰু তাতে ৰাজধানী পাতিলে। নয়-ফাৰ দল দুটা ভাগত ভাগ হৈ
উত্তৰফালে গ
ল। এটা ভাগ থলেৰে আৰু আনটো ইৰাৱতীয়েদি নাৱেৰে
উজাই। দু্য়ো
 দল মওগঙৰ একে ঠাইত উপস্থিত হলগৈ আৰু তাতে কেন্দ্র পাতিলে।

++             ++          ++

 কিন্তু দুখৰ কথা
ল যে দুদিন টান অসুখত
ভুগিয়েই বৃদ্ধ ৰজা চাং-
ন্যেৱে চকু মুদিলে।
অন্ত্যেষ্টিক্রিয়ালৈ পুনৰ সকলো দৌৰিবলগীয়া
 ল। পিতৃ-বিয়োগৰ শোক
আঁতৰাবলৈ ছ্যু
কাফাৰ কিছু
 দিন লাগিছিল। …

এইদৰেই অনেক বৈচিত্র্যৰ মাজেদি ছ্যু-কাফাৰ জীৱনৰ অনেক শৰ-হেমন্ত-শীত-বসন্ত পাৰ
হৈছে। জীৱনলৈ আহিছে অন্য এটা দিশ। সেয়াই হৈছে
 যৌৱনৰ দুকুল উপচা বান।
ই অন্য এক অভিজ্ঞতা এক কৌতূহল।

হয়। যৌৱন এক সৃষ্টিৰ কৌতূহল। তাহানি তাও সন্তজনৰ পৰা লিখি লোৱা সেই কবিতাটোৰ এটা নতুন অর্থ সি বিচাৰি পাইছে। সেই যে

উপত্যাকাৰ আত্মা অজৰ অমৰ

নাম যাৰ প্রকৃতি ৰহস্যময়ী,

আৰু এই ৰহস্যময়ীৰ দুৱাৰেই হ

স্বৰ্গ আৰু মৰতৰ মূল।…

এফাকি কবিতাই বেলেগ বেলেগ বয়সৰ বাবে বেলেগ একোটা অর্থ কঢ়িয়াই আনিব পাৰে, আজি যেন এই সত্যটো তাৰ বোধগম্য হৈছে।
বিভিন্ন অর্থৰ মাজত এটা স্থায়ী অর্থও থাকে আৰু সেয়া সি ইমান দিনৰ মূৰত আজিহে
উপলব্ধি কৰিব পাৰিছে। সি বুজি পাইছে প্রকৃতিৰ কথা
; মনুষ্য-জগতৰ এই ৰহস্যময়ী প্রকৃতিয়েই
নাৰী। ই এডাল চিৰন্তন মেৰ খোৱা সূতা। জীৱনৰ পূৰ্ণতাৰ বাবে এই সূতা
ডালি ব্যৱহাৰ কৰিবই লাগিব, জীৱনৰ মুহূৰ্তবোৰ এই সূতাৰে গাঁথি‍বই লাগিব।

বিভিন্ন মাধ্যমেদি যৌৱনৰ এই সুঁতিয়ে পাৰ বাগৰেগীতেদি, নৃত্যইদি, হাহুতাহেদি।
সৌ সিদিনা চ্যালুইনৰ পশ্চিম উপত্যকাত সি বসন্ত উৎসৱ চাই আহিছে। ছেংবাও আৰু
ছেংনাংহঁতৰ গীতবোৰৰ সাৰসত্য সি যেন আজিহে ভালকৈ উপলব্ধি কৰিব পাৰিছে। সেই যে
কোনোবা এজনীয়ে গাইছিল
 তোৰ ঘৰ ইপাৰে
মোৰ ঘৰ সিপাৰে মাজত নাম-মাও নৈ…। এৰা
, যৌৱনৰ এই ৰহস্য আৰু কৌতূহল ভাঙিবলৈ চ্যালুইননামকিউ-চিন্দুইনৰ দৰে ডাঙৰ বাধা আছে। কিন্তু সেই বাধাতো অতিক্রম কৰিব নোৱৰা
বিধৰ নহয়! মেৰৌন ঘৰ সাজি এই বাধা আঁতৰাবই লাগিব। আৰু যে কোনোবা এজনীয়ে গাই
পঠিয়াইছিল
তাঁতৰ পাটৰ পৰা চাসোঁ
ডিঙি মেলি নিদিলি এষাৰি মাত…।
ছ্যুৱে‍ মনতে সুধিলে কোনে
বাৰু ডিঙি মেলি চাইছিল
,
 কিমান হেঁপাহেৰে
চাইছিল
? সি নিজেই যেন উত্তৰ দিলে— মাতষাৰ দিম। কিন্তু ডিঙি মেলি চোৱা তুমি বা ক? বৰ হেঁপাহেৰে চাইছা যদি মই নিশ্চয় মাতষাৰ দিম। তোমাৰ ওচৰলৈও মই যাম। যৌৱনৰ
এনে বহু কথা পাতিবলৈ
, মুহূৰ্তবোৰ ৰঙীন আৰু সমৃদ্ধ কৰি তুলিবলৈ মোক তোমাৰ দৰে
সঙ্গিনী লাগে।

গীতবোৰ সি মনৰ ভিতৰত গুণগুণাই থাকে। সেইবোৰ নদীৰ পাৰত চিঞৰি। চিঞৰি গাই
কাৰোবাক শুনোৱাৰ এক প্ৰৱণতাও হঠাৎ জাগি উঠে। কিন্তু সেয়াতো
 সম্ভৱ নহয়! সি ৰজা নোহোৱা হলে
হয়তো পাৰিলহেঁতেন। এৰা
,
 মানুহে ঠিকেই
কয়
, ৰাজসন্মান ৰজাই নিজেই
ৰচা নিজৰ কাৰাগাৰ
,
 এই কাৰাগাৰৰ পৰা ওলাব পৰা নাযায়। ক? যৌৱনক পৰিতৃপ্ত কৰাৰ উপায় ক? ৰহস্যক অনুধাৱন কৰাৰ উপায়? উপায় সমাগত।

সঁচাকৈয়ে এডাল নেদেখা সূতা আছে। এই সূতাডালে পুৰুষ আৰু প্রকৃতি উভয়কে দুটি মূৰে লগাই বান্ধ
খুৱাই থৈছে। সেয়েহে বোধহয় কীট-পতঙ্গৰ পৰা গজহস্তীলৈকে সকলোৱে গম পায় নিজৰ গাত
লাগি থকা সূতাডালৰ আনটো মূৰ ক
ত আছে। মানুহৰ ক্ষেত্ৰত গম পাবলৈ হয়তো কিছু দেৰি লাগে। ছ্যু-কাফাৰো যেন দেৰি লাগিছিল। সি সেই সূতাডাল লৰি উঠা গম পাইছে কিন্তু আনটো মূৰহে যেন স্পষ্ট
নহয়।

ৰজাৰ দায়িত্বৰে ছ্যুকা-ফাই
সপ্তাহত অন্ততঃ এবাৰ নগৰৰ বাট-পথ পৰিদর্শন কৰে। লগতে ডা-ডাঙৰীয়াসকলৰ ঘৰ-দুৱাৰ
ৰাজপথৰ পৰা নিৰীক্ষণ কৰে
,
 প্ৰজাসকলৰ
থকা-মেলা
, কামকাজ আৰু আচাৰ-আচৰণৰ বুজ
লয়
;
 নির্মল পানীৰ পুখুৰীৰ পাৰৰ উদ্যানত
খন্তেক ৰয়।

প্রাতঃভ্ৰমণৰ তেনে এটা মুহূৰ্তত সি অনুভৱ কৰিলে যেন তাৰ গাত লাগি থকা সেই
ৰহস্যময় সূতাডালৰ মূৰটো লৰি উঠিছে আৰু লগে লগে স্পষ্টকৈ ধৰিব পাৰিলে সেই সূতাৰ
আনটো মূৰ ক

আছে।

ওখ গৰাৰ পুখুৰীটো। গা ধুই এজনী গাভৰু শিলৰ খটখটীয়েদি উঠি আহিছে। এজনী অলপ পি‍ছ পৰিছে। আগতে উঠি অহাজনীয়ে পথৰ দাঁতিৰে
আঁহত গছজোপাৰ তলত থিয় হৈ থকা মানুহ দুজন দেখি থমকি ৰ
ল। তাই
ছ্যু-কা-ফাক চিনিব পাৰিছে। চকুৱে চকুৱে পৰাত তাই তলমূৰ কৰিলে আৰু লাজ লাজকৈ হাঁহি
পাৰত থকা কাপোৰ
কানিবোৰ লৈ পুনৰ পুখুৰীৰ ফালে মুখ কৰি ইজনীক
লে—আকৌ নামি যাওঁ পাই।
 তাই নামি গল আৰু দু্য়োজনীয়ে গৰাৰ আঁৰত কাপোৰকানি
সলালে।

ছ্যু-কাফাৰ
নিজকে অপৰাধী যেন লাগিল। সিতো ভবা নাছিল যে হঠাতে এইদৰে কোনোবা সদ্যস্নাতা গাভৰুৰ
নিৰাভৰণ দেহাংশ প্রত্যক্ষ কৰি তাইক অপ্রস্তুত কৰি নিজেও লজ্জিত হ
ব!

যিটো হ
,
 এতিয়া ইয়াৰ পৰা যোৱাই ভালতাৰ দুটা মনৰ এটাই কলে। কিন্তু আনটো মনে কলেনাই নহয়, তই ছোঁৱালীজনীক সাজপাৰৰ
সংস্কৃতিৰ মাজত এবাৰ চাই যা
,
 অন্ততঃ তাইক মাত এষাৰ দি যা, সেই যে গীতত কোনোবাই গোৱাৰ দৰে তাঁতৰ পাটৰ পৰা চালোঁ
ডিঙি মেলি নিদিলি এষাৰি মাত
’-ৰ নিচিনাকৈ গুচি গলে বৰ বেয়া কথা হব। তাৰ দ্বিতীয় মনটোৱেই জয়ী হল। সি ৰল। সিহঁত গৰাৰ তলৰ
 পৰা পাৰলৈ উঠি আহিল। এজনীৰ গাত পাটৰ বুটা বছা মেখেলা, হাতৰ কিলাকুটি, কঁকাল আৰু ডিঙি ঢকাকৈ চাপ্‌কন ব্লাউজ, ব্লাউজৰ ওপৰত দুয়ো কাষলতিৰ বুকু পিঠিত লিপিট খুৱাই পিন্ধা
ৰীহা। এডোখৰ কপাহী কাপোৰেৰে মূৰৰ তিতা চলি মেৰাই বান্ধি লৈছে। আনজনী ছোঁৱালীৰ গাৰ
কাপোৰ কানি মুগা আৰু কপাহৰ। চোলাৰ
 পৰিৱৰ্তে দু্য়ো কাষলতিৰ তলেদি বুকু-পিঠি আৰু বাউসী ঢাকি
পিন্ধা ৰীহা
, ৰীহাৰ ওপৰত চাদৰ। সিহঁতে চুচুক-চামাককৈ ছ্যুৰ
কাষৰ পৰা চাৰি হাতমান দূৰেদি সমীহ
 কৰি ঈষৎ হাঁহিকটাক্ষৰে পাৰ হৈ যাব খুজিলে।

কি নামহে তোমাৰ ?” পাটৰ কাপোৰ পিন্ধাজনীক সি সুধিলে।

আই-মে। আগলৈ দিব খোজা খোজটো ৰাখি তাই উত্তৰ দিলে।

নাং আই-মে। ঘৰ কত তোমাৰ?”

সৌৱা। সেপ অকণমান গিলি তাই কিছু দূৰত থকা বাটচৰাটোৰ ফালে দেখুৱাই কলে।

তেনেহলে তুমি থাও-মুঙ্‌-কাঙ-ঙানৰ জীয়েক নেকি?”

হয়। তাই কিছু সমীহসূচক লাজুক হাঁহিৰে তলমূৰ কৰি উত্তৰ
দিলে।

লাজতে একেবাৰে মৰি যোৱাৰ দৰে লাগিছে নহয়! বাৰু যোৱাগৈ। সি হাঁহি মাৰি পুনৰ কলে, লাজটো হয়তো ভাঙিব লাগিব।

++       ++      ++

প্রণয়প্রার্থীয়ে ফুলাম বস্ত্ৰৰে চকলি ভাৰ পঠাইছে। দৰাঘৰীয়া মানুহে কইনাৰ
মাক-দেউতাকৰ সন্মুখত তামোল-পাণৰ শৰাইকেইখন থৈ কৈছে— আমাৰ সেৱা গ্রহণ কৰক। শুনক
, ছ্যু-কাফা ৰজাদেৱে আপোনালোকলৈ মাননি‍স্বৰূপ এই শৰাই পঠাইছে। আপোনালোকৰ কন্যা নাং আই-মে আইদেউক ইয়াৰ দ্বাৰা
ৰজাদেৱলৈ খোজা
বঢ়া কৰা হৈছে। আপোনালোকে সন্মতি দি আমাক সুখী
কৰিব লাগে।

থাও-মঙ্‌ ডাঙৰীয়া আৰু তেওঁৰ স্ত্ৰীয়ে দৃষ্টি
বিনিময় কৰিলে। তাৰ পাছত দু্য়ো
 ঈষৎ হাঁহিলে, সুখ আৰু দুখৰ দোমোজাৰ হাঁহি; সুখ এইবাবেই যে তেওঁলোকৰ কন্যা ৰজাৰ
মহিষী হ
বগৈ, দুখ এইবাবেই যে জীয়াৰীক পৰৰ ঘৰলৈ উলিয়াই দিব লাগিব। এনে হাঁহিৰেই দু্য়ো শৰাই দুখন স্পর্শ কৰিলে। এয়ে সন্মতি প্রদান।

এটা পৰম্পৰাও আছে যে ৰজাই মন্ত্রীৰ ঘৰৰ জীয়াৰীক বিয়া কৰায়, আৰু এইদৰে পৰিবাৰিক সম্পর্কৰে ৰাজকীয়
শক্তি বৃদ্ধি কৰে। থাও-মুঙ্-কাঙ্‌-ঙান
, মন্ত্রী ডাঙৰীয়াই সন্তোষ মনে ছ্যু-কাফাৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই জীয়েক আই-মেৰ বিয়াৰ যা-যোগাৰ আৰম্ভ কৰিলে।

চকলং ক
ব সেই লৈ কোনো যুক্তি-তর্কৰ প্ৰয়োজন নহল। ৰজাৰ বিয়া
 লে ৰজাৰ ঘৰত কইনাৰ পক্ষই চক্‌লং অনুষ্ঠানত কইনা সম্প্রদান কৰাৰ নিয়ম। ছ্যুকা-ফা ৰজা। গতিকে ৰাজকাৰেঙত অষ্টমড়ল সাজি
এশ এগছ বন্তি জ্বলাই
,
 লুং পণ্ডিতৰ মুখে দৰা-কইনাৰ ন-পুৰুষৰ
বুৰঞ্জী কথন
,
 আশীর্বাদ আৰু বোধ-জ্ঞান প্ৰদানৰ যোগে এক
বণাঢ্য বিবাহ অনুষ্ঠান সম্পাদিত হ
ব। সেই লৈ কাৰো দ্বিমত নহল।

পণ্ডিতে জ্যোতিষ-মঙলতি পুথি ফেলুং-ফেবান মেলি
ৰাহি-যোৰা চালে
,
 ৰাহিজোৰা মিলিছে, দিন্‌-কাম্‌ মাহৰ এঘাৰ তাৰিখ বান্-ছং বাৰ শুভ।

++          ++        ++

ছ্যু-কাফা
তেইছ বছৰীয়া ডেকা
তাৰ বিয়া হব। বিয়াৰ বার্তা সি চেংচেৰ ৰাজপৰিয়াললৈ অশ্বাৰোহী দূতৰ যোগে
প্ৰেৰণ কৰিলে। সি ভাবিছে তাৰ বিয়াৰ
 খবৰ পাই এনায়েকে বাৰু কি কৰিব? মানুহে কথাতে কয় বোলে এনেয়ে বুঢ়ী
নাচনী তাতে নাতিয়েকৰ বিয়া। এনায়েক হয়তো নাচনী নহয়
, কিন্তু নাতিয়েকৰ মৰমত পমি যোৱাসঁচাকৈয়ে মৰম-চেনেহে মানুহক অন্ধ নকৰাকৈও নাথাকে, মৰম দিওঁতা আৰু লওঁতা উভয়কে অন্ধ কৰে৷ মৰমত অন্ধ নোহোৱা হলে তেওঁ সেই গোপন উপহাৰটো পঠায়নে? আৰু ছ্যু-কা-ফাই নিজেনো কিয়ই বা সেয়া ঘূৰাই
পঠাবলৈ আজিও সাহস নকৰিলে
? আনৰ দুৰ্বলতাৰ কথা ভাবোঁতে‍ তাৰ নিজৰ দুর্বলতাতে যেন সি হাঁহে। এনায়েকৰ কথা ভাবি
তাৰ দুখো লাগে।

ৰজা হওঁতে দৰকাৰ হোৱা বস্তুৰ বিষয়ে পুৰোহিতে জানে, সিতো বিশেষ নাজানে৷ কাৰণ তেতিয়া সি ৰজা
হৈ পোৱা নাছিল
, ৰাজ-অভিষেকো দেখা নাছিল। এনায়েকে হয়তো জানে আৰু দেখিছে, গতিকে টোপোলাৰ ভিতৰত তেনে বস্তু পঠাই
দিছে। কি পঠাইছে সিও সেই
মুহূর্তত নুসুধিলে। আৰু সুধি জনাৰ পাছত জানো ঘূৰাই থৈ আহিব পাৰিলহেঁতেন? ধন-সম্পত্তিৰ জোখেৰে চালে সেই উপহাৰ হয়তো অতি নগণ্য, কিন্তু বিশ্বাস আৰু মৰম-চেনেহৰ ওজনেৰে
যদি চোৱা যায় তেন্তে সেয়া কোনো ঐশ্বৰ্যৰ লগত তুলনা নহয়। বস্তু কেইপদ বা কি
? এখন হেংদান আৰু এটি আঠকোণীয়া টেমাৰ
ভিতৰত উৰন্ত
 সিংহ ঙাও-চেংবঙৰ মূৰ্ত্তি খোদিত ৰাজ অলংকাৰ চুমফ্রাৰুং-চেংমুঙ্‌৷ ৰজা হঁওতে যদি হাতত হেংদান দিয়াৰ নিয়ম, সেই সামগ্ৰীৰতো অভাৱ নাই। ৰজাৰ ডিঙিত যদি ড্রেগন বা উৰন্ত সিংহৰ প্রতীক থকা অলংকাৰ পিন্ধাব লাগে তেনে অলংকাৰ এই দেশত দেধাৰ
ওলাব। তেনে বস্তু অস্থায়ী ৰজা ব্লক-খাম্‌-দেঙেওতো সংগ্রহ কৰিছে নিশ্চয়! অৱশ্যে
এনায়েকে পঠোৱা এই দুপদ সামগ্ৰীৰ এটা বিশেষত্ব আছে
, এয়া সঁচা। অলংকাৰ পদত দেও আছে বুলি
বিশ্বাস কৰা হৈছে। কিন্তু সেই
 দেও প্রতিষ্ঠা
কৰি লোৱা বস্তুহে! ম
লুং
পণ্ডিতৰ যোগে পেঞ-কা-কা
, লিক্‌-লাই
 শাস্ত্র মন্ত্ৰেৰে তেনে যি কোনো অলংকাৰত প্রতিষ্ঠা কৰি ললেই হল। কিন্তু পৰা
হয়
 জানো সেই বিশ্বাস আনিব যিটো বিশ্বাস
এনায়েকে দিয়া এই অলংকাৰত আৰোপিত
 হৈছে? এই অলংকাৰ আৰু হেংদানত পূর্বপুৰুষৰ স্পৰ্শ আছে, সেয়ে পূতস্মৃতি ৰূপে পুৰুষানুক্রমে
হস্তান্তৰিত হৈ অহা এই দুপদ বস্তু ৰাজ্যৰ ঐশ্বর্য আৰু শক্তিৰ
 আধাৰ বুলি ডাম-লাকৰ
ওচৰত স্থাপন কৰি পূজা কৰি অহা হৈছে। তাকে পেৰা উদং কৰি
 হয়তো পবিত্র ডাম-লাকৰ ওচৰৰ শৰাইৰ পৰাই তুলি আনি তেওঁ গোপনে
পঠাই দিছে। কাৰণ
, পূর্বপুৰুষৰ এই সম্পদ আৰু সংস্কৃতিৰ ৰক্ষক আৰু মোল বুজা
মানুহ তেৱেঁ
ছ্যুৰ এনায়েকেই।

ছ্যু-কা-ফাই জানে প্রত্যেক বৃদ্ধ-বৃদ্ধাই আটাইতকৈ প্রিয়জনকে সঞ্চিত শ্রেষ্ঠতম
গুপ্ত সম্পদ দি যাব খোজে
, সি লাগে কোনোৰ বাবে খেৰকুটাৰ সমতুল্যই হওক। গতিকে তাৰ
বৃদ্ধা এনায়ে
কনো কিয় ব্যতিক্রম হ? সেই বস্তু ঘূৰাই পঠালে এটা সত্য প্রতিষ্ঠা হব যে সেয়া ছ্যু-কাফাৰ অসন্মতিত আহিছিল, কিন্তু সেইটো কৰিলে এখন অন্তৰ চূৰমাৰ হৈ যাব। সেয়া সি কেতিয়াও কৰিব নোৱাৰে, লাগিলে যুগ-যুগান্তৰে সি হেংদান আৰু দেৱতা চোৰৰ আখ্যাকে পাই
থাকক। সি এই ত্যাগকে কৰিব
, তথাপি সেই মৰমী হৃদয়খন আমৰণ অক্ষত থাকক।

সি পূর্বপুৰুষৰ হেংদান আৰু ৰাজ-অলংকাৰ ঘূৰাই নপঠালে। টোপোলাটো খোলোঁতে যিবোৰ
মানুহে দেখিছিল সেইবোৰেও সেয়া সাধাৰণ বস্তু বুলিয়েই গণ্য কৰি বিশেষ মন নিদিলে।
সি স্থিৰ কৰিলে এইবোৰ এতিয়া ব্যৱহাৰ কৰাৰ প্রয়োজন নাই যদিও চেনেহৰ পূতস্মৃতি
হিচাপে আজীৱন নিজৰ লগত ৰাখিব।
  চুম্-ফ্রাৰুং-চেংমুঙ্‌ তাই-চীন দেশত ৰাজকীয় আৰু ধর্মীয়-সাংস্কৃতিক অনুষ্ঠানত
ইয়াৰ ব্যৱহাৰ আছে। কিয়েইবা এই প্রতীকৰ তাৎপর্য
 ? সি প্রতীকটোলৈ চাই চাই আজৰি পৰত একান্ত মনে চিন্তা কৰে। তাৰ
বাল্যাৱস্থাত ম
হুং
পণ্ডিতে ব্যাখ্যা কৰি শুনোৱা কথা কিছু
 মনত আছে। পণ্ডিতে কৈছিল এই চিত্র হৈছে সাতটা শক্তিৰ প্রতীক সিংহ, ঘোঁৰা, সর্প, চৰাই আৰু কাছৰ শক্তি; অর্থাৎ ইয়াৰ গাত আছে সিংহৰ বল আৰু
দুর্জয় সাহস
, ই ঘোঁৰাৰ দৰে বেগেৰে দৌৰিব আৰু সাপৰ দৰে পানীত খৰ গতিত
সাঁতুৰিব পাৰে৷
 ই চৰাইৰ দৰে দূৰ দিগন্তলৈ উৰিব আৰু কাছৰ
দৰে জলে-স্থলে সুস্থিৰভাৱে ভ্ৰমণ কৰিব পাৰে। গতিকে জলে-স্থলে-আকাশে
বতাহে ইয়াৰ দুৰন্তদুর্জয় গতি। ই সৌম্য-শান্তিসহনশীলতাৰো প্রতীক হব পাৰে। এই উৰন্ত সিংহৰ পাখিৰ
উপৰি আছে মূৰত মুকুট। মুখৰ ওপৰ পাৰিৰ দাঁত আৰু জিভাখন ওলাই থাকে
, এটা আগঠেং ওপৰলৈ‍ দাং খাই থাকে, যেন কিবা এটা থাপ মাৰি ধৰিবলৈ লৈছে, অথবা গতিৰ মাজতে শক্তিয়ে কিছু সংযম ৰক্ষা কৰিছে। নেজ, মেল খোৱা ঠেং আৰু আঙুলিত আৰোপিত প্রতিকী
অর্থবোৰ তাৰ মনত নাই। মঙ্‌-মিতৰ পণ্ডিতকে সুধিব লাগিব
, সি ভাবিলে।

চক্‌লঙৰ থলীতে আছে ঙাও-চেংবঙৰ প্রতীক। বিধি অনুসৰি দৰা-কইনাই বেদীৰ ওপৰত থকা হেংদান স্পর্শ কৰিলে।
কইনাই হেংদানখন দৰাৰ হাতত তুলি দি
 পুৰোহিতে শিকাই দিয়া মতে কৈ গল— দেশ, পুত্র-কন্যা, ভার্যা, ঐশ্বর্য ৰক্ষা কৰিবলৈ শক্তি লাভ কৰক। ছ্যুৰ বিয়া হৈ গল নাং আই-মেৰ লগত।

++         ++       ++

এই সুখ-আনন্দৰ দিনবোৰৰ মাজতে এটা ঘটনাই ছ্যু-কাফাৰ দেহ-মনত গভীৰ জোকাৰণি তুলি গসেয়া হৈছে চেংচেত এনায়েকৰ মৃত্যুৰ বাতৰি। এয়া
তাৰ জীৱনত চতুর্থটো গভীৰ আঘাট
,
 যিটো অন্যবোৰৰ দৰে অখণ্ডনীয় আৰু অৱধাৰিত।

দুখ-সুখ সকলো সমভাৱে লৈ সি কৰ্তব্যত ব্ৰতী হৈ ৰল। হৈ যোৱাবোৰ হৈ গৈছে, সন্মুখত গোটেই জীৱনটোৱেই পৰি আছে। আৰু বা কিমান কি ঘটিবলৈ
বাকী আছে! কিন্তু সি ক
তো
থমকি নৰয়।

(আগলৈ)