Tag সংস্কৃতি

উলাহেৰে উভতি চাওঁ—১৩

 ড° পোনা মহন্ত দিন যায় আহে ৰাতি, সময় গৈছে টুটি … হয়, সময় এইদৰে বাগৰি গৈ আছিল৷ দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত দিন৷ আৰু ক্ৰমান্বয়ে টুটি আহিছিল মোৰ তেনেই সাধাৰণ জীৱন পৰিক্ৰমাৰ শৈশৱৰ আদি ছোৱা৷ কিন্তু সেই দিনত সময়ৰ মূল্যৰ…

মহিলাসকলৰ দৈনন্দিন জীৱনৰ সংঘৰ্ষ

পম্পি বৰা বৈশ্য আমি নাৰী। সৃষ্টিৰ অপূৰ্ব শক্তিৰে মহীয়ান আমি নাৰী। কন্যা, ভগ্নী, বান্ধৱী, প্ৰেমিকা, স্ত্ৰী, মাতৃ শাহু ইত্যাদি বিভিন্ন ৰূপেৰে নাৰী সমাজৰ অবিচ্ছেদ্য অংগ। নাৰী বিহীন সমাজ  কল্পনাৰো উৰ্দ্ধত।   আমাৰ ভাৰতবৰ্ষত নাৰীক অতীজৰে পৰা দেৱী ৰূপত পূজা কৰি অহা…

জীৱন বাটৰ কেঁকুৰি

 প্ৰতীক্ষা প্ৰিয়ম বিজয়া দশমীৰ সন্ধ‍্যা। দেৱীক স্বামীগৃহলৈ পঠিয়াই মাতৃসম ধৰাতলে ক্লান্তিত জোবোৰা মাৰিছে। সুদীৰ্ঘ চাৰি দিন ধৰি দেৱীৰ আৰাধনা চলিল, ‘মা’য়ে বছৰটোলৈ বুলি আশিস বৰষি থকাৰ আশাৰে সহস্ৰ মূৰ দোঁ খাই থাকিল। অহাবছৰ আকৌ আহিব ‘মা’, আমি বাট চাই থাকিম – বুলি…

হাত

 খনিন্দ্ৰ ভূষণ মহন্ত কণমানিটোৱে হাতখন মুখলৈ নি চুপি থাকে হাতে-গালে বগাই থাকে লেলাৱতি চকুৱে-মুখে নাচে স্বর্গীয় সুখৰ ফুল আইতাই কয় “গোসাঁয়ে অমৃত সানি পঠিয়াইছে। চুপি খা গোসাঁই, চুপি খা।”   হাতবোৰ ডাঙৰ হয় ফলিত অ-আ লিখি অমিতা আঁকি ভালপোৱা হাতবোৰে উকা…

লেণ্ডস্কেপ

গায়ত্ৰী দেৱী বৰঠাকুৰ  (এক) কুৰি শতিকাটো উজ্জ্বল ৰং আৰু তীব্ৰ প্ৰকাশভংগীৰ ইপিঠি-সিপিঠি আছিল   এটি মুদ্ৰাৰ দৰে খলকনি সুক্ষ্ম ঝনঝননি   উজ্জ্বলতাত তীব্ৰতাৰ অস্বাভাৱিক উপস্থিতি   (দুই)  চোৱাঁচোন মাটিছ মানুহ বোৰে  কিছুমান কথা ক‘ব লাগে বাবেই কৈ থাকে   তুমি…

বাঘৰাণী খইৰী

বাঘিনীৰ সত্য জীৱন কাহিনী ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম আগে আগে গৈছে বিদিয়া, বিলন্দা, গৌৰ আৰু কলাকৰ। ঠাইটুকুৰাৰ ওপৰলৈ উঠি যাওঁতে দেখা গ‘ল ঠাইকণৰ এবুকুমান ওখত দুটা ডাঙৰ ডাঙৰ শিলৰ মাজত এটা ফাঁক।…

কেইটিমান জাপানী কবিতা

অনুবাদ: ড০ প্ৰাণজিৎ বৰা পখিলা ছুবই শ্বিগেজি (Tsuboi Shigeji; 1897 – 1975) নমুনা সংগ্ৰহকৰা কোঠাটোত শাৰী শাৰীকৈ পৰি থকা আনবোৰৰ দৰে মোৰ শ’টোও পৰি আছিল পিন এটাৰে ক্ষত–বিক্ষত হৈ যেন কোনোবা মৃতকৰ শোক পালনৰ বাবেহে পৰি আছিলোঁ তেনেকৈ, নিৰৱে   শ্ৰান্ত,…

ৰাজনৈতিক শিক্ষা আৰু শিক্ষক হিচাপে সময়ৰ ব্যৰ্থতা

 [ক]         অসমৰ মানুহক সাধাৰণভাৱে অসমীয়া বোলা হয়৷ অৱশ্যে শব্দটোৰ প্ৰকৃত পৰিধি আজিও নিৰ্ধাৰণ নহ’ল৷ আমি লক্ষ্য কৰিছোঁ যে অসম এনে এক ভৌগোলিক অঞ্চল য’লৈ বিভিন্ন স্থানৰ মানুহ বিনা বাধাই আহিব পাৰে, আহি ইয়াত স্থায়ী বসতি স্থাপন কৰিব পাৰে৷…

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী  [যোৱা সংখ্যাৰ পাছৰ অংশ]  মহাৰাজৰ ইঙ্গিত পাই এইবাৰ মহামন্ত্ৰী বৃকোদৰে মুখ মেলিলে– : মাননীয় অতিথিদ্বয়৷ মই সেউজপুৰৰ মহামন্ত্ৰীয়ে আপোনালোক দুয়োকে সমগ্ৰ সেউজপুৰীয়া ৰাইজৰ হৈ পুনৰ এবাৰ কৃতজ্ঞতা জনাইছোঁ৷ মহাৰাজৰ ইচ্চা অনুসৰি কাইলৈ পুৱা আপোনালোকক বৰতলত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা…

মোহবন্দী

 ৰঞ্জু শৰ্মা এইখিনিতে নৈখন তেনেই শান্ত৷ চহৰীয়া কোলাহলৰ পৰা বহু নিলগৰ এই নিৰিবিলি ঠাইডোখৰত নৈখন অলপ ঠেক আৰু তৰাঙো৷ উদ্যোগ নগৰীখনৰ শ শ কাৰখানাৰ পৰা নিষ্কাষিত পদাৰ্থ আৰু দৈনিক টনৰ হিচাপত জমা হোৱা চহৰৰ পেলনীয়া আৱৰ্জনাৰ দ’মবোৰে নৈখনক দুয়োপাৰৰ পৰা…