sdblogs2011

sdblogs2011

নম্ৰতা আৰু বন্ধুভাবাপন্নতা

 প্ৰাঞ্জল বেজবৰা   আমি দৈনন্দিন জীৱনত অনেক মানুহৰ লগত সম্পৰ্ক কৰিবলগীয়া হয়। এই সম্পৰ্কবোৰৰ যোগেদি সম্পন্ন হোৱা কাৰ্য অথবা যোগাযোগবোৰৰ সফলতা বা বিফলতাৰ ক্ষেত্ৰত নম্ৰতা আৰু বন্ধুভাবাপন্নতাৰ ভূমিকা উল্লেখযোগ্য। আমাৰ বহুতেই ঈশ্বপৰ সাধুত বেলি আৰু বতাহৰ কাহিনীটো পঢ়িছে। সাধুটোত বেলি…

স্বৌৰাং মঞ্জু : বড়ো ভ্ৰাম্যমাণ থিয়েটাৰৰ পঞ্চাছ বছৰ

 নীলোৎপল বৰুৱা   যিখিনি সময়ত ক্ষুদ্ৰ জাতিসত্বাসমূহৰ সকলো ধৰণৰ ভাষিক, সাংস্কৃতিক কুচকাৱাজ লোপ পোৱাৰ লক্ষণ কুৎসিতভাৱে দৃষ্টিগোচৰ হৈছে, ঠিক তেনেকুৱা সময়তে বড়ো ভাষাৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্যদল স্বৌৰাং মঞ্জু থিয়েটাৰে সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে৷ এই ভূখণ্ডটোৰ বাবে ই নিশ্চিতি আৰু…

ঘৰ

 কৌস্তুভমণি শইকীয়া দত্ত দুৱাৰ খিৰিকী নথকা ধোবাংবাং ঘৰ আকাশ এখন তাত সোমাই থাকে তুমি এদিনলৈ চৰাই হ’ব পাৰিবা মোৰ ঘৰলৈ আহিবা। বানে বুৰাবলৈ একো নাই তাত এখন নদী চাদৰ হৈ বৈ আছে শয্যাত তাত শুই তুমি এদিনলৈ বৈ যাব পাৰিবা…

কালিকাভোজন

প্রিয়ংকা বৰুৱা   আগলি কলপাতখনত চকুত লগাকৈ সজোৱা ভাতসাঁজ দেখি দিব্যপ্ৰভা দৰক লাগিল৷ গাত যেন ব্ৰজপাত পৰিল! ধোঁৱা বলা ভাতকেইটাৰ ওপৰত এহেতা খাৰ দিয়া মাটি দাইল৷ কাষতে দুটা সৰু সৰু দোৰোলা৷ এটাত দুফলীয়া আলুটোৰ এফালৰ সৈতে তিনিটুকুৰা মাংসৰ তেলতেলীয়া ৰঙচুৱা…

ৰাষ্ট্ৰপতি ভৱনত দহবছৰ আৰু প্ৰণৱ মুখাৰ্জী

 পঙ্কজ প্ৰতিম বৰদলৈ প্ৰথমতেই আজি ‘মুক্তবীক্ষণ’ৰ পাঠকক জনাওঁ যে, আজি সম্পূৰ্ণ ব্যক্তিগত অভিজ্ঞতাৰ কথা লিখিম। গতিকে প্ৰথমতেই পাঠকৰ ওচৰত মোৰ হ’ব পৰা কোনো অতিশয়োক্তিৰ বাবে ক্ষমা বিচাৰিছোঁ। আজিৰ পৰা এটা দশকৰ আগৰ ফেব্ৰুৱাৰি মাহৰ এটা শুভ দিনত মই ৰাষ্ট্ৰপতি ভৱনত…

ৰতিৰ বাবে এখন ধুনীয়া ছবি

দেৱজিত হাজৰিকা   ব্ৰহ্মানন্দ পাচনিয়ে  নৈখনৰ ছবি এখন আঁকিবলৈ বহু সময় ধৰি  তাৰ পাৰতে বহি ৰৈছে৷ কিন্তু ভালদৰে মনঃসংযোগ কৰিব পৰা নাই, বাৰে বাৰে ব্যৰ্থ হৈছে, যেন তাৰ কোবাল সোঁতে তুলিকাডাল পিচলাই পিচলাই লৈ যায়, খোপনিটো ধৰিব পৰা নাই৷ তিনিদিন…

ঐতিহাসিক কালৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত মথাউৰি নিৰ্মাণ আৰু ইয়াৰ ফলাফল

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   নদীৰ গতি আৰু প্ৰকৃতি নিয়ন্ত্ৰণ কৰিবলৈ অতীতৰে পৰা মানুহে প্ৰয়াস কৰি আহিছে৷ এই প্ৰয়াসক বাস্তৱ ৰূপ দিবলৈ কেতিয়াবা মানুহে খাল খান্দিছে, কেতিয়াবা বান্ধ সাজিছে আৰু কেতিয়াবা মথাউৰি বান্ধিছে৷ বান্ধ আৰু মথাউৰিৰ পার্থক্য এটাই৷ বান্ধ একোটা…

খুচুৰা

 প্ৰতীক্ষা বৰা   : ঠিক এইখিনিতে এটা গল্প হয়৷ : কোনখিনিত? : তুমি মই একেথিৰে সেই পাহাৰটোৰ ফালে চাই থকাত৷ : চলিহা হোৱা হ’লে লিখিলে হেঁতেন৷ তোমাৰ মোৰ সেই ঔকাদ নাই৷ : তোমাৰ নাথাকিব পাৰে৷ মোৰ কিন্তু আছে৷ মই মোৰ…

চৰাইজনী উৰি যোৱাৰ পাছত

 নিংকু নিশা নেওগ   শেষ বসন্তৰ সময়৷ বতৰটো গোমা৷ এজাক মুষলধাৰ বৰষুণ এই আহোঁ এই আহোঁ৷ আকাশত কফিৰ কাপৰ ওপৰত উঠা ফেনখিনিৰ দৰে ওফন্দি উঠা ডাৱৰ৷ কিন্তু কজলা৷ মই পল্টন বজাৰ বাছষ্টেণ্ডত অকলে ৰৈ আছোঁ৷ মোৰ ওচৰে-পাজৰে বিভিন্ন ঠাইলৈ যাবলৈ…

দুটা গোলাপৰ কবিতা

 হৰেকৃষ্ণ ডেকা (১) ৰঙা গোলাপ  “Love thou the rose, yet leave it on its stem.’’  Edward G. Bulwer-Lytton.   যেন হাবিত অনাই-বনাই ফুৰিছিলোঁ ৷ কি বিচাৰিছিলোঁ নাজানিছিলোঁ ৷ তেতিয়াই আকাশত জিলিকি উঠিল ৰামধেনু ৷ কলোঁ, বৰষুণে লৈ আহক এই সাতোৰং৷…