sdblogs2011

sdblogs2011

ভ্ৰম

 উমানন্দ কলিতা   চৰাইবোৰ শিল শিলবোৰ মানুহ মানুহবোৰ ভ্ৰম  —     ঠিকনা :   ড্ৰেচ কেপিটেল যোৰহাট ভ্ৰাম্যভাষ : ৯৮৫৪০৫১২৬৭  

কলা কি?

(ৰাছিয়ান লেখক লিও টলষ্টয়ৰ ‘What is Art?’ গ্ৰন্থৰ  Aylmer Maude-য়ে কৰা ইংৰাজী ভাঙনিৰপৰা)  অনুবাদ : ড০ বিৰিঞ্চি কুমাৰ দাস  (২)   প্ৰতিখন বে’লে’, চাৰ্কাছ, অপেৰা, অপেৰেট্টা, প্ৰদৰ্শনী, ছৱি, কনচাৰ্ট বা ছপা কিতাপৰ উৎপাদন কৰিবলৈ হেজাৰ হেজাৰ মানুহৰ কঠোৰ আৰু অনিচ্ছাকৃত শ্ৰমৰ প্ৰয়োজন…

টেঙা-মিঠা

 অমৃত গোস্বামী   ‘এইবিধ চৰ্পত স্বাস্থ্যৰ বাবে বৰ উপকাৰী, বিজয়ে অসমৰ পৰা অনা কুঁজী থেকেৰাৰ চৰ্পত৷ খাবলৈও সোৱাদ লগা৷ কুঁজী থেকেৰা অসমত যথেষ্ট পৰিমাণে পোৱা যায়৷‌ গৰমৰ দিনত আমি প্ৰায়েই খাওঁ, পেট ঠাণ্ডা কৰি ৰাখে৷” — এই বুলি কৈ পুণা…

দ্বিখণ্ডিত

 অংকিতা বৰুৱা     ষড়যন্ত্ৰ! এক গভীৰ ষড়যন্ত্ৰৰ বলি হৈছোঁ মই৷ ভীষণ এক টনা-আঁজোৰা৷ কাৰ কি ইমান গৰজ পৰিছে মোৰ নামত ইমান সময় খৰচ কৰিবলৈ! এই ব্যস্ত পৃথিৱীখনত কাৰ বাবে মোৰ জীৱনৰ ইমান মূল্য? ক’ৰবালৈ ওলাই যাবলৈকে ভয় হৈছে৷ কাৰোবাৰ…

কীট

 জয়ন্ত দত্ত   দাস এণ্ড কোম্পানিৰ চকটোৰ পৰা সৌৰভপ্ৰাণ বৰাৰ ঘৰটো ধুনীয়াকৈ জিলিকি থাকে৷ তেওঁৰ ঘৰৰ দ্বিতীয় মহলাত উঠিলেই চকুত চাট মাৰি ধৰে চহৰখনৰ ৰূপ-লাৱণ্যই৷ চহৰৰ এই জাক-জমকতাৰ মাজত থাকি সৌৰভপ্ৰাণে প্ৰাণ-পণে চেষ্টা কৰে এদিন যে তেওঁ গাঁৱৰ পৰা আহিছিল…

ত্ৰিপুৰাই ৰিঙিয়ায়

 অংগনা চৌধুৰী   বহুদিনৰ পৰাই ত্ৰিপুৰালৈ যাম যাম বুলি মনতে পাঙি আছিলোঁ৷ এইবাৰ শীতকালীন বন্ধত সুযোগ-সুবিধা মিলাত গুৱাহাটীৰ পৰা পোনপটীয়া বিমানেৰে আগৰতলালৈ উৰা মাৰিলোঁ৷ বিমানেৰে গুৱাহাটীৰ পৰা আগৰতলালৈ মাত্ৰ পঞ্চল্লিছ মিনিটৰ যাত্ৰা৷ সেয়ে গৈ পাই আমাৰ ভাগৰ-জুগৰ অকণো লগা নাছিল৷…

অসবৰ্ণ

  নীলিমা ঠাকুৰীয়া হক শাওণৰ আকাশে বিৰিয়াত আনে গোমা আৰু গধুৰ ডাৱৰবোৰ । তাৰ বিৰিয়াতো কঠিয়াৰ ভাৰ বৰষুণে খিকিন্দালি কৰাৰ পৰত হিয়াত খলকনি আৰু ৰোৱনীৰ হাতো খৰ বৰ আপোন আছিল পথাৰখন কিন্তু পথাৰখন সিহঁতৰ  নাছিল ধান দাবলৈহে সিহঁতৰ হাতত কাঁচি…

লুইচ গ্লুকৰ দুটা কবিতা

মূল (ইংৰাজী)  : লুইচ গ্লুক অনুবাদ  : ড° ৰঞ্জিত দত্ত ২০২০ চনৰ  সাহিত্যৰ  ন’বেল  বঁটা  বিজয়ী  আমেৰিকাৰ  কবি লুইচ গ্লুকৰ  (Louise Elisabeth Glück, জন্ম ২২ এপ্ৰিল, ১৯৪৩, মৃত্যু ১৩ অক্তোবৰ, ২০২৩)  উল্লেখযোগ্য সাহিত্যকৃতি হৈছে ক্ৰমে Firstborn, The House on Marshland, Descending Figure, The Triumph of Achilles, Ararat,The…

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী ভাগৰুৱা বাটলু মুহূৰ্ততে চোপনিৰ কোলাত ঢলি পৰিল৷  টোপনিতে সি এটা ধুনীয়া সপোন দেখিলে৷  … সি সৰগ হেন ধুনীয়া ঠাই এখনত আছেহি৷ তাৰ কাষৰপৰাই চাৰিওফালে দূৰ-দূৰণিলৈকে নানা ৰঙৰ ফুলনি, সেউজীয়া গছ-বন, দূৰণিত ওখ পাহাৰ, তাতকৈও দূৰৈত আকাশ চুব খোজা…

হাঁহিচম্পা

  অৰ্চনা ঠাকুৰীয়া আজিৰ সন্ধিয়াটো চিত্ৰকল্পৰে ভৰা কোনো বগী গাভৰুৰ গালৰ বিয়াগোম মাহটোৰ দৰে  জোনৰ মুখতো দুখৰ দাগ আমি কেইগৰাকীমান লগ হ’লেই খুব কথা পাতোঁ ৰাজনীতি, সমাজনীতি, প্ৰেমনীতি আৰু বহুতো… মাজে মাজে পানীবিধেৰে ডিঙি তিয়াই হেকেটি বিহুও গাওঁ  কথাৰ যুদ্ধই…