sdblogs2011

sdblogs2011

ফ’ৰ লে’ন

হেমচন্দ্ৰ কছাৰী   কোনেনো নাহাঁহিব, কাৰ নো ভাল নালাগিব এটা বহল মসৃণ বাটৰ সম্ভেদ পালে তথাপি জানিবলৈ বৰ মন গৈছে এই বাটেদি অহা-যোৱা কৰা কোনোবাই শুনিছেনে জীৱন্তে উভালি পেলোৱা বনবোৰৰ চিৎকাৰ এবাৰ হ’লেও কঁপিছেনে বুকু ভয়ত অথবা দুখত   ইহঁতবোৰ…

এপোৱা

দ্বীপৰাজ   এয়া ভাগ ভাগ কৰি কৰি কাটি-কুটি ভগাই মেলি হিচাপত এপোৱা আমি চাৰিভাই কিলোৰ চাৰিভাগ বৰজনাৰ কেইবামহল তাৰ পিছে পিছে ককাইদেউৰ চাৰিখন গাড়ী তলৰজনা ডাক্তৰ ৷ আৰু মই  তিনিটা কোণৰ পৰা চাপি অহা কেইটামান শুকান বৃত্ত৷   এসেৰ, দুসেৰ…

নেগুৰ

 দিগন্ত শইকীয়া   ৰাজহাড়ৰ শেষত গুহ্যদ্বাৰ ঢাকি বেছিভাগ জন্তুৰে পিছফাল শুৱাই একোডাল নেগুৰ   মল ঢিলা হ’লে নেগুৰ লেতেৰা হয়   চঞ্চল স্বতন্ত্ৰ দেখাত   গৰাকীয়ে লৰায় গৰাকীক লৰোৱাৰ শক্তি নাই   মহ মাখি চেৰেপা খেদিবলৈ নেগুৰৰ প্ৰয়োজন বৰ

ফাগুন বসন্ততকৈও চোকা

ডেইজী অনুৰঞ্জনা    চুমা এটিত ভৰ দি ৰৈ থাকে ফাগুন   এযুৰি ওঁঠৰ আকাশত গান হৈ বাজি থাকে ফাগুন   জপৰা চুলিত কবিতা এটি হৈ উৰি থাকে ফাগুন!   চিগাৰেটৰ পেকেটত ধোঁৱা হৈ সোমাই থাকে ফাগুন   একাপ চাহ আৰু…

বহাগ

 অৰুণ গগৈ                   চ’তৰ শেষত      বহাগ মাহত       ফুলিল ঢাপৰ নাহৰ, বিহুৱা ঢুলীয়া    ৰঙতে বলিয়া     মাৰিলে ঢোলত চাপৰ ৷      তাঁতৰ শালত        হাতৰ পাকত      ঘূৰিল কাঠৰ যঁতৰ, পিৰালি-কাষত    বসন্ত কালত     ফুলিল ধুনীয়া তগৰ ৷   শুনিছোঁ…

মঞ্চত এখন নাটক

অৰ্চনা পূজাৰী   মঞ্চত নাট্যকাৰ অৰুণ শৰ্মাৰ আহাৰ  নাটকখন  আৰম্ভ হৈছে নবীন, নলিনী, ধীৰেণৰ মুখত উচ্চাৰিত হৈছে প্ৰেমৰ নতুন সূত্ৰ *** “প্ৰেম এগিলাছ মদ” – এজনে সংলাপ নিক্ষেপ কৰিলে প্ৰত্যুত্তৰত আন এজনে ক’লে – নহয় নহয় প্ৰেম হ’ল – “চে’কবহীৰ…

ৰাস্তা

বন্দনা কৌশিক বৰদলৈ                   ৰাস্তাক এটা চৰিত্ৰ বুলি ধৰিলে নিপীড়িত জনতাৰ শাৰীতেই আপুনি তেওঁক ৰাখিব লাগিব যাৰ সংলাপ শূন্য    ৰাস্তাক এখন নাটক বুলি ধৰি ল’লে আপুনি পাহৰি পেলাব লাগিব গান্ধীৰ তিনিটা বান্দৰৰ প্ৰসঙ্গ   ৰাস্তাটোক  এজন  দৰ্শক বুলি ধৰিলে আপুনি…

এনাটমী অৱ এ ফল

 নিজৰা ৰাজকুমাৰী   ৪৫ বছৰীয়া জাষ্টিন ত্ৰিয়ে এগৰাকী ফৰাচী মহিলা চিনেমা পৰিচালক, চিত্ৰনাট্যকাৰ তথা সম্পাদক। জাষ্টিন পৰিচালিত এ’জ অৱ পেনিক (২০১৩), ইন বে’ড উইথ ভিক্টোৰিয়া (২০১৬), ছিবিল (Sibyl, ২০১৯) আদি চিনেমাসমূহে ইতিমধ্যে বিশ্বৰ দৰ্শকক আকৰ্ষিত কৰিছে, বিভিন্ন উল্লেখনীয় চলচ্চিত্ৰ মহোৎসৱত মনোনয়ন তথা বঁটাও লাভ কৰিছে। বহু চলচ্চিত্ৰপ্ৰেমীৰ…

চাওডাং : আহোম ৰজাৰ এক বিশ্বস্ত প্ৰহৰী

 মলেন কুমাৰ গগৈ          “চাওডাং” বুলিলে আমাৰ সাধাৰণ অসমীয়া মানুহৰ মনলৈ নিশ্চয় শিৱসাগৰ জিলাৰ  বুৰঞ্জীপ্ৰসিদ্ধ জেৰেঙা পথাৰত কোটকোৰা কাঁইটৰ গছত বান্ধি জয়মতীক শাস্তি দিয়া মানুহবিলাকৰ কথাই আহে৷ অৱশ্যে আহোম ৰজাৰ দিনত চাওডাঙে জয়মতীক শাস্তি দিয়াৰ বিষয়ে নাইবা সেই ঘটনাৰ…

মহাবৃত্ত

 মৃদুল শৰ্মা ১৩ কুন্তী৷ সত্য কি নাজানো৷ কিন্তু শুনিবলৈ পাইছোঁ যে মই আছিলোঁ মথুৰাৰ মহাৰাজ শূৰসেনৰ কন্যা৷ অষ্ট যাদৱৰ প্ৰধান মহাৰাজ শূৰসেনে তেওঁৰ বন্ধু কুন্তীভোজ নিঃসন্তান হোৱা বাবে কুন্তীক শিশু অৱস্থাতে কুন্তীভোজৰ হাতত অৰ্পণ কৰিছিল৷ গতিকে প্ৰকৃতাৰ্থত কুন্তীভোজ আছিল মোৰ…