দুপৰৰ গণিত
হিল্লোলজ্যোতি সিংহ ভৰ দুপৰীয়া ৰাজপথৰ কিনাৰত থিয় হৈ আছে এজন বুঢ়া মানুহ মাটিত পৰা নাই তেওঁৰ ছাঁ পিন্ধনত আঁঠুমূৰীয়া আংচা* আৰু ফটা চোলা সমুখত এটা গাখীৰৰ বটল বিকিলে আশী টকা দৰৱ কিনিব নাতিয়েককেইটাৰ বাবে এপেকেট বিস্কুট ৰাস্তাৰ সিটো…
হিল্লোলজ্যোতি সিংহ ভৰ দুপৰীয়া ৰাজপথৰ কিনাৰত থিয় হৈ আছে এজন বুঢ়া মানুহ মাটিত পৰা নাই তেওঁৰ ছাঁ পিন্ধনত আঁঠুমূৰীয়া আংচা* আৰু ফটা চোলা সমুখত এটা গাখীৰৰ বটল বিকিলে আশী টকা দৰৱ কিনিব নাতিয়েককেইটাৰ বাবে এপেকেট বিস্কুট ৰাস্তাৰ সিটো…
অৰুণ গগৈ অসমী আই মোৰ চিৰ সেউজীয়া ইয়াতেই ডাঙৰ হৈ ৰচিছো সপোন সুৰীয়া ৷ ৰূপহী অসমী আই …
কবি : হান কাং (দক্ষিণ কোৰিয়া, সাহিত্যৰ ন’বেল বটা ২০২৪ চন) অনুবাদ : ড° ৰঞ্জিত দত্ত সিদিনা উই-ডঙত এজাক শিলাবৃষ্টি হৈছিল আৰু মোৰ চকুৰ পৰা বাগৰি পৰা প্ৰতিটোপাল চকুলোতে শিয়ৰি উঠিছিল মোৰ আত্মাৰ লগৰীয়া মোৰ দেহটো। আগুৱাই যোৱাঁ তুমি তোমাৰ…
মৃদুল শৰ্মা ৩৪ অৰ্জুন৷ সৰ্বশ্ৰেষ্ঠ যোদ্ধা! মহাবীৰ!! গাণ্ডীৱধাৰী!!! এই অভিধাবোৰে মোক বিগত কিছুদিন ধৰি বিদ্ৰুপ কৰিছে অসহনীয়ভাৱে৷ আশৈশৱ যি নৈতিকতাৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ বেদব্যাস প্ৰমুখ্যে পিতামহ ভীষ্ম, আচাৰ্য কৃপ, আচাৰ্য দ্ৰোণ আদি মহাত্মাসকলৰপৰা সেই নৈতিকতাই মোক সম্প্ৰতি তীব্ৰভাৱে হানিছে সংগোপনে৷…
অজিত ছিংনাৰ দুই ৰাতিপুৱা দোকমোকালিতে উঠি তেমেকাই ভাত ৰান্ধিবলৈ ধৰিলে৷ কেৰ্পায়ে কালি মদন আৰু গুপেশ্বৰৰ ঘৰৰ পৰা অনা চাউলবোৰ আৰু তেমেকাহঁতৰ ঘৰত থকা চাউলখিনি কাপোৰৰ দুটা টোপোলাত বান্ধিছে৷ টোপোলা দুটা পিঠিত কঢ়িয়াই নিয়াৰ কথা চিন্তা কৰিছে সিহঁত দুটাই৷ সিহঁতে যদি…
গীতিমণি গোস্বামী (বৰঠাকুৰ) “কৃতজ্ঞতাৰ শৰাইখন আপুনিয়েই আগবঢ়াব মিষ্টাৰ বৰুৱা৷” ঘূৰি চাই দেখিলোঁ প্ৰণৱ চলিহা৷ দেউতাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ লগত বছৰ ধৰি লাগি আছে এই মানুহজন৷ মই তেওঁৰ চকুলৈ চালো৷ মানুহজনৰ বিনয়ী স্বভাৱটো চাই না কৰিব নোৱাৰিলোঁ৷ মানুহৰ নামসমূহ দিবলৈ কৈ মই তেওঁৰ…
পল্লৱী কৌশিক শৰ্মা পৰ্ব ১ – সুখৰ প্ৰচ্ছায়াত গুঞ্জৰিত বিষাদ ৰাগিনী হাই হিলৰ খট্খট্ শব্দ তুলি ক্লেৰিছ গ’ল্ডস্মিথ পাঁচজনীয়া দলটোৰ সৈতে চহৰৰ কেন্দ্ৰস্থলত আভিজাত্যৰ দম্ভৰে মূৰ দাঙি থকা বিলাসবহুল হোটেল ‘দ্য ওৱেছিছ’ৰ টেণ্টথ্ ফ্ল’ৰৰ দুশ বাৰ নম্বৰ…
হৰেকৃষ্ণ ডেকা (১) আপুনি কুকুৰ বুলি কওঁতে মোক আপুনি কুকুৰ বুলি কৈ নিজৰ পোহনীয়া কুকুৰটোকহে তাচ্ছিল্য কৰে৷ অনুগত হৈ সি আপোনাৰ সেৱা কৰে, আৰু প্রতিটো আদেশ শিৰ পাতি লয়৷ সি কেতিয়াও আপোনাক প্রশ্ন নকৰে আৰু আপোনাৰ আচহুৱা দাবীবোৰলৈও সঁহাৰি…
ড° বুলজিৎ বুঢ়াগোহাঁই ৰাজনীতিবিদে যিকোনো সমাজৰ শাসন আৰু প্ৰশাসনৰ গঠনত এটা মৌলিক ভূমিকা পালন কৰে৷ তেওঁলোক সাধাৰণ জনতাৰ নিৰ্বাচিত প্ৰতিনিধি, কেন্দ্ৰীয়, ৰাজ্যিক, স্থানীয় সংস্থাকে ধৰি চৰকাৰৰ বিভিন্ন স্তৰত জনসাধাৰণৰ স্বাৰ্থ আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব দিয়া হয়৷ এজন ৰাজনীতিবিদৰ…
মানস প্ৰতিম দত্ত পথবোৰ পকী হ’ল মনবোৰ ধনী পথবোৰ বহল হ’ল মনবোৰ? গছবোৰ থকা হ’লে পাতবোৰ সৰিলহেঁতেন পাত সাৰিবলৈ মানুহ লাগে এতিয়া সাৰিবলৈ পাত নাই বসন্তৰ বতাহজাকৰ খবৰ দিবলৈ সিহঁতৰ কিচিৰ-মিচিৰ চিৰিক-চিৰিক মাতবোৰ নাই …