sdblogs2011

sdblogs2011

অচিন জগতত বাটলু

  স্মৃতিৰেখা দেৱী ‘হয়, হয়৷ আমি যিমান পাৰি সোনকালেই কামত আগ বঢ়া উচিত হ’ব৷ বাটলু ডাঙৰীয়াকো আমি ইয়াতে বহুদিন ৰাখি থ’ব নোৱাৰোঁ৷ ইতিমধ্যে আমি তেখেতক সোনকালে ঘূৰাই পঠাম বুলি মহাৰাজ কেশৰীকো কথা দিছোঁ৷ অতি সোনকালেই আমাৰ এদল নভোচৰ সেউজপুৰলৈ যাব…

মৌচুমী বড়া বৰুৱাৰ কবিতাত জীৱনসত্য আৰু সমাজ জিজ্ঞাসা

 ৰুদ্ৰ সিংহ মটক    মৌচুমী বড়া বৰুৱাৰ পেছা শিক্ষকতা। কিন্তু তেওঁৰ নিচা শব্দ আৰু সত্য। তেওঁৰ সাধনা হ’ল কবিতা আৰু মানৱতাৰ জয়গান। কৈশোৰ বা যৌৱনতে তেওঁ সাহিত্যৰ, কবিতাৰ প্ৰেমত পৰিছিল। এটা সময়ত এই প্ৰেমেই হৈ পৰে কাব্য সৃষ্টিৰ চিৰন্তন আৱেগ…

অমৰা আৰু ক্ৰেব নেবুলা

 মূল : মুহম্মদ জাফৰ ইকবাল (বাংলা) অনুবাদ : ৰঞ্জনা দত্ত তাৰ এই অভ্যাসটো আৰম্ভ হৈছিল একেবাৰে সৰুকালৰে পৰা৷ ৰঞ্জুৰ বয়স তেতিয়া চাৰি বছৰ৷ তাৰ মাক দেউতাকে ভাবিলে সি এতিয়া ডাঙৰ হৈছে গতিকে অকলে শোৱা দৰকাৰ৷ বায়েক শেৱালিৰ কোঠাত তাৰ কাৰণেও সৰু বিছনা…

“ধ্ৰুপদী ভাষা” অসমীয়া সম্পৰ্কে কিছু চিন্তা

  ভাৰত চৰকাৰে ২০০৪ চনৰ পৰা ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল।এই স্বীকৃতিৰ উদ্দেশ্য হৈছে এই ভাষাসমূহ হেৰাই যোৱাৰ পূৰ্বেই মূল্যৱান ঐতিহ্য হিচাপে এইবোৰক প্ৰচাৰ কৰি শক্তিশালী কৰা। ২০২৪ চনৰ ৩ অক্টোবৰত ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে পাঁচটা ভাষাক স্বীকৃতি…

ৰাম-কৃষ্ণ মুকুন্দ/ অ’ ত্ৰাহি ত্ৰাহি গোৱিন্দ

 অমৃত গোস্বামী   “ৰাম-কৃষ্ণ মুকুন্দ/ “অ’ ত্ৰাহি ত্ৰাহি গোৱিন্দ/  আৰে অ’, তোমাৰ বচন স্বামী”… ভাতৃসম প্ৰতিৱেশী গোঁহায়ে ফোন‌ কৰি কৈছিল–“গোস্বামীদাদা, আজি নাম এষাৰ পাতিছোঁ– এঘাৰমান বজাত পোৱাকৈ আহিব। অ’‌ হেৰি নহয়, বৌক ক’ব দুপৰীয়া আপোনালৈ ৰান্ধিব নালাগে। ভাতসাঁজ আমাৰ ঘৰতে…

শেষ প্ৰহৰৰ কিয়দংশ

উৎপল বৰকটকী দীঘলীয়া বাট ৷ মৰা সাপৰ দৰে পৰি আছে ৷ গছৰ পাতবোৰ, বাটৰ ধূলিবোৰ, বতাহৰ দুৰু দুৰু স্পন্দন; সকলো এতিয়া আলৰ ৷ আকাশৰ নীল বিশালতাক ডাৱৰে শুহি খায় ৷ আকাশত এতিয়া সেই নীলা নাই ৷ সেউজীয়া পাহাৰখন যেন এটা…

বধ্যভূমি

 কেশৱ চাউ    ওপজোঁতে আমি নগ্ন আছিলোঁ  আৰু যামগৈও নগ্ন দেহাৰে  তেন্তে ইমানবোৰ প্ৰস্তুতিৰ অৰ্থই বা কি   সীমা গচকি  মাটি ঠেলি  কৰিবানো কি  বাঢ়িব কেৱল এক ইঞ্চি মাটি    ইপিনে মিৰি সিপিনে নিচি   ইপিনে আদিবাসী  সিপিনে দেউৰী  ৰাভা,…

বতৰৰ বতৰা

 নৱনীতা ভট্টাচাৰ্য্য (৪)   ফাগুণ মাহ মানেই বেমাৰ৷ সেইবাবে এই সময়ছোৱাত খোৱা-লোৱাত কিছু মনোযোগ দিবলগীয়া হয়৷ সেইবাবে এই কেইদিন মাকেও ৰিণিক খোৱা-লোৱাত সজাগ হ’বলৈ বৰকৈ কৈ আছে৷ সিদিনাখনলৈ স্কুললৈ যাবলৈ ওলোৱাৰ সময়ত মাকে তাইক ফাগুন মাহৰ কথা কৈ ক’লে, “বতৰ…

কি নাম দিওঁ তাক

আব্দুচ ছামাদ   এক : ইছলাম ছাৰৰ চেকনি আৰু এটা সময়ত মোৰ বিশ্বাস হ’ল যে ইমান দিন মই ভোগ কৰি অহা অশান্তিৰ বেছিখিনিৰ মূলতে সি৷ বিশ্বাস হওঁতে মই বেছ পস্তালোঁ৷ ইমান দিন মই তাৰ লগ কিয় ল’লোঁ! মই তাক কিয়…

বাইদেউ

 মূল : মদথ থেক্কেপাত্তু বাসুদেৱণ নায়াৰ ভাবানুবাদ:  যশোৱন্ত নিপুণ  বাইদেৱেকে কান্দিছিল৷ আপ্পুৱে বাইদেৱেকে কন্দা দেখিবলৈ ভাল পোৱা নাছিল৷  তাই খিৰিকিত মূৰটো থৈ কান্দি আছিল, উত্তৰৰ ফালৰ কোঠাটোত৷ তাই কান্দিছিল আৰু কান্দিছিল সকলো সময়তে! বোধহয় জেঠায়েকে তাইক গালি পাৰিছিল৷ জেঠায়েকে আপ্পুকো গালি পাৰিছিল৷ কিন্তু…