sdblogs2011

sdblogs2011

পাগল ছোৱালীজনীৰ প্ৰেমগীত

মূল :  চিলভিয়া প্লাথ (ইং. Mad Girl’s  Love Song, Sylvia Plath) অনুবাদ : ড° ৰঞ্জিত দত্ত চকুদুটি মুদি দিলোঁ মৃত হৈ পৰিল পৃথিৱীৰ  সকলো, মেলি দিলোঁ চকুৰ-পতাদুখন প্ৰাণ পাই উঠিল সকলো। মই ভাবিছোঁ জগাই তুলিলোঁ তোমাক মোৰ মগজুৰ ভিতৰতে। ৰঙা-নীলাৰ…

দেশদ্ৰোহী কবিৰ গল্প

 বেদান্ত নাথ ১ কবি দেশদ্ৰোহী! আগতে কবি তেনে নাছিল৷ আগতে কবিয়ে প্ৰতীক-চিত্ৰকল্পৰে দেশৰ মানচিত্ৰ আঁকিছিল৷ দীঘল ইতিহাসৰ উঠা-নমাৰ মাজেদি কবিৰ ধমনীত দেশপ্ৰেম প্ৰৱাহিত হৈছিল৷ নেলীৰ আন্ধাৰত  দুটুকুৰা হৈ শুই আছিল কবিৰ অতীত৷ তিৰাশীৰ জুইত পুৰি সোণ হোৱা কবিয়ে কলঙৰ‌ সোঁতকে…

ছাই সত্য

হিল্লোলজ্যোতি সিংহ   মোক জ্বলোৱাৰ পাছত মোৰ ছাইখিনি নৈত উটুৱাই নিদিবা শেষ ৰাতিলৈ কমাটোৰ দৰে তাত শুই থাকক কুকুৰ এটা অন্ততঃ মোৰ উমক অৱজ্ঞা নকৰিব সি ফুটছাইখিনি বেঙেনাপাতৰ ওপৰত ছটিয়াই দিবা বেঙেনা ফুলে অন্ততঃ কিছু সময়লৈ গাব মোৰ বিষাদ গাঁথা…

বিধাতা

 মূল (বাংলা) : বনফুল ভাবানুবাদ : পূৰৱী তালুকদাৰ বাঘৰ বৰ উপদ্ৰৱ৷ মানুহবোৰ অস্থিৰ হৈ পৰিল৷ গৰু, পোৱালি, শেষ পৰ্যন্ত মানুহো বাঘৰ কবলত পৰি মৰিবলৈ ধৰিলে৷ সকলোৱে তেতিয়া লাঠি, যাঠি, বন্দুক বাহিৰ কৰি বাঘটো মাৰি পেলালে৷ এটা বাঘ গ’ল, কিন্তু আকৌ…

সেন্দূৰ

 গায়ত্ৰী দেৱী বৰঠাকুৰ   (এক চুটকী সিন্দূৰ কী কীমত তুম ক্যা জানো ৰমেশ বাবু…)   মোৰ হাতত  এখন আতচী কাঁচ   ভৰ দুপৰীয়াৰ ৰ’দত বহি ক’তবাৰ শুকুৱাইছোঁ  কাগজৰ শুকান সভ্যতা   আইনাত ঝুম কৰি পঢ়িছোঁ স্বগতোক্তিৰ ইতিবৃত্ত  অথবা প্ৰতিসৰণৰ সূত্ৰ  …

মহিষমৰ্দিনী আই কাত্যায়নী

নিৰু দত্ত   পালেহি আহিনমাহ            অময়া শৰতকাল ষষ্ঠীত দিওঁ বেদীত স্থান, অচলা ভক্তিৰে পূজি         সপ্তমী অষ্টমী তিথি দশমীত  কৰোঁ বিসৰ্জন। যুগে যুগে ধৰণীতে          তোমাক পূজোঁ ভকতে ৰাম কৃষ্ণ তোমাৰ সেৱক, আমি সৰল মনিচ            নহওঁ নকল নবীছ আই তুমি বিপদ-বাৰক। শৰতত বসন্তত                ধৰালৈ নামিবা দেই বৰণীয়া   ফুলেৰে পূজিম, নীলাকৈ অপৰাজিতা           পদুম ধুঁতুৰা…

আকাশীগংগা

অমৃত গোস্বামী   মধ্য অসমৰ মানুহে পিকনিক বা বনভোজ খোৱা ঠাই– ‘আকাশী গংগা।’ এইটো মোৰ আগৰেপৰা জনা কথা। আকৌ, কেই বছৰমানৰ আগতে বৰদোৱা বা বটদ্ৰৱা থান দৰ্শন কৰিবলৈ  যাওঁতে স্থানীয় লোক এজনে মোক থানৰ ভিতৰত থকা বৃহৎ পুখুৰী এটা দেখুৱাই কৈছিল– “এয়া…

বেংডোবাৰ ঘাট

 জয়ন্ত মাধৱ বৰা  ৷ ৷ ন ৷ ৷          চন্দ্ৰৰ শটো আনিবলৈ অৱশেষত গণেশ আকৌ ৰংজুলিলৈ যাব লগা হ’ল৷ গাঁওবুঢ়াই তাক কথাটো জনালেহি–‘থানাৰ পাৰা ফোন কুৰছে৷ চন্দ্ৰ লাচটা আন্‌বা লাগে’৷        : গিছিলুংতো৷ গোটাই ৰাতি মেডিকেলতে বহি থাকিলুং৷ নিদিলে৷…