sdblogs2011

sdblogs2011

মোৰ সময়

হৰেকৃষ্ণ ডেকা   মোৰ সময় কেতিয়া আৰম্ভ হৈছিল সেই কথা মই নিশ্চয়তাৰে ক’ব নোৱাৰোঁ। মই গৰ্ভত স্থান লোৱাৰ মুহূৰ্ততেই নে সেই মুহূৰ্তত যেতিয়া প্ৰথম চকু মেলি মই পৃথিৱী দেখিলোঁ! নাইবা সেই মুহূৰ্তত নেকি যি মুহূৰ্তত মই সময় শব্দটো শিকিলোঁ? কিন্তু…

বাহুবলী ভীম

 নৱনীতা ভট্টাচাৰ্য্য (৫) জৰাসন্ধ বধ   ভীমৰ বিষয়ে তিনিটাকৈ সাধু শুনাৰ পাছতো বনীৰ কিন্তু মন নভৰিল৷ সেইবাবে পাছ দিনাখনো সি মাকৰ ওচৰলৈ আহি ভীমৰ বিষয়ে আন এটা সাধু ক’বলৈ অনুৰোধ কৰিলেহি৷ বনীৰ কথা শুনি মাকে কিছুপৰ চিন্তা কৰি ক’লে- আজি…

পানী হিলৈ

  (আঠ)  মাটি একেডৰাই। এটা মৰিশালী পকাৰে সজোৱা  আনটো  হেঙাৰ দি বেৰি থোৱা আছে। হিমানীয়ে সপোনতো ভবা নাছিল বাপেক-পুতেকৰ মৰিশালী একেঠাইতে দেখি যাব বুলি। কল্পনাই কৰা নাছিল মদেই পুতেকক মাৰিব বুলি। চাওঁতে চাওঁতে পোনা মৰা তিনিমাহেই হ‘ল। এই তিনিমাহত হিমানী…

তুমি মোৰ চহৰখনৰ নিচিনা

  উৰ্মি জুলী শ‌ইকীয়া  তুমি,  মোৰ চহৰখনৰ নিচিনা  ভগা-ছিগা অমীমাংসিত বিতৰ্কৰে ভৰা এটা যন্ত্ৰণা শেষ নহয় আৰু এটা যন্ত্ৰণা লগ হয় যানজঁটৰ দৰে ক্ষোভ, অভিযোগবোৰে খুন্দা মাৰি গুচি যায়  টানি থাকে  চহৰখনৰ অৰ্থহীন ৰাস্তাবোৰৰ দৰে এবাৰ ইফালে  এবাৰ সিফালে বিৰক্তিয়ে…

সৰু মানুহবোৰ

বন্দনা কৌশিক বৰদলৈ প্ৰচণ্ড গৰমত সৰু মানুহবোৰৰ দুই এজন  মৰে শীততো মৰে দুই এজন ঠিক সেইদিনাই আপোনাৰ পত্নীয়ে ডাঙৰ মাছত ৰুচি হেৰুৱাই বজাৰত  সৰুমাছৰ  দৰ-দাম কৰে। আপুনি ভাবে সৰু মাছ সৰু মানুহ আদি সৰু বস্তুবোৰৰ বিক্ৰয় মূল্য কমতকৈ কম হোৱাটোৱেই…

মুক্তি

 স্বপ্না দত্ত ভৰালী     “ইচ্! কেনেকৈ?”  “কি হৈছিল?”  “বৰ ভাল মানুহ আছিল দেহি!”  ৰাতিপুৱাই সৰু চহৰখনত খবৰটো ফাটি-ফুটি গ’ল৷ কৃপাল বৰা ঢুকাল৷ মানুহবোৰে ইচ্-ইচ্, আচ্-আচ্ কৰিলে৷ বিভিন্ন সামাজিক কামত জড়িত থকা মানুহ৷ সৰল আৰু নিৰহংকাৰী৷ আজি কিছুদিনৰ পৰা সৰু-সুৰা…

এটা কাণিমুনি সপোনৰ প্ৰস্তাৱনা

 অংগনা ভট্টাচাৰ্য্য   স্কুলখনৰ মূল বিল্ডিংটোৰ কাষতেই এজোপা কৃষ্ণচূড়া৷ স্কুলৰ জিৰণি বেলা কৃষ্ণচূড়াৰ তলসৰা ফুলবোৰ বুটলিবলৈ ছোৱালীবোৰৰ উথপথপ লাগে৷ তেজ ৰঙা ফুলবোৰ বুটলি গণনা কৰে সিহঁতে— কোনে কিমানটাকৈ বুটলিলে, কাৰ আজি ভাল দিন, কাৰ  কোঁচলৈ  আজি বেছিকৈ ফুল আহিল৷ কৃষ্ণচূড়াৰ…

মই ঈশ্বৰী নহওঁ – (মানুহেই সেৱ মানুহেই দেৱ)

দিব্যাশ্ৰী নিয়ৰ বৰুৱা           ঈশ্বৰো হয়তো কেতিয়াবা ফুৰিবলৈ যায়৷ মন মন্দিৰত ৰৈ থকা ঈশ্বৰগৰাকীৰ যে ক’ত ঘৰ নাই, অথচ তেওঁ অঘৰী৷ আমি বিচাৰি ফুৰোঁ ঈশ্বৰক মন্দিৰে, মছজিদে, গীৰ্জাই, হস্পিতালে!   ঈশ্বৰ চকু মুদি ধ্যানত আছে৷ চকু মুদিয়েই সমস্ত বিশ্ব…

পানীৰ শিল

 কল্পনা শৰ্মা    লাইধনৰ ঘৰত শিল পানীত ভাহিছে আৰু কথাটো শুনা মাত্রকে লাইধনৰ চোতাললৈ মানুহ পানীৰ সোঁত বোৱাদি বৈছে৷ নাহিব মানুহ ! কম আচৰিত কথা এইটো! সাধুকথাত হে শুনিছিল মানুহবোৰে “লাও তল যোৱা- শিল ওপঙা”ৰ কথা৷ ঘোৰ কলিযুগত যেন এয়া সাক্ষাৎ ঈশ্বৰৰ…