sdblogs2011

sdblogs2011

যি বহু আঁতৰৰ পৰা আহিছে

কবি : এন্দ্ৰি এডি, হাঙ্গেৰী অনুবাদ : ড° ৰঞ্জিত দত্ত আমি মানুহ যি সদায়েই পলমকৈ চলোঁ, আমি মানুহ আমি আহিছোঁ দূৰ -সুদূৰৰ পৰা। আমাৰ খোজবোৰ  সদায়েই  ক্লান্তিকৰ আৰু চিৰদিনেই বেদনাক্লিষ্ট। আমি এনে মানুহ যি সদায় পলমকৈয়ে চলোঁ শান্তিৰে কেনেকৈ মৰিব…

সাধাৰণ কৰ্মদক্ষতাৰ অসাধাৰণ গুৰুত্ব Editorial February 2026

      যোৱা তিনিটা দশক জুৰি অসমৰ সমাজ জীৱনলৈ ভালেমান পৰিৱৰ্তন আহিছে৷ বিশেষকৈ খেৰ-বাঁহৰ ঘৰবোৰ পকী ঘৰলৈ ৰূপান্তৰিত হৈছে, গাঁৱে-ভূঞে ৰাস্তা-ঘাটবোৰ ভাল হৈছে, বিজুলী সৰবৰাহৰ ব্যৱস্থা পূৰ্বতকৈ উন্নত হৈছে, মানুহে একো এটা নকৰাকৈয়ে মাহে মাহে কিছু বিনামূলীয়া দৈনন্দিন জীৱনৰ…

ৰিচার্ড ব্ৰটিগান (Richard Brautigan)ৰ এমুঠি কবিতা

মূল : ৰিচার্ড ব্ৰটিগান (Richard Brautigan) অসমীয়া অনুবাদ : কুমুদ ঘোষ   ৰোমিঅ’ আৰু জুলিয়েট   মোৰ বাবে তুমি যদি প্ৰাণ দিয়াঁ ময়ো তোমাৰ বাবে প্ৰাণ দিম আৰু আমাৰ সমাধিবোৰ হ’ব দুই প্ৰেমিক-প্ৰেমিকাৰ দৰে, যিয়ে‍ ধোবাৰ ঘৰত একেলগে কাপোৰ থুকুচে‍ তুমি…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৯

(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী               জোনালী নিশা তৰা লেখি লেখি                হ’লো মই আত্মহাৰা                হ’লো মই আত্মহাৰা                সেয়েহে মনৰ মুক্ত নিজৰা                শান্তি সুষমা ধাৰা…                মধু মালতীৰ গন্ধ                মুক্ত বায়ু ছন্দ …           …

কৃত্ৰিম বুদ্ধিমত্তা (AI) যুগত মানুহক সম্পূৰ্ণৰূপে বাদ দিব নোৱাৰা কিছুমান পেছা

 ড° বুলজিৎ  বুঢ়াগোহাঁই       কৃত্ৰিম বুদ্ধিমত্তা (AI) দ্ৰুতগতিত শিক্ষা, চিকিৎসা, উদ্যোগ, প্ৰশাসন আদি বহু ক্ষেত্ৰত প্ৰৱেশ কৰিছে, তথাপিও কিছুমান পেছা আছে যাক বৰ্তমানেও সম্পূৰ্ণৰূপে কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ দ্বাৰা সলনি কৰা অতি কঠিন বা প্ৰায় অসম্ভৱ৷ এই পেছাবোৰত মানুহৰ অনুভূতি, সহানুভূতি, নৈতিক বিচাৰ,…

পানী হিলৈ

 গোৱিন কুমাৰ খাউণ্ড অৱশেষত শৰৎ শৰ্মাই  সৰগী বন্ধ কৰাৰ সিদ্ধান্ত লʼলে। জৰিগুৰিৰ মানুহৰ প্ৰতিবাদত সেওমানি সৰগী বন্ধ কৰিবলৈ ওলোৱা নাই ওলাইছে নিজৰ ল‘ৰাটোক ৰক্ষা কৰিবলৈহে। বহুতেই পৰামৰ্শ দিছিল এইবুলি,  সৰগী বন্ধ কৰিলেহে আপুনি আগৰ দৰে মানুহৰ মৰম-চেনেহ পাব। শৰ্মাই কিন্তু…

প্ৰেম ১

ধন দাস  তোমাক ভাল পাম নে  ৰেচনৰ চাউল খাই বিদ্ৰোহৰ কথা ভাবিম তোমাৰ চকুত চকু  থৈ বিশ্বাস কৰা বুলি ক’ম নে ধুমুহা বৰষুণৰ পৰা আবৰি ৰাখিম সবল-শালিনতাৰে তোমাক  দেহৰ ভাঁজৰ কথা সুধিম নে সুখ নামৰ কাইলৈ এটাৰ বাবে বিষৰ বিছনাত…

ভালপোৱা অথবা সমুদ্ৰ কথা

 ৰুদ্ৰ সিংহ মটক একো নাজানো যদিও ক’বলৈ ক’লে মই ভালপোৱাৰ কথাই কম এবেলামান যদিও ভালপোৱাৰ বিষয়ে বিশেষ একোৱেই নাজানো, মাথো জানো ভালপোৱা খাদ্যবোৰ চাকি চাবলৈকে ভগৱন্তই জিভাখন দিছে ৰসাল মাঘী কুঁহিয়াৰ চোবাবলৈকে বত্ৰিশটাকৈ দাঁত অ ক’বলৈকে পাহৰিছিলো, ভালপোৱাৰ দৰে ভাল আন…

ভোগালী

 হৰেকৃষ্ণ ডেকা     পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷ সকলোৱে ভোগালীৰ এসাজ লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত ভিজা নৰানিৰ চেঁচাৰ লগতে মনৰ চেঁচাবোৰ উৰুৱাই দিব ৷ দিহিঙে-দিপাঙে যিসকলে কিবা বিচাৰি আছা সকলো আহা, জ্ঞাতি-গঞাই বিচাৰে, তোমালোকেও এসাজ লগে-ভাগে খোৱা,…

ব্লেক এণ্ড হোৱাইট

মানস প্ৰতিম দত্ত   গছ আছিল নৈ আছিল   ছাঁ আছিল বতাহ-বৰষুণ-সপোন আছিল   মানুহ আহিল   এতিয়া ক’লৈ যাওঁ গছ, নৈ নোহোৱা পৃথিৱীত   আপাততঃ মই আছো মই নাই… ***