Tag সমাজ

ইলিজি

হেমচন্দ্ৰ কছাৰী   কুহুমীয়া বেলিৰ ৰাগত বিলখনৰ কুঁৱলীবোৰে নিতৌ পুৱা এটা ক্লাচিকেল ইলিজি গায়   খৰালিৰ বিল এখনত পানী কিমান কণনো থাকে ভালকৈ বুৰমাৰিলে ল’ৰা বুঢ়াইয়ো তলি চুই আহিব পাৰে সেই কণকেই হিয়াহীন দুটামানে দিনে ৰাতিয়ে ঘোদালি থাকে যেন মানৱ…

বাস্তৱতাৰ জলচ্ছেদ

 কল্পজ্যোতি ৰায়   যোৱা তিনিটা দশক ধৰি কবিতাৰ নিৰলস সাধনাত ব্ৰতী হৈ থকা কবি এম. কামালুদ্দিন আহমেদৰ শেহতীয়া সংকলন ‘ৰাজহাঁহৰ কণ্ঠত কিহৰ জলচ্ছেদ’ (২০২১)-এ কবিৰ কাব্য-পৰিক্ৰমাক অন্য এটা আয়তন প্ৰদান কৰি উৎকৰ্ষৰ বিন্দুত আৰোহণ কৰিছে৷ ইয়াত সংকলিত হৈছে কবিৰ ২০১৮…

নতুন মহাকাশ শক্তিৰ ৰূপত ভাৰত

 অভিজিত শর্মা বৰুৱা   যোৱা ২৩ আগষ্ট, ২০২৩ ত ভাৰতীয় সময় মতে সন্ধিয়া ৬ বজাৰ খন্তেক পাছত ভাৰতৰ তৃতীয় চন্দ্রাভিমুখী মহাকাশযান চন্দ্রযান–৩–ৰ বিক্রম লেণ্ডাৰে পূর্ব পৰিকল্পনা অনুসৰিয়েই চন্দ্রৰ দক্ষিণ মেৰু অঞ্চলৰ চন্দ্রপৃষ্ঠ স্পর্শ কৰিলে। ইয়াৰ লগে লগে চন্দ্রপৃষ্ঠত কোনো যানক…

ট্ৰিনিটিৰ তেজস্ক্ৰিয় ফ’লআউট আৰু অ’পেনহাইমাৰ

ড° ভাৰত বৰুৱা   হ’ৰনাডা আছে সৌৱা বহু নিলগত, নহয় কাৰো বিপদ ব’ম ফুটিলে যমপুৰত। একো নহয় নাথাকে যে মানুহৰ মনত, পানীও যে নাই প্ৰাণবায়ু উৰে পিয়াহত।   নিউ মেক্সিক’ প্ৰদেশৰ হ’ৰনাডা ডেল মুৱেৰট’ (Jornada del Muerto) মানে “মৃতকৰ যাত্ৰা”…

ইতিহাস এষণা : টেঙাই মহন আৰু তেওঁৰ পৰৱৰ্তী কালৰ তাই-অসমীয়া দ্বিভাষিক অভিধান প্ৰণয়নৰ ধাৰা

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   প্ৰথম অসমীয়া অভিধান প্ৰণয়নকৰ্তা কোন আছিল সেই কথাটো লৈ বিতৰ্ক বহুত পুৰণি যদিও আজি আমি ক’ব পৰা হৈছো যে ১৭৯৫ চনত টেঙাই মহনে প্ৰণয়ন কৰা বৰঅম্ৰ আৰু একে বছৰতে অৰ্থাৎ ১৭৯৫ চনতে ৰমাকান্ত মলাঘৰীয়া বৰুৱাই প্ৰণয়ন…

আমেৰিকা আৰু নৰৱেৰ চিনেমা

নিজৰা ৰাজকুমাৰী   এটা দ্বীপ, এজন তাৰকা ৰান্ধনি, তেওঁৰ ৰহস্যময় ৰেষ্টুৰেণ্ট, অতি দামী মেন্যু, এদল চহকী গ্ৰাহক আৰু সকলোৰে মৃত্যু – থূলমূলকৈ আমেৰিকান হ’ৰৰ চিনেমা দ্য মেন্যুৰ কাহিনী এয়া। দ্য মেন্যু টেলিভিশ্বন আৰু চিনেমাৰ পৰিচালক মাৰ্ক মাইলডৰ চতুৰ্থখন চিনেমা। ধৰক, অৱসৰ…

বচা বকুল

 ৰমানন্দন বৰা চাৰি   কেতিয়াবা কোনোবা এটা কাম আশা কৰাতকৈ ভাল ধৰণে হৈ উঠে৷ কিবা এটা যেন শুভ সংযোগ থাকে যাৰ ফলত এটাৰ পিছত এটা কাম কম আয়াসত সিদ্ধি হয়৷ পৰশুৱে আগভাগ লোৱা সমবায় কৃষি পাম পতা কামটোৱে সহজে সফলতাৰ…

ঈশ্বৰৰ উপহাৰ

 অজন্তা   :  Welcome to Besilica of Bom Jesus, Isabel, my dear child… :  Thank you… thank you মই অজানিতে কৈ উঠিলোঁ আৰু মোৰ সমস্ত শৰীৰ এক অদ্ভুত শিহৰণত শিয়ঁৰি উঠিল৷ কোন? কোনে মোক এইমাত্ৰ স্বাগতম জনালে? মোৰ শৰীৰৰ প্ৰতিটো…

লৰ্কাক বিচাৰি

পঙ্কজ প্ৰতিম বৰদলৈ স্পেনিছ ভাষা আৰু কলা সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন দেশত শাখা থকা স্পেনিচ চৰকাৰৰ প্ৰতিষ্ঠানটোৰ নাম হৈছে “Instituto Cerventes” অৰ্থাৎ “চাৰভেণ্টিছ ইনষ্টিটিউট” ৷ ‘ডন কিহ‘টে’(Don Quixote)ৰ লেখক মিগেল ডি চাৰ্ভাণ্টিছ (Miguel de Cervantes) ৰ প্ৰতি সন্মান জনাই…

এক অনন্য ভ্ৰমণ কাহিনী

নৱনীতা ভট্টাচাৰ্য্য (৬) ঘৰটোৰ চাৰিওফালে ঘুৰি ফুৰি মই ভাগৰি পৰিছিলো। তথাপিও মোৰ হেপাহ পলোৱা নাছিল৷ পলাবনো কেনেকৈ? ঘৰখনৰ প্ৰতিপদ বস্তুৱেই যে সুকীয়া৷ চালে চকু ৰোৱা৷ ইয়াৰে কিছুমান বস্তু বহুতো পুৰণি, হ’লেও মোৰ বাবে একেবাৰে নতুন৷ মাজৰ কোঠাটোত ধুনীয়াকৈ সজাই থোৱা পেৰাটোৰ কথাকে ক’লো যেনিবা৷…