Tag সমাজ

ইতিহাস এষণা : অন্য এক শৰাইঘাট, অন্য এক লাচিত

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া ১৬৭১ খ্ৰীষ্টাব্দৰ মার্চ মাহত ব্ৰহ্মপুত্ৰৰ বুকুত হোৱা শৰাইঘাটৰ যুদ্ধ ইয়াৰ ব্যাপকতা আৰু প্ৰচাৰৰ কাৰণে অসমীয়া জাতীয়তাবাদৰ এক গুৰুত্বপূর্ণ প্ৰতীক হৈ পৰিছে যদিও এই যুদ্ধ মোগল আৰু আহোম ৰাজ্যৰ মাজৰ নির্ণায়ক যুদ্ধ নাছিল৷ নিঃসন্দেহে শৰাইঘাটৰ যুদ্ধ এক অতি…

ধেৱাই ধোৱা ধৰণী

 অজিত ছিংনাৰ এঘাৰ সাতোৰজা, পাচোঁৰজা আৰু ৰজাবোৰৰ বিষয়াসকলৰ সভা টোপাকুছিত হৈ গ’ল৷ সভা এখনেই নহয়, দুখন বহিছিল৷ সভাত  যোগ দিছিল ৰহীয়াল বৰুৱা আৰু জাগীয়লীয়া গোহাঁয়েও৷ চহৰী, গোভা আৰু উত্তৰখোলাৰ ৰজাই এই সভালৈ আহিব পৰা নাছিল, কিন্তু কটকী পঠিয়াইছিল৷ সভাত যোগ…

মহাবৃত্ত

 মৃদুল শৰ্মা ২৫ অৰ্জুন ৷  জ্ঞানাৰ্জনৰ দিন ধৰি মই ভৱিষ্যতৰ চিন্তাতে মগ্ন হৈ আহিছোঁ৷ মাজে মাজে অতীতৰ একোটা ঘটনাস্ৰোতে মোৰ ভৱিষ্যন্মুখী স্বপ্নক অধিক শক্তিশালী কৰি আহিছে৷ অতীতৰ ঘটনাস্ৰোত কেৱল এটাই– পিতৃ পাণ্ডুৱে বাৰু স্বেচ্ছায় হস্তিনাপুৰৰ সিংহাসন ত্যাগ কৰিছিলনে? যদি সেয়ে…

দিক পৰিৱর্তন

মূল (বাংলা) : মানিক বন্দ্যোপাধ্যায় অসমীয়া অনুবাদ : বাসুদেব দাস   মনোহৰৰ ইমান খ্যাতি যে ৰোগীবোৰ যেন তেওঁৰ হাতত মৰিবলৈও ভাল পায়।মনোহৰৰ প্রকাণ্ড তিনিতলা ঘৰৰ দ্বিতীয় আৰু তৃতীয় মহলাদুটা থকাৰ বাবে, তলৰ মহলাত ডাঙৰ ডিছপেনছাৰি আৰু ঔষধৰ কাৰখানা। মনোহৰৰ আৱিষ্কৃত কেইবাটাও পেটেণ্ট…

বৰ্হেছৰ ড্ৰিমটাইগাৰ্ছ : সপোনৰ বাঘ, স্মৃতি আৰু পৰিচয়ৰ কথকতা

 অসীম কুমাৰ হাজৰিকা          ‘গ্ৰেট বুকছ অৱ দ্য ৱেষ্টাৰ্ন ৱৰ্ল্ড’ৰ সম্পাদক মৰ্টিমাৰ জে. এডলাৰে ‘ড্ৰিমটাইগাৰ্ছ’ক বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক কীৰ্তি হিচাপে ঘোষণা কৰিছে৷ গ্ৰন্থখনৰ স্ৰষ্টা বৰ্হেছৰ মতে ই তেওঁৰ একান্তই ব্যক্তিগত ৰচনা৷ ড্ৰিমটাইগাৰ্ছ মূলতঃ কবিতা আৰু গদ্যৰ এক অভিনৱ…

লিলিৰ এদিন : এটা দুখৰ বেলাড

 হৰ্ষবৰ্ধন   অলপতে শেহতীয়াকৈ প্ৰকাশিত পাপৰি বৰ্মনৰ পৰুৱা পোহনীয়া শীৰ্ষক গল্প সংকলনখন পঢ়িলোঁ৷ আটাইকেইটা গল্পই অশান্তজৰ্জৰ অসমৰ আৰ্থসামাজিক আৰ্থৰাজনৈতিক দিশসমূহৰ এখন ছবি আমাৰ সমুখত তুলি ধৰে৷ অসম আন্দোলন, আলফা, জাতীয়তাবাদৰ ঢৌ, বড়ো আন্দোলন আদি বহু কথাই গল্পবোৰে সামৰি লৈছে৷ বিষয়ৰ,…

মলেঁয়া

  দাদুল দেৱকৃষ্ণ বৰুৱা  (২১) জুলাই মাহৰ আকাশ। কেতিয়াবা ডাৱৰ আৰু বৰষুণ, কেতিয়াবা ফৰকাল। তাপমাত্ৰা বাঢ়িছে। ২০ ডিগ্ৰীলৈকে উঠিছে। ঠেৰেঙা লগোৱা শীতৰ শেষত অহা বসন্ত আৰু জুন-জুলায়ে শীতক বিদায় দিয়ে ক্ৰ‘ৱেছিয়াত। কেৱল শীতেই বিদায় নিদিয়ে— বিদায় দিয়ে পৰিভ্ৰমী হোৱাইট ষ্টৰ্কবোৰকো।…

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী   কোনোমতে নিজকে সম্বৰণ কৰি ইপ্পিয়ে কি কয় শুনিবলৈ বাট চাই ৰ’ল বাটলু৷ প্ৰাণৰ সেউজপুৰখন– সেউজপুৰীয়াসকল মোৰ কাৰণে কি এওঁলোকেও বুজি পাইছে! ভাবিলে বাটলুৱে৷ ইপ্পিয়ে ইচ্চা কৰিয়েই কথা কোৱাত পলম কৰি বাটলুৰ উচপিচনিখিনি মৰম লগাকৈ চাই ৰ’ল৷ কিছু…

বতৰৰ বতৰা

 নৱনীতা ভট্টাচাৰ্য্য (২)   কেইদিনমানৰ পৰা ৰিণিক এটা চিন্তাই বৰকৈ আমনি কৰি আছে৷ চিন্তাটো হ’ল আমাৰ পৰিৱেশ৷ সিদিনাখন স্কুলতো পৰিৱেশ সজাগতাৰ ওপৰত সভা এখন অনুষ্ঠিত কৰিছে৷ তাতে নিৰ্দিষ্ট বক্তাজনে যিখিনি কথা ক’লে, সেইখিনিয়ে তাইক বৰ চিন্তাত পেলালে৷ বিশেষকৈ বক্তাজনে শেষত…

পাৰফিউম

 মিনাৰা হুছেইন      “সুগন্ধিৰ স্নিগ্ধতা আৰু হৃদয়ৰ মুগ্ধতা ……” বেলিয়ে আগফালৰ বাৰাণ্ডাত বহি ডায়েৰীখনত কিবা এটা লিখিবলৈ লৈ ৰৈ গ’ল৷ ধৰাৰ বুকুলৈ সন্ধ্যা নামি আহিছিল৷ বেলিটোৱে যেন পৃথৱীৰ মায়া মোহ এৰি চিৰবিদায় ল’বলৈহে আয়োজন কৰিছে৷ তাই থৰ লাগি চাই…