Tag সমাজ

প’লিমাৰ আৰু পৃথিৱীৰ ভৱিষ্যত

  প্লাষ্টিক, প’লিথিন আৰু থাৰ্ম’কল এইকেইবিধ প’লিমাৰসৃষ্ট  কৃত্ৰিম পদাৰ্থ সাম্প্ৰতিক সময়ত পৃথিৱীবাসীৰ কাৰণে এক প্ৰকাৰ অভিসম্পাতত পৰিণত হৈছে৷ ইয়াক অভিসম্পাত বোলাৰ অন্যতম কাৰণ হৈছে এই দুয়োবিধ বস্তু সহজে মাটিৰ সৈতে মিহলি নহয়৷ ফলত প্লাষ্টিক, প’লিথিন আৰু থাৰ্ম’কল (আচলতে এই তিনিবিধ বেলেগ পদাৰ্থ নহয়৷ কিন্তু…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৭

 (পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অভিযান নামৰ চিনেমাখনৰ চিত্ৰনাট্য লিখা আৰু পৰিচালনা কৰাই নহয় সুজিত সিংহই চিনেমাখনৰ চিত্ৰগ্ৰহণো কৰিছিল৷ ককায়েকৰ মৃত্যুৰ পাছত সকলো সম্পত্তি আৰু পৰিয়ালটো কেনেদৰে অসৎ ভায়েকে ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল আৰু খুৰাকৰ কুকৰ্মৰ ফলৰ পৰা…

আমাৰ শৰীৰত প্ৰৱেশ কৰা মাইক্ৰ’প্লাষ্টিকক লৈ আমি চিন্তিত হোৱা উচিত নেকি?

 ড° ভাৰত বৰুৱা   আমাৰ চাৰিওফালে আমাৰ জ্ঞাতে বা অজ্ঞাতে বিয়পি থকা মাইক্ৰ’ আৰু নেন’প্লাষ্টিকৰ ক্ষুদ্ৰ কণিকাবোৰ আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি আমাৰ স্বাস্থ্যৰ কেনে ক্ষতি কৰিব পাৰে সেয়া এতিয়াও স্পষ্ট নহয় যদিও বিজ্ঞানীসকলে এতিয়ালৈকে যি বিচাৰি পাইছে তাক লৈ আতংকিত হোৱাৰ…

কলা কি?

  লিও টলষ্টয়ৰ ‘What is Art?’   গ্ৰন্থৰ অসমীয়া অনুবাদ অনুবাদ : ড° বিৰিঞ্চি কুমাৰ দাস   (৯)  কলাৰ কাৰ্য এইটো কথাৰ ওপৰত প্ৰতিষ্ঠিত যে যিগৰাকী মানুহে তেওঁৰ শ্ৰৱণেন্দ্ৰিয় অথবা দৰ্শনেন্দ্ৰিয়ৰ মাধ্যমেৰে আন এগৰাকীৰ অনুভূতিৰ অভিব্যক্তিক গ্ৰহণ কৰে, তেওঁ নিজে সেই অনুভূতিৰ অভিজ্ঞতা লাভ…

ৰ’দে বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী   (১)  মই বেছেৰীয়া হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিছিলোঁ ১৯৬৯ চনত ৷ তেতিয়া দ বেছেৰীয়া গাঁৱৰ পৰা চাইকেল মাৰি গৈছিলোঁ পৰীক্ষা দিবলৈ৷ পৰীক্ষাকেন্দ্ৰ আছিল তেজপুৰ টাউনৰ মজলীয়া স্কুলত, চৰকাৰী হাইস্কুলৰ সমুখতে ৷ পুৱাই এমুঠি খাই লগৰ সমনীয়াৰ সৈতে…

পানীহিলৈ

 গোবিন কুমাৰ খাউণ্ড (এক)  ৰত্ন ছাৰ বহা  চকীখনত  ৰʼদ লৈ বহি আছে মিলিটেৰী৷ গাত ঊণৰ ডাঠ জেকেটটো৷ ডিঙিত এখন গামোচা৷ ভৰিত খৰম৷ কঁকালত এডাল চামৰাৰ বেল্ট৷ সীমান্তৰ যুদ্ধত‌ কোনোমতে  নমৰাকৈ বাচি অহা খগেন মিলিটেৰী একালত অসমৰ পৰা বিদেশী খেদা আন্দোলনৰো…

২০১৬ খ্ৰীঃৰ পৰা অসমত থলগিৰি অসমীয়া মানুহৰ ওপৰত হোৱা হিংসা-উৎপীড়নৰ প্ৰকৃতি বুজিবলৈ এক ঐতিহাসিক দৃষ্টিভংগী

 বাব্‌লু প্ৰসাদ বৰুৱা (অক্টোবৰ সংখ্যাৰ পাছৰপৰা)   (টোকা : এই আলোচনালানিৰ প্ৰথমাংশত আমি থলগিৰি অসমীয়া মানুহৰ ইতিহাস-চেতনাক কিদৰে বহিৰাগত কিছুমান শক্তিয়ে নিয়ন্ত্ৰণ কৰিব লাগিছে, তাৰ এক আভাস দাঙি ধৰিলোঁ৷ হেজাৰ বছৰীয়া কুটিলতাই ঢাকি ৰখা ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া সভ্যতাৰ বিষয়টো গভীৰভাৱে আলোচনা…

ধেৱাই ধোৱা ধৰণী

  পাঁচ বহাগ মাহ সোমাল৷ তেমেকাহঁতে বহাগ বিহুৰ সোৱাদ তেতেলীয়াৰ মানুহবোৰৰ লগতে ল’লে৷ তেতেলীয়াৰ ডেকাবোৰৰ লগতে ঘৰে ঘৰে হুঁচৰি মাৰিও আনন্দ কৰিলে৷ বিহুৰ লগে লগেই আৰম্ভ হৈছিল গোসাঁই উলিওৱা মেলা৷ মেলাত তেতেলীয়া ৰাজ্যৰ বিভিন্ন গাঁৱৰ মানুহে যোগদান কৰি এক আনন্দমুখৰ…

মহাবৃত্ত

  ৩৬ কৃষ্ণ৷ … মথুৰাৰ ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিছিল৷ সেই পৰিৱৰ্তনৰ ফলত ব্ৰজবাসীৰো জীৱনলৈ নিশ্চয় পৰিৱৰ্তন আহিছিল৷ কিন্তু সেই বিষয়ে চিন্তা কৰিবলৈ মোৰ সুযোগ নাছিল৷ কাৰণ, প্ৰথম উদ্যমতে সফলতা অৰ্জন কৰি মোৰ ধাৰণা দৃঢ় হৈছিল যে মই আশৈশৱ যি পৰিকল্পনা…