ধেৱাই ধোৱা ধৰণী

 

পাঁচ

বহাগ মাহ
সোমাল৷

তেমেকাহঁতে
বহাগ বিহুৰ সোৱাদ তেতেলীয়াৰ মানুহবোৰৰ লগতে ল’লে৷ তেতেলীয়াৰ ডেকাবোৰৰ লগতে ঘৰে
ঘৰে হুঁচৰি মাৰিও আনন্দ কৰিলে৷ বিহুৰ লগে লগেই আৰম্ভ হৈছিল গোসাঁই উলিওৱা মেলা৷
মেলাত তেতেলীয়া ৰাজ্যৰ বিভিন্ন গাঁৱৰ মানুহে যোগদান কৰি এক আনন্দমুখৰ পৰিৱেশৰ
সৃষ্টি কৰিছিল৷ নামতী-আয়তীয়ে নাম গাই গাই ৰাতিপুৱাই গা ধুৱাই গোসাঁই সেৱাৰ বাবে
সাজু কৰিছিল তেতেলীয়া ৰজাক৷ আনফালে ৰাতিপুৱাই ৰাইজে নিয়ম-নীতিৰে ঘিঁউ
, মৌ,
এঁৱা
গাখীৰ
, তুলসী-দূৱৰি আদিৰে গোসাঁইক গা ধুৱাইছিল৷ ৰজাকে ধৰি ৰাজ্যখনৰ সকলো
মানুহৰে আৰাধ্য দেৱতা হ’ল এই গোসাঁই৷ ৰজা
, ডেকাৰজা, পাতৰ আদিয়েও
নামঘৰলৈ গৈ গোসাঁইক সেৱা জনাইছিল৷ গোসাঁই নামঘৰৰ পৰা উলিয়াই আনিবৰ সময়ত
নামতী-আয়তীয়ে নাম গাইছিল আৰু ৰাইজে হৰিধ্বনি দিছিল৷ ৰাইজে গোসাঁই কান্ধত লৈ অহা
বাটতো নামতী-আয়তীয়ে নাম গাই গাই আহিছিল৷ ৰজাৰ পদূলিমুখ আহি পাওঁতে ৰজাই ধূনা
জ্বলাই গোসাঁইক সেৱা কৰিছিল৷ তাৰ পাছতে ৰজাই মেলাথলীলৈ নিয়াৰ সময়ত গোসাঁইৰ লগে
লগে গৈছিল৷ এই মেলাতে তেমেকা আৰু কেৰ্পায়ে হাতত ঢাল-তৰোৱাল লৈ বাৰু খেলিছিল৷

লক্ষণসিংহঁতে
এইবোৰ কামৰ ক’তোৱেই সহযোগ কৰিব নোৱাৰিলে৷ গোসাঁই উলিওৱা মেলালৈ কোনো চোৰাংচোৱা আহি
তেওঁলোকৰ সম্ভেদ ল’ব পাৰে বুলি তেওঁলোকে ভয় কৰিলে৷ তেওঁলোক কপিলী পাৰৰ ঘৰটোতে
সোমাই থাকিল৷

আজি তেমেকা আৰু
কেৰ্পাইক লক্ষণসিঙে কপিলী পাৰৰ ঘৰটোলৈকে মাতি পঠিয়াইছে৷ প্ৰায় দুমাহ সময়ৰ দিনবোৰ
তেমেকাহঁতে তেতেলীয়া ৰজাৰ ঘৰতে কাম-বন কৰি কটাইছে৷ মাজতে সিহঁতে খবৰ পাইছিল মহী
কোঁচ আৰু কলি ডেকাক চিপাহীয়ে ধৰি জেলত ভৰাইছে৷ এতিয়া অকল লক্ষণসিং
, ৰংবৰ
আৰু চাংবৰকহে ধৰিবলৈ বাকী আছেগৈ৷ ইঁংৰাজৰ বিচাৰত এইকেইজন ব্যক্তি আটাইতকৈ বেছি অপৰাধী৷ চিপাহীৰ অত্যাচাৰ ৰহা-ফুলগুৰি ফালে কমাই নাই হেনো৷ লক্ষণসিংহঁতক বিচাৰি
মানুহবোৰৰ ওপৰত অত্যাচাৰ কৰিয়েই আছে৷

তেমেকা আৰু
কেৰ্পাই লক্ষণসিংহঁত থকা ঘৰটোলৈ সোমাই গ’ল৷ সিহঁতে দেখিলে লক্ষণসিঙকে ধৰি
আটাইকেইজন মানুহ গহীন হৈ বহি আছে৷ তেমেকাহঁতক দেখি লক্ষণসিঙে সিহঁতক বহিবলৈ দিলে৷
তেমেকাহঁত বহিল৷

অলপ সময় পাৰ
হ’ল৷

লক্ষণসিঙে
সিহঁতক ক’লে– “কালি তেতেলীয়াৰ ৰজাৰ লগত বহুত কথা পাতিছিলোঁ৷ বাৰিকা ভৱই কি খবৰ
আনিছিল নিশ্চয় গম পোৱাঁ৷ মহী কোঁচ আৰু কলি ডেকাকো চিপাহীয়ে ধৰিলে৷”

“হয় হেনাপতি,
ভৱই
আমাক কথাটো কৈছিল৷”

“এতিয়া
থাকিলোঁগৈ আমি তিনিজন৷ আনফালে আমাক বিচাৰি চিপাহীয়ে মানুহবোৰক অত্যাচাৰ কৰি আছে৷
ইমান দিন হ’ল সিহঁত গুচি যোৱা নাই৷ আৰু আমাৰ মানুহবোৰে ইমান দিন ধৰি কিমান
অত্যাচাৰ সহ্য কৰিব! তাকে ভাবিছোঁ আমি ভবা কামটো কৰিব লাগিব৷ নহ’লে নহৈছেগৈ৷”

“কি কাম হেনাপতি
মহাহয়
?”

“আমি আত্মসমৰ্পণ
কৰিম৷ চিপাহীৰ হাতত ধৰা দিম৷”

“ব’ বেয়া কথা
হ’ব মহাহয়৷”– তেমেকাৰ গাটো শিঁয়ৰি উঠিল৷ “চিপাহীয়ে পালে আপোনালোকক বহুত হাস্তি দিব৷
আউ ইংআজঅ আদালতে কি হাস্তি দিব ঠিক নাই৷”

“যি শাস্তিয়েই
নিদিয়ক আমি ধৰা দিব লাগিব৷ চিপাহীয়ে আমাকেই বিচাৰি ফুৰিছে৷ আমাক নাপাই ৰাইজক
অত্যাচাৰ কৰিছে৷ এতিয়া বহাগৰ আধা দিনেই গ’ল৷ ৰাইজে পথাৰত হাল মাৰিব পৰা নাই৷
লুকাই ফুৰোঁতেই গৈছে৷ কোনোবাই পথাৰত হাল মাৰি থকা চিপাহীয়ে দেখা পালে ধৰি নি
শাস্তি দিছে৷ মুঠতে মানুহবোৰক একো কৰিব নোৱৰা কৰিছে৷ আনফালে সিহঁতক খোৰাকি যোগান
দিব লাগে৷ যোৱা বছৰ বহুতে ধান কাটিবলৈ নাপালে৷ ইমান কষ্ট কৰি কৰা খেতিৰ ফচল পথাৰতে
জহি-খহি গ’ল৷ মানুহবোৰৰ ফচলবোৰ একো কামত নালাগিল৷ বহুতে পলাই যোৱা বাবে ঘৰৰ
বস্তু-বাহানি আৰু ভঁৰালৰ ধান ভঁৰালতে এৰি থৈ গ’ল৷ জংঘলে জংঘলে পলাই ফুৰোঁতে
খোৱাবস্তু লগত নথকা বাবে মানুহবোৰে জংঘলত পোৱা অখাদ্য খাবলগীয়া হৈছে৷ তাৰ বাবে
মানুহবোৰ বেমাৰত পৰি মৃত্যু মুখত পৰিছে৷ ৰাইজক ইমান কষ্ট দিব নোৱাৰি৷ আমি
আত্মসমৰ্পণ কৰিম আৰু মানুহবোৰক অত্যাচাৰ কৰাটো বন্ধ কৰিবলৈ ক’ম৷ আমি আত্মসমৰ্পণ কৰিলেই
চিপাহীয়ে নিশ্চয় ৰাইজক হাৰাশাস্তি কৰাটো বন্ধ কৰিব৷”

লক্ষণসিং অলপ
ৰ’ল৷ তেওঁৰ কথা শুনি তেমেকাৰ চকুলো ওলাই আহিল৷ তাৰ মনত দুখ– তাৰ প্ৰভুস্বৰূপ
মানুহজনক সি হেৰুৱাব৷ লক্ষণসিঙে পুনৰ ক’লে– “তোমালোকে আমাৰ লগত বহুত খাটিলা৷ শেষ
মুহূৰ্তত আমাৰ কথাবোৰ তোমালোকক নজনালে আমাক পাপে চুব৷ সেইবাবেই কৈছোঁ৷”

“তেতেলীয়া অজাই
কিবা কৈছিলে নাকি
?”

“কৈছিলে৷ বহুত
কথাই কৈছিলে৷ তোমালোক সেইখিনি সময়ত ৰজাৰ ঘৰত নাছিলা৷ পাহাৰৰ পৰা বাঁহ আনিবলৈ
গৈছিলা৷ ৰজাই আত্মসমৰ্পণ কৰিব নালাগে বুলি বাৰে বাৰে কৈছিল৷ আমি নামানিলোঁ৷ আমি
আত্মসমৰ্পণ কৰিলেই যদি ৰাইজৰ মাজলৈ শান্তি ঘূৰি আহে তেন্তে আমি তাকে নকৰোঁ কিয়
?
আদালতে
যি শাস্তি দিয়ে দিব৷ আমি হেলাৰঙে সেই শাস্তি মূৰ পাতি ল’ম৷ আমি মাত্ৰ আমাৰ বাবেই
ৰাইজক হাৰাশাস্তি কৰিব নালাগে বুলি অনুৰোধ কৰিম৷ যদি মোৰ ফাঁচিৰ নিৰ্দেশ হয়
,
তেন্তে
শেষ ইচ্ছা হিচাপে কৰৰ পৰিমাণ কমোৱাটো আৰু ৰাইজক হাৰাশাস্তি নকৰাটোৰ কথাকে ক’ম৷
ডিচি স্কনচৰ বিচাৰ হোৱাটোও বিচাৰিম৷ বিচাৰৰ সময়ত আদালততো এইবোৰ কথা ক’ম৷”

“আমাকো ফাঁচি
দিলে আমিও এইখিনিকে শেষ ইচ্ছা হিচাপে ক’ম৷”– ৰংবৰ আৰু চাংবৰেও লগে লগে মাত দিলে৷

“দিবও পাৰে৷ মই
সৈন্যবাহিনী পৰিচালনা কৰি ইংৰাজৰ বিৰুদ্ধে যুঁজিছিলোঁ৷ মোৰ সৈন্যৰ হাতত সিহঁতৰ
চিপাহী আহত আৰু নিহত হৈছে৷ এই ৰংবৰ আৰু চাংবৰে ছিংগাৰ চাহাবক মাৰি কলঙত উটুৱাই
দিছিল৷ এইবোৰ কথা আদালতত আমাৰ মানুহবোৰক জেৰা কৰা উকিলে উলিয়াই লৈছে বুলি মই গম
পাইছোঁ৷ কিন্তু নাজানো আমাৰ কি শাস্তি হ’ব! মুঠতে এতিয়া ৰাইজে চিপাহীৰ অত্যাচাৰৰ
পৰা ৰেহাই পাব লাগে৷ ৰাইজে শান্তিৰে কাম-বন কৰি খাব পৰা হ’ব লাগে৷ হয়
, আমাৰ
লগত উন্নত বন্দুক-বাৰুদ নথকা বাবে আমি ধেৱাখনত ইংৰাজক হৰুৱাবলৈ সমৰ্থ নহ’লোঁ৷
কিন্তু আমাৰ জীৱনৰ বাবদ আমি কিছু সফলতা আনিবলৈ বিচাৰিম৷ কাৰণ আমাৰ মূল লক্ষ্যটোৱেই
আছিল কৰ কমোৱাটো৷ গতিকে আমাক ফাঁচি দিলে আমি অতি আনন্দৰে শেষ ইচ্ছাৰ কথা ক’ম৷”

লক্ষণসিংহঁতৰ
কথা শুনি তেমেকা আৰু কেৰ্পাই স্তব্ধ হৈ ৰ’ল৷ তেমেকাই ভাবিলে এওঁলোক কিমান মহান
মানুহ! নিজৰ মানুহখিনিৰ কল্যাণৰ কাৰণে এওঁলোকে নিজৰ জীৱন উছৰ্গা কৰিব পাৰে! আজিলৈকে এওঁলোক ধৰা পৰা নাই৷ ক’ৰবালৈ পলাই গৈ নতুনকৈ জীৱন আৰম্ভ কৰিবও পাৰিলেহেঁতেন৷ এওঁলোকে তাকে নকৰি নিজৰ মানুহবোৰৰ উপকাৰ হোৱাৰ কথাহে চিন্তা কৰিছে৷

লক্ষণসিঙে
তেমেকাহঁতক পুনৰ ক’বলৈ ধৰিলে– “কাইলৈ আমি ৰাতিপুৱা ৰহাৰ ফাললৈ যাবলৈ ল’ম৷
তোমালোকে মানুহবোৰক খবৰ দিয়াৰ বাহিৰে আন অপৰাধ কৰা নাই৷ তোমালোকে আমাৰ দৰে ধৰা
দিলে জেলত থাকি কষ্টহে পাবা৷ তোমালোকক ইমান ডাঙৰ শাস্তি নিদিব৷ জেলত সোমাই এনেয়ে কষ্ট পাবা৷ তাৰ পৰা ৰাইজৰ একো উপকাৰ নহ’ব৷ গতিকে তোমালোকে নতুনকৈ পতা গাঁৱলৈ গুচি
যাবা৷ আজি ৰাতি ৰজাই আমাক ভালদৰে ভাত এসাঁজ খুউৱাৰ কথা চিন্তা কৰিছে৷ তোমালোকৰ কাম
থাকিব পাৰে৷ তোমালোক এতিয়া গৈ থাকাঁ৷ কাইলৈ ৰাতিপুৱা আমি সকলোৱে একেলগে ৰজাৰ ঘৰত
ভাত খাম আৰু গুচি যাম৷ তোমালোকে তোমালোকৰ বাট ল’বা আৰু আমি আমাৰ বাট ল’ম৷”

“নাই হেনাপতি
মহাহয়৷ আমি আধালৈকে আপোনালোক’ লগত যাম৷”

“বাৰু যাবা৷
কিন্তু আধালৈকেহে৷ চিপাহীৰ মুখামুখি হোৱাৰ আশংকা থকা ঠাই পোৱাৰ আগতে আঁতৰি
যাবা৷”

“হ’ব মহাহয়৷”

“যোৱাঁ, এতিয়া
ৰজাৰ ঘৰলৈ যোৱাঁ৷ ৰজাৰ ঘৰত তোমালোকৰ কাম থাকিব৷”

তেমেকা আৰু
কেৰ্পায়ে তিনিওজনকে সেৱা জনাই ৰজাৰ ঘৰলৈ যাবলৈ ওলাল৷ দুয়ো চকুপানী টুকি টুকি ৰজাৰ
ঘৰলৈ গৈ থাকিল৷

ৰজাৰ ঘৰ পোৱাৰ
পাছতে দামুৱে তেমেকাহঁতক সুধিলে– “তহঁত ক’লৈ গৈছিলি
? মই তহঁতক বিচাৰি
আছিলং৷”

“হেনাপতিয়ে মাতি
পঠিয়াইছিল৷ তালৈ গৈছিলং৷”

“দেওৰজাই
পুখুৰীত মাছ মাৰিব দিছে৷ ছাগলী এটাও কাটিব দিছে৷ ব’ল এতিয়া মাছ মাৰংগৈ৷”

টাউনী জাল এখন
লৈ তেমেকাহঁত ৰজাৰ পুখুৰীৰ পাৰত উপস্থিত হ’ল৷ পুখুৰীটোত বহুত শ’ল আৰু চিতল মাছ
আছে৷ টাউনী জালখন লৈ তেমেকা আৰু কেৰ্পাই পানীত নামিল৷ দামুৱে এডাল লানি লৈ পাৰত
থাকিল ধৰা মাছ সীবলৈ৷

তেমেকাহঁতে
টাউনী জালখন অলপ টানোতেই এটা চিতল আৰু এটা শলমাছ পৰিল৷ সিহঁতে মাছ দুটা দামুক
চমজালে৷ দামুৱে মাছ দুটা লানিত সী থ’লে৷ অলপ পাছতে দুটা শ’ল আৰু এটা চিতল মাছ
টাউনী জালত পৰিল৷ দামুৱে ক’লে– “মাছ হৈ যাব৷ ডাঙৰ ডাঙৰ তিনিটা শ’ল আৰু দুটা ডাঙৰ
চিতল মাছ৷ হৈ যাব৷ ব’ল ঘৰলৈ৷ ঘৰত কাম আছে৷”

তিনিও মাছকেইটা
আৰু টাউনী জালখন লৈ ৰজাৰ ঘৰলৈ ৰাওনা হ’ল৷

ৰজাৰ ঘৰ পাই
তেমেকাই দেখিলে লেলেউ নামৰ লগুৱাটোৱে দুজন মানুহৰ লগত ছাগলী এটা মাৰি ছাল চেলাই
আছে৷ তেমেকা সিহঁতৰ কাষ চাপি গ’ল৷ কেৰ্পাই দামুৰ লগত গ’ল মাছ বাছিবলৈ৷
তেমেকাই  লেলেউহঁতৰ কামত সহায় কৰিবলৈ
ধৰিলে৷

ছাগলীটোৰ ছাল
চেলোৱাৰ পাছতে তেমেকাহঁতে মাংস কাটিবলৈ আৰম্ভ কৰিলে৷

লাহে লাহে
সন্ধ্যা নামি আহিল৷ ৰজাৰ নিৰ্দেশ অনুসৰি ঘৰৰ বাহিৰে-ভিতৰে বন্তি জ্বলোৱা হ’ল৷
আনফালে বাহিৰতে পাতি লোৱা চৌকাত ৰন্ধনকাৰ্য চলি থাকিল৷

এটা সময়ত ৰজাৰ
নিৰ্দেশ আহিল সেনাপতিহঁতক মাতি আনিব লাগে৷ তেমেকা আৰু কেৰ্পায়ে কামটোৰ দায়িত্ব
ল’লে৷ দুয়ো এটাৰ জোঁৰ জ্বলাই লক্ষণসিংহঁত থকা ঠাইলৈ খোজ ল’লে৷

অলপ সময়ৰ পাছতে
লক্ষণসিংহঁতক লগত লৈ তেমেকা আৰু কেৰ্পাই ৰজাৰ ঘৰত উপস্থিত হ’ল৷ লক্ষণসিংহঁত ৰজাৰ
চ’ৰাঘৰৰ ভিতৰলৈ সোমাই গ’ল৷ তেমেকাহঁতে ৰন্ধনকাৰ্য চলি থকা ঠাইত উপস্থিত হৈ কামবোৰ
চাবলৈ ধৰিলে৷

তেতেলীয়াৰ
ডেকাৰজা
, পাতৰ, দলৈ, ডেকাদলৈ, মান্তা আদি
বিষয়াও আহি ৰজাৰ চ’ৰাঘৰত বহিল৷ সকলোৱে লক্ষণসিংহঁতক আত্মসমৰ্পণ নকৰিবলৈ দিহা দিলে৷
ৰাইজক বুজাব নোৱাৰি লক্ষণসিং আৰু ৰংবৰহঁতে ‘বাৰু চাই লওঁ’ বুলি সামৰি থ’লে৷

এটা সময়ত ভোজৰ
ভাত খাবৰ হ’ল৷ ৰজা আৰু বিষয়াসকলৰ লগত লক্ষণসিংহঁতে চ’ৰাঘৰত ভাত খালে
, তেমেকাহঁতে
চোতালতে বহি আন ৰাইজৰ লগত খালে৷

ৰাতি ভালেখিনি
হ’ল৷ লক্ষণসিংহঁতে বিদায় লৈ নিজে থকা ঠাইলৈ খোজ ল’লে৷ তেমেকাহঁত শুই থাকিল৷

পাছদিনা
ৰাতিপুৱা সোনকালে ভাত-তৰকাৰি ৰন্ধাৰ কাম আৰম্ভ হ’ল৷ ৰন্ধাৰ কাম সম্পূৰ্ণ হোৱাৰ আগে
আগে লক্ষণসিংহঁত আহি ওলাল৷ তেওঁলোক যাবৰ বাবে সাজু হৈয়েই আহিছে৷ তেমেকাহঁতো লক্ষণসিংহঁতৰ লগত যাবৰ বাবে নিজৰ 
নিজৰ দা, মোনা আদি সাজু কৰিলে

ভাত হোৱাৰ পাছতে
ভাত খাই লক্ষণসিংহঁতে ৰজা আৰু ৰজা ঘৰৰ সকলোৰে পৰা বিদায় মাগিলে৷ তেমেকাহঁতেও বিদায় মাগি যাবলৈ সাজু হ’ল৷ ৰজাই লক্ষণসিং
,
ৰংবৰ
আৰু চাংবৰক সাবটি ধৰি চকুলো টুকি বিদায় দিলে৷ ৰজাই ভালদৰে অনুভৱ কৰিছে নিশ্চয়
লক্ষণসিংহঁতে কি কৰিবগৈ!

তেমেকাহঁতৰ
যাত্ৰা আৰম্ভ হ’ল৷ সকলোৰে আগত গ’ল লক্ষণসিং৷ তেওঁৰ পিছে পিছে আনসকল গৈ থাকিল৷
লক্ষণসিঙে তেমেকাহঁতক ক’লে– “আমি কি কৰিবলৈ গৈ আছোঁ কাকো নকওঁ আৰু তোমালোকেও কাকো
নক’বা৷ মানুহবোৰক বুজাই থাকিব নোৱাৰি৷ পাছত সকলোৱে সকলোবোৰ কথাকে গম পাব৷”

“হ’ব হেনাপতি৷
এতিয়া এইবো’ কথা আলোচনা নকঅং৷”

তেমেকাহঁত আহি
কপিলীৰ পাৰ পালে৷ তাৰপাছত কপিলীৰ পাৰে পাৰে পূবলৈ উজাই খোজ দিলে৷

মাজত এৰাতি ভৱৰ
ঘৰত থাকি পাছদিনা গধূলি সময়ত মাজবড়িৰ দেওবৰৰ ঘৰত তেমেকাহঁত উপস্থিত হ’ল৷ দেওবৰে
তেমেকাহঁতক এটা ঘৰৰ ভিতৰলৈ নি বহুৱালে৷ লক্ষণসিঙে তাক সুধিলে– “চিপাহীহঁত ঘূৰিয়েই
আছে নে
?”

“হয় মহাহয়,
ঘূঈয়েই
আছে৷ কিছুমান মানুহক ধঈ নি আপোনালোক’ কথা হুধি মা-পিট কঈ পঠাই দিয়ে৷ আমা’ ঘঅলৈকো
কালি আহি খোআকি লৈ গৈছে৷ আমি খোআকি ঠিক মতে দি আছং বাবে একো কআ নাই৷ খোআকি দিয়াত
গণ্ডগোল কঈলেই মা’-পিট কএ৷”

“তোমাক বাৰিকা
বুলি গম পোৱা নাই নেকি
?”

“নাই, বাঈকা
বুলি গম পালেই ধঈ নিব৷ কিছুমান বাঈকাক চিপাহীয়ে ধঈছে৷ হিন্তে কোনো দিনে ম’ক বিচাঈ
আহা নাই৷ তথাপি মই চিপাহী আহা বুলি গম পালেই ঘঅত নাথাকং৷ জংঘলত লুকাই থাকংগৈ৷”

“আজি আমি তোমাৰ
ঘৰতে থাকিম৷ কাইলৈ ৰাতিপুৱা এঠাইলৈ যাম৷”

“হ’ব৷ কেইবাদিনো
থাকিবা পাঈলেহেঁতেন৷”

“নাই নাই
নাথাকোঁ৷ আমি কাইলৈ গুচি যাব লাগিব৷”

দেওবৰে
মাক-বাপেকক কোঠাটোলৈ মাতি আনি লক্ষণসিংহঁতৰ লগত চিনাকি কৰি দিলে৷ মাক-বাপেকে
কোঠাটোত বহি কিছু সময় লক্ষণসিংহঁতৰ লগত কথা-বতৰা পাতি নিজৰ কামত লাগিলগৈ৷

ৰাতি ভাত খোৱাৰ
পাছতে সকলোৱে বিছনাত বাগৰ দিলে৷

ৰাতি তেমেকাৰ
ভালদৰে টোপনি অহা নাই৷ লক্ষণসিংহঁতৰ কথাই তাৰ মূৰত পাকঘূৰণি খাই আছে৷ টোপনি
চিলমিলকৈ আহিলেও লক্ষণসিংহঁতৰ কথা মনলৈ আহে৷ লগে লগে তাৰ টোপনি ভাগি যায়৷ ৰাতিটো
ইবাগৰ-সিবাগৰ দিয়েই সি কটাই দিলে৷ ৰাতিপুৱা প্ৰথম কুকুৰা ডাক দিওঁতেই সি বিছনা এৰি
বাহিৰলৈ আহিল৷ লক্ষণসিংহঁতে কিন্তু টোপনি মাৰিয়েই আছে৷ পুলিচৰ ওচৰত আত্মসমৰ্পণ
কৰিবলৈ ওলায়ো আৰামেৰে শুই আছে৷ মনত কোনো ভয়ৰ ভাব নাই৷ মানুহে ত্যাগ কৰিবলৈ শিকিলে
হয়তো এনেদৰে নিৰ্ভয় হৈ পৰে৷ লক্ষণসিংহঁতে নিজেই সিদ্ধান্ত লৈছে যেতিয়া কোনো ধৰণৰ
শাস্তিলৈকে তেওঁলোকে ভয় নকৰে
, লাগিলে ফাঁচিকাঠত ওলমিব লগা হ’লেও
ওলমিব৷

তেমেকাই মুখ-হাত
ধুই উঠাৰ পাছত কেৰ্পাই বিছনা এৰি বাহিৰ পালেহি৷ আকাশে-বতাহে বহাগ মাহৰ পৰিৱেশ৷
দেওবৰহঁতৰ পদূলিত থকা কৃষ্ণচূড়াজোপাক ৰাঙলী কৰি ফুল ফুলিছে৷ কেৰ্পায়েও নাদৰ পাৰলৈ
গৈ হাত-মুখ ধুলে৷

চাৰিওফালে
সম্পূৰ্ণ পোহৰ হ’ল৷ দেওবৰহঁতৰ ঘৰৰ সকলো মানুহ টোপনিৰ পৰা উঠিল৷ দেখা গ’ল
লক্ষণসিংহঁতো বিছনা এৰি বাহিৰলৈ আহিছে৷ তেওঁলোকেও নাদৰ পাৰলৈ গৈ মুখ-হাত ধুই
বাৰাণ্ডাত বহিল৷ লক্ষণসিঙে দেওবৰক ক’লে– “আমি বেছি সময় ইয়াত নাথাকিম৷ অলপ পাছতে
আমি এফালে ওলাই যাম৷”

“হ’ব হেনাপতি
মহাহয়৷ যোৱা আগতে ভাত কেইটামান খাই যাব৷”

দেওবৰৰ মাক আৰু
ভনীয়েক ইতিমধ্যে পাকঘৰত সোমাই ভাত-তৰকাৰি ৰন্ধাত লাগিছে৷ দেওবৰে তেওঁলোকক ইটো-সিটো
কামত সহায় কৰিবলৈ ধৰিলে৷

ডাৱৰীয়া বতৰ৷
বেলিটো কিমান উঠিল তেমেকাই ধৰিব পৰা নাই৷ এনেতে সি গম পালে ভাত খাবৰ হৈছেহি৷
দেওবৰে মাক আৰু ভনীয়েকক ভাত বাঢ়িবলৈ দি নিজে পানীৰ যোগাৰ কৰাত লাগিছে৷

ডাৱৰবোৰ
আকাশত ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে৷
তেমেকাই লক্ষ্য কৰি অনুমান কৰিলে বৰষুণ পৰিব চাগে’৷

ভাত-পানী খোৱাৰ
পাছতে লক্ষণসিংহঁত যাবলৈ ওলাল৷ লক্ষণসিঙে তেমেকাক ক’লে– “তোমালোক ইয়াৰ পৰা আমাৰ
লগত যাব নালাগে৷ তোমালোকে তোমালোকৰ ঠাইলৈ গুচি যোৱা৷ বুজিছা নে
?”

“বুজিছং মহাহয়৷”

সকলোকে মাত-বোল
কৰি বিদায় লৈ লক্ষণসিং
, ৰংবৰ আৰু চাংবৰ সৰু বাটটোৰে যাবলৈ ধৰিলে৷
তেওঁলোক যোৱাৰ ফালে তেমেকাই একেথৰে চাই থাকিল৷ তাৰ চকুলো ওলাই আহিল৷ সকলোৰে
অলক্ষিতে চকুলো মচি সি স্থিৰ হৈ ৰ’ল৷

অলপ পাছতে
লক্ষণসিংহঁত বাটৰ কেঁকুৰিত নেদেখা হৈ গ’ল৷ তেমেকাই দেওবৰক সাবটি ধৰি ফেঁকুৰি
ফেঁকুৰি কান্দিবলৈ ধৰিলে৷ দেওবৰে একো বুজিব নোৱাৰি তেমেকাক সুধিলে– “কি হ’ল ত’
?
কেলেই
কান্দিছ
?”

“নক’বি, বহুত
দুখ’ কথা৷ ক’ম তোক৷ ব’ল ঘঅলৈ ব’ল৷”

দেওবৰে তেমেকা
আৰু কেৰ্পাইক পদূলিমুখৰ পৰা আনি ঘৰৰ বাৰাণ্ডাত বহুৱালে৷ কেৰ্পায়েও কান্দি আছে৷
সিহঁতে কান্দি থকা বাবে দেওবৰৰ ঘৰৰ মানুহবোৰেও আচৰিত হৈ সিহঁতলৈ চাই আছে৷

অলপ সময়ৰ পাছত
দুয়োৰে কান্দোন বন্ধ হ’ল৷ দেওবৰে তেমেকাক সুধিলে– “কচোন কিয় কান্দিছিলি
?”

তেমেকাই সকলোবোৰ
কথা দেওবৰৰ আগত বিবৰি ক’লে৷ তেমেকাৰ কথা শুনি দেওবৰ স্তব্ধ হৈ পৰিল৷ স্তব্ধ হৈ
পৰিল দেওবৰৰ ঘৰৰ আন মানুহবোৰো৷ দেওবৰৰ দেউতাকে ক’লে– “এনে ত্যাগক মানুহে সদায় মনত
আখিব৷ ইচ্ছা কঈলে হেনাপতিহঁতে দূঅ’ ক’অবালৈ পলাই গৈ নতুনকৈ জীৱন আঅম্ভ কঈবা
পাঈলেহেঁতেন৷ তাকে নকঈ দহজন’ উপকাঅ বাবে নিজ’ জীৱনটোকে আগ বঢ়াই দিছে৷ বিচাঅত
ফাঁচি হোৱাটো প্ৰায় খাটাং৷ সকলোবো’ জানিও এনেকুৱা কাম লক্ষণসিংহঁতেহে কঈবা পাঈছে৷
আনে নোৱাএ৷ হেইবাবেই এওঁলোক মহান৷ এওঁলোকক মহান বুলিয়েই মানুহে মনত আখিব৷”

তেমেকাই আকাশলৈ
চালে৷ ইমান সময়ে গোমোঠা লাগি থকা ডাৱৰবোৰ বতাহৰ ঠেলা পাই লাহে লাহে আঁতৰি যাবলৈ
আৰম্ভ কৰিছে৷   

 

ছয় 

তেমেকাই খবৰ
পাইছে ইমান দিনে বাহৰ পাতি মানুহক অত্যাচাৰ কৰি থকা দুৰ্মদ চিপাহীবোৰ নিজৰ ঠাইলৈ
ঘূৰি যাবলৈ আৰম্ভ কৰিছে৷ তেজপুৰৰ পৰা অহাবোৰ তেজপুৰলৈ আৰু গুৱাহাটীৰ পৰা অহাবোৰ
গুৱাহাটীলৈ যাবলৈ লৈছে৷ এতিয়া কোনো ফালৰে পৰা চিপাহীৰ অত্যাচাৰৰ বাতৰি অহা নাই৷
তেমেকাই ভাবিছে এতিয়া সি এৰি থৈ যোৱা নিজৰ পুৰণি গাঁওখন এবাৰ চাই আহিব পাৰিব৷
গাঁওখনে তাক বৰকৈ আকৰ্ষণ কৰিছে৷ সি এতিয়াও গাঁওখনৰ মোহ এৰিব পৰা নাই৷

দেওবৰহঁতৰ ঘৰত
থাকিবলৈ লোৱা তেমেকাহঁতৰ পোন্ধৰ দিন হ’ল৷ দেওবৰে ওলাই গৈ অনা খবৰ মতে লক্ষণসিংহঁতে
গৈ ৰহা থানাত আত্মসমৰ্পণ কৰিলেগৈ৷ ৰহাৰ পুলিচে তেওঁলোকক পাছদিনা চমজাই দিলে হয়বৰগাঁও
থানাত৷ হয়বৰগাঁও থানাই তাৰ পাছদিনা আদালতত হাজিৰ কৰালে৷ এতিয়া আদালতত বিচাৰ চলি আছে৷
লক্ষণসিংহঁতে সকলোবোৰ কথা আদালতত স্বীকাৰ কৰিছে৷ লক্ষণসিঙে কৈছে হেনো যে তেৱেঁই
সৈন্যবাহিনী গঠন কৰি ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিছিল৷ তেৱেঁই সৈন্যবাহিনী পৰিচালনা
কৰিছিল৷ ৰংবৰ আৰু চাংবৰে কৈছে হেনো যে তেওঁলোক দুজনে ছিংগাৰ চাহাবক মাৰি কলঙত
উটুৱাই দিছিল
, ছিংগাৰ চাহাবৰ হত্যাত অকল তেওঁলোক দুজনহে জড়িত,
বাকী
আন কোনো নহয়৷ তেওঁলোকে আৰু কৈছে
, তেওঁলোকক যি শাস্তি দিলেও দিয়ক,
তেওঁলোকৰ
অনুৰোধ থাকিল যে ৰাইজক হাৰাশাস্তি কৰিব নালাগে
, কৰ কমাই দিব
লাগে আৰু দুৰ্মতি স্কনচৰ বিচাৰ হ’ব লাগে৷

লক্ষণসিংহঁতে
নিজৰ দোষ স্বীকাৰ কৰিছে যেতিয়া আদালতত বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া নহ’ব৷ সোনকালে
আদালতে ৰায় দিয়াৰ সম্ভাৱনা আছে৷ তেমেকাহঁতে আদালতৰ ৰায় জানিবৰ বাবে এতিয়াও নিজৰ
নতুন গাঁওখনলৈ ঘূৰি যোৱা নাই৷ দুয়োটাই এৰি থৈ যোৱা সিহঁতৰ পুৰণি এৰাগাঁওখন এবাৰ
চাই ফুলগুৰিৰ হংবৰৰ ঘৰতো এপাক মাৰিবলৈ মন কৰিছে৷

দেওবৰৰ পৰা
বিদায় লৈ তেমেকাহঁতে খোজ ধৰিলে নিজৰ পুৰণি গাঁওখনলৈ বুলি৷ নগাঁৱলৈ যোৱা মূল পথেৰে
নগৈ সিহঁতে আগতে ব্যৱহাৰ কৰা জংঘলৰ বাটেৰে যাবলৈ ধৰিলে৷

আবেলি সময়ত
সিহঁত পুৰণি এৰাগাঁওখনত উপস্থিত হ’ল৷ তেমেকাই দেখিলে ঘৰবোৰ জহি-খহি গৈছে৷ নিজৰ
ঘৰখনত উপস্থিত হৈ সি ঘৰবোৰত সোমাই চালে৷ কোনো মানুহৰে আপদাল নোপোৱা ঘৰবোৰৰ অৱস্থা
জৰাজীৰ্ণ৷ সি বাহিৰলৈ ওলাই আহি ভঁৰাল ঘৰটোৰ দুৱাৰ খোল খাই থকা দেখি আচৰিত হ’ল৷ সি
ভঁৰালটোৰ দুৱাৰ মুখলৈ উঠি গৈ জুমি চালে৷ ভঁৰাল ঘৰত এটাও ধান নাই– কোনোবাই আটাইবোৰ
ধান লৈ গৈছে৷ কোনে ইমানখিনি ধান চুৰ কৰি নিব পাৰে
? কানিয়াকেইটাই
নিয়া নাইতো
? তাৰ কানিয়াকেইটাৰ ওপৰতে সন্দেহ হ’ল৷ সি
কেৰ্পাইক লগত লৈ কেৰ্পাইহঁতৰ ভঁৰালটোকো চাবলৈ গ’ল৷ কেৰ্পাইহঁতৰ ভঁৰালতো ধান নাই৷
তেমেকাই কেৰ্পাইক ক’লে– “এয়া কানিয়াকেইটা’ কাম৷ হিন্তেই হকলোবো’ ধান চু’ কঈ ক’অবাত
লুকুৱাই থৈছেগৈ৷ ব’লচোন কানিয়া মদন’ ঘঅলৈ৷”

“অঁ ব’ল৷ হিন্তেই
ধান চু’ কঈছে৷”

দুয়ো গৈ মদনৰ
ঘৰত উপস্থিত হ’ল৷ মদনৰ ভঁৰালটোৰ দুৱাৰখনো খোল খাই আছে৷ কেৰ্পায়ে উঠি গৈ চালে
,
তাৰ
পাছত তেমেকাক ক’লে– “ইয়া’ ভআলতো ধান নাই দেখোন!”

“তেন্তে কোনে
নিলে ধানবো’! কানিয়াকেইটা’ ভআলত ধান নাই যেতিয়া কাও ভআলতে নাই৷ তথাপি বীএনহঁত’
ভআলটো চাং ব’লচোন৷”

দুয়ো বীৰেনহঁতৰ
ঘৰলৈ খোজ ল’লে৷

বীৰেনহঁতৰ ঘৰত
উপস্থিত হৈ দেখিলে বীৰেনহঁতৰ ভঁৰালৰ দুৱাৰখনো খোল খাই আছে
, ধান এটাও নাই৷
কথাটোত তেমেকাই বিস্ময় মানিলে৷ সি কেৰ্পাইক ক’লে– “ঘটনাটো’ একো ওৱাদিহ নাপালং৷
কানিয়াকেইটাও নাই হুধিবলৈ৷ ব’ল এতিয়া ফুলগুঈলৈ৷ চিপাহীবো’ গ’ল চাগে’৷ আউ থাকিলেও
একো নকএ৷”

বেলি পৰি আহিল৷
দুয়ো খৰখোজেৰে ফুলগুৰিলৈ যাবলৈ ধৰিলে৷ গৈ থাকিয়েই কেৰ্পায়ে তেমেকাক সুধিলে– “আমি
আক’ এইখন গাঙলৈ ঘূঈ আহিবা নোৱাঈম না
? এতিয়াতো চিপাহী নাই৷”

“এতিয়া আউ আহিবা
পাআ নাযাব৷ আমি তাত গৈ বহুতএ ধা’ খাইছং৷ আমা’ একোৱেই নাছিল৷ কাংবুআ তিমুং গাঁৱঅ
মানুহে আমাক এতিয়ালৈকে বহুত ধান ধা’ দিছে৷ এতিয়া কিজানি হাল বাবলৈ গউ-ম’হো ধাঅলৈ
দিছে৷ হেইবো’ ধা’ হুজাবা পাঈলেহে আমি আহিবা পাঈম৷ আমি মাটিনো কিমান খুলিছং
?
এইবা’
অলপ অলপ মাটিতহে খেতি কঈবা পাঈম৷ তাএ কিমান ধান হুজাবা পাঈম নাজানং৷ নিজলৈকো
লাগিব৷ গউ-ম’হ’ ধা’খিনিতো আছেই৷ হেইবো’ ধা’ মাঅংতে কেইবা বছও লাগিবা পাএ৷ তেতিয়ালৈ
ইয়া’ গাংখন গাং হৈ নাথাকিব৷ গতিকে তাতে থাকাই ভাল৷”

“তই ঠিক কথাই
কৈছ৷ ম’ মনলৈ কথাখিনি আহা নাছিল৷”  

গধূলি সময়ত
তেমেকা আৰু কেৰ্পাই হংবৰৰ ঘৰত উপস্থিত হ’ল৷ হংবৰে এডাল লাখুটিৰ সহায়ত চোতালত খোজ
কাঢ়ি আছে৷ তেমেকাই ওচৰ পায়েই তাক সাবটি ধৰিলে৷ হংবৰেও তাক সাবটি ধৰি হুৰাওৰাৱে
কান্দিবলৈ ধৰিলে৷ কিছু সময় কন্দাৰ পাছত হংবৰে ক’লে– “কি দিন আহিছিল অ’ বাপু! মানতকৈয়ো ইন্তে কম নহয়! ম’ক জীৱনলৈ ঘূণীয়া কঈ থৈ গ’ল৷ তন্ত’ বৌআঅকো নষ্ট কঈ থৈ
গ’ল৷”

“ব’ বেয়া দিন
আিহছিল৷ কি কঈবি! ব’ল বাআণ্ডাত বহিবি৷”

বাৰাণ্ডাত এখন
ঢাৰি পাৰি থোৱা আছিলেই৷ তেমেকাই হংবৰক ধৰি আনি ঢাৰিখনত বহুৱালে৷ নিজেও কাষতে বহিল৷
তেনেতে ৰংদৈ সিহঁতৰ কাষেৰে কান্দি কান্দি পাৰ হৈ গ’ল৷ ৰংদৈক কি ক’ব তেমেকাই একো
ভাষা বিচাৰি পোৱা নাই৷ কেৰ্পায়ো নিমাতে আছে৷

হংবৰে চকুলো
টুকিয়েই থাকিল৷

হংবৰ এটা ওখপাখ
বলবান মানুহ৷ তাৰ কথাত ওজন আছিল৷ গাঁওখনৰ সকলোৱে তাক সমীহ কৰি চলিছিল৷ দুষ্টজনক
এটা ধমকিতে সি চিধা কৰিব পাৰিছিল৷ সেই মানুহটোৰ এতিয়া ঘূৰি-ফুৰি চলিব নোৱৰা
অৱস্থা৷ সি হয়তো নিজেই কথাবোৰ উপলব্ধি কৰি দুখত ভাগি পৰিছে৷

এটা সময়ত হংবৰৰ
কান্দোন বন্ধ হ’ল৷ সি সুস্থিৰ হৈ মাত দিলে– “তন্তে কোন ফাল’ পআ আহি ওলালি
?”

“আমি বহুদূ’ ঘূঈ
ঘূঈ আহিছং৷”

তেমেকাই
লক্ষণসিংহঁতক বিচাৰি যোৱা আৰু তেওঁলোকৰ লগতে ঘূৰি আহি দেওবৰৰ ঘৰত থকাৰ কথাখিনি
ক’লে৷ হংবৰে পুনৰ সুধিলে– “তন্ত’ গাঁঙ’ মানুহবো’ ইয়া’ পআ গুচি গৈছে বুলি হুনিছং৷
হয় নাকি
?”

“অঁ হয়৷ বহুত
দূঅত হিন্তক থৈ আহিছং৷ ইয়ালৈ ঘূঈ আহা নহ’ব আউ৷ তাতে গাং পাতিছং
, খেতিমাটি
খুলিছং৷”

“কোনফালে হেইটো
ঠাই
?”

“মিকি’ পাহাঅ
ফালে৷ ধুনীয়া পানীখেতি কঈবা পাআ মাটি আছে৷ বহুত মাটি৷ জংঘল কাটি মাটি মোকলাই ল’লেই
হ’ল৷ মাছ-পুঠিও বহুত পোৱা যায়৷”

“হয় দেই৷ এই
ধেৱাখন’ বাবে ক’ মানুহ ক’ত গৈ থাকিবা লাগা হৈছে ঠিকনা নাই৷ তন্তে এতিয়া মুখ-হাত
ধুই মুকলিমূঈআ হৈ ল৷”

তেমেকাহঁতে বহাৰ
পৰা উঠি নাদৰ পাৰলৈ গ’ল আৰু ভৰি-হাত ধুই পুনৰ আগৰ ঠাইত বহিলহি৷ এটা কথা মনত পৰাত
তেমেকাই হংবৰক সুধিলে– “কাকা! তই এটা কথা গম পাৱ না
?”

“কি কথা?”

“আমি গাং এঈ
যোৱা পাছত আমা ভঁআল’ ধানবো’ কোনে নিলে ধঈবা পাআ নাই৷”

“এ গম পোৱা নাই?
চিপাহীবোএ
হেইবো’ ধান ম’হগাঈ-গউগাঈএ আনি মানুহ কিছুমানক দি হিন্ত’ খোআকি কঈলে৷”

“হয় নাকি! হেই
কাঅণে এটাও ধান নাই৷ অ
 এতিয়াহে বুজি পাইছং৷”

“আউ এটা কথা
কাকা!”– তেমেকাই বতাবাৰী গাঁওখনৰ কথা জানিব বিচাৰিলে৷ “আমা’ অহেমাইহঁত’ গাঙ’
মানুহবোএও পলাই গৈছে বুলি হুনিছিলং৷ হিন্ত’ কিবা খব’ হুনিছ না
?”

“নাই৷ হিন্তেও
কোনোবাফালে গুচি গ’ল৷ গঐমাঈ গাঙ’ মানুহবোঅকহে চিপাহীয়ে জংঘলতে ধঈছিল৷ চিপাহীয়ে
হিন্তক বহুত অত্যাচা’ কঈলে৷ মাইকী মানুহবোঅ বহুতকে চিপাহীয়ে নষ্ট কঈলে৷ মানুহখিনিক
আনি গাঙত থাকিবা দিলে আউ চিপাহী’ খোআকি দি থাকিবা দিলে৷ কিছুমানক ধঈ আনি জেলতো
ভআলে৷”

“ব’ দুখ লাগা
কথা দেই!”

চাৰিওফালে
আন্ধাৰে আৱৰি ধৰিছে৷

ৰংদৈ পাকঘৰত
ব্যস্ত৷ তেমেকা বহাৰ পৰা উঠি পাক ঘৰলৈ গ’ল৷ তাক দেখা পায়েই মাটিত বহি হুকহুকাই
কান্দিবলৈ ধৰিলে ৰংদৈয়ে৷ সি ৰংদৈক ক’লে– “বৌ নাকান্দিবি৷ ইয়াত ত’ একো দোষ নাই৷
আক্ষসহঁতে অকল ইয়াতেই নহয় বহুত ঠাইতে এনেকুৱা কাম কঈছে৷ হেইবুলি মানুহবো’ মঈ যাব
নাকি! তই মনত অলপো দুখ লৈ নাথাকিবি৷ নাকান্দিবি…”

ৰংদৈ অলপ
সুস্থিৰ হ’ল৷ তাই তেমেকাৰ কথাত মূৰ দুপিয়াই ৰন্ধাৰ কামত লাগিল৷ তেমেকা পুনৰ
বাৰাণ্ডালৈ আহি হংবৰৰ কাষতে বহিল৷ হংবৰে কেৰ্পাইৰ লগত কথা পাতি আছে৷ সিহঁতৰ
সন্মুখত লগুৱা ল’ৰাটোৱে ইতিমধ্যে এটা মাটিচাকি জ্বলাই থৈ গৈছে৷ ধনবৰ কোনোবাফালৰ
পৰা আহি তেমেকাৰ কাষত ওলাল৷ তেমেকাই তাক টানি আনি কোলাত বহুৱাই লৈ মৰম কৰিবলৈ
ধৰিলে৷ কেৰ্পায়ে হংবৰক ক’লে– “আমি ঘূঈ ফুঈছং বাবে এনেকুৱা ঘটনা’ কথা বহুত হুনিছং৷
এইবো’ মনত লৈ থাকিলে নিজলৈহে বেয়া৷”

“হঁচা কথা৷
কিন্তু আগ’ দএ কাম কঈবা নোৱাআ বাবেহে বেয়া লাগে৷ আমা’ গাঙএ আউ দুটাকো এনেকুৱা
কঈলে৷ ছোৱালী কেইবাজনীকো নষ্ট কঈ গ’ল৷ আমি ছোৱালী-তিউতা মানুহবোঅক দিনত থাকিবাই
নিদিছিলং৷ হিন্তে দুপঈয়া হময়ত ভাত খাবা আহে আউ গুচি যায়৷ হিদিনা ধনবঅ’ মায়েক ভাত
খাই থাকংতে আক্ষসকেইটা আহি ওলাইছিল৷ ময়ে হিন্তক চাউল-পাত ঠিকেই উলিয়াই দিছিলং৷
কিন্তু কম হোৱা বুলি কৈ ম’ জগ’ ধঈলে৷ তাতে ছাগলী এটা নিবা খোজাত ম’ ব’ খং উঠি আহিল
আউ হিন্তক ধমকি দি পালং৷ হেই কথাতে ম’ক খুব পিটিলে
, খুব গুঈয়ালে৷
ধনবঅ’ মায়েক অ’ব’ নোৱাঈ ম’ক অক্ষা কঈবা আহিছিল৷ কিন্তু হিন্তে ধনবঅ’ মায়েকক নষ্ট
কঈহে থৈ গ’ল৷”

“বহুত বেয়া
ইন্তে৷ ইন্তে আক্ষকেই হয়৷”

“গাঙএ চাঈজনী
গাভউক জংঘলত পাই হিন্তকো নষ্ট কঈ থৈ গ’ল৷…”

তেমেকাই মাজতে
মাত দিলে– “আমা’ হেনাপতিহঁত’ বিচাঅ’ কিবা কথা ওলাইছে নাকি
?”

“দুদিন আগতে
হুনিছিলং হিন্ত’ ফাঁচি অডা হৈছে বুলি৷ কেতিয়া দিব হেইটোহে গম পোৱা নাই৷”

“ইমান হংকালে
ফাঁচি অডা হ’লেই নাকি
?”– তেমেকা আচৰিত হ’ল৷

“হেনাপতিহঁতে
নিজ’ দোষ স্বীকা’ কআ পাছত কাউ ক’বা লাগা নাথাকিল৷ হলধ’ ডাউগা আউ দুটামান’ হাক্ষী
লৈ অডা দি দিলে৷”

“হেনাপতিহঁতে
আদালতত ক’ কমাবলৈ
, আইজক হাৰাশাস্তি নকঈবলৈ আউ ডিচি স্কনচৰ বিচা’
বিচাঈছিল হেনো৷ হয়া না কথাটো
?”

“হেই কথা
হুনিছং৷ আদালতে হেনো চঅকাঅক কঅ কমোৱা কথাটো বিবেচনা কঈবলৈ
, আইজ’ ওপঅত
অত্যাচা’ বন্ধ কঈবলৈ অডা দিছে আউ ডিচি স্কনচ’ ওপঅত নিজাববীয়াকৈ ব্যৱস্থা ল’বলৈ
দিছে৷”

“অ আদালত’ আয়
হৈয়ে গ’ল তেনেহ’লে৷”

“অঁ হয়ে গ’ল৷
অৱশ্যে ইয়া’ আগএ পআ চিপাহীবো’ যাবা লৈছিল৷ আচল মানুহকেইটাই ধআ দিয়া পাছত হিন্তে
যাবা আঅম্ভ কঈছিল৷”

লক্ষণসিংহঁতৰ
ফাঁচিৰ হুকুম হোৱা বুলি জানি তেমেকাৰ মনটো দুখেৰে ভৰি পৰিছে৷ সি মাত দিলে– “আইজক
অক্ষা কঈব’ বাবেই লক্ষণসিংহঁতে ফাঁচি কাঠত ওলমিব এতিয়া৷”

“হয় আইজ’ বাবেই
জীৱন দিব৷ ব’ বেয়া লাগে৷”

“আউ কা’ কা’ কি
কি হাস্তি হ’ল৷”

“কিছুমানক
কলীয়াপানীত দিছে৷ কলীয়া পানীত দিয়াহকল হ’ল উপসিং লালুং
, চিবচিং লালুং,
নঅচিং
লালুং
, হেবেআ লালুং, বাহু ডোম আউ বনমালী ডোম৷ দহ বছ’ কলিকতা
জেলত দিছে কাতি লালুং
, অম্বা লালুং, জৱ লালুং,
কাটিয়া
লালুং
, মহী কোঁচ আউ কলি ডেকাক৷”

“এইবো’ মানুহেও
ইংআজ’ অন্যায় বিউদ্ধে লাগি কলীয়াপানীত যাব আউ জেল খাটিব৷ ব’ বেয়া লাগে৷”

লগুৱা ল’ৰাটোৱে
তেমেকাহঁতক ভাত খাবলৈ মাতিলে৷ তেমেকাই হংবৰক ধৰি ঘৰৰ ভিতৰলৈ লৈ গ’ল আৰু একেলগে বহি
ভাত খালে৷

ভাত খোৱাৰ পাছতে
এটা কোঠাত তেমেকা আৰু কেৰ্পাই শুই থাকিল৷

হংবৰৰ কথা মতে
পাঁচদিন তাৰ ঘৰতে তেমেকাহঁত থাকিল৷ সেই পাঁচদিনত সিহঁতে হংবৰৰ পথাৰত হাল বালে আৰু
ঘৰৰ কামবোৰকে যিমান পাৰে কৰি দিলে৷ ষষ্ঠ দিনা সিহঁতে ৰাতিপুৱাই সিহঁতৰ নতুন গাঁৱলৈ যাবলৈ ওলাল৷

হংবৰে ৰাতিপুৱাই
ডাঙৰ মুৰ্গী এটা মৰাই তাৰ মাংসৰে তেমেকাহঁতক ভাত খোৱালে৷ তাৰ পাছত সিহঁতৰ মোনাত
চাউল-নিমখ-জলকীয়া আৰু ভাতৰ টোপোলা ভৰাই দিলে৷ ভাতৰ টোপোলাত মুৰ্গীমাংসৰ তৰকাৰিও
দিলে৷ তেমেকাহঁতে হংবৰ-ৰংদৈৰ পৰা বিদায় মাগি আৰু ধনবৰক গায়ে-মূৰে চুই মৰম কৰি
যাত্ৰা আৰম্ভ কৰিলে৷

তেমেকাই
বেলিটোলৈ চালে৷ আকাশত বেলিটো দুবেগেতমান উঠিছে৷

ফুলগুৰিৰ মাজেৰে
গৈ থাকোঁতেই তেমেকাহঁতে বাটত  লগ পালে গজেন
ডেকাক৷ গজেনে সিহঁতক কাষলৈ মাতি খবৰ বাতৰি ল’লে৷ তাৰ মুখখন মৰা৷ সি ক’লে– “আজি
ৰাতিপুৱাই লক্ষণসিং
, ৰংবৰ আৰু চাংবৰক জেলৰ ভিতৰতে ফাঁচি দিলে৷
তহঁতে বন্তি তিনিগছি জ্বলাবি৷”

গজেনৰ কথা শুনি
তেমেকা থৰ লাগিল৷ তাৰ চকুপানী ওলাই আহিল৷ কেৰ্পায়েও চকুপানী টুকিছে৷ গজেনৰ
চকুকেইটাও সেমেকি আহিছে৷ তেমেকাই থোকাথুকি মাতেৰে ক’লে– “হ’ব৷ ঘ’ গৈ পাএই তিনিগছি
বন্তি জ্বলাম৷”

তেমেকাহঁতে
গজেনৰ পৰা বিদায় লৈ খোজ ল’লে৷

বতাবাৰীত এপাক
সোমাই যোৱাৰ কথা চিন্তা কৰিছে তেমেকাহঁতে৷ ভনীয়েকৰ ঘৰখন এবাৰ চাই যাবৰ বাবে
তেমেকাই মন কৰিছে৷ তেতিয়াহে সি খুৰীয়েক পতেশ্বৰীক খাটাং কথাটো ক’ব পাৰিবগৈ৷

সিহঁত গৈ
বতাবাৰীত উপস্থিত হৈ দেখিলে গাঁওখন নিমাওমাও হৈ আছে৷ গাঁওখনত এজনো মানুহ নাই৷ দুয়ো
ৰহেমাইহঁতৰ ঘৰখনলৈ সোমাই গ’ল৷ ঘৰবোৰৰ দুৱাৰবোৰ খোল খাই আছে৷ তেমেকাৰ মনটো বৰ বেয়া
লাগিল৷ খুৰাকৰ জীয়েক ৰহেমাইৰ মুখখন তাৰ মানসপটত ভাহি উঠিল– বেচেৰীয়ে এতিয়া ক’তবা
আছেগৈ/ কিমানবা কষ্টত আছে/ ঘৰখনলৈ কিছু সময় চাই থকাৰ পাছত তেমেকাই কেৰ্পাইক ক’লে–
“আমা’ গাঙ’ লগত একে অৱস্থা৷ ব’ল গৈ থাকং৷”

“অ ব’ল৷”

বতাবাৰী গাঁৱৰ
ঘৰবোৰ চাই চাই তেমেকাহঁত জংঘলত সোমালগৈ৷ তেমেকাই কেৰ্পাইক ক’লে– “এইফালে আহিলঙেই
যেতিয়া কলিমন’ খব’ এটাও কঈ যোৱাই ভাল হ’ব৷”

“ঠিকে কৈছ৷
বহুদিন তাক দেখা নাই৷ হি ঘঅত থাকিবাও পাএ৷”

জংঘলৰ মাজেৰে গৈ
সিহঁত কামপুৰত উপস্থিত হ’ল৷ আবেলিৰ সময়৷ গাঁৱৰ মানুহবোৰৰ কিছুমানক পথাৰত কাম কৰি
থকা তেমেকাহঁতে দেখা পাইছে৷

কলিমনৰ ঘৰ পাই
তেমেকাই দেখিলে কলিমনে ঘৰৰ বাৰাণ্ডাত বহি বিছনী এখন বৈ আছে৷ তেমেকাহঁতক দেখি সি
উৎফুল্লিত হৈ পৰিল৷ বাৰাণ্ডাতে ঢাৰি পাৰি সি সিহঁতক বহিবলৈ দিলে৷ ঢাৰিত বহি
তেমেকাই তাক সুধিলে– “কেতিয়া ঘঅলৈ আহিলি
?”

“পাঁচদিন হ’ল৷
মই মথৌবড়িতে আছিলং৷ হেনাপতিহঁতে ধৰা দিয়াৰ পাছত ঘৰলৈ আহিবলৈ হুবিধা হোৱাত গুচি
আহিলং৷ কিন্তু তহঁত ক’লৈ গৈছিলি
? বহুদিন দেখাদেখি নাই?”

“হেইবো’ বহুত
কথা৷ পাছত ক’ম৷ কিন্তু এটা কথা গম পাৱ না
?”

“কি কথা?”

“আজি আতিপুৱাতে
লক্ষণসিং
, অংব’ আউ চাংবঅক জেল’ ভিতঅতে ফাঁচি দিলে৷”

“হাঁ! কি কৈছ তই?”

কলিমন থৰ লাগিল৷
সি বিছনী ব
বলৈ এৰি পোন হৈ বহিল৷ তাৰ চকুকেইটা সেমেকি আহিল৷ সি থোকাথুকি মাতেৰে
ক’লে– “এইকেইজন বৰ ভাল মানুহ আছিল৷ ফাঁচিৰ অৰ্ডাৰ হোৱা বুলি হুনিছিলং৷ কিন্তু আজি
ফাঁচি দিব বুলি জানা নাছিলং৷”

বেলি পশ্চিম
আকাশত মাৰ যাবৰ হৈছে৷

তেমেকাই কলিমনক
পুনৰ ক’লে– “গধূলি হ’ব এতিয়া৷ তিনিগছি বন্তি জ্বলাবি৷”

“অঁ জ্বলাম৷”

কলিমনৰ ঘৈণীয়েকে
তেমেকা আৰু কেৰ্পাইৰ খবৰ-বাতৰি লৈ পানী খাবলৈ দিলে৷ তেমেকাহঁতৰ পিয়াহো লাগি আছিল৷
লক্ষণসিংহঁতৰ খবৰটো জানি মানুহগৰাকীয়েও দুখ প্ৰকাশ কৰি চকুলো টুকিলে৷

লাহে লাহে
সন্ধিয়া নামি আহিছে৷ তেমেকাহঁতে নাদৰ পাৰলৈ গৈ হাত-ভৰি ধুই আহিল৷ তেমেকাই কলিমনৰ
কাষ পায়েই সুধিলে– “ত’ গুলীৰ ঘাটো ভাল হ’ল না
?”

“ভাল হ’ল৷ এতিয়া
দাগটোহে আছে৷”

কলিমন ঘৰৰ
ভিতৰলৈ গ’ল৷ অলপ পাছতে নগছি মাটিচাকি ডলাত লৈ তেমেকাহঁতৰ কাষত সি হাজিৰ হ’ল৷ সি
ক’লে– “আমি হকলোৱে তিনিগছিকৈ বন্তি জ্বলাম৷”

কলিমনৰ কথা মতে
তাৰ লগতে তেমেকা আৰু কেৰ্পায়েও তিনিগছিকৈ বন্তি জ্বলালে৷ নগছি বন্তিৰ পোহৰত কলিমনৰ
ঘৰটো জলমলাই উঠিল৷

কলিমনৰ লগত
তেমেকাহঁতে বাৰাণ্ডাত বহি পুনৰ কথা পাতিবলৈ ধৰিলে৷ সিহঁতৰ কথাৰ কেন্দ্ৰবিন্দু হ’ল
লক্ষণসিং
, ৰংবৰ আৰু চাংবৰ৷ সিহঁতে কথা পাতি পাতি কিমান সময় পাৰ কৰিলে ধৰিবই
নোৱাৰিলে৷ সিহঁতৰ কথা-বতৰাত তেমেকাহঁতৰ গাঁৱৰ মানুহবোৰৰ পলায়ন আৰু নতুন গাঁওখনৰ
কথাও ওলাল৷ এটা সময়ত কলিমনৰ ঘৈণীয়েকে ভাত খাবলৈ মতাতহে সিহঁতৰ চেতনা আহিল যে ৰাতি
ভালেখিনি হ’লহি৷

ভাত খোৱাৰ পাছত
তেমেকাহঁতে বেছি কথা নাপাতিলে৷ কলিমনে সিহঁতৰ বাবে বিছনা ঠিক কৰি দিয়াৰ পাছতে
সিহঁত শুই থাকিল৷

পাছদিনা
ৰাতিপুৱা ভাত খাই তেমেকাহঁত যাবলৈ ওলাল৷ কলিমনৰ ঘৈণীয়েকে সিহঁতৰ মোনাত একোটাকৈ
ভাতৰ টোপোলা ভৰাই দিলে৷ নিজৰ নতুন গাঁওখন পাবলৈ তেমেকাহঁতৰ এতিয়াও বহুদূৰ যাবলগীয়া
আছে৷ কলিমন আৰু তাৰ ঘৈণীয়েকৰ পৰা বিদায় লৈ তেমেকাহঁতে নিজৰ নতুন গাঁওখনলৈ বুলি খোজ
দিলে৷

 তেমেকাহঁতে কপিলী নদীৰ পাৰত উপস্থিত হৈ পাৰে
পাৰে পশ্চিমলৈ খোজ দি আগ বাঢ়িল৷ আগৰ দৰে এতিয়া সিহঁতৰ মনত ভয়-শংকা নাই৷ মুকলি
মনেৰে সিহঁত যাবলৈ লৈছে৷ গাত মেঘৰ ছাঁ পৰাত তেমেকাই আকাশখনলৈ এবাৰ চাই পঠিয়ালে৷ সি
ভয় কৰিছিল বৰষুণ পৰে বুলি৷ কিছুমান টুকুৰা-টুকুৰ মেঘহে আকাশত লাহে লাহে ঘূৰি
ফুৰিছে
, বৰষুণ পৰাৰ সম্ভাৱনা নাই৷

সিহঁত আহি আহি
গাঁৱৰ মানুহবোৰৰ সৈতে আগতে পাৰ হোৱা ঠাইখিনিত উপস্থিত হ’ল৷ তেমেকাৰ মনত পৰিল ভুৰ
সাজি কেনেকৈ গাঁৱৰ মানুহবোৰক পাৰ কৰা হৈছিল৷ কেৰ্পায়ে মাত দিলে– “এইখিনিতে হেই
তেতিয়া আমি পা’ হৈছিলং৷ নহয় না
?”

“হয়৷ এইখিনিতে
পা’ হৈছিলং৷ আহ এতিয়াও এইখিনিতে পা’ হং৷”

কপিলীত এতিয়া
সেই তেতিয়াৰ সময়তকৈ পানী কম৷ দুয়ো ডিঙিলৈকে পৰা পানীত খোজ কাঢ়ি নদীখন পাৰ হ’ল৷
তাৰ পাছতে সিহঁত গাঁৱৰ মানুহখিনিৰ সৈতে আগতে যোৱা দিশকে অনুসৰণ কৰি যাবলৈ ধৰিলে৷

খেতিৰ কথা
চিন্তা কৰি থকা তেমেকাৰ মনলৈ এটা কথা হঠাতে অহাত সি কেৰ্পাইক ক’লে– “আমি হয়তো
কিছুমান কো’-দা-কটাঈ আমা’ পুঅণি গাঙ’ পআ আনিবা পাঈম৷ আমা’ ঘঅ’ চব বস্তু লগত আনা
নাই৷ কো’-দা-কটাঈ আউ কাঁহ’ বাচন-বতনবোঅ’ কিছুমান মাটিত পুতি থৈ আহিছে যেন পাং৷
পিতাইক হুধিবা লাগিব৷”

“ময়ো তেনেকৈয়ে
ভাবিছং৷ কিছুমান বস্তু মাটিত পুতি থৈ আহিছে যেন পাং৷ মানুহবোঅক পঠিয়াই হেইবো’ নিবা
দিয়াই ভাল হ’ব৷”

“ঠিকেই কৈছ তই৷
গাঙ’ মানুহবোঅক পঠিয়াই হেইবো’ লৈ যাবা দিম৷ কামত লাগিব৷”

তেমেকাহঁতে কথা
পাতি পাতি গৈ থাকিল৷

 মাজত এৰাতি কটাই তেমেকা আৰু কেৰ্পায়ে আবেলি সময়ত
নিজৰ গাঁৱত উপস্থিত হ’ল৷ ঘৰবোৰ হোৱাৰ পাছত বাৰীবোৰো হৈ যোৱাত তেমেকাৰ চকুত এখন
পূৰ্ণাংগ গাঁও জিলিকি উঠিল৷ সি নিজৰ ঘৰত সোমোৱাৰ লগে লগে ঘৰৰ সকলো মানুহ তাৰ কাষ
চাপি আহিল৷ তাক দেখি ঘৰৰ সকলোবোৰ মানুহৰ মুখত হাঁহি বিৰিঙি উঠিছে৷ মাকে তাৰ
মূৰে-গায়ে চুই মৰম কৰিলে৷ ৰূপেশ্বৰে তুলসী পানী আনি তাৰ গাত ছটিয়ালে৷ তেওঁ ক’লে–
“ইমান দিন বহু ঠাইত ঘূঈ আহিছ৷ গাত দেও-ভূত লাগি আহিবাও পাএ৷ হেই কাণে অলপ তুলখী
পানী ছটিয়াই দিছং৷ তাতে বোৱাঈ গা ভাল নহয়৷”

ঘৰখনৰ সকলো
মানুহ তাৰ কাষত আছে৷ কিন্তু ফুটুকী নাই৷ ৰূপেশ্বৰে তাইৰ গা বেয়া বুলি কৈছে৷ সি
মাকক সুধিলে– “তন্ত’ বোৱাঈ কি হ’ল
? তা’ গা বেয়া নাকি?”

“নক’বি অচোন৷
মানুহ মাতিবা পাম যেন পাইছং৷ তই ইয়াতে বহি থাক৷”

সৰুমাই ঘৰৰ
ভিতৰলৈ গ’ল৷ অলপ পাছতে বাহিৰলৈ আহি মালতীক ক’লে– “যাচোন গাঙত কোন কোন মাইকী মানুহ
আছে মাতি আন৷”

তেমেকাই একো
বুজিব নোৱাৰি দেওৰামৰ মুখলৈ চালে৷ সিও একো নকৈ আঁতৰিহে গ’ল৷ অলপ পাছতে গাঁৱৰ
কেইবাজনী মানুহ আহি ওলাল আৰু ঘৰৰ ভিতৰলৈ সোমাই গ’ল৷

তেমেকা
বাৰাণ্ডাতে বহি থাকিল৷

কিছু সময়ৰ পাছতে
এটি দেৱশিশুৰ কান্দোন ভাহি আহি তেমেকাৰ কাণত পৰিল৷ কান্দোনটো সিহঁতৰ ঘৰৰ ভিতৰৰ
পৰাই আহিছে৷ অলপ পাছতে মনদৈ বুঢ়ী তাৰ কাষলৈ আহিল আৰু তাক ক’লে– “তই ল
আ বাপেক
হ’লি৷”

তেমেকাৰ ওচৰত
এতিয়া কথাটো পৰিষ্কাৰ হৈ পৰিল– ফুটুকীয়ে ল’ৰা এটাৰ জন্ম দিছে৷ সি আনন্দত কি কৰিব
কি নকৰিব ঠিক কৰিব নোৱাৰি বহাৰ পৰা উঠিল আৰু চোতালত টহল দি থাকিবলৈ ধৰিলে৷

এটা সময়ত তেমেকা
ফুটুকীৰ কাষত হাজিৰ হ’ল৷ ফুটুকী বিছনাত বাগৰি আছে৷ সি তাইৰ মুখলৈ চালে– তাই দুৰ্বল
যদিও তাইৰ মুখত মাতৃ হোৱাৰ গৌৰৱৰ চিন স্পষ্ট৷ তাই মিচিকিয়াই হাঁহি সুধিলে– “তই আহি
পালি
? আমা’ লআ এটা হ’ল৷”

তেমেকাই
সদ্যোজাত ল’ৰাটোৰ মুখখনলৈ অলপ সময় চাই ৰ’ল৷ তাৰ পাছত সি ক’লে– “ই বহুত ভাল মানুহ
হ’ব৷ ই আইজক চলাব পাঈব’৷ আইজ’ হৈ দিনে-আতিয়ে খাটিব পাঈব’৷ অন্যায়অ বিউদ্ধে যুঁজিব৷
আইজ’ বাবে দঅকা’ হ’লে নিজ’ জীৱনটোকো হউ বুলি ভাবিব৷ ইয়া’ নাম কি আখিম জান
?”

“কি?”

“লক্ষণসিং৷
লক্ষণসিং হেনাপতি৷”

কথাষাৰ কোৱাৰ
পাছতে তেমেকাৰ অন্তৰাত্মাত এক পুলকৰ ঢৌ উঠিল৷ সি ল’ৰাটোক দাঙি আনি গালত এটা চুমা
আঁকি দিলে৷

(সমাপ্ত)